< পাঁচনি 6 >
1 ১ সেই সময়ত শিষ্য সকলৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ আছিল। গ্ৰীকভাষী ইহুদী সকলে স্থানীয় ইব্ৰী ভাষী ইহুদী সকলৰ বিৰুদ্ধে অভিযোগ আনিলে যে, খাদ্য বিতৰণৰ সময়ত প্ৰতিদিনে তেওঁলোকৰ বিধৱা সকলক অৱহেলা কৰা হৈছে।
İsa'nın öğrencilerinin sayıca çoğaldığı o günlerde, Grekçe konuşan Yahudiler, günlük yardım dağıtımında kendi dullarına gereken ilginin gösterilmediğini ileri sürerek İbranice konuşan Yahudiler'den yakınmaya başladılar.
2 ২ তেতিয়া বাৰ জন পাঁচনিয়ে সকলো শিষ্যকে মাতি আনি কলে- “আমাৰ কাৰণে ঈশ্বৰৰ বাক্য অৱহেলা কৰি ভোজনৰ পৰিচৰ্যা কৰা কামত লাগি থকা সঠিক কার্য হোৱা নাই।
Bunun üzerine Onikiler, bütün öğrencileri bir araya toplayıp şöyle dediler: “Tanrı'nın sözünü yayma işini bırakıp maddi işlerle uğraşmamız doğru olmaz.
3 ৩ এই কাৰণে হে ভাই সকল, আপোনালোকে নিজৰ মাজৰ পৰা সাত জন সুখ্যাতি সম্পন্ন আৰু পবিত্ৰ আত্মাৰে পৰিপূর্ণ, জ্ঞানী লোকক বাছি লওঁক। আমি তেওঁলোকৰ ওপৰত এই কামৰ ভাৰ দিম।
Bu nedenle, kardeşler, aranızdan Ruh'la ve bilgelikle dolu, yedi saygın kişi seçin. Onları bu iş için görevlendirelim.
4 ৪ ইয়াৰ পাছত আমি প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাক্যৰ পৰিচর্যাত সদায় লাগি থাকিব পাৰিম।”
Biz ise kendimizi duaya ve Tanrı sözünü yaymaya adayalım.”
5 ৫ তেওঁলোকৰ এই প্রস্তাৱ শুনি সকলোৱে সন্তোষ পালে অাৰু তেওঁলোকে তেতিয়া এই লোক সকলক মনোনীত কৰিলে - স্তিফান, তেওঁ বিশ্বাসী আৰু পবিত্ৰ আত্মাৰে পূর্ণ আছিল; ফিলিপ, প্ৰখৰ, নিকানৰ, তীমোন, পার্মিনা আৰু আন্তিয়খিয়াৰ নিকলায় এই ব্যক্তি জনে ইহুদী ধৰ্ম গ্রহণ কৰিছিল।
Bu öneri bütün topluluğu hoşnut etti. Böylece, iman ve Kutsal Ruh'la dolu biri olan İstefanos'un yanısıra Filipus, Prohoros, Nikanor, Timon, Parmenas ve Yahudiliğe dönen Antakyalı Nikolas'ı seçip elçilerin önüne çıkardılar. Elçiler de dua edip ellerini onların üzerine koydular.
6 ৬ বিশ্বাসী সকলে এই সাত জন লোকক পাঁচনি সকলৰ আগলৈ আনিলে আৰু পাঁচনি সকলে প্ৰাৰ্থনা কৰি তেওঁলোকৰ ওপৰত হাত দিলে।
7 ৭ তাৰ পাছত ঈশ্বৰৰ বাক্য চৌদিশে বিয়পি গল আৰু শিষ্য সকলৰ সংখ্যা যিৰূচালেমত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। ইয়াৰ উপৰি ইহুদী পুৰোহিত সকলৰ মাজৰ অনেকে খ্ৰীষ্টীয় বিশ্বাসৰ অনুগামী হৈ শৰণ ললে।
Böylece Tanrı'nın sözü yayılıyor, Yeruşalim'deki öğrencilerin sayısı arttıkça artıyor, kâhinlerden birçoğu da iman çağrısına uyuyordu.
8 ৮ স্তিফানে ঈশ্বৰৰ অনুগ্ৰহ আৰু শক্তিৰে পৰিপূর্ণ হৈ লোক সকলৰ মাজত বহু অলৌকিক আৰু আচৰিত কার্য কৰিবলৈ ধৰিলে।
Tanrı'nın lütfuyla ve kudretle dolu olan İstefanos, halk arasında büyük belirtiler ve harikalar yapıyordu.
9 ৯ কিন্তু লিবর্ত্তীন নামৰ সমাজৰ কেইজনমান ব্যক্তিৰ লগতে কুৰীণীয়, আলেকজেন্দ্রিয়া, কিলিকিয়া আৰু এচিয়া, এই ঠাই সমূহৰ পৰা অহা কিছুমান ব্যক্তিয়ে স্তিফানৰ সৈতে তর্ক কৰিলে।
Ne var ki, Azatlılar Havrası diye bilinen havranın bazı üyeleri ve Kirene'den, İskenderiye'den, Kilikya'dan ve Asya İli'nden bazı kişiler İstefanos'la çekişmeye başladılar.
10 ১০ কিন্তু স্তিফানে যি জ্ঞান আৰু আত্মাৰে কথা কলে, সেই কথাক তেওঁলোকে প্ৰতিৰোধ কৰিব নোৱাৰিলে।
Ama İstefanos'un konuşmasındaki bilgeliğe ve Ruh'a karşı koyamadılar.
11 ১১ তেতিয়া তেওঁলোকে কিছুলোকক গুপুতে উচটাই এই বুলি কবলৈ দিলে যে, “আমি শুনিছোঁ স্তিফানে মোচি আৰু ঈশ্বৰক নিন্দা কৰিছে।”
Bunun üzerine birkaç kişiyi el altından ayartarak onlara, “Bu adamın Musa'ya ve Tanrı'ya karşı küfür dolu sözler söylediğini duyduk” dedirttiler.
12 ১২ এনেদৰে তেওঁলোকে জনসাধাৰণ, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলক উত্তেজিত কৰি তুলিলে আৰু তেওঁলোকে স্তিফানক ধৰি মহাসভালৈ আনিলে।
Böylelikle halkı, ileri gelenleri ve din bilginlerini kışkırttılar. Gidip İstefanos'u yakaladılar ve Yüksek Kurul'un önüne çıkardılar.
13 ১৩ তেওঁলোকে মিছা সাক্ষী দি থিয় কৰালে আৰু ক’লে, “এই মানুহ জনে পবিত্ৰ স্থান আৰু বিধানৰ বিৰুদ্ধে কথা কবলৈ নেৰে।
Getirdikleri yalancı tanıklar, “Bu adam durmadan bu kutsal yere ve Yasa'ya karşı konuşuyor” dediler.
14 ১৪ কিয়নো আমি তেওঁক কোৱা শুনিছো যে, এই নাচৰতীয়া যীচুৱে এই ঠাই নষ্ট কৰিব আৰু মোচিয়ে আমাক দিয়া বিধানও সলনি কৰিব।”
“‘Nasıralı İsa burayı yıkacak, Musa'nın bize emanet ettiği töreleri de değiştirecek’ dediğini duyduk.”
15 ১৫ তেতিয়া সভাত বহা সকলোৱে তেওঁলৈ একেথৰে চাই থাকিল আৰু স্তিফানৰ মুখ স্বৰ্গৰ দূতৰ মুখৰ নিচিনা দেখিলে।
Kurul'da oturanların hepsi, İstefanos'a baktıklarında yüzünün bir melek yüzüne benzediğini gördüler.