< আমোস 2 >

1 যিহোৱাই এই কথা কৈছে: “মোৱাবৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সি ইদোমৰ ৰজাৰ হাড়বোৰ পুৰি চূৰ্ণ কৰিলে।
Hæc dicit Dominus: Super tribus sceleribus Moab, et super quattuor non convertam eum: eo quod incenderit ossa regis Idumææ usque ad cinerem.
2 সেইবাবে মই মোৱাবৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম; সেয়ে কৰিয়োতৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব; যুদ্ধৰ ধ্বনি আৰু ভীষণ শিঙাৰ শব্দেৰে সৈতে কোলাহলৰ মাজত মোৱাবৰ পতন হ’ব।
Et mittam ignem in Moab, et devorabit ædes Carioth: et morietur in sonitu Moab, in clangore tubæ:
3 মোৱাবৰ মাজৰ পৰা মই বিচাৰকৰ্ত্তাক উচ্ছন্ন কৰিম আৰু তেওঁৰ লগত সকলো অধিকাৰীকো বধ কৰিম।”
et disperdam iudicem de medio eius, et omnes principes eius interficiam cum eo, dicit Dominus.
4 যিহোৱাই এই কথা কৈছে: “যিহূদাৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম। কিয়নো তেওঁলোকে যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে; তেওঁৰ বিধিবোৰ পালন নকৰিলে; তেওঁলোকৰ পূৰ্বপুৰুষসকলে যি মিথ্যা দেৱতাবোৰৰ পাছত চলিছিল, তেওঁলোকো সেইদৰে বিপথে গ’ল।
Hæc dicit Dominus: Super tribus sceleribus Iuda, et super quattuor non convertam eum: eo quod abiecerit legem Domini, et mandata eius non custodierit: deceperant enim eos idola sua, post quæ abierant patres eorum.
5 সেইবাবে মই যিহূদাৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম আৰু সেয়ে যিৰূচালেমৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব।
Et mittam ignem in Iuda, et devorabit ædes Ierusalem.
6 যিহোৱাই এই কথা কৈছে: “ইস্ৰায়েলৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কাৰণ তাৰ লোকসকলে ৰূপৰ বিনিময়ত সৎ লোকক আৰু এযোৰ জোতাৰ বিনিময়ত দৰিদ্ৰক বিক্রি কৰে।
Hæc dicit Dominus: Super tribus sceleribus Israel, et super quattuor non convertam eum: pro eo quod vendiderit pro argento iustum, et pauperem pro calceamentis.
7 তেওঁলোকে দৰিদ্রৰ মূৰবোৰ মাটিৰ ধূলিত গছকে আৰু পীড়িতসকলক পথৰ পৰা দূৰলৈ ঠেলি পঠায়। পিতৃ আৰু পুত্রই একেজনী যুৱতীৰ সৈতে শয়ন কৰে আৰু এইদৰে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰে।
Qui conterunt super pulverem terræ capita pauperum, et viam humilium declinant: et filius ac pater eius ierunt ad puellam, ut violarent nomen sanctum meum.
8 তেওঁলোক প্ৰত্যেক যজ্ঞ-বেদীৰ কাষত বন্ধকত লোৱা কাপোৰৰ ওপৰত শোৱে। জৰিমনা কৰি পোৱা ধনেৰে দ্রাক্ষাৰস কিনি তেওঁলোকে তেওঁলোকৰ দেৱতাৰ মন্দিৰত পান কৰে।
Et super vestimentis pignoratis accubuerunt iuxta omne altare: et vinum damnatorum bibebant in domo Dei sui.
9 ইমোৰীয়াসকল যদিও এৰচ গছৰ নিচিনা ওখ আৰু অল্লোন গছৰ নিচিনা শক্তিশালী, আছিল তথাপিও তোমালোকৰ সন্মুখতে মই সেই ইমোৰীয়া লোকক ধ্বংস কৰিলোঁ; মই ওপৰত থকা তেওঁলোকৰ ফল আৰু তলত থকা তেওঁলোকৰ শিপা নষ্ট কৰিলোঁ।
Ego autem exterminavi Amorrhæum a facie eorum: cuius altitudo, cedrorum altitudo eius, et fortis ipse quasi quercus: et contrivi fructum eius desuper, et radices eius subter.
10 ১০ সেই ইমোৰীয়াসকলৰ দেশত আধিপত্য দিবৰ কাৰণে ময়েই মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনি চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত লৈ ফুৰালোঁ।
Ego sum, qui ascendere vos feci de Terra Ægypti, et duxi vos in deserto quadraginta annis ut possideretis terram Amorrhæi.
11 ১১ হে ইস্রায়েলবাসী, মই যে তোমালোকৰ সন্তান সকলৰ মাজৰ কোনো কোনোক ভাববাদী আৰু যুৱকসকলৰ মাজৰ কোনো কোনোক নাচৰীয় হিচাবে বাচি ললোঁ, এই কথা জানো সত্য নহয়?” যিহোৱাই ইয়াকে কৈছে।
Et suscitavi de filiis vestris in prophetas, et de iuvenibus vestris Nazaræos: numquid non ita est filii Israel, dicit Dominus?
12 ১২ “কিন্তু তোমালোকে সেই নাচৰীয়সকলক দ্ৰাক্ষাৰস পান কৰালা আৰু ভাৱবাণী প্ৰচাৰ কৰিবলৈ সেই ভাববাদীসকলক নিষেধ কৰিলা।
Et propinabitis Nazaræis vinum: et prophetis mandabitis, dicentes: Ne prophetetis.
13 ১৩ চোৱা, শস্যভৰা গাড়ীৰ তলত শস্য পৰিলে যেনেকৈ গুড়ি হয়, তেনেকৈ এতিয়া মই তোমালোকক পিহি গুড়ি কৰিম।
Ecce ego stridebo subter vos, sicut stridet plaustrum onustum fœno.
14 ১৪ সেই কালত দ্রুতগামী লোকেও পলায়ন কৰি ৰক্ষা পোৱাৰ উপায় নাথাকিব; বলবানে নিজৰ বল দেখাব নোৱাৰিব আৰু পৰাক্রমীজনেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব;
Et peribit fuga a veloce, et fortis non obtinebit virtutem suam, et robustus non salvabit animam suam:
15 ১৫ ধনুৰ্দ্ধৰ স্থিৰভাৱে ৰৈ থাকিব নোৱাৰিব; বেগী দৌৰবিদজনে পলাব নোৱাৰিব; এনেকি অশ্বাৰোহীয়ে নিজৰ প্রাণ ৰক্ষা কৰিব নোৱাৰিব।
et tenens arcum non stabit, et velox pedibus suis non salvabitur, et ascensor equi non salvabit animam suam:
16 ১৬ যোদ্ধাসকলৰ মাজৰ অতি সাহিয়াল লোকেও সেই দিনা উলঙ্গ হৈ পলাই যাব।” ইয়াক যিহোৱাই কৈছে।
et robustus corde inter fortes nudus fugiet in illa die, dicit Dominus.

< আমোস 2 >