< পাঁচনি 24 >
1 ১ পাঁচ দিনৰ মূৰত, মহা-পুৰোহিত অননিয়ই কেইজনমান পৰিচাৰক আৰু তৰ্ত্তুল্ল নামেৰে এজন উকীলে সৈতে আহি দেশাধিপতিৰ আগত পৌলৰ বিৰুদ্ধে অভিযোগ দিলে।
Fünf Tage später kam der Hohepriester Ananias mit etlichen Ältesten und einem Anwalt, namens Tertyllus, um beim Statthalter die Klage gegen Paulus vorzubringen.
2 ২ তাৰ পাছত পৌল দেশাধিপতিৰ আগত অাহি থিয় হ’ল, তৰ্ত্তুল্লই তেওঁক দোষাৰোপ কৰিবলৈ ধৰিলে আৰু দেশাধিপতিক ক’লে, “হে মহামহিম ফীলিক্স, আপোনাৰ দ্বাৰাই আমি মহাশান্তি ভোগ কৰিছোঁ আৰু আপোনাৰ দুৰদর্শিতাই আমাৰ জাতিলৈ অনেক উন্নতি সাধন কৰিছে,
Dieser wurde vorgeladen, und Tertyllus begann mit seiner Anklagerede: "Durch dich erfreuen wir uns tiefen Friedens, deiner Fürsorge verdankt dieses Volk mannigfaltige Verbesserung.
3 ৩ সকলোৱে ইয়াক সম্পূৰ্ণ কৃতজ্ঞতাৰে স্বীকাৰ কৰিছোঁ।
Das erkennen wir allzeit und überall mit großer Dankbarkeit an, edler FeIix.
4 ৪ গতিকে আপোনাৰ অধিক সময় আমি যেন নলওঁ, এই কাৰণে নিবেদন কৰোঁ, আপুনি অনুগ্ৰহ কৰি নম্ৰ হৈ আমাৰ অলপ কথা শুনক।
Um aber dich nicht länger hinzuhalten, so bitte ich dich: Schenk uns gütigst für kurze Zeit Gehör.
5 ৫ কিয়নো আমি দেখিবলৈ পালোঁ, যে এই মানুহটো মহামাৰী স্বৰূপ আৰু গোটেই জগত নিবাসী ইহুদী সকলৰ মাজত ৰাজদ্ৰোহ কৰাওঁতা আৰু নাচৰতীয়া সকলৰ দলৰ অগ্ৰণী৷
Wir haben diesen Mann als eine Pest und einen Unruhestifter unter allen Juden auf der Welt erfunden sowie als einen der Hauptführer der Nazarenersekte.
6 ৬ ইয়াৰ বাহিৰেও, ই মন্দিৰ অশুচি কৰিবলৈ চেষ্টা কৰিছিল; সেই বাবে আমি তাক আটক কৰি ৰাখিলোঁ।
Ja, er hat versucht, selbst den Tempel zu entweihen. Deshalb haben wir ihn festgenommen und wollten ihn nach unserem Gesetz richten.
7 ৭ কিন্তু প্ৰধান সেনাপতি লুচিয় আহি বৰ বলেৰে আমাৰ হাতৰ পৰা পৌলক কাঢ়ি আনিলে৷
Da kam der Tribun Lysias dazwischen, entriß ihn mit großer Gewalt unseren Händen und erklärte, die Ankläger möchten zu dir kommen.
8 ৮ আপুনি যেতিয়া সোধ-বিচাৰত পৌলক প্ৰশ্ন কৰিব, তেতিয়া আমি যি যি অপবাদ এওঁক দিছোঁ, সেই বিষয়ে সকলো বুজিব পাৰিব৷”
Du selber wirst von ihm genauere Auskunft erhalten, wenn du ihn über alles verhörst, weswegen wir ihn anklagen."
9 ৯ তাতে ইহুদী সকলেও একেলগ হৈ পৌলক দোষাৰোপ কৰিলে আৰু এইবোৰ কথা সঁচা বুলি ক’লে।
Diesen Angaben schlossen sich die Juden an und versicherten, daß es sich so verhalte.
10 ১০ পাছত দেশাধিপতিয়ে পৌলক ক’বলৈ সঙ্কেত দিয়াত, পৌলে ক’বলৈ আৰম্ভ কৰিলে, “আপুনি অনেক বছৰৰ পৰা এই জাতিৰ বিচাৰকৰ্তা হৈ আছে, ইয়াকে জানি মই হৰ্ষিত মনেৰে নিজৰ পক্ষে উত্তৰ দিব খুজিছোঁ৷
Auf einen Wink des Statthalters ergriff Paulus das Wort zur Entgegnung: "Weil ich weiß, daß du seit langen Jahren schon Richter über dieses Volk bist, deshalb verteidige ich guten Mutes meine Sache.
11 ১১ কাৰণ অনুসন্ধান কৰিলে আপুনি জানিব পাৰিব যে, মই ভজনা কৰিবলৈ যিৰূচালেমলৈ যোৱা আজি বাৰ দিন মাথোন হৈছে;
Wie du feststellen lassen kannst, sind es nicht mehr als zwölf Tage her, seitdem ich meine Wallfahrt nach Jerusalem gemacht habe.
12 ১২ তাত এওঁলোকে মন্দিৰত বা নাম-ঘৰত বা নগৰতেই হওক, কোনো ব্যক্তিৰ সৈতে মোক বাদ-বিচাৰ বা লোক সকলক উচটাই উত্তেজিত কৰি অশান্তি সৃষ্টি কৰাও কোনেও দেখা নাই;
Doch weder im Tempel noch in den Synagogen, noch in der Stadt hat man mich angetroffen, daß ich mit jemandem gestritten oder einen Volksaufruhr angestiftet hätte.
13 ১৩ আৰু এতিয়া যি যি অপবাদ মোক দিছে, এই বিষয়ে একো প্ৰমাণ আপোনাৰ আগত দিব নোৱাৰে।
Sie können dir auch keinerlei Beweise für das vorbringen, wessen sie mich jetzt anklagen.
14 ১৪ কিন্তু আপোনাৰ আগত মই ইয়াকে স্বীকাৰ কৰোঁ যে, বিধান-শাস্ত্ৰত লিখাৰ দৰে সকলো কথা পালন কৰি, এখেত সকলে যি পথক বিধৰ্ম বোলে, সেই পথ অনুসাৰে মই ওপৰ-পুৰুষ সকলৰ ঈশ্বৰৰ আৰাধনা কৰোঁ আৰু ভাববাদী সকলৰ পুস্তকত যি যি লিখা আছে, সেই সকলোকে বিশ্বাস কৰোঁ৷
Doch das bekenne ich dir: Ich diene nach der Lehre, die sie eine Sekte nennen, dem Gott meiner Väter. Ich glaube alles, was im Gesetz und bei den Propheten geschrieben steht,
15 ১৫ আৰু ধাৰ্মিক, অধার্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হ’ব বুলি এখেত সকলে যি আশাৰে বাট চাই আছে, ঈশ্বৰত ময়ো সেই আশা কৰোঁ।
und hege zu Gott die Hoffnung, die diese hier auch teilen, daß es einstens eine Auferstehung der Gerechten und der Ungerechten geben wird.
16 ১৬ এই কাৰণে ঈশ্বৰলৈ আৰু মানুহলৈ নির্ব্বিঘ্নে বিবেক ৰক্ষা কৰিবলৈ ময়ো সদায় যত্ন কৰি আছোঁ।
Deshalb befleißige ich mich auch selbst, vor Gott und den Menschen durchweg mir ein reines Gewissen zu bewahren.
17 ১৭ এতিয়া কিছু বছৰৰ মূৰত মই নিজৰ জাতিৰ মানুহক দান আনি দিবৰ বাবে আৰু নৈবেদ্য উৎসর্গ কৰিবলৈ আহিছিলো।
Nach Verlauf mehrerer Jahre bin ich hinaufgezogen, um meinem Volk Almosen auszuteilen und Opfer und Gelübde darzubringen.
18 ১৮ এতিয়া সেই কার্যতেই এচিয়াৰ কিছুমান ইহুদী লোকেহে মোক যিৰূচালেম মন্দিৰত শুচিকৃত উৎসৱত পালে; মোৰ লগত আন কোনো ব্যক্তিও নাই, কিন্তু এখেত সকলেহে হুৰামুৰা লগালে।
Als ich im Tempel mich dabei einer Weihe unterzog, doch ohne Lärm und Auflauf,
19 ১৯ ইয়াৰ উপৰি মোৰ অহিতে যদি এখেত সকলৰ কোনো কথা আছিল, তেনেহলে আপোনাৰ ওচৰত ব্যক্তি সমূহে নিজে আহি গোচৰ দিব লাগিছিল।
da trafen mich einige Juden aus Asien an. Die hätten vor dir erscheinen und klagen müssen, wenn sie etwas gegen mich wüßten.
20 ২০ নতুবা, মই মহাসভাৰ আগত থিয় হৈ থাকোঁতে, এই একেই লোক সমূহে মোৰ কি দোষ পালে, সেই বিষয়ে এখেত সকলে নিজেই কোৱা উচিত আছিল;
Oder die hier mögen doch angeben, welches Vergehen sie an mir fanden, als ich vor dem Hohen Rate stand.
21 ২১ নহলে এতিয়া যি বিষয়ৰ কথা মই আপোনালোকৰ আগত চিঞৰি কৈছোঁ, তেনেদৰে, ‘মৃতসকলৰ পুনৰুত্থান’ৰ বিষয়ে আজি আপোনালোকৰ আগত মোৰ সোধ-বিচাৰ হৈছে৷”
Es müßte denn dies eine Wort nur sein, das ich, als ich vor ihnen stand, laut ausrief: 'Der Auferstehung von den Toten wegen stehe ich heute vor euch als Angeklagter.'"
22 ২২ ফীলিক্সে সেই পথৰ বিষয়ে ভালকৈ জনা বাবে, সোধ-বিচাৰ স্থগিত ৰাখি তেওঁলোকক ক’লে, “লুচিয় হাজাৰৰ সেনাপতি যিৰূচালেমৰ পৰা আহিলে আপোনালোকৰ কথা সম্পূর্ণকৈ জানিব পাৰিম।”
Obwohl Felix eine genaue Kenntnis der in Frage stehenden Lehre hatte, vertagte er doch die Sache und sagte: "Wenn der Befehlshaber Lysias herabkommt, werde ich euren Fall genauer untersuchen."
23 ২৩ পাছত পৌলক পহৰা দিবলৈ, কিন্তু মৰমেৰে আৰু সেৱা কৰিবলৈ অহা তেওঁৰ আত্মীয় সকলক নিষেধ নকৰিবলৈ তেওঁ এশৰ সেনাপতিক আজ্ঞা দিলে৷
Er gab dem Hauptmann die Weisung, ihn in milder Haft zu halten und keinen von den Seinigen zu hindern, ihm Dienste zu leisten.
24 ২৪ কিছুদিনৰ পাছত ফীলিক্সে, দ্ৰুচিলা নামৰ তেওঁৰ ইহুদী ভার্যাৰ সৈতে আহি, পৌলক মতাই আনি, খ্ৰীষ্ট যীচুত যি বিশ্বাস, সেই বিষয়ে তেওঁৰ পৰা শুনিলে।
Einige Tage später kam Felix mit seiner Gemahlin Drusilla, einer Jüdin; er ließ den Paulus rufen und hörte ihn an über den Glauben an Christus Jesus.
25 ২৫ তেওঁ ধাৰ্মিকতা, ইন্দ্ৰিয়-দমন, আৰু ভবিষ্যত সোধ-বিচাৰৰ বিষয়ে যুক্তি দেখুৱাওঁতে, ফীলিক্সে ত্ৰাসযুক্ত হৈ উত্তৰ দিলে; “এতিয়া সম্প্ৰতি যোৱা; মই আজৰি পালে পাছত তোমাক মতাই আনিম৷”
Da er aber von Gerechtigkeit, Enthaltsamkeit und dem künftigen Gerichte sprach, ward Felix betroffen und sagte: "Für jetzt kannst du gehen; wenn ich einmal Zeit habe, werde ich dich wieder rufen lassen."
26 ২৬ আৰু পৌলে তেওঁক ধন দিব বুলি তেওঁ আশা কৰি, ঘনে ঘনে তেওঁক মতাই কথোপকথন কৰিলে।
Zugleich hoffte er auch, von Paulus Geld zu erhalten. Deshalb ließ er ihn auch öfters kommen und unterhielt sich mit ihm.
27 ২৭ কিন্তু দুবছৰৰ মূৰত পৰ্কিয় ফীষ্টে ফীলিক্সৰ পদ পালে, তাতে ফীলিক্সে ইহুদী সকলৰ প্ৰিয়পাত্ৰ হবলৈ ইচ্ছা কৰি, তেওঁ পৌলক ৰখীয়াৰ অধীনত থৈ গ’ল৷
Volle zwei Jahre später erhielt Felix in Porzius Festus einen Nachfolger. Felix wollte sich die Juden zum Dank verpflichten und ließ darum Paulus in der Gefangenschaft zurück.