< পাঁচনি 21 >
1 ১ সেই ঠাইত আমি তেওঁলোকৰ পৰা পৃথক হৈ জাহাজেৰে পোন বাটেদি কো দ্বীপলৈ গৈ পাছদিনা ৰোদঃ দ্বীপ পালোঁ৷ তাৰ পৰা আমি পাতাৰা নগৰলৈ যাত্ৰা কৰিলোঁ।
Patumaliliti kumgambira kwaheri, tukweniti meli tugenda mpaka kosi. Shirawu yakuwi tusokiti Rodi, na kulawa aku tugenditi patara.
2 ২ পাতাৰাত ফৈনীকিয়া অঞ্চলেদি যোৱা এখন জাহাজ পোৱাত, আমি সেই জাহাজত উঠি যাত্ৰা কৰিলোঁ।
Aku, tuwoniti meli yaiweriti yankugenda Foiniki, hangu tukweniti, tugenda mwanja.
3 ৩ পাছত কুপ্ৰ দ্বীপ দেখা পাই, তাক বাঁওহাতে এৰি, চিৰিয়া দেশলৈ গৈ, তুৰনগৰত নামিলো; কিয়নো তাত জাহাজৰ মাল-বস্তু দিবলগীয়া আছিল।
Patusokiti kala pahala peni tuweziti kuwona kupiru, tupitiriti uwega wakuwi wa kushana tugenda Siriya. Tupumliriti mulushi lwa Tiru peni meli ilii iweriti wankusulusiya visanka vyakuwi.
4 ৪ সেই ঠাইৰ শিষ্য সকলক বিচাৰি পোৱাত, আমি তাতে সাত দিন থাকিলো; তেওঁলোকে পবিত্র আত্মাৰ দ্বাৰাই পৌলক যিৰূচালেমলৈ যাবৰ বাবে মানা কৰিলে।
Tuwoniti waumini wamu aku, na tulivaga pamwera nawomberi kwa lijuma limu. Kwa likakala lya Rohu, wamgambira Paulu kotukugenda Yerusalemu.
5 ৫ আমি সেই কেইদিন তাতে থাকি ওলাই যাওঁতে, তেওঁলোকে লৰা-তিৰোতাৰ সৈতে সকলোৱে নগৰৰ বাহিৰলৈকে আমাক আগবঢ়াই থলে আৰু সাগৰৰ তীৰত আঁঠু লৈ প্ৰাৰ্থনা কৰি, পৰস্পৰে বিদায় ললোঁ৷
Kumbiti shipindi shetu pashiperiti tuwukiti woseri pamuhera na wadala na wana wawu watupelekiti mpaka kunja ya lushi. Patusokiti kumbwani, twawoseri tusundamaliti na tumluwa Mlungu.
6 ৬ আমি জাহাজত উঠিলো কিন্তু তেওঁলোকে নিজ নিজ ঘৰলৈ উলটি গল।
Shakapanu patulongiti kwaheri, twenga tukwena meli, nawomberi wawuya ukaya kwawu.
7 ৭ পাছত আমি তুৰৰ পৰা গৈ, তলিমায়ি পাই, সমুদ্ৰ-যাত্ৰা শেষ কৰিলোঁ আৰু ভাই সকলক মঙ্গলবাদ জনাই তেওঁলোকৰ লগত এদিন থাকিলোঁ।
Twenga twendereyiti na mwanja gwetu kulawa Tiru tusoka Tolemaisi kweni tuwalamsiya wawumini, tulikaliti nawomberi lishaka limu.
8 ৮ পাছদিনা আমি তাৰ পৰা ওলাই গৈ, চীজাৰিয়া পালোঁ৷ তাতে সাত জনৰ মাজৰ শুভবার্তা প্ৰচাৰক যি ফিলিপ, তেওঁৰ ঘৰত থাকিলোঁ।
Shirawu yakuwi tuwukiti na tusoka Kaisariya. Aku tulikaliti ukaya kwa Mwinjilisti Filipi yomberi kaweriti yumu gwa walii saba wawasyaguliti kutanga Yerusalemu kulii.
9 ৯ তাত তেওঁৰ ভাবোক্তি প্ৰচাৰ কৰা চাৰিজনী অবিবাহিতা জীয়েক আছিল।
Kaweriti na wahinga wamsheshi weni waweriti na shipaji sha kutakulira ujumbi wa Mlungu.
10 ১০ তাত আমি কেইদিনমান থাকোঁতে, যিহুদীয়াৰ পৰা আগাব নামেৰে এজন ভাববাদী আহিল।
Pawalikaliti aku mashaka ng'o, mbuyi yumu wamshema Agabu kiziti kulawa Yudeya.
11 ১১ তেওঁ আমাৰ ওচৰলৈ আহি পৌলৰ ককালৰ পৰা টঙালি লৈ নিজৰ হাত-ভৰি বান্ধি কবলৈ ধৰিলে, “পবিত্ৰ আত্মাই এই কথা কৈছে যাৰ এই টঙালি, সেই মানুহক যিৰূচালেমত ইহুদী সকলে এইদৰে বান্ধি অনা-ইহুদী লোকৰ হাতত শোধাই দিব।”
Katuyiziriti, katola Mkanda gwa Paulu, kalitawa mumawoku na mumagulu Kalonga, “Rohu Mnanagala katakula hangu, ‘Wayawudi Yerusalemu wamtawi ntambu ayi muntu kana mkanda agu na wantu wa maisi wamkamli.’”
12 ১২ এই কথা শুনি তাত থকা লোক সকলে আৰু আমিও পৌলক এই ঠাই এৰি যিৰূচালেমলৈ নাযাবৰ বাবে মিনতি কৰিলোঁ।
Patupikiniriti aga, twenga na wantu wamonga walii wawaweriti panu tumluwiti Paulu kotukugenda Yerusalemu.
13 ১৩ তেতিয়া পৌলে উত্তৰ দিলে, “আপোনালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিব বিছাৰিছে? কিয়নো মই প্ৰভু যীচুৰ নামৰ কাৰণে, যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছোঁ।”
Kumbiti Paulu kankuliti, “Mfira kutenda shishi? Mfira kugumega moyu gwangu kwa masozi? Neni nwera kala hera ndiri kutatilwa mnumba kulii Yerusalemu, ila ata kuhowa kwajili ya Mtuwa Yesu.”
14 ১৪ তাতে পৌলে আমাৰ কথা গ্রহণ কৰিবলৈ নিবিচৰাত, আমি ক্ষান্ত হলোঁ আৰু কলোঁ, “প্ৰভুৰ যি ইচ্ছা সেয়ে হওক।”
Patusinditi kumuzyangazyanga tunyamala, tulonga hera, “Shakafira Mtuwa shitendeki!”
15 ১৫ তাৰ পাছত আমাৰ সম্বল গোটাই প্রস্তুত হলোঁ আৰু যিৰূচালেমলৈ যাত্ৰা কৰিলোঁ।
Pawatamiti palii kwa katepu, tuyopiti visanka vyetu, twendereyiti na mwanja kugenda Yerusalemu.
16 ১৬ তাতে চীজাৰিয়াৰ পৰাও কিছুমান শিষ্য আমাৰ লগত আহিল৷ ম্লাচোন নামেৰে কুপ্র দ্বীপৰ তেওঁৰ যি পুৰণি শিষ্যৰ ঘৰত আমি আলহী হৈ থকাৰ কথা আছিল, তেওঁকো লগত লৈ অহা হ’ল।
Wamu wa wafundwa walii wa Kaisariya wagenditi pamuhera natwenga, watujega ukaya kwa Mnasoni yomberi tuweriti twankugenda kulikala nayomberi kwa katepu. Mnasoni kaweriti mwenikaya gwa kupiru na kaweriti muwumini gwa mashaka gavuwa.
17 ১৭ আমি যিৰূচালেম পোৱাত, ভাই সকলে আনন্দেৰে আমাক গ্ৰহণ কৰিলে।
Patuyingiriti Yerusalemu, walongu wawumini watuyangiti weri nentu.
18 ১৮ পাছদিনা পৌল আমাৰ সৈতে যাকোবৰ তাত সোমোৱাত পৰিচাৰক সকলো তাত উপস্থিত হ’ল।
Shirawu yakuwi Paulu kagenditi pamwera natwenga kumlamusiya Yakobu, na wazewi na shipinga sha wantu wawamjimira Yesu Kristu waweriti viraa.
19 ১৯ পাছত তেওঁ তেওঁলোকক মঙ্গলবাদ কৰিলে আৰু ঈশ্বৰে তেওঁৰ পৰিচর্যাৰ দ্বাৰাই অনা-ইহুদী লোকৰ মাজত যি যি কৰিলে; সেই বিষয়ে এটা এটাকৈ বর্ণনা কৰিলে৷
Pawamlamsiyiti kala, Paulu kawayupiti shisoweru kamili kuusu goseri Mlungu gakaweriti kagatenda pakati pa wantu wa maisi kwa njira ya lihengu lyakuwi.
20 ২০ এই কাৰ্যবোৰ শুনি তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিলে আৰু তেওঁক কলে, “হে ভাই, তুমি জানা যে, ইহুদী লোকৰ মাজত বিশ্বাস কৰা সকলৰ যি লোক আছে আৰু তেওঁলোক সকলোৱে বিধানত উৎসাহী।
Pawapikiniriti aga, wamkwisa Mlungu. Shakapanu kamgambira Paulu, “Mlongu, guweza kuwona handa kwana Wayawudi maelufu weni vinu wawera wajimira na woseri awa wagatenda weri malagaliru.
21 ২১ কিন্তু তোমাৰ বিষয়ে তেওঁলোকে এই সম্বাদ পালে; তুমি বোলে, অনা-ইহুদী সকলৰ মাজত থকা ইহুদী লোকক মোচিক ত্যাগ কৰিবলৈ শিকাইছা আৰু কৈছা বোলে, তেওঁলোকে লৰাৰ চুন্নৎ কৰিব নালাগে আৰু ৰীতি মতে আচৰণ কৰিব নালাগে।
Wapata visoweru vyakuwi handa guweriti gwanguwafunda Wayawudi yawalikala muwamu mwa wantu wa maisi gamonga nawagashera ndiri malagaliru ga Musa, kotukuwayigiziya jandu wananguta wawu na kotukuzifata mila za Wayawudi.
22 ২২ এতেকে কি হব? তুমি আহিলা বুলিও তেওঁলোকে অৱশ্যে শুনিছে।
Nakaka wapikinira handa kasoka kala panu. Tutendi hashi, shakapanu?
23 ২৩ এতেকে আমি তোমাক এটা কথা কওঁ, তুমি তাকে কৰা; সঙ্কল্প কৰা আমাৰ চাৰি জন মানুহ আছে;
Su, gutendi handa ntambu yatukugambiziyiti. Twa panu wantu msheshi weni watula nazili.
24 ২৪ তেওঁলোকৰ লগত একেলগে নিজকে শুচি কৰা আৰু তেওঁলোকৰ মূৰ খূৰাবলৈ তুমি খৰচ দিয়া। এই বিষয়ে যি সম্বাদ পালে, সেয়ে যে একো নহয়, আৰু তুমি যে নিজে বিধান পালন কৰি নিয়মিতৰূপে আচৰণ কৰি চলিছা, সেই বিষয়ে সকলোৱে জানিব।
Gwingiri pamuhera na womberi, gulipungi pamuhera na womberi na gulipi na shyasi shashiwusika kwa womberi shakapanu wamogi viri zawu. Su kila muntu hakavimani kuwera visoweru vyoseri vilii vyawagambiritwi kuusu gwenga vyahera mana, kumbiti gwenga gumweni gwendereya weri na kugajimira malagiliru ga Musa.
25 ২৫ কিন্তু অনা-ইহুদী সকলৰ মাজত বিশ্বাস কৰা সকলৰ বিষয়ে হলে, তেওঁলোকে মূৰ্তিক দিয়া প্ৰসাদ, টেটু-চেপা দি মৰা জন্তুৰ মাংস আৰু তেজ খোৱা আৰু ব্যভিচাৰৰ পৰা নিজকে ৰাখিবলৈ আমি নিশ্চয় কৰি নিৰ্দেশনা লিখি পঠালোঁ।”
Kuusu wantu walii wa maisi gamonga wantu yawamjimira Yesu, tuwajegera kala luhamba twankuwagambira vitwatira vyatuamuwiti, waleki kuliya shoseri shawatambikiriti kwa milungu, nawalanda mwazi ama nawaliya vinofu vya shigongolu yawaminduwitwi na waleki uhumba.”
26 ২৬ তেতিয়া পৌলে সেই মানুহকেইজনক লৈ পাছদিনা মন্দিৰত সোমাল আৰু তেওঁলোকৰ প্ৰতিজনৰ কাৰণে নৈৱেদ্য উৎসৰ্গ হোৱালৈকে, শুচি কৰা কার্যত কিমান দিন লাগিব, সেই বিষয়ে জনালে।
Su lishaka lyalifatiti Paulu kawatoliti wantu walii na kalipunga pamuhera nawu. Shakapanu kingira Mnumba nkulu ya Mlungu, pakabwera visoweru vya upeleru wa mashaka ga kulipunga na tambiku meitendwi kwa kila muntu.
27 ২৭ কিন্তু সেই সাত দিন প্ৰায় শেষ হলত, এচিয়া দেশৰ ইহুদী সকলে তেওঁক মন্দিৰত দেখি, গোটেই লোক সকলক উচতাই, তেওঁক ধৰি ৰিঙিয়াই কলে,
Shipindi mashaka saba aga pagiziti kupera, Wayawudi waweriti walawa pamkoa gwa Asiya wamwoniti Paulu Mnumba nkulu ya kumluwa Mlungu. Su, wasonguziya maya mushipinga shoseri sha wantu, wamkamula Paulu.
28 ২৮ “হে ইস্ৰায়েলৰ সন্তান সকল, সহায় কৰা; যি মানুহে আমাৰ জাতিৰ বিধানৰ আৰু এই ঠাইৰ বিৰুদ্ধে আটাই ঠাইতে সকলো লোকক শিক্ষা দিব লাগিছে, এই জনেই তেওঁ। ইয়াৰ বাহিৰেও গ্ৰীক মানুহকো মন্দিৰৰ ভিতৰলৈ আনি, এই পবিত্ৰ ঠাই অপবিত্ৰ কৰিলে।”
“Wanaisi wa Israeli, wabotanga Mtutangi! Ayu ndomweni ulii muntu yakawafunditi wantu kila pahala shitwatira shawashilema wantu wa Israeli, yagalema Malagaliru ga Musa na pahala panu pananagala. Ata vinu kawayingiziya wantu wa maisi gamonga Mnumba nkulu ya Mlungu na kupatula uhumba pahala panu pananagala.”
29 ২৯ কিয়নো তেওঁলোকে আগেয়ে ত্ৰফিম নামেৰে ইফিচীয়া এজনক নগৰৰ মাজত পৌলৰ লগত দেখিছিল; আৰু তেওঁ তাক মন্দিৰৰ ভিতৰলৈ আনিছিল বুলি তেওঁলোকে ভাবিছিল।
Toziya ya kutakula hangu ndo kuwera waweriti wamwona Tirofimu, mwenikaya gwa Efesu, kaweriti pamuhera na Paulu mlushi, womberi walisheriti kuwera Paulu kaweriti kamwingiziya Mnumba nkulu ya Mlungu.
30 ৩০ তাতে গোটেই নগৰ অস্থিৰ হোৱাত, মানুহবোৰ লৰি আহি পৌলক ধৰি মন্দিৰৰ পৰা বাহিৰলৈ টানি লৈ গল আৰু তেতিয়াই দুৱাৰবোৰ বন্ধ কৰা হল।
Lushi loseri lwingira ndewu, wantu wiza kulawa wega zoseri, wamlaviyiti Paulu kunja Kunumba nkulu ya Mlungu, na palaa panu milyangu itatwa ya Numba nkulu ya Mlungu.
31 ৩১ এইদৰেই তেওঁলোকে তেওঁক বধ কৰিবলৈ যত্ন কৰোঁতেই, যিৰূচালেমৰ গোটেইখনত হুলস্থুল লগাৰ কথা সৈন্য দলৰ হাজাৰৰ সেনাপতিয়ে শুনিলে,
Waweriti kala kumlaga kumbiti visoweru vimwizira mkulu gwa wanjagila wa shiroma kuwera Yerusalemu yoseri iweriti imema ndewu.
32 ৩২ তেতিয়াই তেওঁ সেনাবোৰৰ সৈতে এশৰ সেনাপতিবিলাকক লগত লৈ তেওঁলোকৰ ওচৰলৈ বেগাই আহিল। তাতে তেওঁলোকে হাজাৰৰ সেনাপতি আৰু সেনাবোৰক দেখি, পৌলক কোবাবলৈ এৰিলে।
Kamu kamu mkulu gwa njagira kawatola wanjagila na mkulu gwa wanjagila, kashigendera shipinga sha wantu. Nawomberi pawamwoniti mkulu gwa njagira na wanjagila, waleka kumkoma Paulu.
33 ৩৩ পাছত হাজাৰৰ সেনাপতিয়ে ওচৰলৈ আহি, তেওঁক ধৰি, দুডাল শিকলিৰে বান্ধিবলৈ আজ্ঞা দিলে; পাছত সুধিলে- “এইটো কোন আৰু কি নো কৰিলে।”
Mkulu gwa jeshi kamgenderiti Paulu, kambata na kuamuwa wamtawi minyololu mushimba. Shakapanu kawakosiiti, “Ndo muntu gaa ayu, na katenda shishi?”
34 ৩৪ তাতে লোক সকলৰ মাজত বেলেগ বেলেগ মানুহে বেলেগ বেলেগ কথাৰে ৰিঙিয়া-ৰিঙি কৰাত, কোলাহলৰ কাৰণে তেওঁ একো নিশ্চয় কৰিব নোৱাৰি, পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে।
Wamonga mshipinga sha wantu shilii waweriti wankubwera shintu ashi na wamonga shintu shilii. Toziya ya ndewu ayi. Mkulu gwa wanjagila kapofola kulimana shawuli kamili. Hangu, kaamuwiti wantu wakuwi wamjegi Paulu kuliboma.
35 ৩৫ পাছত জখলাত উঠোতে, লোক সকলৰ উগ্ৰতাৰ কাৰণে, সেনাবোৰৰ দ্বাৰাই তেওঁক দাঙি নিয়া হল;
Paulu pakasokiti palukweneru, wanjagila wampapiti toziya ya ndewu ya wantu.
36 ৩৬ কিয়নো লোক সকলে পাছে পাছে গৈ ৰিঙিয়াই ৰিঙিয়াই কলে, “তাক দূৰ কৰক”।
Toziya wantu mushipinga shikulu wamfatiti pawabotanga, “gumlagiri patali!”
37 ৩৭ পাছত পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ ধৰোতেই, তেওঁ হাজাৰৰ সেনাপতিক কলে, “আপোনাৰ আগত মই কিছু কথা কবলৈ পাৰোঁ নে?” তেতিয়া সেনাপতিয়ে সুধিলে, “তুমি গ্ৰীক ভাষা কব জানা নে?
Pawaweriti wankumwingiziya muboma, Paulu kamluwiti mkulu gwa wajengeni kalonga, “Weza kutakula shintu?” Mkulu gwa njagira ulii kamwankula, “Hashi, gushimana shigiriki?”
38 ৩৮ যি জন মিচৰীয়াই ইয়াৰ আগেয়ে ঘাতক সকলৰ মাজৰ চাৰি হাজাৰ মানুহক উচতাই লগত লৈ অৰণ্যলৈ গৈছিল, তুমি সেই জন নোহোৱা নে?”
“Kwani gwenga ndo ulii Mmisri ulii mashana hera kayanjishiti ungondu na kawalonguziya majahili elufu msheshi mpaka kushiwala?”
39 ৩৯ কিন্তু পৌলে কলে, “মই কিলিকিয়া দেশৰ তাৰ্চ নগৰৰ যিহুদী মানুহ, সামান্য মানুহ নহওঁ। বিনয় কৰোঁ, মানুহবোৰৰ আগত কথা কবলৈ মোক অনুমতি দিয়ক।”
Paulu kankula, “Neni ndo Myawudi, mwiwuka gwa Tarisu pa Kilikiya, neni ndo mwiwuka gwa lushi lwalumanikana. Shondi nukuluwa, gunekeziyi ntakuli na wantu.”
40 ৪০ পাছত তেওঁক অনুমতি দিয়াত, পৌলে জখলাৰ ওপৰত থিয় হৈ, মানুহবোৰৰ সন্মূখত হাত দাঙি সম্ভাষণ জনালে; তাৰ পাছত লোক সমূহ অতি নিজম দি থাকিল আৰু তেওঁ ইব্ৰী ভাষাৰে তেওঁলোকক কবলৈ আৰম্ভ কৰিলে,
Mkulu ulii gwa wanjagila kamjimira. Hangu Paulu kagolokiti panani pa lukweneru, kawapungira mawoku wantu walii, na pawalikaliti jiii, kanja kuyowera nawomberi kwa Shiebraniya.