< পাঁচনি 4 >
1 ১ পিতৰ আৰু যোহনে লোক সকলৰ মাজত কথা কৈ থাকোতে মন্দিৰৰ পুৰোহিত, সেনাপতি আৰু চদ্দূকী সকলে তেওঁলোকৰ ওচৰত আহি উপস্থিত হল৷
Intay dadkii la hadlayeen ayaa wadaaddadii iyo sirkaalkii macbudka iyo Sadukiintii u yimaadeen,
2 ২ পিতৰ আৰু যোহনে লোক সকলক যীচুৰ বিষয়ে শিক্ষা দিয়াত আৰু মৃত লোকৰ মাজৰ পৰা যীচুৰ পুনৰুত্থান হোৱা বিষয়তো ঘোষণা কৰি থকাত তেওঁলোক অতি বিৰক্ত হ’ল।
iyagoo ka xumaaday, maxaa yeelay, waxay dadkii bareen oo Ciise ku ogeysiiyeen sarakicidda kuwii dhintay.
3 ৩ তেওঁলোকে পিতৰ আৰু যোহনক ধৰিলে আৰু তেতিয়া সন্ধিয়া সময় হোৱা বাবে, পাছদিনা পুৱা নোহোৱালৈকে কাৰাগাৰত বন্দী কৰি থলে।
Markaasay qabqabteen oo xabbiseen ilaa maalintii ku xigtay, maxaa yeelay, durba fiidkii bay ahayd.
4 ৪ কিন্তু যি সকলে শিক্ষা শুনিছিল, তেওঁলোকৰ মাজৰ বহুত মানুহে বিশ্বাস কৰিলে; সেই বিশ্বাসী সকলৰ সংখ্যা হিচাপ কৰোঁতে প্ৰায় পাঁচ হাজাৰ পোৱা গ’ল।
Laakiin qaar badan oo hadalkii maqlay waa rumaysteen; oo tiradii nimanku waxay noqotay abbaaraha shan kun.
5 ৫ পাছদিনা ইহুদী সকলৰ অধিকাৰী, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকল একেলগে যিৰূচালেমত মিলিত হ’ল।
Markaasaa waxaa dhacday in maalintii dambe taliyayaashoodii iyo waayeelladoodii iyo culimmadoodii ay Yeruusaalem isugu soo wada urureen;
6 ৬ তাতে মহা-পুৰোহিত হানন উপস্থিত আছিল। তেওঁৰ বাহিৰেও কায়াফা, যোহন, আলেকজেন্দাৰ আৰু মহা-পুৰোহিতৰ পৰিয়ালৰ বহুত লোক উপস্থিত আছিল।
waxaana joogay Annas oo ahaa wadaadkii sare, iyo Kayafas, iyo Yooxanaa, iyo Aleksanderos, iyo in alla intii wadaadka sare xigaalo la ahayd.
7 ৭ তেওঁলোকে পিতৰ আৰু যোহনক মাজত থিয় কৰাই সুধিলে- “তোমালোকে কি শক্তিৰে বা কি নামেৰে এই কাৰ্য কৰিছা?”
Oo intay dhexda soo taageen bay weyddiiyeen oo ku yidhaahdeen, Xooggee ama magacee baad waxan ku samayseen?
8 ৮ তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁলোকক কলে- “হে লোক সকলৰ শাসনকৰ্তা আৰু পৰিচাৰক সকল,
Markaasaa Butros oo Ruuxa Quduuska ahi ka buuxo wuxuu iyaga ku yidhi, Kuwiinnan dadka u taliya iyo waayeelladow,
9 ৯ আজি এজন অসুস্থ মানুহলৈ কৰা উপকাৰ দেখি, তেওঁ কি উপায়েৰে সুস্থ হ’ল সেই বিষয় জানিবৰ বাবে আপোনালোকে আমাক এই বিষয়ে সোধ-বিচাৰ কৰি প্রশ্ন সুধিছে নেকি?
haddii maanta naloo imtixaamayo falimihii wanaagsanaa oo loo sameeyey nin xoogdaran iyo sidii ninkan loo bogsiiyey,
10 ১০ সেয়াই যদি হয়, আপোনালোক আৰু ইস্ৰায়েলৰ আটাইলোকে ইয়াকে জানক যে, যি যীচু খ্ৰীষ্টক আপোনালোকে ক্রুচত দিছিল আৰু তেওঁক ঈশ্বৰে মৈদামৰ পৰা তুলিলে আৰু সেই নাচৰতীয়া যীচুৰ নামেৰে এই ব্যক্তি জন সুস্থ হৈ ইয়াত আপোনালোকৰ আগত থিয় হৈ আছে।
dhammaantiin ogaada, idinka iyo dadka reer binu Israa'iil oo dhammu, in magaca Ciise Masiix, kii reer Naasared, oo aad iskutallaabta ku qodobteen, oo Ilaah ka sara kiciyey kuwii dhintay, daraaddiis ninkanu isagoo bogsaday halkan hortiinna ah ku taagan yahay.
11 ১১ যি শিলক আপোনালোকৰ দৰে ঘৰ সাজোতাই অৱহেলা কৰিলে, সেই যীচু খ্রীষ্টই হৈছে সেই শিল৷ সেই শিলক চুকৰ প্ৰধান শিল কৰা হ’ল।
Isagu waa dhagixii idinkoo wax dhisa aad diiddeen, oo noqday madaxa rukunka.
12 ১২ তেওঁৰ বাহিৰে আন কতো পৰিত্রাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই।”
Mid kale badbaadada lagama helo, maxaa yeelay, ma jiro magac kale samada hoosteeda oo dadka dhexdooda loo bixiyey oo waajib inoo ah inaynu ku badbaadno.
13 ১৩ পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক লিখা-পঢ়া নজনা লোক বুলি জানিবলৈ পোৱাত, তেওঁলোকে বিস্ময় মানিলে৷ তেওঁলোকে জনিলে যে, পিতৰ আৰু যোহন যীচুৰ লগত আছিল।
Markay arkeen Butros iyo Yooxanaa dhiirranaantoodii, oo ay garteen inay yihiin niman aan wax baran, jaahiliinna ah, ayay yaabeen; markaasay garteen inay Ciise la joogi jireen.
14 ১৪ সেই সুস্থ হোৱা লোক জন তেওঁলোকৰ মাজত থিয় হৈ থকা দেখি, ইহুদী নেতা সকলে পিতৰ আৰু যোহনৰ বিৰুদ্ধে একো কব নোৱাৰিলে।
Markay arkeen ninkii la bogsiiyey oo la taagan iyaga, waxba way ka odhan kari waayeen.
15 ১৫ তেওঁলোকে পাঁচনি সকলক সভা কক্ষৰ পৰা ওলাই যাবলৈ আজ্ঞা দিলে আৰু নিজৰ মাজতে আলোচনা কৰি ক’লে-
Laakiin intay amreen inay shirka dibadda uga baxaan, ayay wada hadleen iyagoo leh,
16 ১৬ “এই লোক সকলক লৈ কি কৰা যায়? এওঁলোকে যে এক আচৰিত কাম কৰিলে যিৰূচালেমত থকা সকলোৱে জানিছে আৰু আমিও তাক অস্বীকাৰ কৰিব নোৱাৰোঁ।
Maxaynu nimankan ku samaynaa? Waayo, inay calaamo caan ah faleen waa u muuqataa kuwa Yeruusaalem jooga oo dhan; mana dafiri karno.
17 ১৭ কিন্তু মানুহৰ মাজত যেন এই কথা বিয়পি নাযায়, সেই কাৰণে এওঁলোকক এই নামেৰে আন লোকৰ আগত কোনো কথা নকবলৈ আমি সাৱধান কৰি দিওঁহক”।
Laakiin si ayan dadka ugu sii faafin, aynu cabsiinno si ayan hadda ka dib magacan ninna ugula hadlin.
18 ১৮ তেতিয়া তেওঁলোকে পিতৰ আৰু যোহনক মাতি আনি, যীচুৰ নামেৰে কোনো কথা নকবলৈ আৰু উপদেশ নিদিবলৈ আজ্ঞা দিলে।
Markaasay u yeedheen oo ku amreen inayan aslanba Ciise magiciisa ku hadlin, waxna ku barin.
19 ১৯ কিন্তু পিতৰ আৰু যোহনে উত্তৰত তেওঁলোকক ক’লে- “আপোনালোকেই বিচাৰ কৰি কওক ‘ঈশ্বৰৰ আজ্ঞা অমান্য কৰা বা আপোনালোকৰ আজ্ঞা পালন কৰা’ ইয়াৰ ভিতৰত কোনটো বিষয় আমি পালন কৰা উচিত হব?
Laakiin Butros iyo Yooxanaa ayaa u jawaabay iyagii oo ku yidhi, Idinku kala xukuma inay Ilaah hortiisa ku qumman tahay inaannu idinka idin maqallo intaannu Ilaah maqli lahayn, iyo in kale;
20 ২০ কিয়নো আমি যিবোৰ দেখিলোঁ আৰু শুনিলো, সেই বিষয়বোৰ নোকোৱাকৈ থাকিব নোৱাৰোঁ”।
waayo, waxyaalihii aannu aragnay oo maqallay iskama dayn karno inaannu ka hadalno.
21 ২১ পাছত পুনৰবাৰ সতৰ্ক কৰি পিতৰ আৰু যোহনক যাবলৈ এৰি দিলে। কিয়নো তেওঁলোকে পিতৰ আৰু যোহনক শাস্তি দিবলৈ একো উপায় নাপালে, ইয়াৰ উপৰি তেওঁলোকে কৰা কার্যবোৰ দেখি লোক সকলে ঈশ্বৰৰ স্তুতি কৰি আছিল৷
Markaasay, intay sii cabsiiyeen, sii daayeen, waayo, waxay waayeen waxay ku taqsiiraan, dadka aawadiis; maxaa yeelay, dadkii oo dhammu waxay Ilaah ku ammaaneen wixii la sameeyey.
22 ২২ আৰু যি জন লোক সুস্থ হৈছিল, সেই মানু্হজনৰ বয়স চল্লিশ বছৰৰ বেচি আছিল।
Waayo, ninkii calaamadan lagu bogsiiyey waa ka weynaa afartan sannadood.
23 ২৩ পিতৰ আৰু যোহনক এৰি দিয়াৰ পাছত, তেওঁলোক সঙ্গী সকলৰ ওচৰলৈ গ’ল আৰু প্ৰধান পুৰোহিত, পৰিচাৰক সকলে যি যি কৈছিল, সেই সকলোবোৰ কথা তেওঁলোকক জনালে।
Markii la sii daayay ayay intoodii kale u yimaadeen oo uga warrameen wixii wadaaddada sare iyo waayeelladu ku yidhaahdeen oo dhan.
24 ২৪ এইবোৰ কথা শুনি সকলোৱে একেলগে উচ্চস্বৰে ঈশ্বৰৰ উদ্দেশ্যে প্রার্থনা কৰিলে, “প্ৰভু, আকাশমণ্ডল, পৃথিৱী, সাগৰ আৰু এই সকলোৰে মাজত যি যি আছে, সকলোৰে সৃষ্টিকর্তা তুমিয়েই।
Oo markay taas maqleen, iyagoo isku wada qalbi ah, ayay codkoodii sare ugu qaadeen Ilaah oo yidhaahdeen, Rabbiyow, adigu waxaad tahay kan sameeyey samada, iyo dhulka, iyo badda, iyo waxa ku jira oo dhan;
25 ২৫ তুমি তোমাৰ দাস, আমাৰ পিতৃপুৰুষ দায়ুদৰ মুখেৰে পবিত্ৰ আত্মাৰ দ্বাৰা এই কথা কৈছিলা, জাতিবোৰ কিয় ক্রুদ্ধ হ’ল? সকলো লোকে কিয় অসাৰ চিন্তা কৰে?
kii Ruuxa Quduuska ah kaga hadlay afkii awowahayo Daa'uud oo ahaa midiidinkaagii oo yidhi, Quruumuhu maxay u cadhoodeen, Dadkuna maxay ugu fikireen wax aan waxba ahayn?
26 ২৬ ঈশ্বৰ আৰু তেওঁৰ অভিষিক্ত জনৰ বিৰুদ্ধে জগতৰ ৰজা সকল একেলগে উঠিছে, শাসনকর্তা সকল একগোট হৈছে।
Boqorrada dhulku col bay u taagnaayeen. Taliyayaashuna intay is-urursadeen Ayay waxay caasi ku noqdeen Rabbiga iyo Masiixiisa;
27 ২৭ হয়, এই নগৰতে তুমি অভিষিক্ত কৰা তোমাৰ পবিত্ৰ দাস যীচুৰ বিৰুদ্ধে হেৰোদ আৰু পন্তীয় পীলাত; অনা-ইহুদী আৰু ইস্ৰায়েলী সকলৰ সৈতে একেলগ হৈছিল।
waayo, waxaa run ah in magaaladan gudaheeda Herodos iyo Bontiyos Bilaatos oo ay la jiraan dadka aan Yuhuudda ahayn iyo dadka reer binu Israa'iil iyagoo ka gees ah Ciise Midiidinkaaga quduuska ah, oo aad subagtay, ay isu urursadeen,
28 ২৮ তোমাৰ হাতেৰে আৰু তোমাৰ ইচ্ছাত যি ঘটিব বুলি তুমি পূর্বতে ঠিক কৰিছিলা, সেই কার্য সিদ্ধ হ’বলৈকে তেওঁলোক একত্ৰিত হ’ল।।
inay sameeyaan wax alla wixii gacantaada iyo taladaadu hore u gooyeen inay noqdaan.
29 ২৯ হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভীতি প্ৰদৰ্শন শুনা! তোমাৰ দাস সকলক তোমাৰ বাক্য অতি সাহসেৰে কবলৈ অনুগ্রহ দান কৰা।
Laakiin Rabbiyow, eeg, way na cabsiinayaane; haddaba addoommadaada sii dhiirranaan oo dhan oo ay ereygaaga ku sheegaan,
30 ৩০ তোমাৰ পবিত্ৰ দাস যীচুৰ নামেৰে সুস্থ কৰিবলৈ, আচৰিত কার্য আৰু চিন দেখুৱাবলৈ তুমি তোমাৰ হাত আগবঢ়াই দিয়া”।
intii aad gacantaada u soo fidinaysid si aad ugu bogsiisid, si calaamooyin iyo yaabab ugu samaysmaan magaca Midiidinkaaga quduuska ah Ciise.
31 ৩১ এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত, যি ঠাইত তেওঁলোক গোট খাই আছিল; সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে কবলৈ ধৰিলে।
Oo markay tukadeen dabadeed, meeshay ku urursanaayeen baa gariirtay; oo dhammaantood waxaa ka wada buuxsamay Ruuxa Quduuska ah, oo ereygii Ilaah bay dhiirranaan ugu hadleen.
32 ৩২ বিশ্বাসী সকল মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে।
Oo intoodii badnayd oo rumaysatay isku qalbi iyo naf bay ahaayeen; midkoodna ma odhan, Waxaan leeyahay waa waxaygii, laakiin wax waluba waa ka dhexeeyeen.
33 ৩৩ পাঁচনি সকলে মহান শক্তিৰ প্ৰভাৱেৰে প্ৰভু যীচুৰ পুনৰুত্থানৰ সাক্ষ্য দিলে আৰু তেওঁলোক সকলোৱে মহা অনুগ্ৰহ প্ৰাপ্ত হল।
Oo rasuulladu xoog weyn bay sarakicidda Rabbi Ciise uga marag fureen; oo nimco badan baa dhammaantood ku soo dul degtay.
34 ৩৪ তেওঁলোকৰ মাজত কোনো এজনৰে একো অভাৱ নাছিল, কিয়নো যি সকলৰ ঘৰ-বাৰী বা মাটি আছিল, তেওঁলোকে সেইবোৰ বেচি সেই সম্পত্তিৰ মূল্য আনি পাঁচনি সকলৰ চৰণত থৈছিল।
Mid wax la'aana iyaga kuma jirin, waayo, in alla intii dhul ama guryo lahayd way iibiyeen, oo qiimihii wixii la iibiyey ayay keeneen,
35 ৩৫ পাছত বিশ্বাসী সকলৰ যাৰ যেনেকৈ প্ৰয়োজন, তেনেকৈ পাঁচনি সকলে সকলোকে ভগাই দিয়ে।
oo rasuullada soo hor dhigeen; oo waxaa wax loo qaybshay mid kasta siduu wax ugu baahnaa.
36 ৩৬ যোচেফ নামৰ লেবী বংশৰ এজন মানুহ আছিল। তেওঁ কুপ্র দ্বীপৰ পৰা আহিছিল আৰু পাঁচনি সকলে তেওঁক বার্ণব্বা বুলি মাতিছিল। এই নামৰ অর্থ “উৎসাহদাতা”।।
Markaasaa Yuusuf oo rasuulladu ugu yeedhi jireen Barnabas, kan lagu micneeyey Wiilkii dhiirigelinta, oo qoladiisu Laawi ahayd oo reer Qubrus u dhashay,
37 ৩৭ যোচেফৰ এডোখৰ মাটি আছিল। তেওঁ সেই মাটি বেচি পোৱা ধন পাঁচনি সকলৰ চৰণত আনি থলে।
intuu beer uu lahaa iibshay ayuu lacagtii keenay oo soo hor dhigay rasuullada.