< আমোস 2 >
1 ১ যিহোৱাই এই কথা কৈছে: “মোৱাবৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সি ইদোমৰ ৰজাৰ হাড়বোৰ পুৰি চূৰ্ণ কৰিলে।
Saa siger HERREN: for tre Overtrædelser af Moab, ja fire, jeg gaar ikke fra det: de brændte Edoms Konges Ben til Kalk —
2 ২ সেইবাবে মই মোৱাবৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম; সেয়ে কৰিয়োতৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব; যুদ্ধৰ ধ্বনি আৰু ভীষণ শিঙাৰ শব্দেৰে সৈতে কোলাহলৰ মাজত মোৱাবৰ পতন হ’ব।
saa sender jeg Ild mod Moab, den skal æde Kerijots Borge; og Moab skal dø under Kampgny, Krigsskrig og Hornets Klang.
3 ৩ মোৱাবৰ মাজৰ পৰা মই বিচাৰকৰ্ত্তাক উচ্ছন্ন কৰিম আৰু তেওঁৰ লগত সকলো অধিকাৰীকো বধ কৰিম।”
Af hans Midte udrydder jeg Hersker og dræber alle hans Fyrster, siger HERREN.
4 ৪ যিহোৱাই এই কথা কৈছে: “যিহূদাৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম। কিয়নো তেওঁলোকে যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে; তেওঁৰ বিধিবোৰ পালন নকৰিলে; তেওঁলোকৰ পূৰ্বপুৰুষসকলে যি মিথ্যা দেৱতাবোৰৰ পাছত চলিছিল, তেওঁলোকো সেইদৰে বিপথে গ’ল।
Saa siger HERREN: For tre Overtrædelser af Juda, ja fire, jeg gaar ikke fra det: de ringeagted HERRENS Lov og holdt ej hans Bud, ledet vild af deres Løgneguder, til hvilke deres Fædre holdt sig —
5 ৫ সেইবাবে মই যিহূদাৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম আৰু সেয়ে যিৰূচালেমৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব।
saa sender jeg Ild mod Juda, den skal æde Jerusalems Borge.
6 ৬ যিহোৱাই এই কথা কৈছে: “ইস্ৰায়েলৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কাৰণ তাৰ লোকসকলে ৰূপৰ বিনিময়ত সৎ লোকক আৰু এযোৰ জোতাৰ বিনিময়ত দৰিদ্ৰক বিক্রি কৰে।
Saa siger HERREN: For tre Overtrædelser af Israel, ja fire, jeg gaar ikke fra det: de sælger retfærdig for Sølv og Fattigmand for et Par Sko,
7 ৭ তেওঁলোকে দৰিদ্রৰ মূৰবোৰ মাটিৰ ধূলিত গছকে আৰু পীড়িতসকলক পথৰ পৰা দূৰলৈ ঠেলি পঠায়। পিতৃ আৰু পুত্রই একেজনী যুৱতীৰ সৈতে শয়ন কৰে আৰু এইদৰে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰে।
træder ringes Hoved i Støvet og trænger sagtmodige fra Vejen. Søn og Fader gaar sammen til Skøgen og søler saaledes mit hellige Navn.
8 ৮ তেওঁলোক প্ৰত্যেক যজ্ঞ-বেদীৰ কাষত বন্ধকত লোৱা কাপোৰৰ ওপৰত শোৱে। জৰিমনা কৰি পোৱা ধনেৰে দ্রাক্ষাৰস কিনি তেওঁলোকে তেওঁলোকৰ দেৱতাৰ মন্দিৰত পান কৰে।
Paa pantede Kapper strækker de sig ved hvert et Alter, og i deres Guds Hus drikker de Vin, der er givet i Bøde.
9 ৯ ইমোৰীয়াসকল যদিও এৰচ গছৰ নিচিনা ওখ আৰু অল্লোন গছৰ নিচিনা শক্তিশালী, আছিল তথাপিও তোমালোকৰ সন্মুখতে মই সেই ইমোৰীয়া লোকক ধ্বংস কৰিলোঁ; মই ওপৰত থকা তেওঁলোকৰ ফল আৰু তলত থকা তেওঁলোকৰ শিপা নষ্ট কৰিলোঁ।
Og dog var det mig, som udrydded Amoriterne foran eder, høje som Cedertræer, stærke som Egetræer, udrydded deres Frugt foroven som og deres Rødder forneden.
10 ১০ সেই ইমোৰীয়াসকলৰ দেশত আধিপত্য দিবৰ কাৰণে ময়েই মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনি চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত লৈ ফুৰালোঁ।
Det var mig, som førte jer op fra Ægypten og lod eder vandre i Ørken i fyrretyve Aar, saa I tog Amoriternes Land.
11 ১১ হে ইস্রায়েলবাসী, মই যে তোমালোকৰ সন্তান সকলৰ মাজৰ কোনো কোনোক ভাববাদী আৰু যুৱকসকলৰ মাজৰ কোনো কোনোক নাচৰীয় হিচাবে বাচি ললোঁ, এই কথা জানো সত্য নহয়?” যিহোৱাই ইয়াকে কৈছে।
Jeg tog blandt eders Sønner Profeter, Nasiræere blandt eders unge. Er det ej sandt, Israeliter? lyder det fra HERREN.
12 ১২ “কিন্তু তোমালোকে সেই নাচৰীয়সকলক দ্ৰাক্ষাৰস পান কৰালা আৰু ভাৱবাণী প্ৰচাৰ কৰিবলৈ সেই ভাববাদীসকলক নিষেধ কৰিলা।
Men I gav Nasiræerne Vin, og Profeterne bød I ej at profetere.
13 ১৩ চোৱা, শস্যভৰা গাড়ীৰ তলত শস্য পৰিলে যেনেকৈ গুড়ি হয়, তেনেকৈ এতিয়া মই তোমালোকক পিহি গুড়ি কৰিম।
Se, jeg lader Grunden vakle under jer, ligesom Vognen vakler, naar den er fuld af Neg.
14 ১৪ সেই কালত দ্রুতগামী লোকেও পলায়ন কৰি ৰক্ষা পোৱাৰ উপায় নাথাকিব; বলবানে নিজৰ বল দেখাব নোৱাৰিব আৰু পৰাক্রমীজনেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব;
Den hurtige kan ikke undfly, den stærke ej bruge sin Kraft; ej redder Helten sit Liv,
15 ১৫ ধনুৰ্দ্ধৰ স্থিৰভাৱে ৰৈ থাকিব নোৱাৰিব; বেগী দৌৰবিদজনে পলাব নোৱাৰিব; এনেকি অশ্বাৰোহীয়ে নিজৰ প্রাণ ৰক্ষা কৰিব নোৱাৰিব।
ej holder Bueskytten Stand; ej undslipper rapfodet Mand, ej bjærger nogen Rytter sit Liv;
16 ১৬ যোদ্ধাসকলৰ মাজৰ অতি সাহিয়াল লোকেও সেই দিনা উলঙ্গ হৈ পলাই যাব।” ইয়াক যিহোৱাই কৈছে।
den kækkeste Mand iblandt Helte skal den Dag vaabenløs fly, saa lyder det fra HERREN.