< পাঁচনি 26 >

1 যেতিয়া আগ্ৰিপ্পই পৌলক নিজৰ পক্ষত কথা কবলৈ অনুমতি দিলে, তেতিয়া পৌলে হাত মেলি নিজৰ পক্ষে উত্তৰ দিব ধৰিলে।
Men Agrippa sagde til Paulus: „Det tilstedes dig at tale om dig selv.” Da udrakte Paulus Haanden og forsvarede sig saaledes:
2 তেওঁ ক’লে, “হে ৰজা আগ্ৰিপ্প, ইহুদী সকলে মোৰ বিষয়ে যি অভিযোগ দিছে; সেই বিষয়ে আজি আপোনাৰ সন্মুখত আত্মপক্ষ সমর্থন কৰিবলৈ পাই নিজকে মই ধন্য মানিছো৷
„Jeg agter mig selv lykkelig, fordi jeg i Dag skal forsvare mig for dig angaaende alle de Ting, for hvilke jeg anklages af Jøderne, Kong Agrippa!
3 ইহুদী সকলৰ মাজত বিশেষকৈ যিবোৰ নীতি-নিয়ম আৰু বাদ-বিচাৰ আছে, সেই সকলোবোৰৰ বিষয়ে আপোনাৰ জ্ঞান আছে; সেই বাবেই বিনয় কৰোঁ আপুনি যেন ধৈর্য ধৰি মোৰ কথাবোৰ শুনে৷
navnlig fordi du er kendt med alle Jødernes Skikke og Stridsspørgsmaal; derfor beder jeg dig om, at du taalmodigt vil høre mig.
4 মোৰ জীৱন-যাপনৰ বিষয়ে ডেকা কালৰে পৰা নিজ জাতিৰ লোক সকলে আৰু যিৰূচালেমত থকা সকলো ইহুদী লোকে জানে৷
Mit Levned fra Ungdommen af, som fra Begyndelsen har været ført iblandt mit Folk og i Jerusalem, vide alle Jøderne Besked om;
5 ইয়াৰ উপৰি তেখেত সকলে ইয়াকো জানে যে, মই ফৰীচী হৈয়ো কিদৰে আমাৰ ধর্মৰ সকলো কঠিন নিয়মবোৰ পালন কৰি প্ৰকৃত ফৰীচী এজনৰ দৰেই জীৱন-যাপন কৰিছিলোঁ৷ এই বিষয়ে তেখেত সকলে সাক্ষীও দিব পাৰে৷
thi de kende mig i Forvejen lige fra først af (om de ellers ville vidne), at jeg har levet som Farisæer efter det strengeste Parti i vor Gudsdyrkelse.
6 ঈশ্ৱৰে আমাৰ পূর্বপুৰুষ সকলৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেইবোৰ পূর্ণ হোৱাৰ বাবেহে মই এতিয়া সোধ-বিচাৰত পৰি, থিয় হৈ আছোঁ ৷
Og nu staar jeg her og dømmes for Haabet paa den Forjættelse, som er given af Gud til vore Fædre,
7 সেই প্ৰতিজ্ঞাৰ ফল পাবলৈ আমাৰ বাৰটা জাতিয়ে, ৰাতিয়ে-দিনে উৎসাহেৰে আৰাধনা কৰি, আশা কৰি আছে। সেই আশাৰ কাৰণে, হে মহাৰাজ, ইহুদী সকলে মোক অপবাদ দিছে ৷
og som vort Tolvstammefolk haaber at naa frem til, idet de tjene Gud uafladeligt Nat og Dag; for dette Haabs Skyld anklages jeg af Jøder, o Konge!
8 ঈশ্ৱৰে যদি মৃত লোকক পুনৰুত্থিত কৰে তেনেহলে আপোনালোকে কিয় অবিশ্বাস বোধ কৰিছে?
Hvor kan det holdes for utroligt hos eder, at Gud oprejser døde?
9 ময়ো সেইদৰে নাচৰতীয়া যীচুৰ নামৰ বিৰুদ্ধে অনেক বিপৰীত আচৰণ কৰিব লাগে বুলি নিজে ভাবিছিলোঁ,
Jeg selv mente nu ogsaa at burde gøre meget imod Jesu, Nazaræerens Navn,
10 ১০ আৰু সেইদৰেই যিৰূচালেমত কৰিছিলোঁ৷ প্ৰধান পুৰোহিতৰ পৰা অধিকাৰ পাই, অনেক পবিত্ৰ লোকক বন্দীশালত থৈছিলোঁ আৰু তেখেত সকলক বধ কৰাৰ সময়ত, মই নিজে সন্মতিও প্ৰকাশ কৰিছিলোঁ৷
og det gjorde jeg ogsaa i Jerusalem; og jeg indespærrede mange af de hellige i Fængsler, da jeg havde faaet Fuldmagt dertil af Ypperstepræsterne, og naar de bleve slaaede ihjel, gav jeg min Stemme dertil.
11 ১১ এনেদৰে মই তেখেত সকলক শাস্তি দি যীচু খ্ৰীষ্টৰ নিন্দা কৰিবলৈ জোৰ কৰিছিলোঁ৷ তেখেত সকলৰ বিৰুদ্ধে ক্ষোভ ইমানেই তীব্ৰ হৈ উঠিছিল যে, তেখেত সকলক তাড়না কৰিবৰ বাবে মই বিদেশৰ চহৰ সমূহলৈকো যাত্ৰা কৰিছিলোঁ৷
Og i alle Synagogerne lod jeg dem ofte straffe og tvang dem til at tale bespotteligt, og rasende end mere imod dem forfulgte jeg dem endog til de udenlandske Byer.
12 ১২ এইদৰে প্ৰধান পুৰোহিতৰ সকলৰ পৰা অধিকাৰ আৰু আজ্ঞা-পত্ৰ পোৱাৰ পাছত, দম্মেচক নগৰলৈ যাত্ৰা কৰোঁতে,
Da jeg i dette Øjemed drog til Damaskus med Fuldmagt og Myndighed fra Ypperstepræsterne,
13 ১৩ হে মহাৰাজ, দুপৰীয়া বাটৰ মাজত সূর্যৰ ৰশ্মিতকৈয়ো দীপ্তিমান এটি পোহৰ আকাশৰ পৰা আহি মোৰ আৰু মোৰ লগত যাত্ৰা কৰি থকা লোক সকলৰ চাৰিওফালে প্ৰকাশিত হ’ল৷
saa jeg undervejs midt paa Dagen, o Konge! et Lys fra Himmelen, som overgik Solens Glans, omstraale mig og dem, som rejste med mig.
14 ১৪ তেতিয়া আমি সকলোৱে মাটিত বাগৰি পৰিলো আৰু এনেতে মই ইব্ৰী ভাষাৰে কোৱা এটি বাণী শুনিলোঁ, ‘হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা? জোঙত লাথি মৰা তোমালৈ টান’;
Men da vi alle faldt til Jorden, hørte jeg en Røst, som sagde til mig i det hebraiske Sprog: Saul! Saul! hvorfor forfølger du mig? det bliver dig haardt at stampe imod Brodden.
15 ১৫ তেতিয়া মই সুধিলো, ‘হে প্ৰভু, আপুনি কোন?’ তেতিয়া প্ৰভুৱে ক’লে, ‘যি জনক তুমি তাড়না কৰিছা, মই সেই যীচু৷
Og jeg sagde: Hvem er du, Herre? Men Herren sagde: Jeg er Jesus, som du forfølger.
16 ১৬ এতিয়া উঠা, তোমাৰ ভৰিত ভৰ দি থিয় হোৱা; কিয়নো, তুমি যি দর্শনত মোক দেখা পালা আৰু ইয়াৰ পাছত এই মানুহবোৰৰ আৰু অনা-ইহুদী সকলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰি যি দর্শনত মই তোমাক দেখা দিম, সেই সকলো বিষয়ৰ প্ৰচাৰক আৰু সাক্ষী হ’বৰ বাবে তোমাক দাস ৰূপে মনোনীত কৰিবলৈ মই দর্শন দিলোঁ;
Men rejs dig og staa paa dine Fødder; thi derfor har jeg vist mig for dig, for at udkaare dig til Tjener og Vidne, baade om det, som du har set, og om mine kommende Aabenbaringer for dig,
17 ১৭ আৰু অনা-ইহুদী সকলে যেন মোক বিশ্ৱাস কৰাৰ দ্ৱাৰাই পাপ-মোচন আৰু পবিত্ৰীকৃত হোৱা লোক সকলৰ মাজত ভাগ পায়,
idet jeg udfrier dig fra Folket og fra Hedningerne, til hvilke jeg udsender dig
18 ১৮ এই মনোভাৱেৰে তেওঁলোকৰ চকু মুকলি হ’বলৈআৰু অন্ধকাৰৰ পৰা পোহৰলৈ, চয়তানৰ ক্ষমতাৰ অধীনৰ পৰা ঈশ্ৱৰলৈ ঘূৰিবৰ কাৰণে, তেওঁলোকৰ ওচৰলৈ মই তোমাক নিযুক্ত কৰি পঠাওঁ, তাতে তেওঁলোকে ঈশ্বৰৰ পৰা পাপৰ ক্ষমা যেন পায় আৰু মোক বিশ্বাস কৰাৰ যোগেদি মই যেন তেওঁলোকক এই ভাগ দিব পাৰোঁ৷’”
for at oplade deres Øjne, saa de maa omvende sig fra Mørke til Lys og fra Satans Magt til Gud, for at de kunne faa Syndernes Forladelse og Lod iblandt dem, som ere helligede ved Troen paa mig.
19 ১৯ পৌলে এনেদৰে পুনৰ ক’বলৈ ধৰিলে, “হে ৰজা আগ্ৰিপ্প, মই সেই স্বৰ্গীয় দর্শনক অমান্য নকৰি,
Derfor, Kong Agrippa! blev jeg ikke ulydig imod det himmelske Syn;
20 ২০ দম্মেচক আৰু যিৰূচালেমত থকা লোক সকলৰ আগত, পাছত যিহুদীয়া আৰু তাৰ সকলো অঞ্চলৰ লগতে অনা-ইহুদী সকলৰ আগতো মই প্ৰচাৰ কৰিলোঁ, যাতে তেখেত সকলে মন-পালটাই ঈশ্ৱৰলৈ ঘূৰে আৰু মন-পালটনৰ যোগ্য আচৰণ ঈশ্ৱৰৰ সাক্ষাতে কৰে৷
men jeg forkyndte baade først for dem i Damaskus og saa i Jerusalem og over hele Judæas Land og for Hedningerne, at de skulde fatte et andet Sind og omvende sig til Gud og gøre Gerninger, Omvendelsen værdige.
21 ২১ সেই কাৰণে ইহুদী সকলে মন্দিৰত মোক ধৰি বধ কৰিবলৈ চেষ্টা কৰিছিল ৷
For denne Sags Skyld grebe nogle Jøder mig i Helligdommen og forsøgte at slaa mig ihjel.
22 ২২ এনেতে ঈশ্ৱৰৰ পৰা উপকাৰ পাই, আজিলৈ থিৰে আছোঁ আৰু সকলোৰে সন্মূখত সাক্ষ্য দিছোঁ৷ সেই মহান জনাৰ বিষয়ে ক’বলৈ যাওতে ভাববাদী সকলে আৰু মোচিয়ে যি যি ঘটিব বুলি কৈছিল, সেই বিষয়ৰ বাহিৰে আন একো কথা কোৱা নাই;
Det er altsaa ved den Hjælp, jeg har faaet fra Gud, at jeg har staaet indtil denne Dag og vidnet baade for smaa og store, idet jeg intet siger ud over det, som baade Profeterne og Moses have sagt skulde ske,
23 ২৩ আৰু খ্ৰীষ্ট দুখভোগৰ পাত্ৰ হয় বা নহয় আৰু মৃত লোকৰ পুনৰুত্থানত প্ৰথম হৈ নিজ জাতি আৰু অনা-ইহুদী সকললৈ পোহৰ প্ৰকাশ কৰিব বা নকৰিব, ইয়াৰ বিষয়েহে মই সৰু বৰ সকলোৰে আগত ক’লো৷”
at Kristus skulde lide, at han som den første af de dødes Opstandelse skulde forkynde Lys baade for Folket og for Hedningerne.”
24 ২৪ তেওঁ এইদৰে নিজৰ পক্ষে উত্তৰ দিওঁতে, ফীষ্টে বৰ মাতেৰে ক’লে, “হে পৌল, তুমি বলীয়া হৈছা; সৰহ বিদ্যাই তোমাক বলীয়া কৰিছে৷”
Men da han forsvarede sig saaledes, sagde Festus med høj Røst: „Du raser, Paulus! den megen Lærdom gør dig rasende.”
25 ২৫ কিন্তু পৌলে ক’লে, “হে মহামহিম ফীষ্ট, মই বলীয়া হোৱা নাই; সত্য আৰু সুবোধৰ কথাহে কৈছোঁ৷ কিয়নো ৰজায়ো এই বিষয়ে জানে; এই কাৰণেহে মই তেওঁৰ আগত সাহসেৰে কৈছোঁ৷
Men Paulus sagde: „Jeg raser ikke, mægtigste Festus! men jeg taler sande og betænksomme Ord.
26 ২৬ কিয়নো ৰজায়ো এই বিষয়ে জানে; এই কাৰণেহে মই তেওঁৰ আগত সাহসেৰে কৈছোঁ৷ মই সুনিশ্চিত যে, এই বিষয়বোৰ প্ৰকাশ্যৰূপে ঘটিছে৷ এইবোৰ লুকুৱাই ৰাখিব নোৱাৰি কাৰণ ইয়াক গোপনে কৰা হোৱা নাই৷
Thi Kongen ved Besked om dette, og til ham taler jeg frimodigt, efterdi jeg er vis paa, at slet intet af dette er skjult for ham; thi dette er ikke sket i en Vraa.
27 ২৭ হে ৰজা আগ্ৰিপ্প, আপুনি ভাৱবাদী সকলৰ কথা বিশ্বাস কৰে নে? মই জানো আপুনি বিশ্ৱাস কৰে৷”
Tror du, Kong Agrippa, Profeterne? Jeg ved, at du tror dem.”
28 ২৮ তেতিয়া আগ্ৰিপ্পই পৌলক ক’লে, “তুমি মোক খ্ৰীষ্টিয়ান কৰিবলৈ অলপ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খুজিছা৷”
Men Agrippa sagde til Paulus: „Der fattes lidet i, at du overtaler mig til at blive en Kristen.”
29 ২৯ কিন্তু পৌলে ক’লে, “অকল আপুনিয়েই নহয়, যি সকলে আজি মোৰ কথা শুনিছে, সেই সকলোৱে অলপ কথাৰে হওক, বা বহু কথাৰে হওক, এই শিকলিৰ বন্ধনৰ বাহিৰে, সকলোভাৱে যেন মোৰ নিচিনা হয়, ঈশ্ৱৰৰ আগত এই প্ৰার্থনা মই কৰিছোঁ৷”
Men Paulus sagde: „Jeg vilde ønske til Gud, enten der fattes lidet eller meget, at ikke alene du, men ogsaa alle, som høre mig i Dag, maatte blive saadanne, som jeg selv er, paa disse Lænker nær.”
30 ৩০ তেতিয়া ৰজা, দেশাধিপতি, বৰ্ণীকী আৰু তেওঁলোকৰ সৈতে বহা লোক সকলে উঠি,
Da stod Kongen op og Landshøvdingen og Berenike og de, som sade hos dem.
31 ৩১ আতৰ হৈ গৈ পৰষ্পৰে কথা-বাৰ্ত্তা কৰি ক’লে, “এই মানুহ জনে বন্ধন বা প্ৰাণদণ্ডৰ যোগ্য একো কর্ম কৰা নাই৷”
Og da de gik bort, talte de med hverandre og sagde: „Denne Mand gør intet, som fortjener Død eller Lænker.”
32 ৩২ তেতিয়া আগ্ৰিপ্পই ফীষ্টক কলে, “এই মানুহ জনে চীজাৰৰ ওচৰত আপীল নকৰা হ’লে মুকলি হব পাৰিলেহেঁতেন৷”
Men Agrippa sagde til Festus: „Denne Mand kunde være løsladt, dersom han ikke havde skudt sig ind under Kejseren.”

< পাঁচনি 26 >