< পাঁচনি 5 >
1 ১ তেতিয়া অননিয় নামেৰে এজন লোক আৰু তেওঁৰ ভাৰ্যা চফীৰাই এডোখৰ মাটি বিক্রী কৰিলে৷
Άνθρωπος δε τις Ανανίας το όνομα μετά της γυναικός αυτού Σαπφείρης επώλησε κτήμα
2 ২ অননিয়ই তেওঁৰ ভার্যাৰ জ্ঞাতসাৰেই সেই ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখি, এক অংশ আনি পাঁচনি সকলৰ চৰণত থলে।
και εκράτησεν από της τιμής, εν γνώσει και της γυναικός αυτού, και φέρων μέρος τι έθεσεν εις τους πόδας των αποστόλων.
3 ৩ তেতিয়া পিতৰে তেওঁক কলে- “হে অননিয়, পবিত্ৰ আত্মাৰ ওচৰত মিছা মাতিবলৈ চয়তানক তুমি কিয় তোমাৰ হৃদয়ত কার্য কৰিবলৈ দিলা? কিয় তুমি মাটি বেছা ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখিলা?
Είπε δε ο Πέτρος· Ανανία, διά τι εγέμισεν ο Σατανάς την καρδίαν σου, ώστε να ψευσθής εις το Πνεύμα το Άγιον και να κρατήσης από της τιμής του αγρού;
4 ৪ সেই মাটি যেতিয়া বিক্রী হোৱা নাছিল, তেতিয়া সেই মাটি জানো তোমাৰেই ক্ষমতাৰ অধীনত নাছিল? এতিয়া বেচাৰ পাছতো তুমিয়েই সেই ধনৰ গৰাকী নাছিলানে? তেনেহলে এনে কাম কৰিবলৈ তুমি তোমাৰ মনত কেনেকৈ ঠিৰাং কৰিলা? তুমি মানুহৰ আগত নহয়, ঈশ্বৰৰ আগতহে মিছা কথা ক’লা”।
Ενώ έμενε, δεν ήτο σου; και αφού επωλήθη, δεν ήτο εν τη εξουσία σου; διά τι έβαλες εν τη καρδία σου το πράγμα τούτο; δεν εψεύσθης εις ανθρώπους, αλλ' εις τον Θεόν.
5 ৫ এই কথা শুনাৰ লগে লগে অননিয়ই মাটিত পৰি প্ৰাণ ত্যাগ কৰিলে। যিবোৰ মানুহে এই কথা শুনিলে, তেওঁলোকে বৰ ভয় খালে।।
Ενώ δε ήκουεν ο Ανανίας τους λόγους τούτους, έπεσε και εξεψύχησε, και επέπεσε φόβος μέγας επί πάντας τους ακούοντας ταύτα.
6 ৬ পাছত যুৱক সকল আগবাঢ়ি আহি তেওঁক কাপোৰেৰে মেৰিয়াই বাহিৰলৈ নি মৈদাম দিলে।
Σηκωθέντες δε οι νεώτεροι, ετύλιξαν αυτόν και εκβαλόντες έθαψαν.
7 ৭ প্রায় তিনি ঘন্টা মানৰ পাছত, অননিয়ৰ স্ত্রী চাফীৰা সেই ঠাইলৈ আহিল৷ কিন্তু কি ঘটিল, সেই বিষয়ে তেওঁ নাজানিলে।
Μετά δε περίπου τρεις ώρας εισήλθεν η γυνή αυτού, μη εξεύρουσα το γεγονός.
8 ৮ পিতৰে তেওঁক সুধিলে- “কোৱাছোন, তোমালোকে বাৰু এই মাটি ইমান টকাতে বেচিলা নে?” তেতিয়া তেওঁ কলে, “হয় ইমানতে বেচা হল।”
Και απεκρίθη προς αυτήν ο Πέτρος· Ειπέ μοι, διά τόσον επωλήσατε τον αγρόν; Και εκείνη είπε· Ναι, διά τόσον.
9 ৯ তেতিয়া পিতৰে চাফীৰাক কলে, “প্ৰভুৰ আত্মাক পৰীক্ষা কৰিবলৈ তোমালোকে কেনেকৈ একমত হলা? চোৱা, যি সকলে তোমাৰ স্বামীক মৈদাম দিব গৈছিল; তেওঁলোক আহি দুৱাৰৰ ওচৰ পাইছেহি, তেওঁলোকে তোমাকো বাহিৰলৈ লৈ যাব।”
Και ο Πέτρος είπε προς αυτήν· Διά τι συνεφωνήσατε να πειράζητε το Πνεύμα του Κυρίου; ιδού, εις την θύραν οι πόδες των θαψάντων τον άνδρα σου και θέλουσιν εκβάλει και σε.
10 ১০ তেতিয়াই পিতৰৰ চৰণত পৰি চফীৰাই প্ৰাণ ত্যাগ কৰিলে। যুৱক সকলে ভিতৰলৈ আহি, চাফীৰাকো মৃত দেখিলে৷ তেতিয়া তেওঁকো বাহিৰলৈ নি তেওঁৰ স্বামীৰ কাষতে মৈদাম দিলে।
Και έπεσε παρευθύς εις τους πόδας αυτού και εξεψύχησεν· εισελθόντες δε οι νεανίσκοι, εύρον αυτήν νεκράν και εκβαλόντες έθαψαν πλησίον του ανδρός αυτής.
11 ১১ মণ্ডলীৰ সকলো লোকে যেতিয়া এই কথা শুনিলে, তেওঁলোকে অতিশয় ভয় খালে।
Και επέπεσε φόβος μέγας εφ' όλην την εκκλησίαν και επί πάντας τους ακούοντας ταύτα.
12 ১২ পাছত পাঁচনি সকলৰ দ্বাৰাই মানু্হৰ মাজত অনেক চিন আৰু আচৰিত কার্য হবলৈ ধৰিলে। তেওঁলোক সকলোৱে চলোমনৰ বাৰাণ্ডাত গোট খাইছিল। তেওঁলোকৰ উদ্দেশ্যও একে আছিল।
Πολλά δε σημεία και τέρατα εγίνοντο εν τω λαώ διά των χειρών των αποστόλων· και ήσαν ομοθυμαδόν άπαντες εν τη στοά του Σολομώντος.
13 ১৩ যদিও সকলোৱে তেওঁলোকক সমাদৰ কৰিলে, তথাপি আন লোক সকলে তেওঁলোকৰ মাজত সোমাবলৈ সাহস নকৰিলে।
Εκ δε των λοιπών ουδείς ετόλμα να προσκολληθή εις αυτούς, ο λαός όμως εμεγάλυνεν αυτούς·
14 ১৪ কিন্তু ইয়াৰ মাজৰে অনেক পুৰুষ আৰু মহিলাই বিশ্বাস কৰি প্রভুৰ বিশ্বাসত যোগ দিলে।
και προσετίθεντο μάλλον πιστεύοντες εις τον Κύριον, πλήθη ανδρών τε και γυναικών,
15 ১৫ ইয়াৰ উপৰি লোক সকলে পিতৰ অহা-যোৱা কৰোঁতে তেওঁৰ ছাঁ যেন ৰোগী সকলৰ গাত পৰে, এই আশাৰে ৰোগী সকলক বিচনা আৰু খাটত তুলি বাটৰ কাষত থলেহি।
ώστε έφερον έξω εις τας πλατείας τους ασθενείς και έθετον επί κλινών και κραββάτων, διά να επισκιάση καν η σκιά του Πέτρου ερχομένου τινά εξ αυτών.
16 ১৬ যিৰূচালেমৰ ওচৰ-পাজৰৰ নগৰৰ পৰা বহু মানুহে ৰুগীয়া আৰু অশুচি আত্মাই ধৰা লোক সকলক লৈ আহিল আৰু তেওঁলোকক সুস্থ কৰা হ’ল।
Συνήρχετο δε και το πλήθος των πέριξ πόλεων εις Ιερουσαλήμ φέροντες ασθενείς και ενοχλουμένους υπό πνευμάτων ακαθάρτων, οίτινες εθεραπεύοντο άπαντες.
17 ১৭ কিন্তু মহা-পুৰোহিত আৰু তেওঁৰ লগৰ অর্থাৎ চদ্দূকী দলৰ লোক সকল ঈর্ষাত জ্বলি উঠিল
Και σηκωθείς ο αρχιερεύς και πάντες οι μετ' αυτού, οίτινες ήσαν αίρεσις των Σαδδουκαίων, επλήσθησαν ζήλου
18 ১৮ তেওঁলোকে পাঁচনি সকলক ধৰি আনি ৰাইজৰ কাৰাগাৰত বন্দী কৰি থলে।
και επέβαλον τας χείρας αυτών επί τους αποστόλους, και έβαλον αυτούς εις δημοσίαν φυλακήν.
19 ১৯ কিন্তু ৰাতি হলত প্ৰভুৰ এজন দূত আহি বন্দীশালৰ দুৱাৰ খুলি তেওঁলোকক বাহিৰলৈ যাব দি কলে,
Άγγελος όμως Κυρίου διά της νυκτός ήνοιξε τας θύρας της φυλακής, και εκβαλών αυτούς είπεν·
20 ২০ “যোৱা, তোমালোকে গৈ মন্দিৰত থিয় হৈ, অনন্ত জীৱনৰ সকলো কথা লোক সকলৰ আগত কোৱাগৈ”।
Υπάγετε, και σταθέντες λαλείτε εν τω ιερώ προς τον λαόν πάντας τους λόγους της ζωής ταύτης.
21 ২১ আজ্ঞা অনুসাৰে তেওঁলোকে ৰাতিপুৱাতে মন্দিৰত সোমাই উপদেশ দিলে। আনফালে মহা-পুৰোহিত আৰু তেওঁৰ সংগী সকলে আহি ইস্ৰায়েলী সকলৰ জেষ্ঠ লোকৰ এক মহাসভা মাতিলে আৰু পাঁচনি সকলক বন্দীশালৰ পৰা আনিবলৈ মানুহ পঠালে।
Και ακούσαντες εισήλθον την αυγήν εις το ιερόν και εδίδασκον. Ελθών δε ο αρχιερεύς και οι μετ' αυτού, συνεκάλεσαν το συνέδριον και όλην την γερουσίαν των υιών του Ισραήλ και έστειλαν εις το δεσμωτήριον, διά να φέρωσιν αυτούς.
22 ২২ কিন্তু সেই বিষয়া সকলে বন্দীশাললৈ গৈ তেওঁলোকক দেখা নাপালে আৰু উভতি আহি ক’লে,
Οι δε υπηρέται ελθόντες δεν εύρον αυτούς εν τη φυλακή, και επιστρέψαντες απήγγειλαν,
23 ২৩ “আমি বন্দীশালৰ দু্ৱাৰ টানকৈ বান্ধি থোৱা দেখিলোঁ আৰু ৰখীয়াবোৰেও দুৱাৰত থিয় হৈ আছে; কিন্তু দুৱাৰ খুলি ভিতৰত তেওঁলোকক দেখা নাপালোঁ।”
λέγοντες ότι το μεν δεσμωτήριον εύρομεν κεκλεισμένον μετά πάσης ασφαλείας, και τους φύλακας ισταμένους έξω έμπροσθεν των θυρών, ανοίξαντες δε ουδένα εύρομεν έσω.
24 ২৪ এই কথা শুনি মন্দিৰৰ সেনাধিপতি আৰু প্ৰধান পুৰোহিত সকলে ইয়াৰ পৰিণতি কি হব বুলি ভাবি হতবুদ্ধি হ’ল।
Ως δε ήκουσαν τους λόγους τούτους και ο ιερεύς και ο στρατηγός του ιερού και οι αρχιερείς, ήσαν εν απορία περί αυτών εις τι έμελλε να καταντήση τούτο.
25 ২৫ তেনেতে কোনোবা এজনে আহি জনালে যে, “আপোনালোকে যি সকল মানু্হক বন্দীশালত থৈছিল, সেই মানুহবোৰে মন্দিৰত থিয় হৈ লোক সকলক উপদেশ দি আছে।”
Και ελθών τις απήγγειλε προς αυτούς, λέγων ότι ιδού, οι άνθρωποι, τους οποίους εβάλετε εις την φυλακήν, ίστανται εν τω ιερώ και διδάσκουσι τον λαόν.
26 ২৬ তেতিয়া সেনাপতি জনে তেওঁৰ লোক সকলৰ সৈতে সেই ঠাইলৈ গৈ পাঁচনি সকলক লৈ আহে। তাতে মানুহবোৰে পাথৰ মাৰিব পাৰে বুলি ভয় খাই তেওঁলোকে পাঁচনি সকলক কোনো বেয়া ব্যৱহাৰ নকৰিলে।
Τότε υπήγεν ο στρατηγός μετά των υπηρετών και έφερεν αυτούς, ουχί μετά βίας· διότι εφοβούντο τον λαόν, μη λιθοβοληθώσι.
27 ২৭ পাছত তেওঁলোকক আনি সভাত উপস্থিত কৰোঁতে, মহা-পুৰোহিতে তেওঁলোকক প্রশ্ন কৰিলে,
Και αφού έφεραν αυτούς, έστησαν εν τω συνεδρίω. Και ηρώτησεν αυτούς ο αρχιερεύς
28 ২৮ “এই নামেৰে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ; তথাপি তোমালোকে নিজৰ শিক্ষাৰে যিৰূচালেম পূর্ণ কৰিছা আৰু সেই মানুহৰ ৰক্তপাতৰ বাবে আমাক দোষী কৰিব বিচাৰিছা।”
λέγων· Δεν σας παρηγγείλαμεν ρητώς να μη διδάσκητε εν τω ονόματι τούτω; και ιδού, εγεμίσατε την Ιερουσαλήμ από της διδαχής σας, και θέλετε να φέρητε εφ' ημάς το αίμα του ανθρώπου τούτου.
29 ২৯ তেতিয়া পিতৰ আৰু আন পাঁচনি সকলে উত্তৰ দি কলে, “আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত।
Αποκριθείς δε ο Πέτρος και οι απόστολοι, είπον· Πρέπει να πειθαρχώμεν εις τον Θεόν μάλλον παρά εις τους ανθρώπους.
30 ৩০ যি জনক আপোনালোকে কাঠত ওলোমাই হত্যা কৰিলে, আমাৰ পূৰ্ব-পুৰুষ সকলৰ ঈশ্বৰে সেই জন যীচুক মৃত্যুৰ পৰা জীয়ালে।
Ο Θεός των πατέρων ημών ανέστησε τον Ιησούν, τον οποίον σεις εθανατώσατε κρεμάσαντες επί ξύλου·
31 ৩১ সেই যীচুক ঈশ্বৰে ৰজা আৰু ত্ৰাণকর্তা হিচাপে নিজৰ সোঁ হাতে বহুৱাই উন্নত কৰিলে, যাতে ইস্ৰায়েলী সকলে মন-পালটন কৰে আৰু যীচুৱে যেন তেওঁলোকৰ পাপ ক্ষমা কৰিব পাৰে।
τούτον ο Θεός ύψωσε διά της δεξιάς αυτού Αρχηγόν και Σωτήρα, διά να δώση μετάνοιαν εις τον Ισραήλ και άφεσιν αμαρτιών.
32 ৩২ এই কথাৰ আমি সাক্ষী আছোঁ আৰু যি সকল ঈশ্বৰৰ বাধ্য হয়, ঈশ্বৰে তেওঁলোকক যি পবিত্ৰ আত্মা দিছে, সেই পবিত্র আত্মাও ইয়াৰ সাক্ষী।”
Και ημείς είμεθα μάρτυρες αυτού περί των λόγων τούτων, και το Πνεύμα δε το Άγιον, το οποίον έδωκεν ο Θεός εις τους πειθαρχούντας εις αυτόν.
33 ৩৩ এই কথা শুনি মহাসভাৰ সভ্যসকল খঙত জ্বলি উঠিল আৰু পাঁচনি সকলক বধ কৰিবলৈ বিচাৰিলে।
Οι δε ακούσαντες έτριζον τους οδόντας και εβουλεύοντο να θανατώσωσιν αυτούς.
34 ৩৪ কিন্তু তেতিয়া গমলীয়েল নামৰ এজন ফৰীচী, যি জন সকলো মানুহৰে সন্মানিত বিধানৰ এজন অধ্যাপক, তেওঁ থিয় হ’ল আৰু পাঁচনি সকলক অলপ সময়ৰ কাৰণে বাহিৰলৈ নিবৰ বাবে নির্দেশ দিলে।
Σηκωθείς δε εν τω συνεδρίω Φαρισαίός τις Γαμαλιήλ το όνομα, νομοδιδάσκαλος τιμώμενος υπό παντός του λαού, προσέταξε να εκβάλωσι τους αποστόλους δι' ολίγην ώραν,
35 ৩৫ তাৰ পাছত তেওঁ ক’লে, “হে ইস্ৰায়েলী সকল, এই লোক সকলক লৈ আপোনালোকে যি কৰিবলৈ গৈছে, সেই বিষয়ে সাৱধান হওক।
και είπε προς αυτούς· Άνδρες Ισραηλίται, προσέχετε εις εαυτούς περί των ανθρώπων τούτων τι μέλλετε να πράξητε.
36 ৩৬ কিয়নো কিছুদিনৰ আগেয়ে থুদা নামৰ এজনে আহি, নিজকে বৰ এজন বুলি দাবী কৰিছিল আৰু কম-বেচি পৰিমাণে প্রায় চাৰি শ মানুহে থুদাৰ লগ হৈছিল। তেওঁক বধ কৰা হ’ল আৰু তেওঁৰ অনুগামীবোৰও সিচঁৰিত হৈ কোনো চিন-চাব নোহোৱা হ’ল।
Διότι προ τούτων των ημερών εσηκώθη ο Θευδάς, λέγων εαυτόν ότι είναι μέγας τις, εις τον οποίον προσεκολλήθη αριθμός ανδρών έως τετρακοσίων· όστις εφονεύθη, και πάντες όσοι επείθοντο εις αυτόν διελύθησαν και κατήντησαν εις ουδέν.
37 ৩৭ এই মানুহ জনৰ পাছত, লোক পিয়লৰ সময়ত যিহূদা নামৰ গালীলীয়া এজন ওলাল আৰু তেওঁ ভালেমান মানুহক নিজৰ ফাললৈ আনিলে; তেৱোঁ নিহত হোৱাত তেওঁৰ অনুগামী সকলো ছিন্ন-ভিন্ন হৈ গ’ল।
Μετά τούτον εσηκώθη Ιούδας ο Γαλιλαίος εν ταις ημέραις της απογραφής και έσυρεν οπίσω αυτού αρκετόν λαόν· και εκείνος απωλέσθη, και πάντες όσοι επείθοντο εις αυτόν διεσκορπίσθησαν.
38 ৩৮ এতিয়া মই আপোনালোকক কওঁ, এই লোক সকলৰ পৰা দূৰৈত থাকক আৰু তেওঁলোকক এৰি দিয়ক; কিয়নো এই পৰিকল্পনা বা কৰ্ম যদি মানুহৰ পৰা হয়, তেনেহলে ই ব্যর্থ হব৷
Και τώρα σας λέγω, απέχετε από των ανθρώπων τούτων και αφήσατε αυτούς· διότι εάν η βουλή αύτη ή το έργον τούτο ήναι εξ ανθρώπων, θέλει ματαιωθή·
39 ৩৯ কিন্তু যদিহে ঈশ্বৰৰ পৰা হয়, তেনেহলে আপোনালোকে তেওঁলোকক বন্ধ কৰিব নোৱাৰিব। হয়তো দেখিব যে, আপোনালোকে ঈশ্বৰৰ বিৰুদ্ধেই যুদ্ধ কৰিছে।” তেতিয়া, তেওঁলোকে এই পৰামর্শ গ্ৰহন কৰিলে।
εάν όμως ήναι εκ Θεού, δεν δύνασθε να ματαιώσητε αυτό, και προσέχετε μήπως ευρεθήτε και θεομάχοι. Και επείσθησαν εις αυτόν,
40 ৪০ তাৰ পাছত তেওঁলোকে পাঁচনি সকলক ভিতৰলৈ মাতি আনি কোবাই, যীচুৰ নামেৰে কোনো কথা নকবলৈ আদেশ দি যাবলৈ দিলে।
και προσκαλέσαντες τους αποστόλους, έδειραν και παρήγγειλαν να μη λαλώσιν εν τω ονόματι του Ιησού, και απέλυσαν αυτούς.
41 ৪১ পাঁচনি সকলে যীচুৰ নামত অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহাসভাৰ পৰা গুছি গল।
Εκείνοι λοιπόν ανεχώρουν από προσώπου του συνεδρίου, χαίροντες ότι υπέρ του ονόματος αυτού ηξιώθησαν να ατιμασθώσι.
42 ৪২ ইয়াৰ পাছত তেওঁলোকে প্ৰতিদিনে মন্দিৰত আৰু সকলো ঘৰতে গৈ শিক্ষা দিবলৈ ধৰিলে আৰু যীচুৱেই যে খ্ৰীষ্ট এই কথা প্ৰচাৰ কৰি থাকিল।
Και πάσαν ημέραν εν τω ιερώ και κατ' οίκον δεν έπαυον διδάσκοντες και ευαγγελιζόμενοι τον Ιησούν Χριστόν.