< পাঁচনি 23 >
1 ১ পৌলে মহাসভালৈ পোনপটীয়াকৈ চাই ক’লে, “হে ভাইসকল, মই সকলো বিষয়তে উত্তম বিবেকেৰে ঈশ্বৰৰ প্ৰজাৰ দৰে আজিলৈকে আচৰণ কৰি আছোঁ৷”
१पौलुस ने महासभा की ओर टकटकी लगाकर देखा, और कहा, “हे भाइयों, मैंने आज तक परमेश्वर के लिये बिलकुल सच्चे विवेक से जीवन बिताया है।”
2 ২ এনেতে অননিয় নামেৰে মহা-পুৰোহিতে, ওচৰত থিয় হৈ থকা সকলক তেওঁৰ মুখত মাৰিবলৈ আজ্ঞা দিলে৷
२हनन्याह महायाजक ने, उनको जो उसके पास खड़े थे, उसके मुँह पर थप्पड़ मारने की आज्ञा दी।
3 ৩ তেতিয়া পৌলে তেওঁক ক’লে, “হে বগাকৈ লিপা গড়, ঈশ্বৰে আপোনাকহে অাঘাত কৰিবলৈ উদ্যত হৈ আছে৷ আপুনি বিধানৰ মতে মোৰ সোধ-বিচাৰ কৰিবলৈ বহি আছে, নে সেই বিধান উলঙ্ঘন কৰি মোক মাৰিবলৈ আজ্ঞা দিছে?”
३तब पौलुस ने उससे कहा, “हे चूना फिरी हुई दीवार, परमेश्वर तुझे मारेगा। तू व्यवस्था के अनुसार मेरा न्याय करने को बैठा है, और फिर क्या व्यवस्था के विरुद्ध मुझे मारने की आज्ञा देता है?”
4 ৪ তাতে ওচৰত থিয় হৈ থকা সকলে ক’লে, “তই ঈশ্বৰৰ মহা-পুৰোহিতক অপমান কৰ নে?”
४जो पास खड़े थे, उन्होंने कहा, “क्या तू परमेश्वर के महायाजक को बुरा-भला कहता है?”
5 ৫ পৌলে ক’লে, “হে ভাইসকল, এওঁ যে মহা-পুৰোহিত, সেই বিষয়ে মই জনা নাছিলো৷ কিয়নো লিখা আছে, ‘তুমি স্বজাতীয় লোকৰ শাসনকৰ্তাক কু-বাক্য নুবুলিবা৷’”
५पौलुस ने कहा, “हे भाइयों, मैं नहीं जानता था, कि यह महायाजक है; क्योंकि लिखा है, ‘अपने लोगों के प्रधान को बुरा न कह।’”
6 ৬ পাছত পৌলে তেওঁলোকৰ এভাগ ফৰীচী, এভাগ চদ্দূকী বুলি জানি, মহাসভাত ৰিঙিয়াই ক’লে, “হে ভাইসকল, মই ফৰীচী, আৰু এজন ফৰীচীৰ পুতেক৷ কাৰণ মৃতসকলৰ পুনৰুত্থানৰ আশাৰ বিষয়ে মোৰ সোধ-বিচাৰ হৈছে৷”
६तब पौलुस ने यह जानकर, कि एक दल सदूकियों और दूसरा फरीसियों का है, महासभा में पुकारकर कहा, “हे भाइयों, मैं फरीसी और फरीसियों के वंश का हूँ, मरे हुओं की आशा और पुनरुत्थान के विषय में मेरा मुकद्दमा हो रहा है।”
7 ৭ তেওঁ এই কথা কওঁতে, ফৰীচী আৰু চদ্দূকী সকলৰ মাজত বিবাদ হ’ল, আৰু লোকসকল দুভাগত ভাগ হ’ল৷
७जब उसने यह बात कही तो फरीसियों और सदूकियों में झगड़ा होने लगा; और सभा में फूट पड़ गई।
8 ৮ কিয়নো চদ্দূকীসকলে পুনৰুত্থান, স্বৰ্গৰ দূত আৰু আত্মা, এইবোৰ নাই বুলি কয়, কিন্তু ফৰীচী সকলে সেইবোৰ স্বীকাৰ কৰে৷
८क्योंकि सदूकी तो यह कहते हैं, कि न पुनरुत्थान है, न स्वर्गदूत और न आत्मा है; परन्तु फरीसी इन सब को मानते हैं।
9 ৯ তাতে বৰকৈ হুলস্থুল হ’ল আৰু ফৰীচীসকলৰ ফলীয়া বিধানৰ অধ্যাপক সকলৰ কেইজনমানে উঠি বাগ্যুদ্ধ কৰি ক’লে, “আমি এই মানুহ জনৰ ওচৰত একো দোষ নাপাও৷ যদি কোনো আত্মা নাইবা দূতে দম্মেচকৰ পথত সঁচাকৈ তেওঁৰ সৈতে কথা ক’লে;”
९तब बड़ा हल्ला मचा और कुछ शास्त्री जो फरीसियों के दल के थे, उठकर यह कहकर झगड़ने लगे, “हम इस मनुष्य में कुछ बुराई नहीं पाते; और यदि कोई आत्मा या स्वर्गदूत उससे बोला है तो फिर क्या?”
10 ১০ তেতিয়া অতিশয় বিবাদ হ’ল, তেওঁলোকে পৌলক ডোখৰ ডোখৰ কৰিব বুলি হাজাৰৰ সেনাপতিয়ে ভয় কৰি, সেনাবোৰক নামি গৈ তেওঁলোকৰ মাজৰ পৰা তেওঁক বলেৰে কাঢ়ি দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে৷
१०जब बहुत झगड़ा हुआ, तो सैन्य-दल के सरदार ने इस डर से कि वे पौलुस के टुकड़े-टुकड़े न कर डालें, सैन्य-दल को आज्ञा दी कि उतरकर उसको उनके बीच में से जबरदस्ती निकालो, और गढ़ में ले आओ।
11 ১১ তাতে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ ক’লে, “নিৰ্ভয় হোৱা, কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব৷”
११उसी रात प्रभु ने उसके पास आ खड़े होकर कहा, “हे पौलुस, धैर्य रख; क्योंकि जैसी तूने यरूशलेम में मेरी गवाही दी, वैसी ही तुझे रोम में भी गवाही देनी होगी।”
12 ১২ পাছ দিন ৰাতিপুৱা হোৱাত ইহুদী সকলে এক পৰামৰ্শ হৈ, পৌলক বধ নকৰালৈকে আমি ভোজন-পান নকৰোঁ বুলি, শপতেৰে নিজকে বান্ধিলে৷
१२जब दिन हुआ, तो यहूदियों ने एका किया, और शपथ खाई कि जब तक हम पौलुस को मार न डालें, यदि हम खाएँ या पीएँ तो हम पर धिक्कार।
13 ১৩ সেই চক্ৰান্ত কৰা লোক চল্লিশ জনতকৈ অধিক আছিল৷
१३जिन्होंने यह शपथ खाई थी, वे चालीस जन से अधिक थे।
14 ১৪ তেওঁলোকে প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলৰ ওচৰলৈ গৈ ক’লে, “পৌলক বধ নকৰালৈকে আমি একো নাখাওঁ, এই শপত খাই নিজকে বান্ধিলোঁ৷
१४उन्होंने प्रधान याजकों और प्राचीनों के पास आकर कहा, “हमने यह ठाना है कि जब तक हम पौलुस को मार न डालें, तब तक यदि कुछ भी खाएँ, तो हम पर धिक्कार है।
15 ১৫ এই কাৰণে আপোনালোকৰ মহাসভাৰ সৈতে এই বিষয়ে অধিক নিশ্চিত ভাবে জানিবৰ ছলেৰে, আপোনালোকৰ ওচৰলৈ তেওঁক আনিবৰ বাবে হাজাৰৰ সেনাপতিৰ আগত আবেদন কৰিব, তেতিয়া সি আপোনালোকৰ ওচৰ আহি নাপাওঁতেই আমি তাক বধ কৰিবলৈ সাজু হৈ থাকিম৷”
१५इसलिए अब महासभा समेत सैन्य-दल के सरदार को समझाओ, कि उसे तुम्हारे पास ले आए, मानो कि तुम उसके विषय में और भी ठीक से जाँच करना चाहते हो, और हम उसके पहुँचने से पहले ही उसे मार डालने के लिये तैयार रहेंगे।”
16 ১৬ কিন্তু পৌলৰ ভাগিনিয়েকে তেওঁলোকৰ এই খাপ দিয়া কথা শুনি, দুর্গত সোমাই গৈ পৌলক ক’লে৷
१६और पौलुस के भांजे ने सुना कि वे उसकी घात में हैं, तो गढ़ में जाकर पौलुस को सन्देश दिया।
17 ১৭ তেতিয়া পৌলে এজন এশৰ সেনাপতিক মাতি ক’লে, “এই ডেকাক হাজাৰৰ সেনাপতিৰ ওচৰলৈ লৈ যোৱা, কিয়নো তেওঁৰ আগত এই বিষয়ে কোনো সম্বাদ জনাবলৈ আছে৷”
१७पौलुस ने सूबेदारों में से एक को अपने पास बुलाकर कहा, “इस जवान को सैन्य-दल के सरदार के पास ले जाओ, यह उससे कुछ कहना चाहता है।”
18 ১৮ তেতিয়া তেওঁ তাক লগত লৈ হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ ক’লে, “আপোনাৰ আগত এই ডেকাৰ কিবা কথা কবলৈ আছে বুলি বন্দীয়াৰ পৌলে মোক মাতি আপোনাৰ ওচৰলৈ ইয়াক আনিবলৈ মিনতি কৰিলে৷”
१८अतः उसने उसको सैन्य-दल के सरदार के पास ले जाकर कहा, “बन्दी पौलुस ने मुझे बुलाकर विनती की, कि यह जवान सैन्य-दल के सरदार से कुछ कहना चाहता है; इसे उसके पास ले जा।”
19 ১৯ হাজাৰৰ সেনাপতিয়ে তাক হাতত ধৰি লৈ, এফলীয়া হৈ গুপুতে সুধিলে, “মোক ক’বলৈ তোমাৰ কি কথা আছে?”
१९सैन्य-दल के सरदार ने उसका हाथ पकड़कर, और उसे अलग ले जाकर पूछा, “तू मुझसे क्या कहना चाहता है?”
20 ২০ ডেকাজনে ক’লে, “আপুনি পৌলৰ বিষয়ে সুধি জানিব খোজাৰ নিচিনাকৈ, তেওঁক কালিলৈ মহাসভালৈ যেন লৈ যাব, আপোনাৰ আগত এনে নিবেদন কৰিবলৈ ইহুদী সকলে সিদ্ধান্ত কৰিছে৷
२०उसने कहा, “यहूदियों ने एका किया है, कि तुझ से विनती करें कि कल पौलुस को महासभा में लाए, मानो तू और ठीक से उसकी जाँच करना चाहता है।
21 ২১ এতেকে আপুনি তেওঁলোকৰ কথা নুশুনিব, কাৰণ তেওঁলোক চল্লিশ জনতকৈ অধিক মানুহে পৌলক বধ নকৰালৈকে ভোজন-পান নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিছে আৰু এই প্ৰতিজ্ঞাৰে নিজকে বান্ধি খাপ দি আছে৷ আনকি তেওঁলোক সাঁজু হৈ আপোনাৰ অনুমতিলৈ বাট চাই আছে৷”
२१परन्तु उनकी मत मानना, क्योंकि उनमें से चालीस के ऊपर मनुष्य उसकी घात में हैं, जिन्होंने यह ठान लिया है कि जब तक वे पौलुस को मार न डालें, तब तक न खाएँगे और न पीएँगे, और अब वे तैयार हैं और तेरे वचन की प्रतीक्षा कर रहे हैं।”
22 ২২ তেতিয়া হাজাৰৰ সেনাপতিয়ে সেই ডেকাক বিদায় দিয়াৰ পূর্বে এই আদেশ দিলে, “তুমি যে এইবোৰ কথা মোৰ আগত প্ৰকাশ কৰিলা, পুনৰ কাকো নকবা৷”
२२तब सैन्य-दल के सरदार ने जवान को यह निर्देश देकर विदा किया, “किसी से न कहना कि तूने मुझ को ये बातें बताई हैं।”
23 ২৩ তেতিয়া তেওঁ এশৰ সেনাপতি সকলৰ দুজনক ওচৰলৈ মাতি আনি আজ্ঞা দিলে, “ৰাতি ন বজাত চীজাৰিয়া যাবলৈ দুশ জন সৈন্য, সত্তৰ জন অশ্বাৰোহী আৰু দুশ বৰছা-ধাৰী সৈন্য যুগুত কৰা৷”
२३उसने तब दो सूबेदारों को बुलाकर कहा, “दो सौ सिपाही, सत्तर सवार, और दो सौ भालैत को कैसरिया जाने के लिये तैयार कर रख, तू रात के तीसरे पहर को निकलना।
24 ২৪ আৰু পৌলক নিৰাপদে ফীলিক্স দেশাধিপতিৰ ওচৰলৈ বহুৱাই লৈ যোৱা বাহনো যুগুত কৰিবলৈ তেওঁলোকক আজ্ঞা দিলে।
२४और पौलुस की सवारी के लिये घोड़े तैयार रखो कि उसे फेलिक्स राज्यपाल के पास सुरक्षित पहुँचा दें।”
25 ২৫ পাছত তেওঁ এইদৰে পত্ৰ লিখি দিলে,
२५उसने इस प्रकार की चिट्ठी भी लिखी:
26 ২৬ “মহামহিম শ্ৰীযুক্ত ফীলিক্স দেশাধিপতিলৈ ক্লৌদিয় লুচিয়ৰ নমস্কাৰ৷
२६“महाप्रतापी फेलिक्स राज्यपाल को क्लौदियुस लूसियास को नमस्कार;
27 ২৭ এই মানুহ জনক ইহুদী লোকে ধৰি বধ কৰিবলৈ উদ্যত হৈছে, সেনাবোৰে সৈতে গৈ, এওঁ এজন ৰোমীয়া মানুহ বুলি জানি, মই এওঁক উদ্ধাৰ কৰিলোঁ৷
२७इस मनुष्य को यहूदियों ने पकड़कर मार डालना चाहा, परन्तु जब मैंने जाना कि वो रोमी है, तो सैन्य-दल लेकर छुड़ा लाया।
28 ২৮ পাছত কি কাৰণে তেওঁলোকে এওঁক অপবাদ দিছে, তাক জানিবৰ মনেৰে তেওঁলোকৰ মহাসভালৈ এওঁক নিয়াও হৈছিল৷
२८और मैं जानना चाहता था, कि वे उस पर किस कारण दोष लगाते हैं, इसलिए उसे उनकी महासभा में ले गया।
29 ২৯ তাতে প্ৰাণদণ্ড বা কাৰাদণ্ডৰ বন্ধন পোৱাৰ যোগ্য এনে কোনো অপবাদ দিয়া হোৱা নাই, কিন্তু তেওঁলোকৰ বিধানৰ ওপৰত বাদ-বিচাৰ কৰি কোনো দোষ ধৰা যেনহে পালোঁ৷
२९तब मैंने जान लिया, कि वे अपनी व्यवस्था के विवादों के विषय में उस पर दोष लगाते हैं, परन्तु मार डाले जाने या बाँधे जाने के योग्य उसमें कोई दोष नहीं।
30 ৩০ পাছত এওঁৰ বিৰুদ্ধে কৰা চক্ৰান্তৰ কথা মোক জনোৱা হ’ল আৰু সেয়ে সিদ্ধ হোৱাৰ আগন্তুক দেখি, মই তৎক্ষণাৎ এওঁক আপোনাৰ ওচৰলৈ পঠাই দিলোঁ আৰু এওঁৰ গুচৰীয়া সকলকো আপোনাৰ আগত এওঁৰ বিৰুদ্ধে গোচৰ কৰিবলৈ আজ্ঞা দিলোঁ৷ ইতি।”
३०और जब मुझे बताया गया, कि वे इस मनुष्य की घात में लगे हैं तो मैंने तुरन्त उसको तेरे पास भेज दिया; और मुद्दइयों को भी आज्ञा दी, कि तेरे सामने उस पर आरोप लगाए।”
31 ৩১ পাছত সেনা সকলে আজ্ঞা অনুসাৰে ৰাতিতে পৌলক তুলি, আন্তপাত্ৰি নগৰলৈ নিলে৷
३१अतः जैसे सिपाहियों को आज्ञा दी गई थी, वैसे ही पौलुस को लेकर रातों-रात अन्तिपत्रिस में लाए।
32 ৩২ কিন্তু পাছদিনা অশ্বাৰোহী সকলক তেওঁৰ লগত যাবলৈ দি দুর্গলৈ উলটি আহিল৷
३२दूसरे दिन वे सवारों को उसके साथ जाने के लिये छोड़कर आप गढ़ को लौटे।
33 ৩৩ পাছত তেওঁলোকে চীজাৰিয়া পাই, দেশাধিপতিক পত্ৰ খন দি, তেওঁৰ আগত পৌলকো হাজিৰ কৰালে৷
३३उन्होंने कैसरिया में पहुँचकर राज्यपाल को चिट्ठी दी; और पौलुस को भी उसके सामने खड़ा किया।
34 ৩৪ তেতিয়া তেওঁ সেই পত্ৰ পঢ়ি পৌল কোন প্ৰদেশৰ বুলি সুধিলে; পাছে কিলিকিয়াৰ বুলি জানি,
३४उसने पढ़कर पूछा, “यह किस प्रदेश का है?” और जब जान लिया कि किलिकिया का है;
35 ৩৫ তেওঁ ক’লে, “তোমাৰ গুচৰীয়াবোৰ আহিলেহে মই তোমাৰ কথা শুনিম৷” তেতিয়া তেওঁ হেৰোদৰ প্ৰিটৰিয়মত ৰাখিবলৈ তেওঁক আজ্ঞা দিলে৷
३५तो उससे कहा, “जब तेरे मुद्दई भी आएँगे, तो मैं तेरा मुकद्दमा करूँगा।” और उसने उसे हेरोदेस के किले में, पहरे में रखने की आज्ञा दी।