< পাঁচনি 22 >
1 ১ হে ভাই আৰু পিতৃসকল, এতিয়া আপোনালোকৰ আগত মই নিজৰ পক্ষে যি উত্তৰ দিম, সেই বিষয়ে শুনকচোন৷
he pitRgaNA he bhrAtRgaNAH, idAnIM mama nivedane samavadhatta|
2 ২ যেতিয়া লোকসকলে ইব্ৰী ভাষাৰে কথা কোৱা শুনিলে, তেতিয়া তেওঁলোক নিমাত হ’ল৷ তেওঁ কলে,
tadA sa ibrIyabhASayA kathAM kathayatIti zrutvA sarvve lokA atIva niHzabdA santo'tiSThan|
3 ৩ “মই যিহুদী মানুহ, কিলিকিয়া দেশৰ তাৰ্চ নগৰ মোৰ ওপজা ঠাই, কিন্তু এই নগৰত প্ৰতিপালিত হৈ, গমলীয়েল অধ্যাপকৰ চৰণত ঠিকমতে আমাৰ পূৰ্ব-পুৰুষ সকলৰ পৰা প্ৰচলিত বিধানৰ শিক্ষা পালোঁ; আৰু আজি আপোনালোক যেনে হৈ আছে, ময়ো সেইদৰে ঈশ্বৰলৈ উৎসাহী হৈ আছিলোঁ;
pazcAt so'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdezasya tArSanagaraM mama janmabhUmiH, etannagarIyasya gamilIyelanAmno'dhyApakasya ziSyo bhUtvA pUrvvapuruSANAM vidhivyavasthAnusAreNa sampUrNarUpeNa zikSito'bhavam idAnIntanA yUyaM yAdRzA bhavatha tAdRzo'hamapIzvarasevAyAm udyogI jAtaH|
4 ৪ আৰু এই পথৰ পুৰুষ আৰু মহিলা সকলক বান্ধি বন্দীশালত শোধাই দি, আনকি মৰণলৈকে তেওঁলোকৰ ওপৰত তাড়না কৰিছিলোঁ৷
matametad dviSTvA tadgrAhinArIpuruSAn kArAyAM baddhvA teSAM prANanAzaparyyantAM vipakSatAm akaravam|
5 ৫ এই বিষয়ে মহা-পুৰোহিত আৰু পৰিচাৰক সকলৰ সমাজ খনো মোৰ সাক্ষী আছে৷ তেখেত সকলৰ পৰাই পত্ৰ লৈ, দম্মেচকত যি সকল এই পথৰ ভাই আছিল, সেই লোকসকলক দণ্ড দি বান্ধি যিৰূচালেমলৈ আনিবৰ কাৰণে তালৈ যাত্ৰাও কৰিছিলোঁ৷
mahAyAjakaH sabhAsadaH prAcInalokAzca mamaitasyAH kathAyAH pramANaM dAtuM zaknuvanti, yasmAt teSAM samIpAd dammeSakanagaranivAsibhrAtRgaNArtham AjJApatrANi gRhItvA ye tatra sthitAstAn daNDayituM yirUzAlamam AnayanArthaM dammeSakanagaraM gatosmi|
6 ৬ কিন্তু মই যাত্ৰা কৰি দম্মেচক নগৰৰ ওচৰ পাওঁতে, দুপৰীয়া সময়ত অকস্মাতে আকাশৰ পৰা উজ্বল পোহৰ আহি মোৰ চাৰিওফালে প্ৰকাশিত হ’ল৷
kintu gacchan tannagarasya samIpaM prAptavAn tadA dvitIyapraharavelAyAM satyAm akasmAd gagaNAnnirgatya mahatI dIpti rmama caturdizi prakAzitavatI|
7 ৭ তাতে মই মাটিত বাগৰি পৰিলোঁ আৰু ‘হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?’ মোলৈ কোৱা এনে বাণী শুনিলোঁ৷
tato mayi bhUmau patite sati, he zaula he zaula kuto mAM tADayasi? mAmprati bhASita etAdRza eko ravopi mayA zrutaH|
8 ৮ মই উত্তৰ দিলোঁ, “হে প্ৰভু, আপুনি কোন?” তেওঁ মোক ক’লে, ‘তুমি যি জনক তাড়না কৰিছা, মই সেই নাচৰতীয়া যীচু৷’”
tadAhaM pratyavadaM, he prabhe ko bhavAn? tataH so'vAdIt yaM tvaM tADayasi sa nAsaratIyo yIzurahaM|
9 ৯ মোৰ সঙ্গীসকলেও সেই পোহৰ দেখিবলৈ পালে, কিন্তু মোক কথা কোৱা জনৰ মাত শুনা নাছিল৷
mama saGgino lokAstAM dIptiM dRSTvA bhiyaM prAptAH, kintu mAmpratyuditaM tadvAkyaM te nAbudhyanta|
10 ১০ পাছত মই সুধিলোঁ, ‘প্ৰভু, মই কি কৰিব লাগিব’? প্ৰভুৱে মোক ক’লে, ‘উঠা আৰু দম্মেচকলৈ যোৱা; তাতে তুমি কৰিবলগীয়া যি যি আছে, সেই সকলোবোৰৰ বিষয়ে তোমাক তাতে কোৱা হ’ব৷’
tataH paraM pRSTavAnahaM, he prabho mayA kiM karttavyaM? tataH prabhurakathayat, utthAya dammeSakanagaraM yAhi tvayA yadyat karttavyaM nirUpitamAste tat tatra tvaM jJApayiSyase|
11 ১১ সেই পোহৰৰ প্ৰতাপৰ কাৰণে মই দেখা পোৱা নাছিলোঁ, সেয়েহে সঙ্গীসকলৰ হাতত ধৰি দম্মেচকলৈ গ’লো৷
anantaraM tasyAH kharataradIpteH kAraNAt kimapi na dRSTvA saGgigaNena dhRtahastaH san dammeSakanagaraM vrajitavAn|
12 ১২ পাছে সেই নগৰ নিবাসী ইহুদী সকলৰ মাজত সুখ্যাতি পোৱা অননিয় নামেৰে বিধানৰ ভক্ত এজনক লগ পালোঁ৷
tannagaranivAsinAM sarvveSAM yihUdIyAnAM mAnyo vyavasthAnusAreNa bhaktazca hanAnIyanAmA mAnava eko
13 ১৩ পাছত তেওঁ আহি মোৰ ওচৰত থিয় হৈ কলে, ‘হে ভাই চৌল, দৃষ্টি পোৱা৷’ সেই মুহুৰ্ততে মই তেওঁক দেখা পালোঁ৷
mama sannidhim etya tiSThan akathayat, he bhrAtaH zaula sudRSTi rbhava tasmin daNDe'haM samyak taM dRSTavAn|
14 ১৪ পাছত তেওঁ মোক কলে, ‘আমাৰ ওপৰ-পুৰুষ সকলৰ ঈশ্বৰে তোমাক মনোনীত কৰিলে, যাতে তুমি ঈশ্বৰৰ ইচ্ছা জানা আৰু ধাৰ্মিক জনক দেখা পোৱা৷ এতিয়া তেওঁৰ মুখৰ বাক্য শুনা;
tataH sa mahyaM kathitavAn yathA tvam IzvarasyAbhiprAyaM vetsi tasya zuddhasattvajanasya darzanaM prApya tasya zrImukhasya vAkyaM zRNoSi tannimittam asmAkaM pUrvvapuruSANAm IzvarastvAM manonItaM kRtavAnaM|
15 ১৫ কাৰণ যি যি দেখিলা, শুনিলা, সকলো মানুহৰ আগত তেওঁলৈ তাৰ সাক্ষী হ’বা৷
yato yadyad adrAkSIrazrauSIzca sarvveSAM mAnavAnAM samIpe tvaM teSAM sAkSI bhaviSyasi|
16 ১৬ এতিয়া কিয় পলম কৰিছা? উঠা, তেওঁৰ নামত প্ৰাৰ্থনা কৰি বাপ্তাইজিত হৈ, নিজৰ পাপ ধুই পেলোৱা৷’
ataeva kuto vilambase? prabho rnAmnA prArthya nijapApaprakSAlanArthaM majjanAya samuttiSTha|
17 ১৭ তাৰ পাছত মই যিৰূচালেমলৈ উলটি আহি মন্দিৰত প্ৰাৰ্থনা কৰি থাকোতে মুৰ্চ্ছা গ’লো৷
tataH paraM yirUzAlamnagaraM pratyAgatya mandire'ham ekadA prArthaye, tasmin samaye'ham abhibhUtaH san prabhUM sAkSAt pazyan,
18 ১৮ তাতে তেওঁ মোক কোৱা শুনিলো, ‘তুমি লৰালৰিকৈ যিৰূচালেমৰ পৰা বেগাই ওলাই যোৱা, কিয়নো এই মানুহবোৰে তুমি মোৰ বিষয়ে দিয়া সাক্ষ্য গ্ৰহণ নকৰিব৷’
tvaM tvarayA yirUzAlamaH pratiSThasva yato lokAmayi tava sAkSyaM na grahISyanti, mAmpratyuditaM tasyedaM vAkyam azrauSam|
19 ১৯ মই ক’লো, ‘হে প্ৰভু, মই যে প্ৰত্যেক নাম-ঘৰত সোমাই তোমাক বিশ্বাস কৰা সকলক কোবাই কোবাই বন্দীশালত থৈছিলোঁ
tatohaM pratyavAdiSam he prabho pratibhajanabhavanaM tvayi vizvAsino lokAn baddhvA prahRtavAn,
20 ২০ আৰু তোমাৰ সাক্ষী স্তিফানৰ ৰক্তপাতৰ সময়ত, ময়ো নিজে ওচৰত থিয় হৈ সন্মতি দি, তেওঁক বধ কৰা সকলৰ কাপোৰ ৰাখিছিলোঁ৷’
tathA tava sAkSiNaH stiphAnasya raktapAtanasamaye tasya vinAzaM sammanya sannidhau tiSThan hantRlokAnAM vAsAMsi rakSitavAn, etat te viduH|
21 ২১ কিন্তু তেওঁ মোক কলে, ‘যোৱা, কিয়নো মই তোমাক দুৰৈত থকা অনা-ইহুদী সকলৰ ওচৰলৈ পঠিয়াম৷’
tataH so'kathayat pratiSThasva tvAM dUrasthabhinnadezIyAnAM samIpaM preSayiSye|
22 ২২ এইখিনিলৈকে তেওঁৰ কথা শুনি, তেওঁলোকে চিঞৰি কলে, “এনে মানুহক পৃথিৱীৰ পৰা দূৰ কৰক: কিয়নো সি জীয়াই থকাৰ যোগ্য নহয়৷”
tadA lokA etAvatparyyantAM tadIyAM kathAM zrutvA proccairakathayan, enaM bhUmaNDalAd dUrIkuruta, etAdRzajanasya jIvanaM nocitam|
23 ২৩ তেওঁলোকে ৰিঙিয়াই ৰিঙিয়াই, নিজৰ নিজৰ কাপোৰ পেলাই, ওপৰলৈ ধুলি উৰুৱাই থাকোঁতে,
ityuccaiH kathayitvA vasanAni parityajya gagaNaM prati dhUlIrakSipan
24 ২৪ হাজাৰৰ সেনাপতিয়ে পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে আৰু তেওঁৰ অহিতে মানুহবোৰে কি কাৰণত এনেদৰে আটাহ পাৰিছে, সেই বিষয়ে জানিবলৈ তেওঁক চাবুকেৰে কোবাই সুধিবলৈ আজ্ঞা দিলে৷
tataH sahasrasenApatiH paulaM durgAbhyantara netuM samAdizat| etasya pratikUlAH santo lokAH kinnimittam etAvaduccaiHsvaram akurvvan, etad vettuM taM kazayA prahRtya tasya parIkSAM karttumAdizat|
25 ২৫ পাছত তেওঁক চাবুকেৰে কোবাবলৈ চামৰাৰ ফিটাৰে বন্ধা হ’ল, তেতিয়া পৌলে ওচৰত থিয় হৈ থকা এশৰ সেনাপতিক কলে, “বিনা দণ্ডাজ্ঞাৰে ৰোমীয়া মানুহক চাবুকেৰে কোবাবলৈ আইন মতে আপোনালোকৰ ক্ষমতা আছে নে?”
padAtayazcarmmanirmmitarajjubhistasya bandhanaM karttumudyatAstAstadAnIM paulaH sammukhasthitaM zatasenApatim uktavAn daNDAjJAyAm aprAptAyAM kiM romilokaM praharttuM yuSmAkam adhikArosti?
26 ২৬ এশৰ সেনাপতিয়ে এই কথা শুনি হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ কলে, “আপুনি কি কৰিবলৈ উদ্যত হৈছে? কিয়নো এই মানুহ জন এগৰাকী ৰোমীয়া নাগৰিক৷”
enAM kathAM zrutvA sa sahasrasenApateH sannidhiM gatvA tAM vArttAmavadat sa romiloka etasmAt sAvadhAnaH san karmma kuru|
27 ২৭ তেতিয়া হাজাৰৰ সেনাপতিয়ে আহি তেওঁক কলে, “মোক কোৱাচোন, তুমি এগৰাকী ৰোমীয়া নাগৰিক নে?” পৌলে কলে, “হয়”৷
tasmAt sahasrasenApati rgatvA tamaprAkSIt tvaM kiM romilokaH? iti mAM brUhi| so'kathayat satyam|
28 ২৮ হাজাৰৰ সেনাপতিয়ে উত্তৰ দিলে, “মই ভালেমান ধন ভৰিহে নাগৰিকত্ব লাভ কৰিছিলোঁ৷” কিন্তু পৌলে কলে, “মই জন্মতেই এজন ৰোমীয় নাগৰিক৷”
tataH sahasrasenApatiH kathitavAn bahudraviNaM dattvAhaM tat paurasakhyaM prAptavAn; kintu paulaH kathitavAn ahaM janunA tat prApto'smi|
29 ২৯ তেতিয়া যি সকলে তেওঁৰ সোধ-বিচাৰ কৰিবলৈ উদ্যত হৈছিল, তেওঁলোকে তেতিয়াই তেওঁৰ ওচৰৰ পৰা গুচি গ’ল আৰু হাজাৰৰ সেনাপতিয়ে পৌল এগৰাকী ৰোমীয়া নাগৰিক বুলি জানি ভয় খালে, কাৰণ তেওঁ নিজে তেওঁক বন্ধাইছিল৷
itthaM sati ye prahAreNa taM parIkSituM samudyatA Asan te tasya samIpAt prAtiSThanta; sahasrasenApatistaM romilokaM vijJAya svayaM yat tasya bandhanam akArSIt tatkAraNAd abibhet|
30 ৩০ পাছদিনা ইহুদী সকলে পৌলক কি অপবাদ দিছিল, হাজাৰৰ সেনাপতিয়ে তাৰ নিশ্চয়তা জানিব বিচাৰিলে৷ গতিকে তেওঁক বান্ধোনৰ পৰা মুকলি কৰি দিলে আৰু প্ৰধান পুৰোহিত সকল আৰু মহাসভাৰ সকলোকে গোট খাবলৈ আজ্ঞা দিলে৷ পাছত তেওঁ পৌলক নমাই আনি তেওঁলোকৰ মাজত উপস্থিত কৰালে৷
yihUdIyalokAH paulaM kuto'pavadante tasya vRttAntaM jJAtuM vAJchan sahasrasenApatiH pare'hani paulaM bandhanAt mocayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalokAzca samupasthAtum Adizya teSAM sannidhau paulam avarohya sthApitavAn|