< পাঁচনি 28 >
1 ১ এনেদৰে সকলোৱে নিৰাপদে বামত উঠি ৰক্ষা পোৱাৰ পাছত, আমি সেই দ্ৱীপটোৰ নাম মিলিতা বুলি জানিলোঁ৷
Og da vi nu vare reddede, saa fik vi at vide, at Øen hed Malta.
2 ২ তাত থকা স্থানীয় লোক সকলে আমাক বিদেশী বুলি কেৱল মৰম দেখুৱাই নহয়, কিন্তু তেতিয়া ঘন বৰষুণ আৰু জাৰৰ কাৰণে তেওঁলোকে জুই জ্ৱলালে আৰু আমাক মৰমেৰে গ্ৰহন কৰিলে৷
Og Barbarerne viste os en usædvanlig Menneskekærlighed; thi de tændte et Baal og toge sig af os alle for den frembrydende Regns og Kuldens Skyld.
3 ৩ কিন্তু পৌলে যেতিয়া এমুঠি খৰি গোটাই জুইত দিলে তেতিয়া জুইৰ তাপ পাই এটা ক’লা সাপ ওলাই আহি তেওঁৰ হাতত মেৰিয়াই ধৰিলে৷
Men da Paulus samlede en Bunke Ris og lagde paa Baalet, krøb der en Øgle ud paa Grund af Varmen og hængte sig fast ved hans Haand.
4 ৪ তাতে স্থানীয় লোক সকলে তেওঁৰ হাতত সাপ ওলমি থকা দেখি, ইজনে সিজনক কবলৈ ধৰিলে, “এই মানুহ জন নিশ্চয়কৈ এজন হত্যাকাৰী; সাগৰৰ পৰা ৰক্ষা পোৱাৰ পাছতো ন্যায় দিওঁতাই ইয়াক জীয়াই থাকিব নিদিলে৷”
Da nu Barbarerne saa Dyret hænge ved hans Haand, sagde de til hverandre: „Sikkert er denne Mand en Morder, hvem Gengældelsen ikke har tilstedt at leve, skønt han er reddet fra Havet.”
5 ৫ কিন্তু যেতিয়া তেওঁ জোকাৰ মাৰি সাপটোক জুইত পেলাই দিয়া দেখিলে; আনফালে তেওঁৰ একো ক্ষতিও নহ’ল,
Men han rystede Dyret af i Ilden, og der skete ham intet ondt.
6 ৬ তেতিয়া তাত উপস্থিত থকা লোকসকলে তেওঁৰ গা জ্ৱৰ হৈ উখহি উঠিব বা অকস্মাতে পৰি মৰিব বুলি ভাবিছিল৷ কিন্তু বহু সময় তেওঁৰ একো হোৱা নেদেখি, সিহঁতে মত সলনি কৰি ক’লে যে, “তেওঁ এজন দেৱতা৷”
Men de ventede, at han skulde hovne op eller pludseligt falde død om. Men da de havde ventet længe og saa, at der ikke skete ham noget usædvanligt, kom de paa andre Tanker og sagde, at han var en Gud.
7 ৭ সেই ঠাইৰ ওচৰত পুব্লিয় নামেৰে দ্ৱীপটোৰ প্ৰধান লোক জনৰ মাটি আছিল৷ তেৱেঁই আমাক আদৰণি জনাই, মৰমেৰে তিন দিন আলহী কৰি ৰাখিলে;
Men i Omegnen af dette Sted havde Øens fornemste Mand, ved Navn Publius, nogle Landejendomme. Han tog imod os og laante os venligt Herberge i tre Dage.
8 ৮ আৰু সেই সময়তে পুব্লিয়ৰ পিতৃৰ জ্ৱৰ আৰু গ্ৰহণী ৰোগ হৈ আছিল৷ পৌলে তাতে সোমাই গাত হাত দি প্ৰাৰ্থনা কৰি তেওঁক সুস্থ কৰিলে৷
Men det traf sig, at Publius's Fader laa syg af Feber og Blodgang. Til ham gik Paulus ind og bad og lagde Hænderne paa ham og helbredte ham.
9 ৯ এনেদৰে সুস্থ কৰাৰ পাছত সেই দ্ৱীপত আন যিমান ৰোগী আছিল সেই সকলো আহি সুস্থ হ’ল৷
Da dette var sket, kom ogsaa de andre paa Øen, som havde Sygdomme, til ham og bleve helbredede.
10 ১০ তেতিয়া তেওঁলোকে আমাক অনেক আদৰ-সাদৰ কৰিলে আৰু আমাৰ যোৱাৰ সময়তো নানা প্ৰয়োজনীয় বস্তু আনি জাহাজত তুলি দিলে৷
De viste os ogsaa megen Ære, og da vi sejlede bort, bragte de om Bord i Skibet, hvad vi trængte til.
11 ১১ তিনি মাহৰ পাছত আমি আলেকজেন্দ্ৰিয়া নগৰৰ পৰা দিয়স্কৰী, অর্থাৎ যজা লৰাৰ চিন থকা জাহাজ খনত উঠি যাত্ৰা কৰিলোঁ; এই জাহাজ খন জাৰকালি আহি এই দ্ৱীপটোত আছিল৷
Men efter tre Maaneders Forløb sejlede vi da bort i et aleksandrinsk Skib, som havde haft Vinterleje ved Øen og førte Tvillingernes Mærke.
12 ১২ এনেদৰে আমি চুৰাকূচ নগৰলৈ আহিলোঁ আৰু সেই ঠাইতে তিন দিন থাকিলোঁ৷
Og vi løb ind til Syrakus, hvor vi bleve tre Dage.
13 ১৩ তাৰ পৰা যাত্ৰা কৰি আমি ৰীগিয়া নগৰ পালোঁ; এদিন পাছত দক্ষিণৰ বতাহ বলাত, দ্ৱিতীয় দিনা পুতিয়লী নগৰ পালোহি৷
Derfra sejlede vi videre og kom til Regium, og efter en Dags Forløb fik vi Søndenvind og kom den næste Dag til Puteoli.
14 ১৪ তাত কেইবাজনো ভাই পালোঁ, তেওঁলোকে আমাক সাত দিন থাকিবলৈ নিমন্ত্ৰণ দিলে; এইদৰে আমি ৰোমলৈ যাত্ৰা কৰিলোঁ৷
Der fandt vi Brødre og bleve opfordrede til at blive hos dem i syv Dage. Og saa droge vi til Rom.
15 ১৫ তাৰ পৰা ভাই সকলে আমাৰ সম্বাদ শুনি আমাক আগবঢ়াই নিবলৈ অপ্পিয় হাট আৰু তিনি চৰাইলৈকে আহিছিল; পৌলে তেওঁলোকক দেখি ঈশ্ৱৰৰ স্তুতি কৰি সাহস পালে৷
Og Brødrene derfra, som havde hørt om os, kom os i Møde til Appius's Forum og Tres-Tabernæ. Og da Paulus saa dem, takkede han Gud og fattede Mod.
16 ১৬ ৰোম নগৰত সোমোৱাৰ পাছত, পৌলক তেওঁৰ পহৰা দিয়া সেনাৰ সৈতে নিজৰ মতে থাকিবলৈ অনুমতি দিলে৷
Men da vi kom til Rom, [overgav Høvedsmanden Fangerne til Høvdingen for Livvagten. Dog] blev det tilstedt Paulus at bo for sig selv sammen med den Stridsmand, der bevogtede ham.
17 ১৭ পাছত তিন দিনৰ মূৰত পৌলে ইহুদী সকলৰ প্ৰধান লোক সকলক মতাই আনি গোট খুৱালে আৰু তেওঁলোক গোট খোৱাত, তেওঁ ক’লে, “হে ভাইসকল, মই মোৰ জাতিৰ নাইবা পূর্বপুৰুষৰ ৰীতিৰ বিৰুদ্ধে একো কৰা নাই; তথাপি যিৰূচালেমৰ পৰা নিয়া হৈ ৰোমীয়া লোক সকলৰ হাতত মই বন্দী হিচাপে সমর্পিত হৈছিলো৷
Men efter tre Dages Forløb skete det, at han sammenkaldte de fornemste iblandt Jøderne. Men da de vare forsamlede, sagde han til dem: „I Mænd, Brødre! uagtet jeg intet har gjort imod vort Folk eller de fædrene Skikke, er jeg fra Jerusalem overgiven som Fange i Romernes Hænder,
18 ১৮ তেখেত সকলে মোৰ সোধ-বিচাৰ কৰি মোক মুক্ত কৰিবলৈ কামনা কৰিলে, কিয়নো মোক প্ৰাণদণ্ড দিয়াৰ একো কাৰণ নাছিল৷
og disse vilde efter at have forhørt mig løslade mig, efterdi der ikke var nogen Dødsskyld hos mig.
19 ১৯ কিন্তু যেতিয়া ইহুদী সকলে আপত্তি কৰিলে, মই চীজাৰৰ ওচৰত আপীল কৰিবলৈ বাধ্য হলোঁ; কিন্তু এনে নহয় যে, মই মোৰ জাতিক কোনো অপবাদ দিছিলোঁ৷
Men da Jøderne gjorde Indsigelse, nødtes jeg til at skyde mig ind under Kejseren, dog ikke, som om jeg havde noget at anklage mit Folk for.
20 ২০ এই কাৰণে আপোনালোকক চাবলৈ আৰু কথা-বার্ত্তা হবলৈ মাতিলো, কিয়নো ইস্ৰায়েলৰ আশাৰ কাৰণেহে মই এই শিকলিৰ বান্ধনত আছোঁ৷”
Af denne Aarsag har jeg altsaa ladet eder kalde hid for at se og tale med eder; thi for Israels Haabs Skyld er jeg sluttet i denne Lænke.”
21 ২১ তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আমি তোমাৰ বিষয়ে যিহুদীয়াৰ পৰা কোনো পত্ৰকে পোৱা নাই আৰু ভাই সকলৰ মাজৰ পৰাও কোনো ইয়ালৈ আহি তোমাৰ বিষয়ে দুষ্কর্মৰ খবৰ দিয়া নাই বা কোৱা নাই৷
Men de sagde til ham: „Hverken have vi faaet Brev fra Judæa om dig, ikke heller er nogen af Brødrene kommen og har meddelt eller sagt noget ondt om dig.
22 ২২ কিন্তু তোমাৰ মত কি, সেই বিষয়ে আমি তোমাৰ পৰা শুনিবলৈ খোজো; কিয়নো এই মতৰ বিষয়ে আমি জানো যে, ই সকলো ঠাইতে নিন্দিত হৈছে৷”
Men vi ønske at høre af dig, hvad du tænker; thi om dette Parti er det os bekendt, at det alle Vegne finder Modsigelse.”
23 ২৩ পাছত তেওঁলোকে তেওঁলৈ এটা দিন নির্ধাৰণ কৰিলে আৰু বহুলোকে তেওঁক লগ পাবলৈ তেওঁ বসতি কৰা ঠাইলৈ আহিল৷ তেওঁ মানুহবোৰৰ আগত ঈশ্ৱৰৰ ৰাজ্যৰ কথাৰ সাক্ষ্য প্ৰদান কৰিলে আৰু ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে মোচিৰ বিধান-শাস্ত্ৰ আৰু ভাববাদীৰ পুস্তকৰ পৰা কথা উলিয়াই তেওঁলোকক প্ৰবৃত্তি দিলে৷
Efter saa at have aftalt en Dag med ham, kom de til ham i Herberget i større Tal, og for dem forklarede han og vidnede om Guds Rige og søgte at overbevise dem om Jesus, baade ud af Mose Lov og af Profeterne, fra aarle om Morgenen indtil Aften.
24 ২৪ তেওঁৰ কথা কিছুমান লোকে বিশ্ৱাস কৰিলে আৰু কিছুমান লোকে অবিশ্বাস কৰিলে৷
Og nogle lode sig overbevise af det, som blev sagt, men andre troede ikke.
25 ২৫ তাৰ পাছত পৌলে যেতিয়া ক’লে, “পবিত্ৰ আত্মাই যিচয়া ভাৱবাদীৰ দ্ৱাৰাই আমাৰ পূর্বপুৰুষ সকলৰ বিষয়ে ভালদৰে কৈছিল”; কিন্তু সেই কথাত পৰস্পৰৰ মাজত একমত নোহোৱাত, তেওঁলোক বিদায় ল’বলৈ ধৰিলে৷
Og under indbyrdes Uenighed gik de bort, da Paulus havde sagt dette ene Ord: „Rettelig har den Helligaand talt ved Profeten Esajas til eders Fædre og sagt:
26 ২৬ পৌলে কৈছিল, “এই মানুহবোৰৰ ওচৰলৈ গৈ কোৱা, ‘তোমালোকে শুনাত শুনিবা কিন্তু নুবুজিবা; দেখোতে দেখিবা কিন্তু নাজানিবা;
„Gaa hen til dette Folk og sig: I skulle høre med eders Øren og ikke forstaa og se med eders Øjne og ikke se;
27 ২৭ কিয়নো এই মানুহবোৰৰ হৃদয় ভোতোহা হৈ পৰিছে, তেওঁলোকৰ কাণো শুনিবলৈ গধূৰ, তেওঁলোকে নিজ নিজ চকু বন্ধ কৰিলে; নহ’লে তেওঁলোকে দেখিলেহেঁতেন, আৰু কাণেৰে শুনিলেহেঁতেন, আৰু অন্তৰেৰে বুজিলেহেঁতেন, আৰু ঘূৰি আহিলেহেঁতেন, আৰু মই তেওঁলোকক সুস্থ কৰিলোঁহেতেন৷’
thi dette Folks Hjerte er blevet sløvet, og med Ørene høre de tungt, og deres Øjne have de tillukket, for at de ikke skulle se med Øjnene og høre med Ørene og forstaa med Hjertet og omvende sig, saa jeg kunde helbrede dem.”
28 ২৮ সেই কাৰণে আপোনালোকে জানিব যে, ঈশ্ৱৰৰ এই পৰিত্রাণৰ কথা অনা-ইহুদী সকলৰ মাজলৈ পঠোৱা হৈছে আৰু তেওঁলোকে তেওঁৰ বিষয়ে শুনিবও৷”
Derfor være det eder vitterligt, at denne Guds Frelse er sendt til Hedningerne; de skulle ogsaa høre.”
[Og da han havde sagt dette, gik Jøderne bort, og der var stor Trætte imellem dem indbyrdes.]
30 ৩০ পাছত পৌলে দুবছৰলৈকে নিজে ভাড়া লোৱা ঘৰত থাকিলে আৰু যিমান মানুহ তেওঁৰ ওচৰলৈ আহিল, সেই আটাই লোককে তেওঁ গ্ৰহণ কৰিলে৷
Men han blev hele to Aar i sit lejede Herberge og modtog alle, som kom til ham,
31 ৩১ তাতে তেওঁ কোনো বাধা নোপোৱাকৈ ঈশ্ৱৰৰ ৰাজ্য আৰু প্ৰভু যীচু খ্ৰীষ্টৰ বিষয়ে সাহসেৰে প্রচাৰ কৰি থাকিল৷
idet han prædikede Guds Rige og lærte om den Herre Jesus med al Frimodighed, uhindret.