< পাঁচনি 3 >

1 এদিন প্ৰাৰ্থনাৰ সময়ত, অৰ্থাৎ আবেলি প্ৰায় তিনি মান বজাত পিতৰ আৰু যোহন যিৰূচালেম মন্দিৰলৈ গৈ আছিল।
Peter and Iohn went up togedder into the teple at the nynthe houre of prayer.
2 তেনে সময়ত সেই মন্দিৰলৈ অহা লোক সকলৰ ওচৰত ভিক্ষা মাগিবলৈ সেই মন্দিৰৰ সুন্দৰ নামৰ দুৱাৰমুখত যি জনক সদায় থোৱা হৈছিল, তেনে ওপজাৰে পৰা খোৰা মানুহ এজনক কিছুলোকে কঢ়িয়াই আনিলে।
And ther was a certayne man halt from his mothers wobe who they brought and layde at the gate of the temple called beutifull to axe almes of them that entred into the temple.
3 তেওঁ পিতৰ আৰু যোহনক সেই মন্দিৰত সোমাবলৈ ধৰা দেখি, ভিক্ষা পাবৰ বাবে অনুৰোধ কৰিলে।
Which same when he sawe Peter and Iohn that they wolde in to the teple desyred to receave an almes.
4 তেতিয়া পিতৰ আৰু যোহনে তেওঁলৈ একেথৰে চাই কলে, “আমালৈ চোৱা”।
And Peter fastened his eyes on him with Iohn and sayde: looke on vs.
5 তেতিয়া তেওঁ কিছু পোৱাৰ আশাত তেওঁলোকলৈ চাই থাকিল।
And he gaue hede vnto the trustinge to receave somthinge of them.
6 তেতিয়া পিতৰে কলে, “মোৰ লগত ৰূপ সোণ একো নাই, কিন্তু যি আছে তাকে তোমাক দিওঁ; নাচৰতীয়া যীচু খ্ৰীষ্টৰ নামেৰে উঠি ফুৰা”।
Then sayd Peter: Silver and golde have I none suche as I have geve I the. In the name of Iesu Christ of Nazareth ryse vp and walke.
7 তাকে কৈ তেওঁ তাৰ সোঁ হাতত ধৰি তুলি দিয়াত ভৰি আৰু গাঁঠিয়ে বল পালে।
And he toke him by the right honde and lifte him vp. And immediatly his fete and ancle bones receaved strenght.
8 তাতে সেই মগনীয়াই লাফ মাৰি থিয় হৈ খোজকাঢ়ি ফুৰিলে আৰু ডেও দি দি ঈশ্বৰক স্তুতি কৰি তেওঁলোকৰ সৈতে মন্দিৰত সোমাল।
And he sprage stode and also walked and entred with them into the temple walkinge and leapinge and laudynge God.
9 তাতে সকলো লোকে তেওঁক খোজকঢ়া আৰু ঈশ্বৰক স্তুতি কৰা দেখিলে।
And all the people sawe him walke and laude God.
10 ১০ পাছত তেওঁলোকে তেওঁক মন্দিৰৰ সুন্দৰ দুৱাৰত বহি ভিক্ষা খোজা মানুহ জন বুলি জানিবলৈ পোৱাত, তেওঁলৈ যি ঘটিল, সেই বিষয়ে বৰ আচৰিত হ’ল আৰু বিস্ময় মানিলে।
And they knewe him that it was he which sate and begged at the beutifull gate of the temple. And they wondred and were sore astonnyed at that which had happened vnto him.
11 ১১ সেই সুস্থ হোৱা খোৰা জনে পিতৰ আৰু যোহনক ধৰি থকা দেখি সকলো লোকে বিস্ময় মানিলে আৰু তেওঁলোকৰ ওচৰলৈ বেগাই আহিল; তাতে তেওঁলোক থকা সেই ঠাই চলোমনৰ বাৰাণ্ডা বুলি জনাজাত আছিল।
And as ye halt which was healed helde Peter and Iohn all the people ranne amased vnto them in Salomons porche.
12 ১২ ইয়াকে দেখি পিতৰে লোক সকলক কলে- “হে ইস্ৰায়েলীয়া লোক সকল, আপোনালোকে কিয় ইয়াত এই কাৰ্য দেখি বিস্ময় মানিছে? আমি আমাৰ শক্তিৰে বা ভক্তিৰে এই মানুহ জনক খোজ কঢ়ালোঁ বুলি ভাবি আমাৰ ফালে কিয় একেথৰে চাই আছে?
When Peter sawe that he answered vnto the people. Ye men of Israel why marvayle ye at this or why looke ye so stedfastly on vs as though by oure awne power or holynes we had made this man goo?
13 ১৩ যি জন যীচুক আপোনালোকে শত্ৰুৰ হাতত শোধাই দিলে আৰু পীলাতে এৰি দিবলৈ কোৱাৰ পাছতো তেওঁক এৰি দিবলৈ অস্বীকাৰ কৰিলে; অব্ৰাহাম, ইচহাক, যাকোবৰ ঈশ্বৰ, অৰ্থাৎ আমাৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰে নিজৰ সেৱক সেই যীচু খ্ৰীষ্টক মহিমাম্বিত কৰিলে।
The God of Abraham Isaac and Iacob the God of oure fathers hath glorified his sonne Iesus whom ye delyvered and denyed in the presence of Pylate whe he had iudged him to be lowsed.
14 ১৪ কিন্তু সেই পবিত্ৰ আৰু ধাৰ্মিক জনক অস্বীকাৰ কৰি, নৰবধী এটাকহে মোকলাই দিবৰ বাবে আপোনালোকে অনুমতি বিচাৰি নিবেদন কৰিলে;
But ye denyed the holy and iust and desyred a mortherar to be geven you
15 ১৫ আৰু জীৱনদাতা জনক আপোনালোকে বধ কৰিলে; কিন্তু ঈশ্বৰে মৃত লোকৰ মাজৰ পৰা তেওঁক তুলিলে, তাৰ সাক্ষী আমি আছোঁ
and kylled the Lorde of lyfe whom God hath raysed from deeth of the which we are wytnesses.
16 ১৬ আৰু তেওঁৰ নামত বিশ্বাস কৰাৰ কাৰণে, এই যি মানুহ জনক আপোনালোকে চিনি পাইছে, এওঁক তেওঁৰ নামেই বলৱান কৰিলে আৰু তেওঁ জন্মোৱা বিশ্বাসে আপোনালোকৰ সন্মূখত এওঁক সম্পূৰ্ণ সুস্থ কৰি খোজ কঢ়ালে।
And his name thorow the fayth of his name hath made this man sound whom ye se and knowe. And the fayth which is by him hath geven to him this health in the presence of you all.
17 ১৭ হে ভাই সকল মই জানিছোঁ, আপোনালোকৰ শাসনকৰ্তা সকলে আৰু আপোনালোকে নুবুজিয়ে সেই কৰ্ম কৰিলে।
And now brethre I wote well that thorow ignorauce ye did it as dyd also youre heddes.
18 ১৮ কিন্তু ঈশ্বৰে পূৰ্বতে ভাববাদী সকলৰ মূখেৰে খ্রীষ্টৰ দূখভোগৰ বিষয়ত যি কথা কোৱাইছিল, সেই বিষয়কে তেওঁ এই ৰূপে সিদ্ধ কৰিলে।
But those thinges which God before had shewed by the mouth of all his Prophetes how yt Christ shuld suffre he hath thus wyse fulfilled.
19 ১৯ এই কাৰণে মন-পালটাই ঘূৰি আহক যাতে, আপোনালোকৰ পাপ-মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে;
Repent ye therfore and turne yt youre synnes maye be done awaye when the tyme of refresshinge commeth which we shall have of the presence of the Lorde
20 ২০ আৰু আপোনালোকৰ কাৰণে নিৰূপিত যি জন খ্রীষ্ট, সেই জন যীচুক যেন তেওঁ পঠিয়াই দিয়ে।
and when God shall sende him which before was preached vnto you that is to wit Iesus Christ
21 ২১ ঈশ্বৰে পবিত্ৰ ভাৱবাদী সকলৰ দ্বাৰা যি যি সময়ৰ কথা পূৰ্বতে কৈছিল, সকলো বিষয়ৰ পুনঃস্থাপনৰ সেই সময়লৈকে স্বৰ্গই এই যীচু খ্রীষ্টক গ্রহণ কৰাৰ আৱশ্যক আছে। (aiōn g165)
which must receave heave vntyll the tyme yt all thinges which God hath spoken by the mouth of all his holy Prophetes sence the worlde began be restored agayne. (aiōn g165)
22 ২২ মোচিয়ে কৈছিল, “প্ৰভু পৰমেশ্বৰে আপোনালোকৰ ভাই সকলৰ মাজৰ পৰা মোৰ নিচিনা এজন ভাববাদী উৎপন্ন কৰিব আৰু তেওঁ আপোনালোকক যি কথা কব, সেই সকলো কথা আপোনালোকে শুনিব
For Moses sayd vnto the fathers: A Prophet shall the Lorde youre God rayse vp vnto you even of youre brethren lyke vnto me: him shall ye heare in all thinges whatsoever he shall saye vnto you.
23 ২৩ কিন্তু সেই ভাববাদীৰ কথা যি কোনো প্ৰাণীয়ে নুশুনে, তেওঁক নিজৰ লোকৰ মাজৰ পৰা উচ্ছন্ন কৰা হব”।
For the tyme will come yt every soule which shall not heare that same Prophet shalbe destroyed from amonge the people.
24 ২৪ ইয়াৰ উপৰি চমূৱেল আদি কৰি যিমানবোৰ ভাববাদীয়ে কথা কলে, সকলোৱে এই সময়ৰ বিষয়েই কৈ গ’ল।
Also all the Prophetes from Samuel and thence forth as many as have spoken have in lykwyse tolde of these dayes.
25 ২৫ আপোনালোক সেই ভাববাদী সকলৰ সন্তান আৰু আপোনালোকৰ পূর্বপুৰুষ সকলৰ সৈতে ঈশ্বৰে কৰা সেই বিধানৰ উত্তৰাধিকাৰী; তেওঁ অব্রাহামক কৈছিল “তোমাৰ বংশত পৃথিৱীৰ সকলো জাতিয়ে আশীৰ্বাদ পাব।”
Ye are the chyldren of the Prophetes and of the covenaunt which God hath made vnto oure fathers sayinge to Abraham: Eve in thy seede shall all the kinredes of the erth be blessed.
26 ২৬ আপোনালোকৰ প্রতি জনক নিজ দুষ্টতাৰ পৰা ঘূৰাই আশীর্বাদ দিবলৈ ঈশ্বৰে তেওঁৰ পুত্ৰ যীচুক প্রথমতে আপোনালোকৰ ওচৰলৈ পঠালে।
Fyrst vnto you hath God raysed vp his sonne Iesus and him he hath sent to blysse you that every one of you shuld turne from youre wickednes.

< পাঁচনি 3 >