< পাঁচনি 21 >

1 সেই ঠাইত আমি তেওঁলোকৰ পৰা পৃথক হৈ জাহাজেৰে পোন বাটেদি কো দ্বীপলৈ গৈ পাছদিনা ৰোদঃ দ্বীপ পালোঁ৷ তাৰ পৰা আমি পাতাৰা নগৰলৈ যাত্ৰা কৰিলোঁ।
After we had torn ourselves away from them, we sailed directly to Cos, and the next day on to Rhodes, and from there to Patara.
2 পাতাৰাত ফৈনীকিয়া অঞ্চলেদি যোৱা এখন জাহাজ পোৱাত, আমি সেই জাহাজত উঠি যাত্ৰা কৰিলোঁ।
Finding a ship crossing over to Phoenicia, we boarded it and set sail.
3 পাছত কুপ্ৰ দ্বীপ দেখা পাই, তাক বাঁওহাতে এৰি, চিৰিয়া দেশলৈ গৈ, তুৰনগৰত নামিলো; কিয়নো তাত জাহাজৰ মাল-বস্তু দিবলগীয়া আছিল।
After sighting Cyprus and passing south of it, we sailed on to Syria and landed at Tyre, where the ship was to unload its cargo.
4 সেই ঠাইৰ শিষ্য সকলক বিচাৰি পোৱাত, আমি তাতে সাত দিন থাকিলো; তেওঁলোকে পবিত্র আত্মাৰ দ্বাৰাই পৌলক যিৰূচালেমলৈ যাবৰ বাবে মানা কৰিলে।
We sought out the disciples in Tyre and stayed with them seven days. Through the Spirit they kept telling Paul not to go up to Jerusalem.
5 আমি সেই কেইদিন তাতে থাকি ওলাই যাওঁতে, তেওঁলোকে লৰা-তিৰোতাৰ সৈতে সকলোৱে নগৰৰ বাহিৰলৈকে আমাক আগবঢ়াই থলে আৰু সাগৰৰ তীৰত আঁঠু লৈ প্ৰাৰ্থনা কৰি, পৰস্পৰে বিদায় ললোঁ৷
But when our time there had ended, we set out on our journey. All the disciples, with their wives and children, accompanied us out of the city and knelt down on the beach to pray with us.
6 আমি জাহাজত উঠিলো কিন্তু তেওঁলোকে নিজ নিজ ঘৰলৈ উলটি গল।
And after we had said our farewells, we went aboard the ship, and they returned home.
7 পাছত আমি তুৰৰ পৰা গৈ, তলিমায়ি পাই, সমুদ্ৰ-যাত্ৰা শেষ কৰিলোঁ আৰু ভাই সকলক মঙ্গলবাদ জনাই তেওঁলোকৰ লগত এদিন থাকিলোঁ।
When we had finished our voyage from Tyre, we landed at Ptolemais, where we greeted the brothers and stayed with them for a day.
8 পাছদিনা আমি তাৰ পৰা ওলাই গৈ, চীজাৰিয়া পালোঁ৷ তাতে সাত জনৰ মাজৰ শুভবার্তা প্ৰচাৰক যি ফিলিপ, তেওঁৰ ঘৰত থাকিলোঁ।
Leaving the next day, we went on to Caesarea and stayed at the home of Philip the evangelist, who was one of the Seven.
9 তাত তেওঁৰ ভাবোক্তি প্ৰচাৰ কৰা চাৰিজনী অবিবাহিতা জীয়েক আছিল।
He had four unmarried daughters who prophesied.
10 ১০ তাত আমি কেইদিনমান থাকোঁতে, যিহুদীয়াৰ পৰা আগাব নামেৰে এজন ভাববাদী আহিল।
After we had been there several days, a prophet named Agabus came down from Judea.
11 ১১ তেওঁ আমাৰ ওচৰলৈ আহি পৌলৰ ককালৰ পৰা টঙালি লৈ নিজৰ হাত-ভৰি বান্ধি কবলৈ ধৰিলে, “পবিত্ৰ আত্মাই এই কথা কৈছে যাৰ এই টঙালি, সেই মানুহক যিৰূচালেমত ইহুদী সকলে এইদৰে বান্ধি অনা-ইহুদী লোকৰ হাতত শোধাই দিব।”
Coming over to us, he took Paul’s belt, bound his own feet and hands, and said, “The Holy Spirit says: ‘In this way the Jews of Jerusalem will bind the owner of this belt and hand him over to the Gentiles.’”
12 ১২ এই কথা শুনি তাত থকা লোক সকলে আৰু আমিও পৌলক এই ঠাই এৰি যিৰূচালেমলৈ নাযাবৰ বাবে মিনতি কৰিলোঁ।
When we heard this, we and the people there pleaded with Paul not to go up to Jerusalem.
13 ১৩ তেতিয়া পৌলে উত্তৰ দিলে, “আপোনালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিব বিছাৰিছে? কিয়নো মই প্ৰভু যীচুৰ নামৰ কাৰণে, যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছোঁ।”
Then Paul answered, “Why are you weeping and breaking my heart? I am ready not only to be bound, but also to die in Jerusalem for the name of the Lord Jesus.”
14 ১৪ তাতে পৌলে আমাৰ কথা গ্রহণ কৰিবলৈ নিবিচৰাত, আমি ক্ষান্ত হলোঁ আৰু কলোঁ, “প্ৰভুৰ যি ইচ্ছা সেয়ে হওক।”
When he would not be dissuaded, we fell silent and said, “The Lord’s will be done.”
15 ১৫ তাৰ পাছত আমাৰ সম্বল গোটাই প্রস্তুত হলোঁ আৰু যিৰূচালেমলৈ যাত্ৰা কৰিলোঁ।
After these days, we packed up and went on to Jerusalem.
16 ১৬ তাতে চীজাৰিয়াৰ পৰাও কিছুমান শিষ্য আমাৰ লগত আহিল৷ ম্লাচোন নামেৰে কুপ্র দ্বীপৰ তেওঁৰ যি পুৰণি শিষ্যৰ ঘৰত আমি আলহী হৈ থকাৰ কথা আছিল, তেওঁকো লগত লৈ অহা হ’ল।
Some of the disciples from Caesarea accompanied us, and they took us to stay at the home of Mnason the Cypriot, an early disciple.
17 ১৭ আমি যিৰূচালেম পোৱাত, ভাই সকলে আনন্দেৰে আমাক গ্ৰহণ কৰিলে।
When we arrived in Jerusalem, the brothers welcomed us joyfully.
18 ১৮ পাছদিনা পৌল আমাৰ সৈতে যাকোবৰ তাত সোমোৱাত পৰিচাৰক সকলো তাত উপস্থিত হ’ল।
The next day Paul went in with us to see James, and all the elders were present.
19 ১৯ পাছত তেওঁ তেওঁলোকক মঙ্গলবাদ কৰিলে আৰু ঈশ্বৰে তেওঁৰ পৰিচর্যাৰ দ্বাৰাই অনা-ইহুদী লোকৰ মাজত যি যি কৰিলে; সেই বিষয়ে এটা এটাকৈ বর্ণনা কৰিলে৷
Paul greeted them and recounted one by one the things that God had done among the Gentiles through his ministry.
20 ২০ এই কাৰ্যবোৰ শুনি তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিলে আৰু তেওঁক কলে, “হে ভাই, তুমি জানা যে, ইহুদী লোকৰ মাজত বিশ্বাস কৰা সকলৰ যি লোক আছে আৰু তেওঁলোক সকলোৱে বিধানত উৎসাহী।
When they heard this, they glorified God. Then they said to Paul, “You see, brother, how many thousands of Jews have believed, and all of them are zealous for the law.
21 ২১ কিন্তু তোমাৰ বিষয়ে তেওঁলোকে এই সম্বাদ পালে; তুমি বোলে, অনা-ইহুদী সকলৰ মাজত থকা ইহুদী লোকক মোচিক ত্যাগ কৰিবলৈ শিকাইছা আৰু কৈছা বোলে, তেওঁলোকে লৰাৰ চুন্নৎ কৰিব নালাগে আৰু ৰীতি মতে আচৰণ কৰিব নালাগে।
But they are under the impression that you teach all the Jews who live among the Gentiles to forsake Moses, telling them not to circumcise their children or observe our customs.
22 ২২ এতেকে কি হব? তুমি আহিলা বুলিও তেওঁলোকে অৱশ্যে শুনিছে।
What then should we do? They will certainly hear that you have come.
23 ২৩ এতেকে আমি তোমাক এটা কথা কওঁ, তুমি তাকে কৰা; সঙ্কল্প কৰা আমাৰ চাৰি জন মানুহ আছে;
Therefore do what we advise you. There are four men with us who have taken a vow.
24 ২৪ তেওঁলোকৰ লগত একেলগে নিজকে শুচি কৰা আৰু তেওঁলোকৰ মূৰ খূৰাবলৈ তুমি খৰচ দিয়া। এই বিষয়ে যি সম্বাদ পালে, সেয়ে যে একো নহয়, আৰু তুমি যে নিজে বিধান পালন কৰি নিয়মিতৰূপে আচৰণ কৰি চলিছা, সেই বিষয়ে সকলোৱে জানিব।
Take these men, purify yourself along with them, and pay their expenses so they can have their heads shaved. Then everyone will know that there is no truth to these rumors about you, but that you also live in obedience to the law.
25 ২৫ কিন্তু অনা-ইহুদী সকলৰ মাজত বিশ্বাস কৰা সকলৰ বিষয়ে হলে, তেওঁলোকে মূৰ্তিক দিয়া প্ৰসাদ, টেটু-চেপা দি মৰা জন্তুৰ মাংস আৰু তেজ খোৱা আৰু ব্যভিচাৰৰ পৰা নিজকে ৰাখিবলৈ আমি নিশ্চয় কৰি নিৰ্দেশনা লিখি পঠালোঁ।”
As for the Gentile believers, we have written to them our decision that they must abstain from food sacrificed to idols, from blood, from the meat of strangled animals, and from sexual immorality.”
26 ২৬ তেতিয়া পৌলে সেই মানুহকেইজনক লৈ পাছদিনা মন্দিৰত সোমাল আৰু তেওঁলোকৰ প্ৰতিজনৰ কাৰণে নৈৱেদ্য উ‌‌ৎসৰ্গ হোৱালৈকে, শুচি কৰা কার্যত কিমান দিন লাগিব, সেই বিষয়ে জনালে।
So the next day Paul took the men and purified himself along with them. Then he entered the temple to give notice of the date when their purification would be complete and the offering would be made for each of them.
27 ২৭ কিন্তু সেই সাত দিন প্ৰায় শেষ হলত, এচিয়া দেশৰ ইহুদী সকলে তেওঁক মন্দিৰত দেখি, গোটেই লোক সকলক উচতাই, তেওঁক ধৰি ৰিঙিয়াই কলে,
When the seven days were almost over, some Jews from the province of Asia saw Paul at the temple. They stirred up the whole crowd and seized him,
28 ২৮ “হে ইস্ৰায়েলৰ সন্তান সকল, সহায় কৰা; যি মানুহে আমাৰ জাতিৰ বিধানৰ আৰু এই ঠাইৰ বিৰুদ্ধে আটাই ঠাইতে সকলো লোকক শিক্ষা দিব লাগিছে, এই জনেই তেওঁ। ইয়াৰ বাহিৰেও গ্ৰীক মানুহকো মন্দিৰৰ ভিতৰলৈ আনি, এই পবিত্ৰ ঠাই অপবিত্ৰ কৰিলে।”
crying out, “Men of Israel, help us! This is the man who teaches everywhere against our people and against our law and against this place. Furthermore, he has brought Greeks into the temple and defiled this holy place.”
29 ২৯ কিয়নো তেওঁলোকে আগেয়ে ত্ৰফিম নামেৰে ইফিচীয়া এজনক নগৰৰ মাজত পৌলৰ লগত দেখিছিল; আৰু তেওঁ তাক মন্দিৰৰ ভিতৰলৈ আনিছিল বুলি তেওঁলোকে ভাবিছিল।
For they had previously seen Trophimus the Ephesian with him in the city, and they assumed that Paul had brought him into the temple.
30 ৩০ তাতে গোটেই নগৰ অস্থিৰ হোৱাত, মানুহবোৰ লৰি আহি পৌলক ধৰি মন্দিৰৰ পৰা বাহিৰলৈ টানি লৈ গল আৰু তেতিয়াই দুৱাৰবোৰ বন্ধ কৰা হল।
The whole city was stirred up, and the people rushed together. They seized Paul and dragged him out of the temple, and at once the gates were shut.
31 ৩১ এইদৰেই তেওঁলোকে তেওঁক বধ কৰিবলৈ যত্ন কৰোঁতেই, যিৰূচালেমৰ গোটেইখনত হুলস্থুল লগাৰ কথা সৈন্য দলৰ হাজাৰৰ সেনাপতিয়ে শুনিলে,
While they were trying to kill him, the commander of the Roman regiment received a report that all Jerusalem was in turmoil.
32 ৩২ তেতিয়াই তেওঁ সেনাবোৰৰ সৈতে এশৰ সেনাপতিবিলাকক লগত লৈ তেওঁলোকৰ ওচৰলৈ বেগাই আহিল। তাতে তেওঁলোকে হাজাৰৰ সেনাপতি আৰু সেনাবোৰক দেখি, পৌলক কোবাবলৈ এৰিলে।
Immediately he took some soldiers and centurions and ran down to the crowd. When the people saw the commander and the soldiers, they stopped beating Paul.
33 ৩৩ পাছত হাজাৰৰ সেনাপতিয়ে ওচৰলৈ আহি, তেওঁক ধৰি, দুডাল শিকলিৰে বান্ধিবলৈ আজ্ঞা দিলে; পাছত সুধিলে- “এইটো কোন আৰু কি নো কৰিলে।”
The commander came up and arrested Paul, ordering that he be bound with two chains. Then he asked who he was and what he had done.
34 ৩৪ তাতে লোক সকলৰ মাজত বেলেগ বেলেগ মানুহে বেলেগ বেলেগ কথাৰে ৰিঙিয়া-ৰিঙি কৰাত, কোলাহলৰ কাৰণে তেওঁ একো নিশ্চয় কৰিব নোৱাৰি, পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে।
Some in the crowd were shouting one thing, and some another. And since the commander could not get at the truth because of the uproar, he ordered that Paul be brought into the barracks.
35 ৩৫ পাছত জখলাত উঠোতে, লোক সকলৰ উগ্ৰতাৰ কাৰণে, সেনাবোৰৰ দ্বাৰাই তেওঁক দাঙি নিয়া হল;
When Paul reached the steps, he had to be carried by the soldiers because of the violence of the mob.
36 ৩৬ কিয়নো লোক সকলে পাছে পাছে গৈ ৰিঙিয়াই ৰিঙিয়াই কলে, “তাক দূৰ কৰক”।
For the crowd that followed him kept shouting, “Away with him!”
37 ৩৭ পাছত পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ ধৰোতেই, তেওঁ হাজাৰৰ সেনাপতিক কলে, “আপোনাৰ আগত মই কিছু কথা কবলৈ পাৰোঁ নে?” তেতিয়া সেনাপতিয়ে সুধিলে, “তুমি গ্ৰীক ভাষা কব জানা নে?
As they were about to take Paul into the barracks, he asked the commander, “May I say something to you?” “Do you speak Greek?” he replied.
38 ৩৮ যি জন মিচৰীয়াই ইয়াৰ আগেয়ে ঘাতক সকলৰ মাজৰ চাৰি হাজাৰ মানুহক উচতাই লগত লৈ অৰণ্যলৈ গৈছিল, তুমি সেই জন নোহোৱা নে?”
“Aren’t you the Egyptian who incited a rebellion some time ago and led four thousand members of the ‘Assassins’ into the wilderness?”
39 ৩৯ কিন্তু পৌলে কলে, “মই কিলিকিয়া দেশৰ তাৰ্চ নগৰৰ যিহুদী মানুহ, সামান্য মানুহ নহওঁ। বিনয় কৰোঁ, মানুহবোৰৰ আগত কথা কবলৈ মোক অনুমতি দিয়ক।”
But Paul answered, “I am a Jew from Tarsus in Cilicia, a citizen of no ordinary city. Now I beg you to allow me to speak to the people.”
40 ৪০ পাছত তেওঁক অনুমতি দিয়াত, পৌলে জখলাৰ ওপৰত থিয় হৈ, মানুহবোৰৰ সন্মূখত হাত দাঙি সম্ভাষণ জনালে; তাৰ পাছত লোক সমূহ অতি নিজম দি থাকিল আৰু তেওঁ ইব্ৰী ভাষাৰে তেওঁলোকক কবলৈ আৰম্ভ কৰিলে,
Having received permission, Paul stood on the steps and motioned to the crowd. A great hush came over the crowd, and he addressed them in Hebrew:

< পাঁচনি 21 >