< পাঁচনি 22 >

1 হে ভাই আৰু পিতৃসকল, এতিয়া আপোনালোকৰ আগত মই নিজৰ পক্ষে যি উত্তৰ দিম, সেই বিষয়ে শুনকচোন৷
ⲁ̅ⲚⲒⲢⲰⲘⲒ ⲚⲒⲤⲚⲎⲞⲨ ⲞⲨⲞϨ ⲚⲒⲒⲞϮ ⲤⲰⲦⲈⲘ ⲈⲦⲀⲀⲠⲞⲖⲞⲄⲒⲀ ⲈⲦⲈ ⲚⲦⲎⲒ ϢⲀⲢⲰⲦⲈⲚ ϮⲚⲞⲨ.
2 যেতিয়া লোকসকলে ইব্ৰী ভাষাৰে কথা কোৱা শুনিলে, তেতিয়া তেওঁলোক নিমাত হ’ল৷ তেওঁ কলে,
ⲃ̅ⲈⲦⲀⲨⲤⲰⲦⲈⲘ ⲆⲈ ϪⲈ ⲀϤⲈⲢⲞⲨⲰ ⲚⲰⲞⲨ ϦⲈⲚϮⲀⲤⲠⲒ ⲘⲘⲈⲦϨⲈⲂⲢⲈⲞⲤ ⲘⲀⲖⲖⲞⲚ ⲆⲈ ⲀⲨⲬⲀⲢⲰⲞⲨ ⲞⲨⲞϨ ⲠⲈϪⲀϤ
3 “মই যিহুদী মানুহ, কিলিকিয়া দেশৰ তাৰ্চ নগৰ মোৰ ওপজা ঠাই, কিন্তু এই নগৰত প্ৰতিপালিত হৈ, গমলীয়েল অধ্যাপকৰ চৰণত ঠিকমতে আমাৰ পূৰ্ব-পুৰুষ সকলৰ পৰা প্ৰচলিত বিধানৰ শিক্ষা পালোঁ; আৰু আজি আপোনালোক যেনে হৈ আছে, ময়ো সেইদৰে ঈশ্বৰলৈ উৎসাহী হৈ আছিলোঁ;
ⲅ̅ϪⲈ ⲀⲚⲞⲔ ⲘⲈⲚ ⲀⲚⲞⲔ ⲞⲨⲢⲰⲘⲒ ⲚⲒⲞⲨⲆⲀⲒ ⲀⲨⲘⲀⲤⲦ ϦⲈⲚⲦⲀⲢⲤⲞⲤ ⲚⲦⲈϮⲔⲨⲖⲒⲔⲒⲀ ⲈⲀⲨϢⲀⲚⲞⲨϢⲦ ϦⲈⲚⲦⲀⲒⲠⲞⲖⲒⲤ ϦⲀⲦⲈⲚ ⲚⲈⲚϬⲀⲖⲀⲨϪ ⲚⲄⲀⲘⲀⲖⲒⲎⲖ ⲪⲀⲒ ⲈⲦⲀϤⲦⲤⲀⲂⲞⲒ ⲈⲠⲦⲀϪⲢⲞ ⲚⲦⲈⲪⲚⲞⲘⲞⲤ ⲚⲦⲈⲚⲈⲚⲒⲞϮ ⲈⲒⲞⲒ ⲚⲢⲈϤⲬⲞϨ ⲚⲦⲈⲪⲚⲞⲨϮ ⲔⲀⲦⲀ ⲪⲢⲎϮ ϨⲰⲦⲈⲚ ⲈⲦⲈⲦⲈⲚⲞⲒ ⲘⲘⲞⲤ ⲚⲐⲰⲦⲈⲚ ⲦⲎⲢⲞⲨ ⲘⲪⲞⲞⲨ.
4 আৰু এই পথৰ পুৰুষ আৰু মহিলা সকলক বান্ধি বন্দীশালত শোধাই দি, আনকি মৰণলৈকে তেওঁলোকৰ ওপৰত তাড়না কৰিছিলোঁ৷
ⲇ̅ⲈⲀⲒϬⲞϪⲒ ⲚⲤⲀⲠⲀⲒⲘⲰⲒⲦ ϢⲀ ⲈϦⲢⲎⲒ ⲈⲪⲘⲞⲨ ⲈⲒⲤⲰⲚϨ ⲚϨⲀⲚⲢⲰⲘⲒ ⲚⲈⲘ ϨⲀⲚϨⲒⲞⲘⲒ ⲈⲒϨⲒⲞⲨⲒ ⲘⲘⲰⲞⲨ ⲈⲠϢⲦⲈⲔⲞ.
5 এই বিষয়ে মহা-পুৰোহিত আৰু পৰিচাৰক সকলৰ সমাজ খনো মোৰ সাক্ষী আছে৷ তেখেত সকলৰ পৰাই পত্ৰ লৈ, দম্মেচকত যি সকল এই পথৰ ভাই আছিল, সেই লোকসকলক দণ্ড দি বান্ধি যিৰূচালেমলৈ আনিবৰ কাৰণে তালৈ যাত্ৰাও কৰিছিলোঁ৷
ⲉ̅ⲘⲪⲢⲎϮ ⲈⲦⲈ ⲠⲒⲀⲢⲬⲒⲈⲢⲈⲨⲤ ⲞⲒ ⲘⲘⲈⲐⲢⲈ ⲚⲎⲒ ⲚⲈⲘ ⲚⲒⲠⲢⲈⲤⲂⲨⲦⲈⲢⲞⲤ ⲦⲎⲢⲞⲨ ⲚⲎ ⲈⲦⲀⲒϬⲒ ⲈⲠⲒⲤⲦⲞⲖⲎ ⲚⲦⲞⲦⲞⲨ ϢⲀ ⲚⲒⲤⲚⲎⲞⲨ ⲚⲀⲒⲚⲀ ⲆⲈ ⲈⲆⲀⲘⲀⲤⲔⲞⲤ ⲈⲒⲚⲒ ⲚⲚⲒⲔⲈⲬⲰⲞⲨⲚⲒ ⲈⲦⲈⲘⲘⲀⲨ ⲈⲨⲤⲞⲚϨ ⲈϨⲢⲎⲒ ⲈⲒⲈⲢⲞⲤⲀⲖⲎⲘ ϨⲒⲚⲀ ⲚⲤⲈϮⲘⲔⲀϨ ⲚⲰⲞⲨ.
6 কিন্তু মই যাত্ৰা কৰি দম্মেচক নগৰৰ ওচৰ পাওঁতে, দুপৰীয়া সময়ত অকস্মাতে আকাশৰ পৰা উজ্বল পোহৰ আহি মোৰ চাৰিওফালে প্ৰকাশিত হ’ল৷
ⲋ̅ⲀⲤϢⲰⲠⲒ ⲆⲈ ⲘⲘⲞⲒ ⲈⲒⲘⲞϢⲒ ⲞⲨⲞϨ ⲈⲦⲀⲒϦⲰⲚⲦ ⲈⲆⲀⲘⲀⲤⲔⲞⲤ ⲘⲠⲔⲰϮ ⲘⲘⲈⲢⲒ ⲚⲞⲨϨⲞϮ ϦⲈⲚⲞⲨϨⲞϮ ⲀϤⲈⲢⲞⲨⲰⲒⲚⲒ ⲈϨⲢⲎⲒ ⲈϪⲰⲒ ⲚϪⲈⲞⲨⲚⲒϢϮ ⲚⲞⲨⲰⲒⲚⲒ ⲈⲂⲞⲖ ϦⲈⲚⲦⲪⲈ.
7 তাতে মই মাটিত বাগৰি পৰিলোঁ আৰু ‘হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?’ মোলৈ কোৱা এনে বাণী শুনিলোঁ৷
ⲍ̅ⲀⲒϨⲈⲒ ⲆⲈ ⲈⲠⲈⲤⲎⲦ ⲞⲨⲞϨ ⲀⲒⲤⲰⲦⲈⲘ ⲈⲞⲨⲤⲘⲎ ⲈⲤϪⲰ ⲘⲘⲞⲤ ⲚⲎⲒ ϪⲈ ⲤⲀⲞⲨⲖ ⲤⲀⲞⲨⲖ ⲀϦⲞⲔ ⲔϬⲞϪⲒ ⲚⲤⲰⲒ.
8 মই উত্তৰ দিলোঁ, “হে প্ৰভু, আপুনি কোন?” তেওঁ মোক ক’লে, ‘তুমি যি জনক তাড়না কৰিছা, মই সেই নাচৰতীয়া যীচু৷’”
ⲏ̅ⲀⲚⲞⲔ ⲆⲈ ⲀⲒⲈⲢⲞⲨⲰ ϪⲈ ⲚⲐⲞⲔ ⲚⲒⲘ ⲠϬⲞⲒⲤ ⲠⲈϪⲀϤ ⲆⲈ ⲚⲎⲒ ϪⲈ ⲀⲚⲞⲔ ⲠⲈ ⲒⲎⲤⲞⲨⲤ ⲠⲒⲚⲀⲌⲰⲢⲈⲞⲤ ⲪⲎ ⲚⲐⲞⲔ ⲈⲦⲈⲔϬⲞϪⲒ ⲚⲤⲰϤ.
9 মোৰ সঙ্গীসকলেও সেই পোহৰ দেখিবলৈ পালে, কিন্তু মোক কথা কোৱা জনৰ মাত শুনা নাছিল৷
ⲑ̅ⲚⲎ ⲆⲈ ⲈⲚⲀⲨⲚⲈⲘⲎⲒ ⲚⲀⲨⲚⲀⲨ ⲘⲈⲚ ⲈⲠⲒⲞⲨⲰⲒⲚⲒ ⲘⲠⲞⲨⲤⲰⲦⲈⲘ ⲆⲈ ⲈⲦⲤⲘⲎ ⲘⲠⲈⲦⲤⲀϪⲒ ⲚⲈⲘⲎⲒ.
10 ১০ পাছত মই সুধিলোঁ, ‘প্ৰভু, মই কি কৰিব লাগিব’? প্ৰভুৱে মোক ক’লে, ‘উঠা আৰু দম্মেচকলৈ যোৱা; তাতে তুমি কৰিবলগীয়া যি যি আছে, সেই সকলোবোৰৰ বিষয়ে তোমাক তাতে কোৱা হ’ব৷’
ⲓ̅ⲠⲈϪⲎⲒ ⲆⲈ ϪⲈ ⲞⲨ ⲠⲈϮⲚⲀⲀⲒϤ ⲠϬⲞⲒⲤ ⲠϬⲞⲒⲤ ⲆⲈ ⲠⲈϪⲀϤ ⲚⲎⲒ ϪⲈ ⲦⲰⲚⲔ ⲘⲀϢⲈ ⲚⲀⲔ ⲈϨⲢⲎⲒ ⲈⲆⲀⲘⲀⲤⲔⲞⲤ ⲞⲨⲞϨ ⲤⲈⲚⲀⲤⲀϪⲒ ⲚⲈⲘⲀⲔ ⲘⲘⲀⲨ ⲈⲐⲂⲈ ϨⲰⲂ ⲚⲒⲂⲈⲚ ⲈⲦⲀⲨⲐⲀϢⲞⲨ ⲚⲀⲔ ⲈⲐⲢⲈⲔⲀⲒⲦⲞⲨ.
11 ১১ সেই পোহৰৰ প্ৰতাপৰ কাৰণে মই দেখা পোৱা নাছিলোঁ, সেয়েহে সঙ্গীসকলৰ হাতত ধৰি দম্মেচকলৈ গ’লো৷
ⲓ̅ⲁ̅ⲀⲤϢⲰⲠⲒ ⲆⲈ ⲚϮⲚⲀⲨ ⲘⲂⲞⲖ ⲀⲚ ⲚⲦⲈⲚ ⲠⲰⲞⲨ ⲘⲠⲒⲞⲨⲰⲒⲚⲒ ⲈⲦⲈⲘⲘⲀⲨ ⲀⲨⲀⲘⲞⲚⲒ ⲆⲈ ⲚⲦⲀϪⲒϪ ⲚϪⲈⲚⲎ ⲈⲐⲚⲈⲘⲎⲒ ⲀⲒⲒ ⲈⲆⲀⲘⲀⲤⲔⲞⲤ.
12 ১২ পাছে সেই নগৰ নিবাসী ইহুদী সকলৰ মাজত সুখ্যাতি পোৱা অননিয় নামেৰে বিধানৰ ভক্ত এজনক লগ পালোঁ৷
ⲓ̅ⲃ̅ⲞⲨⲀⲒ ⲆⲈ ϪⲈ ⲀⲚⲀⲚⲒⲀⲤ ⲞⲨⲢⲰⲘⲒ ⲈϤⲈⲢϨⲞϮ ⲔⲀⲦⲀ ⲠⲒⲚⲞⲘⲞⲤ ⲈⲨⲈⲢⲘⲈⲐⲢⲈ ϦⲀⲢⲞϤ ⲚϪⲈⲚⲒⲒⲞⲨⲆⲀⲒ ⲦⲎⲢⲞⲨ ⲈⲦϢⲞⲠ ⲘⲘⲀⲨ.
13 ১৩ পাছত তেওঁ আহি মোৰ ওচৰত থিয় হৈ কলে, ‘হে ভাই চৌল, দৃষ্টি পোৱা৷’ সেই মুহুৰ্ততে মই তেওঁক দেখা পালোঁ৷
ⲓ̅ⲅ̅ⲈⲦⲀϤⲒ ⲆⲈ ϢⲀⲢⲞⲒ ⲞⲨⲞϨ ⲈⲦⲀϤⲞϨⲒ ⲈⲢⲀⲦϤ ⲠⲈϪⲀϤ ⲚⲎⲒ ϪⲈ ⲤⲀⲞⲨⲖ ⲠⲀⲤⲞⲚ ⲀⲚⲀⲨ ⲘⲂⲞⲖ ⲀⲚⲞⲔ ⲆⲈ ϨⲰ ϦⲈⲚϮⲞⲨⲚⲞⲨ ⲈⲦⲈⲘⲘⲀⲨ ⲀⲒⲤⲞⲘⲤ ⲈⲢⲞϤ.
14 ১৪ পাছত তেওঁ মোক কলে, ‘আমাৰ ওপৰ-পুৰুষ সকলৰ ঈশ্বৰে তোমাক মনোনীত কৰিলে, যাতে তুমি ঈশ্বৰৰ ইচ্ছা জানা আৰু ধাৰ্মিক জনক দেখা পোৱা৷ এতিয়া তেওঁৰ মুখৰ বাক্য শুনা;
ⲓ̅ⲇ̅ⲚⲐⲞϤ ⲆⲈ ⲠⲈϪⲀϤ ϪⲈ ⲪⲚⲞⲨϮ ⲚⲦⲈⲚⲈⲚⲒⲞϮ ⲀϤⲈⲢϢⲞⲢⲠ ⲚⲤⲰⲦⲠⲔ ⲈⲈⲘⲒ ⲈⲠⲈⲦⲈϨⲚⲀϤ ⲞⲨⲞϨ ⲈⲚⲀⲨ ⲈⲠⲒⲐⲘⲎⲒ ⲞⲨⲞϨ ⲈⲤⲰⲦⲈⲘ ⲈⲞⲨⲤⲘⲎ ⲈⲂⲞⲖ ϦⲈⲚⲢⲰϤ.
15 ১৫ কাৰণ যি যি দেখিলা, শুনিলা, সকলো মানুহৰ আগত তেওঁলৈ তাৰ সাক্ষী হ’বা৷
ⲓ̅ⲉ̅ϪⲈ ⲬⲚⲀϢⲰⲠⲒ ⲚⲀϤ ⲘⲘⲈⲐⲢⲈ ϦⲀⲦⲈⲚ ⲢⲰⲘⲒ ⲚⲒⲂⲈⲚ ⲈⲐⲂⲈ ⲚⲎ ⲈⲦⲀⲔⲚⲀⲨ ⲈⲢⲰⲞⲨ ⲞⲨⲞϨ ⲈⲦⲀⲔⲤⲞⲐⲘⲞⲨ.
16 ১৬ এতিয়া কিয় পলম কৰিছা? উঠা, তেওঁৰ নামত প্ৰাৰ্থনা কৰি বাপ্তাইজিত হৈ, নিজৰ পাপ ধুই পেলোৱা৷’
ⲓ̅ⲋ̅ⲞⲨⲞϨ ϮⲚⲞⲨ ⲞⲨ ⲠⲈⲦⲈⲔⲚⲀⲀⲒϤ ⲦⲰⲚⲔ ϬⲒⲰⲘⲤ ⲞⲨⲞϨ ϪⲞⲔⲘⲈⲔ ⲈⲂⲞⲖ ϦⲈⲚⲚⲈⲔⲚⲞⲂⲒ ⲈⲔⲦⲰⲂϨ ⲘⲠⲈϤⲢⲀⲚ.
17 ১৭ তাৰ পাছত মই যিৰূচালেমলৈ উলটি আহি মন্দিৰত প্ৰাৰ্থনা কৰি থাকোতে মুৰ্চ্ছা গ’লো৷
ⲓ̅ⲍ̅ⲀⲤϢⲰⲠⲒ ⲆⲈ ⲈⲦⲀⲒⲔⲞⲦⲦ ⲈⲒⲈⲢⲞⲤⲀⲖⲎⲘ ⲞⲨⲞϨ ⲈⲒⲈⲢⲠⲢⲞⲤⲈⲨⲬⲈⲤⲐⲈ ϦⲈⲚⲠⲒⲈⲢⲪⲈⲒ ⲀⲒϢⲰⲠⲒ ϦⲈⲚⲞⲨⲦⲰⲘⲦ.
18 ১৮ তাতে তেওঁ মোক কোৱা শুনিলো, ‘তুমি লৰালৰিকৈ যিৰূচালেমৰ পৰা বেগাই ওলাই যোৱা, কিয়নো এই মানুহবোৰে তুমি মোৰ বিষয়ে দিয়া সাক্ষ্য গ্ৰহণ নকৰিব৷’
ⲓ̅ⲏ̅ⲀⲒⲚⲀⲨ ⲈⲢⲞϤ ⲈϤϪⲰ ⲘⲘⲞⲤ ⲚⲎⲒ ϪⲈ ⲀⲘⲞⲨ ⲚⲬⲰⲖⲈⲘ ⲈⲂⲞⲖ ϦⲈⲚⲒⲈⲢⲞⲤⲀⲖⲎⲘ ϪⲈ ⲞⲨⲎⲒ ⲤⲈⲚⲀϬⲒ ⲘⲈⲦⲘⲈⲐⲢⲈ ⲚⲦⲞⲦⲔ ⲀⲚ ⲈⲐⲂⲎⲦ.
19 ১৯ মই ক’লো, ‘হে প্ৰভু, মই যে প্ৰত্যেক নাম-ঘৰত সোমাই তোমাক বিশ্বাস কৰা সকলক কোবাই কোবাই বন্দীশালত থৈছিলোঁ
ⲓ̅ⲑ̅ⲀⲚⲞⲔ ϨⲰ ⲠⲈϪⲎⲒ ϪⲈ ⲠϬⲞⲒⲤ ⲚⲐⲰⲞⲨ ⲤⲈⲈⲘⲒ ϪⲈ ⲚⲀⲒϨⲒⲞⲨⲒ ⲈⲠϢⲦⲈⲔⲞ ⲞⲨⲞϨ ⲚⲀⲒϨⲒⲞⲨⲒ ⲔⲀⲦⲀ ⲤⲨⲚⲀⲄⲰⲄⲎ ⲚⲚⲎ ⲈⲐⲚⲀϨϮ ⲈⲢⲞⲔ.
20 ২০ আৰু তোমাৰ সাক্ষী স্তিফানৰ ৰক্তপাতৰ সময়ত, ময়ো নিজে ওচৰত থিয় হৈ সন্মতি দি, তেওঁক বধ কৰা সকলৰ কাপোৰ ৰাখিছিলোঁ৷’
ⲕ̅ⲞⲨⲞϨ ϨⲞⲦⲈ ⲈⲨⲚⲀⲪⲰⲚ ⲈⲂⲞⲖ ⲘⲠⲤⲚⲞϤ ⲚⲤⲦⲈⲪⲀⲚⲞⲤ ⲠⲈⲔⲘⲀⲢⲦⲨⲢⲞⲤ ⲀⲚⲞⲔ ϨⲰ ⲚⲀⲒⲞϨⲒ ⲈⲢⲀⲦ ⲈⲒϮⲘⲀϮ ⲞⲨⲞϨ ⲚⲀⲒⲀⲢⲈϨ ⲈⲚⲒϨⲂⲰⲤ ⲚⲦⲈⲚⲎ ⲈⲚⲀⲨϦⲰⲦⲈⲂ ⲘⲘⲞϤ.
21 ২১ কিন্তু তেওঁ মোক কলে, ‘যোৱা, কিয়নো মই তোমাক দুৰৈত থকা অনা-ইহুদী সকলৰ ওচৰলৈ পঠিয়াম৷’
ⲕ̅ⲁ̅ⲞⲨⲞϨ ⲠⲈϪⲀϤ ⲚⲎⲒ ϪⲈ ⲘⲞϢⲒ ϪⲈ ⲀⲚⲞⲔ ϮⲚⲀⲞⲨⲞⲢⲠⲔ ⲈϨⲀⲚⲈⲐⲚⲞⲤ ⲈⲨⲞⲨⲎⲞⲨ.
22 ২২ এইখিনিলৈকে তেওঁৰ কথা শুনি, তেওঁলোকে চিঞৰি কলে, “এনে মানুহক পৃথিৱীৰ পৰা দূৰ কৰক: কিয়নো সি জীয়াই থকাৰ যোগ্য নহয়৷”
ⲕ̅ⲃ̅ⲚⲀⲨⲤⲰⲦⲈⲘ ⲆⲈ ⲈⲢⲞϤ ϢⲀ ⲠⲀⲒⲤⲀϪⲒ ⲞⲨⲞϨ ⲀⲨϬⲒⲤⲒ ⲚⲦⲞⲨⲤⲘⲎ ⲈϨⲢⲎⲒ ⲈⲨϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲀⲖⲒ ⲪⲀⲒ ⲘⲪⲢⲎϮ ⲈⲂⲞⲖ ϨⲒϪⲈⲚ ⲠⲔⲀϨⲒ ⲞⲨ ⲄⲀⲢ ϤⲈⲘⲠϢⲀ ⲚⲰⲚϦ ⲀⲚ.
23 ২৩ তেওঁলোকে ৰিঙিয়াই ৰিঙিয়াই, নিজৰ নিজৰ কাপোৰ পেলাই, ওপৰলৈ ধুলি উৰুৱাই থাকোঁতে,
ⲕ̅ⲅ̅ⲈⲨⲰϢ ⲆⲈ ⲈⲂⲞⲖ ⲞⲨⲞϨ ⲈⲨⲤⲒϮ ⲚⲚⲞⲨϨⲂⲰⲤ ⲞⲨⲞϨ ⲈⲨⲤⲈⲦ ϢⲰⲒϢ ⲈⲠⲒⲀⲎⲢ.
24 ২৪ হাজাৰৰ সেনাপতিয়ে পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে আৰু তেওঁৰ অহিতে মানুহবোৰে কি কাৰণত এনেদৰে আটাহ পাৰিছে, সেই বিষয়ে জানিবলৈ তেওঁক চাবুকেৰে কোবাই সুধিবলৈ আজ্ঞা দিলে৷
ⲕ̅ⲇ̅ⲀϤⲈⲢⲔⲈⲖⲈⲨⲒⲚ ⲚϪⲈⲠⲒⲬⲒⲖⲒⲀⲢⲬⲞⲤ ⲈⲐⲢⲞⲨϬⲒⲦϤ ⲈϦⲞⲨⲚ ⲈϮⲠⲀⲢⲈⲘⲂⲞⲖⲎ ⲈⲀϤϪⲞⲤ ⲈⲐⲢⲞⲨϮⲘⲔⲀϨ ⲚⲀϤ ϦⲈⲚϨⲀⲚⲘⲀⲤⲦⲒⲄⲜ ϨⲒⲚⲀ ⲚⲦⲈϤⲈⲘⲒ ϪⲈ ⲈⲐⲂⲈⲞⲨ ⲚⲖⲰⲒϪⲒ ⲤⲈⲰϢ ⲈⲂⲞⲖ ⲘⲠⲀⲒⲢⲎϮ ⲈϨⲢⲎⲒ ⲈϪⲰϤ.
25 ২৫ পাছত তেওঁক চাবুকেৰে কোবাবলৈ চামৰাৰ ফিটাৰে বন্ধা হ’ল, তেতিয়া পৌলে ওচৰত থিয় হৈ থকা এশৰ সেনাপতিক কলে, “বিনা দণ্ডাজ্ঞাৰে ৰোমীয়া মানুহক চাবুকেৰে কোবাবলৈ আইন মতে আপোনালোকৰ ক্ষমতা আছে নে?”
ⲕ̅ⲉ̅ϨⲞⲦⲈ ⲆⲈ ⲈⲦⲀⲨϬⲞⲖⲔϤ ϦⲈⲚⲚⲒϦⲰⲔ ⲠⲈϪⲈ ⲠⲀⲨⲖⲞⲤ ⲘⲠⲒⲈⲔⲀⲦⲞⲚⲦⲀⲢⲬⲞⲤ ⲈⲚⲀϤⲞϨⲒ ⲈⲢⲀⲦϤ ϪⲈ ⲞⲨⲢⲰⲘⲒ ⲚⲢⲰⲘⲈⲞⲤ ⲚϤⲈⲢ ⲠⲔⲈϨⲰⲞⲨⲒ ⲘⲠϨⲀⲠ ⲀⲚ ⲠⲈⲦⲤϢⲈ ⲚⲰⲦⲈⲚ ⲠⲈ ⲈⲈⲢⲘⲀⲤⲦⲒⲄⲄⲞⲒⲚ ⲘⲘⲞϤ.
26 ২৬ এশৰ সেনাপতিয়ে এই কথা শুনি হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ কলে, “আপুনি কি কৰিবলৈ উদ্যত হৈছে? কিয়নো এই মানুহ জন এগৰাকী ৰোমীয়া নাগৰিক৷”
ⲕ̅ⲋ̅ⲈⲦⲀϤⲤⲰⲦⲈⲘ ⲆⲈ ⲚϪⲈⲠⲒⲈⲔⲀⲦⲞⲚⲦⲀⲢⲬ ⲞⲤ ⲀϤϢⲈ ϢⲀ ⲠⲒⲬⲒⲖⲒⲀⲢⲬⲞⲤ ⲀϤⲦⲀⲘⲞϤ ⲈϤϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲞⲨ ⲠⲈⲦⲈⲔⲚⲀⲀⲒϤ ⲠⲒⲢⲰⲘⲒ ⲄⲀⲢ ⲞⲨⲢⲰⲘⲈⲞⲤ ⲠⲈ.
27 ২৭ তেতিয়া হাজাৰৰ সেনাপতিয়ে আহি তেওঁক কলে, “মোক কোৱাচোন, তুমি এগৰাকী ৰোমীয়া নাগৰিক নে?” পৌলে কলে, “হয়”৷
ⲕ̅ⲍ̅ⲀϤⲒ ⲆⲈ ϢⲀⲢⲞϤ ⲚϪⲈⲠⲒⲬⲒⲖⲒⲀⲢⲬⲞⲤ ⲠⲈϪⲀϤ ⲚⲀϤ ϪⲈ ⲀϪⲞⲤ ⲚⲎⲒ ϪⲈ ⲚⲐⲞⲔ ⲞⲨⲢⲰⲘⲈⲞⲤ ⲚⲐⲞϤ ⲆⲈ ⲠⲈϪⲀϤ ϪⲈ ⲀϨⲀ.
28 ২৮ হাজাৰৰ সেনাপতিয়ে উত্তৰ দিলে, “মই ভালেমান ধন ভৰিহে নাগৰিকত্ব লাভ কৰিছিলোঁ৷” কিন্তু পৌলে কলে, “মই জন্মতেই এজন ৰোমীয় নাগৰিক৷”
ⲕ̅ⲏ̅ⲀϤⲈⲢⲞⲨⲰ ⲚϪⲈⲠⲒⲬⲒⲖⲒⲀⲢⲬⲞⲤ ϪⲈ ⲀⲚⲞⲔ ⲀⲒϢⲰⲠ ⲚⲦⲀⲒⲠⲞⲖⲎⲦⲒⲀ ⲚⲎⲒ ϦⲀ ⲞⲨⲘⲎ ϢⲚⲔⲈⲪⲀⲖⲈⲞⲚ ⲠⲀⲨⲖⲞⲤ ⲆⲈ ⲠⲈϪⲀϤ ϪⲈ ⲀⲚⲞⲔ ⲈⲦⲀⲨⲘⲀⲤⲦ ⲚϦⲎⲦⲤ.
29 ২৯ তেতিয়া যি সকলে তেওঁৰ সোধ-বিচাৰ কৰিবলৈ উদ্যত হৈছিল, তেওঁলোকে তেতিয়াই তেওঁৰ ওচৰৰ পৰা গুচি গ’ল আৰু হাজাৰৰ সেনাপতিয়ে পৌল এগৰাকী ৰোমীয়া নাগৰিক বুলি জানি ভয় খালে, কাৰণ তেওঁ নিজে তেওঁক বন্ধাইছিল৷
ⲕ̅ⲑ̅ⲤⲀⲦⲞⲦⲞⲨ ⲞⲨⲚ ⲀⲨϨⲈⲚⲞⲨ ⲤⲀⲂⲞⲖ ⲘⲘⲞϤ ⲚϪⲈⲚⲎ ⲈⲦϮⲘⲔⲀϨ ⲚⲀϤ ⲞⲨⲞϨ Ⲁ- ⲠⲒⲬⲒⲖⲒⲀⲢⲬⲞⲤ ⲈⲢϨⲞϮ ⲈⲦⲀϤⲈⲘⲒ ϪⲈ ⲞⲨⲢⲰⲘⲈⲞⲤ ⲠⲈ ⲞⲨⲞϨ ϪⲈ ⲀϤⲤⲞⲚϨϤ.
30 ৩০ পাছদিনা ইহুদী সকলে পৌলক কি অপবাদ দিছিল, হাজাৰৰ সেনাপতিয়ে তাৰ নিশ্চয়তা জানিব বিচাৰিলে৷ গতিকে তেওঁক বান্ধোনৰ পৰা মুকলি কৰি দিলে আৰু প্ৰধান পুৰোহিত সকল আৰু মহাসভাৰ সকলোকে গোট খাবলৈ আজ্ঞা দিলে৷ পাছত তেওঁ পৌলক নমাই আনি তেওঁলোকৰ মাজত উপস্থিত কৰালে৷
ⲗ̅ⲠⲈϤⲢⲀⲤϮ ⲆⲈ ⲈϤⲞⲨⲰϢ ⲈⲈⲘⲒ ⲈⲠⲒⲦⲀϪⲢⲞ ϪⲈ ⲈⲐⲂⲈⲞⲨ ⲀⲨⲈⲢⲔⲀⲦⲎⲄⲞⲢⲒⲚ ⲈⲢⲞϤ ⲚϪⲈⲚⲒⲒⲞⲨⲆⲀⲒ ⲀϤⲂⲞⲖϤ ⲈⲂⲞⲖ ⲞⲨⲞϨ ⲀϤⲞⲨⲀϨⲤⲀϨⲚⲒ ⲈⲐⲢⲞⲨⲒ ⲚϪⲈⲚⲒⲀⲢⲬⲒⲈⲢⲈⲨⲤ ⲚⲈⲘ ⲠⲒⲘⲀ ⲚϮϨⲀⲠ ⲦⲎⲢϤ ⲞⲨⲞϨ ⲀϤⲈⲚ ⲠⲀⲨⲖⲞⲤ ⲈⲠⲈⲤⲎⲦ ⲀϤⲦⲀϨⲞϤ ⲈⲢⲀⲦϤ ⲚϦⲎⲦⲞⲨ.

< পাঁচনি 22 >