< আমোস 3 >
1 ১ হে ইস্ৰায়েলৰ লোক সমূহ, তোমালোকৰ বিৰুদ্ধে অর্থাৎ যিসকলক মিচৰ দেশৰ পৰা মই উলিয়াই আনিলো, সেই গোটেই ফৈদৰ বিৰুদ্ধে যিহোৱাই কোৱা এই বাক্য শুনা;
Hør dette Ord, som HERREN taler imod eder, Israeliter, imod hele den Slægt, jeg førte op fra Ægypten:
2 ২ “পৃথিৱীৰ সকলো ফৈদৰ মাজৰ পৰা মই কেৱল তোমালোককেই বাচি ললোঁ। এই কাৰণে তোমালোকৰ সকলো পাপ কার্যৰ বাবে মই তোমালোকক দণ্ড দিম।।
Kun eder kendes jeg ved blandt alle Jordens Slægter; derfor vil jeg paa eder hjemsøge al eders Brøde.
3 ৩ এক-পৰামৰ্শ নহলে দুজনে জানো একেলগে খোজ কাঢ়ে?
Vandrer vel to i Følge, naar det ikke er aftalt?
4 ৪ চিকাৰ নোপোৱাকৈ অৰণ্যত সিংহই জানো গৰ্জ্জন কৰে? একো নধৰাকৈ যুবা সিংহই জানো তাৰ গাতৰ ভিতৰত গুজৰি থাকে?
Brøler en Løve i Krattet, hvis den ikke har Bytte? Løfter en Ungløve Røsten, uden den har Fangst?
5 ৫ ফান্দত টোপ নাথাকিলে জানো চৰাই ফান্দৰ ওচৰলৈ আহে? একো নধৰাকৈ জানো ফান্দ উফৰি উঠে?
Falder en Fugl til Jorden, hvis den ikke er ramt? Klapper en Fælde vel sammen, uden noget er fanget?
6 ৬ নগৰত ৰণশিঙা বজালে প্ৰজাসকল জানো নকঁপিব? যিহোৱাই নঘটালে জানো নগৰত বিপর্যয় ঘটে?
Mon der stødes i Horn i en By, uden Folk farer sammen? Mon Ulykke sker i en By, uden HERREN staar bag?
7 ৭ অৱশ্যে প্ৰভু যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ ওচৰত নিজৰ পৰিকল্পনা প্রকাশ নকৰাকৈ একোকে নকৰে।
Nej! Den Herre HERREN gør intet uden at have aabenbaret sin Hemmelighed for sine Tjenere, Profeterne.
8 ৮ সিংহই গৰ্জ্জন কৰিলে কোনে ভয় নকৰিব? প্ৰভু যিহোৱাই কবলৈ কলে কোনে ভাববাদীৰূপে কথা নোকোৱাকৈ থাকিব পাৰিব?
Løven brøler, hvo frygter da ej? Den Herre HERREN taler, hvo profeterer da ej?
9 ৯ তোমালোকে অচ্দোদ আৰু মিচৰৰ সকলো দুর্গৰ লোকসকলৰ ওচৰত প্ৰচাৰ কৰি কোৱা, ‘তোমালোকে চমৰিয়াৰ পৰ্ব্বতবোৰৰ ওপৰত গোট খোৱা; চোৱা, তাৰ মাজত কিমান বিশৃঙ্খল হৈছে! লোকসকলৰ মাজত কিমান অত্যাচাৰ হৈছে’!”
Lad det høres over Asdods Borge og dem i Ægyptens Land! Sig: »Kom sammen paa Samarias Bjerg og se den vilde Tummel derinde, det haarde Tryk i dets Midte!«
10 ১০ কিয়নো প্রভু যিহোৱাই এই কথা কৈছে, “তেওঁলোকে ন্যায় কাৰ্য কৰিব নাজানে; তেওঁলোকৰ দুর্গবোৰৰ ভিতৰত তেওঁলোকে অত্যাচাৰ আৰু লুট-দ্রব্য সাঁচি থৈছে।
De ved ej at gøre det rette, lyder det fra HERREN, de, som opdynger Uret og Vold i deres Borge.
11 ১১ এই হেতুকে কোনো এজন শত্ৰুৱে দেশ ঘেৰাও কৰিব; তেওঁ তেওঁলোকৰ শক্তিশালী প্রতিৰক্ষাৰ উপায়বোৰ ধ্বংস কৰিব আৰু দুর্গবোৰ লুট কৰিব।”
Derfor, saa siger den Herre HERREN: Fjender skal fare gennem Landet, dit Værn skal tages fra dig, og udplyndres skal dine Borge.
12 ১২ যিহোৱাই এই কথা কৈছে, “মেৰ-ছাগ ৰখীয়াই যেনেকৈ সিংহৰ মুখৰ পৰা কেৱল মেৰ-ছাগৰ দুখন ঠেং বা কাণৰ এডোখৰ উদ্ধাৰ কৰিব পাৰে, তেনেকৈ চমৰিয়াত যি ইস্রায়েলৰ লোকসকলে বাস কৰে, তেওঁলোকে কেৱল শয্যাৰ চুক বা বিচনা চাদৰৰ এটা টুকুৰাৰ সৈতে উদ্ধাৰ পাব।”
Saa siger HERREN: Som en Hyrde redder af Løvens Gab to Skinneben eller en Ørelap, saaledes skal Israels Børn, som bor i Samaria, reddes med Lejets Bolster og Bænkens Hynde.
13 ১৩ বাহিনীগণৰ ঈশ্বৰ যিহোৱাই কৈছে, “তোমালোকে শুনা আৰু যাকোবৰ বংশৰ বিৰুদ্ধে সাক্ষ্য দিয়া।
Hør og vidn imod Jakobs Hus, lyder det fra den Herre HERREN, Hærskarers Gud:
14 ১৪ কিয়নো মই যিদিনা পাপৰ কাৰণে ইস্ৰায়েলক দণ্ড দিম, সেইদিনা মই বৈৎএলৰ যজ্ঞবেদীবোৰ ভাঙি পেলাম; বেদীৰ শিংবোৰ ভাঙি মাটিত পৰিব।
Den Dag jeg hjemsøger Israels Overtrædelser, hjemsøger jeg Betels Altre; Alterets Horn skal afhugges, styrte til Jorden.
15 ১৫ মই জাৰকাল কটোৱা ঘৰ আৰু জহকাল কটোৱা ঘৰ ভাঙি পেলাম; হাতী দাঁতৰ শিল্পকার্য কৰা ঘৰবোৰ নষ্ট কৰা হ’ব আৰু ডাঙৰ ডাঙৰ ঘৰবোৰ ধ্বংস কৰা হ’ব।” যিহোৱাই এই কথা কৈছে।
Baade Vinter— og Sommerhus knuser jeg da; Elfenbenshusene ødes, de mange Huse gaar tabt, saa lyder det fra HERREN.