< পাঁচনি 25 >

1 ফীষ্ট সেই প্ৰদেশলৈ আহি, তিন দিনৰ পাছত চীজাৰিয়াৰ পৰা যিৰূচালেমলৈ গ’ল।
Festus therefore having come into the province, after three days went up from Caesarea to Jerusalem.
2 তাতে প্ৰধান পুৰোহিত সকলে আৰু ইহুদী সকলৰ প্ৰধান লোকে তেওঁৰ আগত পৌলৰ বিৰুদ্ধে দৃঢ়ভাৱে জনালে৷
And the chief priests and the leaders of the Jews brought a complaint before him against Paul, and besought him,
3 এনে উদ্দেশ্যেৰে ফীষ্টক অনুগ্ৰহ যাচনা কৰি নিবেদন কৰিলে, যাতে তেওঁ মানুহ পঠাই পৌলক যিৰূচালেমলৈ লৈ আহে, আৰু তেওঁলোকে যেন বাটতে খাপ দি পৌলক বধ কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে।
asking for themselves a favor against him, that he would send for him to Jerusalem, intending to place men in wait to kill him on the road.
4 কিন্তু ফীষ্ট তেওঁলোকক উত্তৰ দিলে, যে পৌলক চীজাৰিয়াত বন্দী কৰি ৰখা হৈছে আৰু সেয়েহে সোনকালে তেওঁ নিজে তালৈকে যাব।
But Festus answered that Paul was in custody at Caesarea, and that he himself was going thither shortly.
5 গতিকে, তেওঁ ক’লে, “যদি সেই মানুহৰ কোনো দোষ আছে, তেনেহলে তোমালোকৰ মাজৰ কেইজনমান শক্তিমন্ত লোকে মোৰে সৈতে গৈ, তেওঁৰ ওপৰত গোচৰ কৰক৷”
Let those therefore, said he, who have authority among you, go down with me and accuse this man, if he is guilty of anything.
6 পাছত তাত আঠ দহ দিনতকৈ বেচি দিন নাথাকি, তেওঁ চীজাৰিয়ালৈ গুচি গ’ল৷ পাছদিনা তেওঁ বিচাৰৰ আসনত বহি, পৌলক আনিবলৈ আজ্ঞা দিলে।
And having tarried among them not more than eight or ten days, he went down to Caesarea; and on the morrow, sitting on the judgment-seat, ordered Paul to be brought.
7 পাছত তেওঁ উপস্থিত হোৱাত যিৰূচালেমৰ পৰা অহা ইহুদী সকলে তেওঁৰ চাৰিওফালে থিয় হৈ, তেওঁক অনেক বিষয়ত গুৰুতৰ দোষ দিব ধৰিলে, কিন্তু তেওঁলোকে একো প্ৰমাণ দেখুৱাব নোৱাৰিলে।
And when he had come, the Jews who came down from Jerusalem stood around, bringing many and heavy charges which they could not prove;
8 তেতিয়া পৌলে নিজৰ পক্ষে উত্তৰ দি ক’ব ধৰিলে, “ইহুদী সকলৰ বিধানৰ, বা মন্দিৰৰ, বা চীজাৰৰ বিৰুদ্ধ মই একো পাপ কৰা নাই।”
while Paul said in his defence, Neither against the law of the Jews, nor against the temple, nor against Caesar have I committed any offence.
9 কিন্তু ফীষ্টে ইহুদীসকলৰ প্ৰিয়পাত্ৰ হোৱাৰ ইচ্ছা কৰিলে। তেওঁ উত্তৰ দি পৌলক ক’লে, “তুমি যিৰূচালেমলৈ গৈ, তাতে মোৰ আগত এইবোৰৰ বিষয়ে, তোমাৰ সোধ-বিচাৰ হবলৈ ইচ্ছা কৰা নে?”
But Festus, wishing to gain favor with the Jews, answered Paul and said, Art thou willing to go up to Jerusalem, and there be tried on these charges before me?
10 ১০ পৌলে ক’লে, “মই চীজাৰৰ বিচাৰৰ আসনৰ আগত থিয় হৈ আছোঁ; ইয়াতে মোৰ সোধ-বিচাৰ হোৱা উচিত। মই যে ইহুদীসকলৰ একো অন্যায় কৰা নাই, ইয়াক আপুনিও ভালদৰে জানি আছে।
But Paul said, I stand at the judgment-seat of Caesar, where I ought to be tried. To the Jews I have done no wrong, as thou also very well knowest.
11 ১১ এতেকে মই যদি অন্যায়কাৰী হৈছোঁ, বা প্ৰাণদণ্ডৰ যোগ্য কোনো কৰ্ম কৰিলোঁ, তেনেহলে মৰিবলৈকো অমান্তি নহওঁ। কিন্তু তেখেতসকলে মোক যিবোৰ অপবাদ দিছে, সেইবোৰ যদি সঁচা নহয়, তেনেহলে তেখেত সকলৰ হাতত মোক শোধাই দিবলৈ কাৰো শক্তি নাই। মই চীজাৰক আপীল কৰোঁ।”
If indeed I am an offender, and have done anything deserving death, I refuse not to die; but if there be nothing in the charges which they bring against me, no man can give me up to them. I appeal to Caesar.
12 ১২ তেতিয়া ফীষ্টে মন্ত্ৰী সকলৰ সৈতে পৰামৰ্শ কৰি পৌলক ক’লে, “তুমি চীজাৰত আপীল কৰিলা; এতিয়া তোমাক চীজাৰৰ আগলৈ লৈ যোৱা হ’ব৷”
Then Festus having conferred with the council, answered, Thou hast appealed to Caesar; to Caesar shalt thou go.
13 ১৩ কিছুদিনৰ পাছত ৰজা আগ্ৰিপ্প আৰু বৰ্ণীকী চীজাৰিয়ালৈ আহি ফীষ্টক মঙ্গলবাদ কৰিলে।
And after some days Agrippa the king and Bernice came to Caesarea to greet Festus.
14 ১৪ তেওঁ তাত বহু দিন থকাত, ফীষ্টে ৰজাৰ আগত পৌলৰ বিষয়ে জনালে; তেওঁ ক’লে, “ফীলিক্সে বন্দী কৰি ৰখা এজন বন্দীয়াৰ ইয়াত আছে।
And while they were making a stay of some days there, Festus laid the case of Paul before the king, saying, There is a certain man left in bonds by Felix,
15 ১৫ যেতিয়া মই যিৰূচালেমত আছিলোঁ, তেতিয়া ইহুদী সকলৰ প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁৰ বিষয়ে মোক জনাই, বিচাৰ আৰু দণ্ডাজ্ঞা যাচনা কৰিছিল।
against whom, when I was at Jerusalem, the chief priests and the elders of the Jews brought a complaint, asking for judgment against him.
16 ১৬ তেতিয়া মই তেওঁলোকক উত্তৰ দিলোঁ, যি জনৰ নামত অভিযোগ দিয়া হৈছে, তেওঁ যেতিয়ালৈকে অভিযোগকাৰীৰ সন্মুখত আত্মপক্ষ সমৰ্থন কৰিবলৈ নোৱাৰে, তেতিয়ালৈকে তেওঁক কোনো লোকৰ হাতত শোধাই দিয়া ৰোমীয়া লোকৰ নিয়ম নাই।
To whom I answered, It is not the custom of the Romans to give up any man on a charge, before the accused hath the accusers face to face, and hath opportunity to answer for himself concerning the crime laid against him.
17 ১৭ তেতিয়া তেখেতসকলে আহি ইয়াতে গোট খোৱাত, অলপো পলম নকৰি, পাছ দিনাই মই বিচাৰৰ আসনত বহিলোঁ, আৰু বন্দী কৰি ৰাখি থোৱা মানুহ জনক আনিবলৈ আজ্ঞা দিলোঁ।
When therefore they had come together here, without any delay I sat on the judgment-seat on the day after, and ordered the man to be brought forward.
18 ১৮ পাছত গুচৰীয়াবোৰে তেওঁৰ চাৰিওফালে থিয় হৈ, যি দুষ্কৰ্মৰ অপবাদ তেখেত সকলে দিব বুলি মই ভাবিছিলো, এনে একো অপবাদ নিদিলে৷
And his accusers standing around him brought no accusation of such things as I had conjectured,
19 ১৯ কিন্তু তেখেত সকলে নিজৰ ধৰ্মৰ বিষয়ে আৰু পৌলে যি জনক জীয়াই উঠা বুলি কৈছিল, এনে যীচু নামৰ কোনো মৃত এজনৰ বিষয়কলৈহে তেখেত সকলৰ মত-পাৰ্থক্য আছিল।
but had against him certain questions of their own religion, and of one Jesus that was dead, whom Paul affirmed to be alive.
20 ২০ তাতে এনেকুৱা বাদ-বিচাৰৰ বিষয়বোৰত সংশয় কৰি মই তেওঁক সুধিলো, তুমি যিৰূচালেমলৈ গৈ, এইবোৰৰ বিষয়ে তোমাৰ সোধ-বিচাৰ হবলৈ মন কৰা নে?
And I being at a loss about such questions, asked him if he was willing to go to Jerusalem and there be put on trial for these matters.
21 ২১ কিন্তু পৌলে ৰাজাধিৰাজৰ ওচৰত সোধ-বিচাৰৰ পৰা নিস্পত্তি পাবৰ বাবে ৰক্ষিত থাকিবলৈ আপীল কৰাত, মই চীজাৰিয়ালৈ নপঠিওঁৱালৈকে, তেওঁক ৰাখিবলৈ আজ্ঞা দিলোঁ।”
But Paul having appealed to be kept in custody for the judgment of Augustus, I ordered him to be kept till I should send him up to Caesar.
22 ২২ তেতিয়া আগ্ৰিপ্পই ফীষ্টক ক’লে, “সেই মানুহ জনৰ কথা শুনিবলৈ মোৰ মন গৈছে৷” ফীষ্টে ক’লে, “কালিলৈ তেওঁৰ কথা শুনিবলৈ পাব৷”
Then Agrippa said to Festus, I should like to hear the man myself. Tomorrow, said he, thou shalt hear him.
23 ২৩ পাছদিনা আগ্ৰিপ্প আৰু বৰ্ণীকী বৰ প্ৰতাপেৰে আহি, হাজাৰৰ সেনাপতি সকলক আৰু নগৰৰ মানুহবোৰৰ সৈতে ৰাজদৰবাৰত সোমাল আৰু ফীষ্টৰ আজ্ঞাৰে পৌলক তেওঁলোকৰ আগলৈ নিয়া হ’ল।
Accordingly on the morrow Agrippa and Bernice came with great pomp, and entered into the place of hearing, with the chief captains and principal men of the city, and at the order of Festus Paul was brought forward.
24 ২৪ তেতিয়া ফীষ্টে ক’লে, “হে ৰজা আগ্ৰিপ্প আৰু আমাৰ সৈতে ইয়াত উপস্থিত থকা লোক সমূহ৷ আপোনালোকে এই মানুহ জনক যে দেখিছে, এই জনেই সেই ব্যক্তি; যি জনৰ বিষয়ে যিৰূচালেমৰ আৰু ইয়াত থকা ইহুদী লোক সকলেও মোৰ আগত আবেদন কৰি আটাহ পাৰি কৈছিল, ই আৰু জীয়াই থকা উচিত নহয়।
And Festus said: King Agrippa, and all men who are here present with us! Ye see this man about whom the whole multitude of the Jews applied to me both at Jerusalem and here, crying out that he ought no longer to live.
25 ২৫ কিন্তু মই জানিব পাৰিলোঁ, এওঁ প্ৰাণদণ্ডৰ যোগ্য একো কৰা নাই; আৰু এওঁ নিজে ৰাজাধিৰাজৰ ওচৰত আপীল কৰাৰ বাবে মই পঠাবলৈ নিশ্চয় কৰিলোঁ৷
But having found that he had done nothing deserving death, and he himself having appealed to Augustus, I determined to send him;
26 ২৬ কিন্তু আমাৰ ৰাজাধিৰাজলৈ ইয়াৰ বিষয়ে লিখিবলৈ একো নিশ্চয়তা নাপালোঁ। এই কাৰণে এওঁক আপোনালোকৰ আগলৈ আনিলো৷ এতেকে সোধ-বিচাৰ কৰাৰ পাছত, মই যাতে লিখিবৰ বাবে কোনো কথা পাওঁ, হে আগ্ৰিপ্প ৰজা, সেয়েহে বিশেষকৈ আপোনাৰ আগলৈ ইয়াক আনিলো।
and as I have nothing certain to write about him to the emperor, I have brought him forward before you, and specially before thee, king Agrippa, that when the examination hath been made, I may have something to write.
27 ২৭ কিয়নো কোনো বন্দীয়াৰক পঠাওঁতে, তেওঁৰ অহিতে দিয়া অপবাদ নজনোৱাতো, মই অযুক্তিকৰ যেন দেখো।”
For it seemeth to me unreasonable to send a prisoner and not signify the charges against him;

< পাঁচনি 25 >