< পাঁচনি 3 >
1 ১ এদিন প্ৰাৰ্থনাৰ সময়ত, অৰ্থাৎ আবেলি প্ৰায় তিনি মান বজাত পিতৰ আৰু যোহন যিৰূচালেম মন্দিৰলৈ গৈ আছিল।
(Ἐπὶ τὸ αὐτὸ *k*) Πέτρος δὲ καὶ Ἰωάννης ἀνέβαινον εἰς τὸ ἱερὸν ἐπὶ τὴν ὥραν τῆς προσευχῆς τὴν ἐνάτην.
2 ২ তেনে সময়ত সেই মন্দিৰলৈ অহা লোক সকলৰ ওচৰত ভিক্ষা মাগিবলৈ সেই মন্দিৰৰ সুন্দৰ নামৰ দুৱাৰমুখত যি জনক সদায় থোৱা হৈছিল, তেনে ওপজাৰে পৰা খোৰা মানুহ এজনক কিছুলোকে কঢ়িয়াই আনিলে।
καί τις ἀνὴρ χωλὸς ἐκ κοιλίας μητρὸς αὐτοῦ ὑπάρχων ἐβαστάζετο, ὃν ἐτίθουν καθ᾽ ἡμέραν πρὸς τὴν θύραν τοῦ ἱεροῦ τὴν λεγομένην ὡραίαν τοῦ αἰτεῖν ἐλεημοσύνην παρὰ τῶν εἰσπορευομένων εἰς τὸ ἱερόν.
3 ৩ তেওঁ পিতৰ আৰু যোহনক সেই মন্দিৰত সোমাবলৈ ধৰা দেখি, ভিক্ষা পাবৰ বাবে অনুৰোধ কৰিলে।
ὃς ἰδὼν Πέτρον καὶ Ἰωάννην μέλλοντας εἰσιέναι εἰς τὸ ἱερὸν ἠρώτα ἐλεημοσύνην λαβεῖν.
4 ৪ তেতিয়া পিতৰ আৰু যোহনে তেওঁলৈ একেথৰে চাই কলে, “আমালৈ চোৱা”।
ἀτενίσας δὲ Πέτρος εἰς αὐτὸν σὺν τῷ Ἰωάννῃ εἶπεν· βλέψον εἰς ἡμᾶς.
5 ৫ তেতিয়া তেওঁ কিছু পোৱাৰ আশাত তেওঁলোকলৈ চাই থাকিল।
ὁ δὲ ἐπεῖχεν αὐτοῖς προσδοκῶν τι παρ᾽ αὐτῶν λαβεῖν.
6 ৬ তেতিয়া পিতৰে কলে, “মোৰ লগত ৰূপ সোণ একো নাই, কিন্তু যি আছে তাকে তোমাক দিওঁ; নাচৰতীয়া যীচু খ্ৰীষ্টৰ নামেৰে উঠি ফুৰা”।
Εἶπεν δὲ Πέτρος· ἀργύριον καὶ χρυσίον οὐχ ὑπάρχει μοι· ὃ δὲ ἔχω, τοῦτό σοι δίδωμι. ἐν τῷ ὀνόματι Ἰησοῦ Χριστοῦ τοῦ Ναζωραίου (ἔγειρε *N(k)O*) καὶ περιπάτει.
7 ৭ তাকে কৈ তেওঁ তাৰ সোঁ হাতত ধৰি তুলি দিয়াত ভৰি আৰু গাঁঠিয়ে বল পালে।
καὶ πιάσας αὐτὸν τῆς δεξιᾶς χειρὸς ἤγειρεν αὐτόν. παραχρῆμα δὲ ἐστερεώθησαν αἱ βάσεις αὐτοῦ καὶ τὰ σφυδρά,
8 ৮ তাতে সেই মগনীয়াই লাফ মাৰি থিয় হৈ খোজকাঢ়ি ফুৰিলে আৰু ডেও দি দি ঈশ্বৰক স্তুতি কৰি তেওঁলোকৰ সৈতে মন্দিৰত সোমাল।
καὶ ἐξαλλόμενος ἔστη καὶ περιεπάτει καὶ εἰσῆλθεν σὺν αὐτοῖς εἰς τὸ ἱερὸν περιπατῶν καὶ ἁλλόμενος καὶ αἰνῶν τὸν θεόν.
9 ৯ তাতে সকলো লোকে তেওঁক খোজকঢ়া আৰু ঈশ্বৰক স্তুতি কৰা দেখিলে।
Καὶ εἶδεν πᾶς ὁ λαὸς αὐτὸν περιπατοῦντα καὶ αἰνοῦντα τὸν θεόν.
10 ১০ পাছত তেওঁলোকে তেওঁক মন্দিৰৰ সুন্দৰ দুৱাৰত বহি ভিক্ষা খোজা মানুহ জন বুলি জানিবলৈ পোৱাত, তেওঁলৈ যি ঘটিল, সেই বিষয়ে বৰ আচৰিত হ’ল আৰু বিস্ময় মানিলে।
ἐπεγίνωσκον (δὲ *N(k)O*) αὐτὸν ὅτι (αὐτὸς *N(k)O*) ἦν ὁ πρὸς τὴν ἐλεημοσύνην καθήμενος ἐπὶ τῇ ὡραίᾳ πύλῃ τοῦ ἱεροῦ, καὶ ἐπλήσθησαν θάμβους καὶ ἐκστάσεως ἐπὶ τῷ συμβεβηκότι αὐτῷ.
11 ১১ সেই সুস্থ হোৱা খোৰা জনে পিতৰ আৰু যোহনক ধৰি থকা দেখি সকলো লোকে বিস্ময় মানিলে আৰু তেওঁলোকৰ ওচৰলৈ বেগাই আহিল; তাতে তেওঁলোক থকা সেই ঠাই চলোমনৰ বাৰাণ্ডা বুলি জনাজাত আছিল।
κρατοῦντος δὲ (αὐτοῦ *N(k)O*) (ἰαθέντος χωλοῦ *K*) τὸν Πέτρον καὶ (τὸν *no*) Ἰωάννην συνέδραμεν πᾶς ὁ λαὸς πρὸς αὐτοὺς ἐπὶ τῇ στοᾷ τῇ καλουμένῃ Σολομῶντος ἔκθαμβοι.
12 ১২ ইয়াকে দেখি পিতৰে লোক সকলক কলে- “হে ইস্ৰায়েলীয়া লোক সকল, আপোনালোকে কিয় ইয়াত এই কাৰ্য দেখি বিস্ময় মানিছে? আমি আমাৰ শক্তিৰে বা ভক্তিৰে এই মানুহ জনক খোজ কঢ়ালোঁ বুলি ভাবি আমাৰ ফালে কিয় একেথৰে চাই আছে?
ἰδὼν δὲ (ὁ *no*) Πέτρος ἀπεκρίνατο πρὸς τὸν λαόν· ἄνδρες Ἰσραηλῖται, τί θαυμάζετε ἐπὶ τούτῳ, ἢ ἡμῖν τί ἀτενίζετε ὡς ἰδίᾳ δυνάμει ἢ εὐσεβείᾳ πεποιηκόσιν τοῦ περιπατεῖν αὐτόν;
13 ১৩ যি জন যীচুক আপোনালোকে শত্ৰুৰ হাতত শোধাই দিলে আৰু পীলাতে এৰি দিবলৈ কোৱাৰ পাছতো তেওঁক এৰি দিবলৈ অস্বীকাৰ কৰিলে; অব্ৰাহাম, ইচহাক, যাকোবৰ ঈশ্বৰ, অৰ্থাৎ আমাৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰে নিজৰ সেৱক সেই যীচু খ্ৰীষ্টক মহিমাম্বিত কৰিলে।
ὁ θεὸς Ἀβραὰμ καὶ (ὁ θεὸς *n*) Ἰσαὰκ καὶ (ὁ θεὸς *n*) Ἰακώβ, ὁ θεὸς τῶν πατέρων ἡμῶν, ἐδόξασεν τὸν παῖδα αὐτοῦ Ἰησοῦν ὃν ὑμεῖς (μὲν *no*) παρεδώκατε καὶ ἠρνήσασθε (αὐτὸν *ko*) κατὰ πρόσωπον Πιλάτου κρίναντος ἐκείνου ἀπολύειν·
14 ১৪ কিন্তু সেই পবিত্ৰ আৰু ধাৰ্মিক জনক অস্বীকাৰ কৰি, নৰবধী এটাকহে মোকলাই দিবৰ বাবে আপোনালোকে অনুমতি বিচাৰি নিবেদন কৰিলে;
ὑμεῖς δὲ τὸν ἅγιον καὶ δίκαιον ἠρνήσασθε καὶ ᾐτήσασθε ἄνδρα φονέα χαρισθῆναι ὑμῖν,
15 ১৫ আৰু জীৱনদাতা জনক আপোনালোকে বধ কৰিলে; কিন্তু ঈশ্বৰে মৃত লোকৰ মাজৰ পৰা তেওঁক তুলিলে, তাৰ সাক্ষী আমি আছোঁ
τὸν δὲ ἀρχηγὸν τῆς ζωῆς ἀπεκτείνατε ὃν ὁ θεὸς ἤγειρεν ἐκ νεκρῶν, οὗ ἡμεῖς μάρτυρές ἐσμεν.
16 ১৬ আৰু তেওঁৰ নামত বিশ্বাস কৰাৰ কাৰণে, এই যি মানুহ জনক আপোনালোকে চিনি পাইছে, এওঁক তেওঁৰ নামেই বলৱান কৰিলে আৰু তেওঁ জন্মোৱা বিশ্বাসে আপোনালোকৰ সন্মূখত এওঁক সম্পূৰ্ণ সুস্থ কৰি খোজ কঢ়ালে।
καὶ ἐπὶ τῇ πίστει τοῦ ὀνόματος αὐτοῦ τοῦτον ὃν θεωρεῖτε καὶ οἴδατε, ἐστερέωσεν τὸ ὄνομα αὐτοῦ καὶ ἡ πίστις ἡ δι᾽ αὐτοῦ ἔδωκεν αὐτῷ τὴν ὁλοκληρίαν ταύτην ἀπέναντι πάντων ὑμῶν.
17 ১৭ হে ভাই সকল মই জানিছোঁ, আপোনালোকৰ শাসনকৰ্তা সকলে আৰু আপোনালোকে নুবুজিয়ে সেই কৰ্ম কৰিলে।
καὶ νῦν, ἀδελφοί, οἶδα ὅτι κατὰ ἄγνοιαν ἐπράξατε, ὥσπερ καὶ οἱ ἄρχοντες ὑμῶν·
18 ১৮ কিন্তু ঈশ্বৰে পূৰ্বতে ভাববাদী সকলৰ মূখেৰে খ্রীষ্টৰ দূখভোগৰ বিষয়ত যি কথা কোৱাইছিল, সেই বিষয়কে তেওঁ এই ৰূপে সিদ্ধ কৰিলে।
ὁ δὲ θεὸς ἃ προκατήγγειλεν διὰ στόματος πάντων τῶν προφητῶν παθεῖν τὸν χριστὸν αὐτοῦ ἐπλήρωσεν οὕτως.
19 ১৯ এই কাৰণে মন-পালটাই ঘূৰি আহক যাতে, আপোনালোকৰ পাপ-মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে;
μετανοήσατε οὖν καὶ ἐπιστρέψατε (εἰς *NK(o)*) τὸ ἐξαλειφθῆναι ὑμῶν τὰς ἁμαρτίας, ὅπως ἂν ἔλθωσιν καιροὶ ἀναψύξεως ἀπὸ προσώπου τοῦ κυρίου
20 ২০ আৰু আপোনালোকৰ কাৰণে নিৰূপিত যি জন খ্রীষ্ট, সেই জন যীচুক যেন তেওঁ পঠিয়াই দিয়ে।
καὶ ἀποστείλῃ τὸν (προκεχειρισμένον *N(K)O*) ὑμῖν χριστὸν Ἰησοῦν
21 ২১ ঈশ্বৰে পবিত্ৰ ভাৱবাদী সকলৰ দ্বাৰা যি যি সময়ৰ কথা পূৰ্বতে কৈছিল, সকলো বিষয়ৰ পুনঃস্থাপনৰ সেই সময়লৈকে স্বৰ্গই এই যীচু খ্রীষ্টক গ্রহণ কৰাৰ আৱশ্যক আছে। (aiōn )
ὃν δεῖ οὐρανὸν μὲν δέξασθαι ἄχρι χρόνων ἀποκαταστάσεως πάντων ὧν ἐλάλησεν ὁ θεὸς διὰ στόματος (πάντων *K*) τῶν ἁγίων ἀπ᾽ αἰῶνος αὐτοῦ προφητῶν. (aiōn )
22 ২২ মোচিয়ে কৈছিল, “প্ৰভু পৰমেশ্বৰে আপোনালোকৰ ভাই সকলৰ মাজৰ পৰা মোৰ নিচিনা এজন ভাববাদী উৎপন্ন কৰিব আৰু তেওঁ আপোনালোকক যি কথা কব, সেই সকলো কথা আপোনালোকে শুনিব
Μωϋσῆς μὲν (γὰρ πρὸς τοὺς πατέρας *K*) εἶπεν ὅτι προφήτην ὑμῖν ἀναστήσει κύριος ὁ θεὸς (ὑμῶν *NK(o)*) ἐκ τῶν ἀδελφῶν ὑμῶν ὡς ἐμέ· αὐτοῦ ἀκούσεσθε κατὰ πάντα ὅσα ἂν λαλήσῃ πρὸς ὑμᾶς.
23 ২৩ কিন্তু সেই ভাববাদীৰ কথা যি কোনো প্ৰাণীয়ে নুশুনে, তেওঁক নিজৰ লোকৰ মাজৰ পৰা উচ্ছন্ন কৰা হব”।
ἔσται δὲ πᾶσα ψυχὴ ἥτις (ἐὰν *N(k)O*) μὴ ἀκούσῃ τοῦ προφήτου ἐκείνου ἐξολεθρευθήσεται ἐκ τοῦ λαοῦ.
24 ২৪ ইয়াৰ উপৰি চমূৱেল আদি কৰি যিমানবোৰ ভাববাদীয়ে কথা কলে, সকলোৱে এই সময়ৰ বিষয়েই কৈ গ’ল।
καὶ πάντες δὲ οἱ προφῆται ἀπὸ Σαμουὴλ καὶ τῶν καθεξῆς ὅσοι ἐλάλησαν καὶ (κατήγγειλαν *N(K)O*) τὰς ἡμέρας ταύτας,
25 ২৫ আপোনালোক সেই ভাববাদী সকলৰ সন্তান আৰু আপোনালোকৰ পূর্বপুৰুষ সকলৰ সৈতে ঈশ্বৰে কৰা সেই বিধানৰ উত্তৰাধিকাৰী; তেওঁ অব্রাহামক কৈছিল “তোমাৰ বংশত পৃথিৱীৰ সকলো জাতিয়ে আশীৰ্বাদ পাব।”
ὑμεῖς ἐστε (οἱ *no*) υἱοὶ τῶν προφητῶν καὶ τῆς διαθήκης ἧς διέθετο ὁ θεὸς πρὸς τοὺς πατέρας (ὑμῶν *N(K)O*) λέγων πρὸς Ἀβραάμ· καὶ ἐν τῷ σπέρματί σου (ἐνευλογηθήσονται *NK(o)*) πᾶσαι αἱ πατριαὶ τῆς γῆς.
26 ২৬ আপোনালোকৰ প্রতি জনক নিজ দুষ্টতাৰ পৰা ঘূৰাই আশীর্বাদ দিবলৈ ঈশ্বৰে তেওঁৰ পুত্ৰ যীচুক প্রথমতে আপোনালোকৰ ওচৰলৈ পঠালে।
ὑμῖν πρῶτον ἀναστήσας ὁ θεὸς τὸν παῖδα αὐτοῦ (Ἰησοῦν *k*) ἀπέστειλεν αὐτὸν εὐλογοῦντα ὑμᾶς ἐν τῷ ἀποστρέφειν ἕκαστον ἀπὸ τῶν πονηριῶν ὑμῶν.