< পাঁচনি 20 >
1 ১ পাছত সেই হাই-উৰুমি শান্ত হোৱাত, পৌলে শিষ্য সকলক পঠিয়াই লোক সকলক উৎসাহিত কৰিলে আৰু বিদায় লৈ মাকিদনিয়ালৈ যাবৰ বাবে ওলাল।
ⲁ̅ⲘⲈⲚⲈⲚⲤⲀ ⲐⲢⲈϤⲞⲨⲰ ⲆⲈ ⲚϪⲈⲠⲒϢⲐⲞⲢⲦⲈⲢ ⲀⲠⲀⲨⲖⲞⲤ ⲞⲨⲰⲢⲠ ⲚⲤⲀⲚⲒⲘⲀⲐⲎⲦⲎⲤ ⲞⲨⲞϨ ⲀϤϮⲚⲞⲘϮ ⲚⲰⲞⲨ ⲀϤⲈⲢⲀⲤⲠⲀⲌⲈⲤⲐⲈ ⲘⲘⲰⲞⲨ ⲀϤⲒ ⲈⲂⲞⲖ ⲈϢⲈ ⲈⲐⲘⲀⲔⲈⲆⲞⲚⲒⲀ.
2 ২ পাছত সেই অঞ্চলেদি ফুৰি, বিভিন্ন কথাৰে শিষ্য সকলক উদগণি দি, তেওঁ গ্ৰীচ দেশ পালেগৈ।
ⲃ̅ⲈⲦⲀϤⲤⲒⲚⲒ ⲈⲂⲞⲖ ϦⲈⲚⲠⲒⲘⲀ ⲈⲦⲈⲘⲘⲀⲨ ⲞⲨⲞϨ ⲈⲦⲀϤϮⲚⲞⲘϮ ⲚⲰⲞⲨ ϦⲈⲚⲞⲨⲤⲀϪⲒ ⲈϤⲞϢ ⲀϤⲒ ⲈϮⲈⲖⲖⲀⲤ.
3 ৩ তাত তিনি মাহ থাকি, সমুদ্ৰ-পথেদি চিৰিয়া দেশত যাবলৈ উদ্যত হোৱাত, ইহুদী সকলে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ তেতিয়া তেওঁ মাকিদনিয়াইদি উলটি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে।
ⲅ̅ⲈⲦⲀϤⲈⲢ ⲄⲆⲈ ⲚⲀⲂⲞⲦ ⲘⲘⲀⲨ ⲀϤϢⲰⲠⲒ ⲚϪⲈⲞⲨⲤⲞϬⲚⲒ ⲈϤϨⲰⲞⲨ ⲈⲐⲂⲎⲦϤ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲚⲒⲒⲞⲨⲆⲀⲒ ⲈϤⲚⲀⲒ ⲈϨⲢⲎⲒ ⲈⲦⲤⲨⲢⲒⲀ ⲀϤϢⲰⲠⲒ ⲚϪⲈⲞⲨⲤⲞϬⲚⲒ ⲈⲐⲢⲈϤⲔⲞⲦϤ ⲈⲂⲞⲖ ϦⲈⲚⲐⲘⲀⲔⲈⲆⲞⲚⲒⲀ.
4 ৪ তাতে কিছুমান ব্যক্তিও তেওঁৰ লগত যাবলৈ ওলাল। বিৰয়া নগৰৰ পুৰ্হৰ পুতেক চোপাত্ৰ, থিচলনীকীয়াৰ আৰিষ্টাৰ্খ আৰু চিকুণ্ড, দৰ্বী নগৰৰ গায় আৰু তীমথিয়, এচিয়াৰ তুখিক আৰু ত্ৰফিম, এই কেইজন লোক এচিয়ালৈকে তেওঁৰ লগত গ’ল।
ⲇ̅ⲚⲀϤⲚⲈⲘⲀϤ ⲆⲈ ⲠⲈ ⲚϪⲈⲤⲰⲤⲒⲠⲀⲦⲢⲞⲤ ⲚⲦⲈⲠⲨⲢⲢⲞⲤ ⲠⲒⲢⲈⲘⲂⲈⲢⲞⲒⲀ ⲚⲀ ⲐⲈⲤⲤⲀⲖⲞⲚⲒⲔⲎ ⲆⲈ ⲀⲢⲒⲤⲦⲀⲢⲬⲞⲤ ⲚⲈⲘ ⲤⲈⲔⲞⲨⲚⲐⲞⲤ ⲚⲈⲘ ⲄⲀⲒⲞⲤ ⲠⲒⲢⲈⲘⲦⲈⲢⲂⲎ ⲚⲈⲘ ⲦⲒⲘⲞⲐⲈⲞⲤ ⲚⲀ ϮⲀⲤⲒⲀ ⲆⲈ ⲦⲨⲬⲒⲔⲞⲤ ⲚⲈⲘ ⲦⲢⲞⲪⲎⲘⲞⲤ.
5 ৫ কিন্তু এওঁলোকে আগবাঢ়ি যোৱাত, ত্রোৱাত আমালৈ ৰৈ আছিল।
ⲉ̅ⲚⲀⲒ ⲆⲈ ⲈⲦⲀⲨⲈⲢϢⲞⲢⲠ ⲈⲢⲞⲚ ⲀⲨⲞϨⲒ ⲚⲀⲚ ϦⲈⲚⲦⲢⲰⲀⲤ.
6 ৬ পাছত খমিৰ নোহোৱা পিঠাৰ দিন পাৰ হৈ যোৱাত, আমি ফিলিপীৰ পৰা জাহাজেৰে যাত্রা কৰি গৈ, পাঁচ দিনত ত্রোৱাত তেওঁলোকক লগ পালোঁ; তাত সাত দিন থাকিলোঁ ৷
ⲋ̅ⲀⲚⲞⲚ ⲆⲈ ⲘⲈⲚⲈⲚⲤⲀ ⲚⲒⲈϨⲞⲞⲨ ⲚⲦⲈⲚⲒⲀⲦϢⲈⲘⲎⲢ ⲀⲚⲈⲢϨⲰⲦ ⲈⲂⲞⲖ ϦⲈⲚⲪⲒⲖⲒⲠⲠⲞⲒⲤ ⲞⲨⲞϨ ⲀⲚⲒ ϢⲀⲢⲰⲞⲨ ⲈⲦⲢⲰⲀⲤ ⲘⲠⲈⲚⲈ ⲞⲨⲞϨ ⲀⲚϢⲰⲠⲒ ⲘⲘⲀⲨ ϦⲀⲦⲞⲦⲞⲨ ⲚⲌ ⲚⲈϨⲞⲞⲨ.
7 ৭ আমি যেতিয়া সপ্তাহৰ প্ৰথম দিনটোত পিঠা ভাঙিবলৈ একগোট হলোঁ; পৌলে বিশ্বাসী সকলক উপদেশ দি আছিল, পাছদিনা তেওঁ যাবলৈ সিদ্ধান্ত লোৱাত, মাজৰাতিলৈকে বক্তৃতা দি আছিল।
ⲍ̅ϦⲈⲚ ⲪⲞⲨⲀⲒ ⲆⲈ ⲚⲦⲈⲚⲒⲤⲀⲂⲂⲀⲦⲞⲚ ⲈⲦⲀⲚⲐⲰⲞⲨϮ ⲈⲪⲰϢ ⲚⲞⲨⲰⲒⲔ ⲚⲀϤⲤⲀϪⲒ ⲚϪⲈⲠⲀⲨⲖⲞⲤ ⲚⲈⲘⲰⲞⲨ ⲈϤⲚⲀⲒ ⲈⲂⲞⲖ ⲈⲠⲈϤⲢⲀⲤϮ ⲚⲀϤⲪⲰⲢϢ ⲆⲈ ⲘⲠⲒⲤⲀϪⲒ ⲈⲂⲞⲖ ϢⲀ ⲦⲪⲀϢⲒ ⲘⲠⲒⲈϪⲰⲢϨ.
8 ৮ তেতিয়া আমি গোট খোৱা সেই ওপৰৰ কোঠালিত বহু চাকি জ্বলি আছিল।
ⲏ̅ⲚⲈ ⲞⲨⲞⲚ ⲞⲨⲘⲎϢ ⲆⲈ ⲚⲖⲀⲘⲠⲀⲤ ϦⲈⲚⲠⲒⲘⲀ ⲈⲦⲤⲀⲠϢⲰⲒ ⲠⲒⲘⲀ ⲈⲚⲀⲨⲐⲞⲨⲎⲦ ⲚϦⲎⲦϤ.
9 ৯ তাতে খিড়িকীত বহি উতুখ নামেৰে এজন ডেকা ঘোৰ টোপনিত মগ্ন হোৱাত, তৃতীয় মহলাৰ পৰা তললৈ পৰিল; পাছত তেওঁক মৃত অৱস্থাত পালে।
ⲑ̅ⲚⲀϤϨⲈⲘⲤⲒ ⲆⲈ ⲠⲈ ⲚϪⲈⲞⲨϦⲈⲖϢⲒⲢⲒ ⲈⲠⲈϤⲢⲀⲚ ⲠⲈ ⲈⲨⲦⲨⲬⲞⲤ ϨⲒϪⲈⲚ ⲠⲒϢⲞⲨϢⲦ ⲈϤⲞⲂϢ ϦⲈⲚⲞⲨⲚⲒϢϮ ⲚⲈⲚⲔⲞⲦ ⲈⲢⲈ ⲠⲀⲨⲖⲞⲤ ⲆⲈ ⲤⲀϪⲒ ⲀⲠⲒⲈⲚⲔⲞⲦ ⲤⲞⲔϤ ⲚϨⲞⲨⲞ ⲀϤϨⲈⲒ ⲈⲠⲈⲤⲎⲦ ϦⲈⲚϮⲘⲀϨⲄϮ ⲚⲞⲨⲀϨⲘⲒ ⲞⲨⲞϨ ⲀⲨϤⲒⲦϤ ⲈϤⲘⲰⲞⲨⲦ.
10 ১০ তেতিয়া পৌলে নামি গৈ তাৰ গাত পৰি আকোঁৱালি ধৰি কলে, “আপোনালোকে কন্দা-কটা নকৰিব; কিয়নো এওঁৰ শৰীৰত প্ৰাণ আছে।”
ⲓ̅ⲀϤⲒ ⲆⲈ ⲈⲠⲈⲤⲎⲦ ⲚϪⲈⲠⲀⲨⲖⲞⲤ ⲀϤϨⲒⲦϤ ⲈϦⲢⲎⲒ ⲈϪⲰϤ ⲞⲨⲞϨ ⲈⲦⲀϤⲘⲞⲖϪϤ ⲈϦⲎⲦϤ ⲠⲈϪⲀϤ ϪⲈ ⲘⲠⲈⲢϢⲐⲞⲢⲦⲈⲢ ⲦⲈϤⲮⲨⲬⲎ ⲄⲀⲢ ⲚϦⲎⲦϤ.
11 ১১ ইয়াৰ পাছত তেওঁ ওপৰলৈ গৈ পিঠা ভাঙি খালে আৰু বহু সময়লৈকে, অৰ্থাৎ ৰাতিপুৱালৈকে কথোপকথন কৰি কৰি, তেওঁলোকৰ ওচৰৰ পৰা এইদৰে গলগৈ।
ⲓ̅ⲁ̅ⲈⲦⲀϤϢⲈ ⲆⲈ ⲈϨⲢⲎⲒ ⲞⲨⲞϨ ⲈⲦⲀϤⲪⲰϢ ⲘⲠⲒⲰⲒⲔ ⲞⲨⲞϨ ⲈⲦⲀϤϪⲈⲘϮⲠⲒ ⲀϤⲤⲰⲔ ⲘⲠⲒⲤⲀϪⲒ ϢⲀⲦⲈ ⲪⲞⲨⲰⲒⲚⲒ ⲒⲈⲂⲞⲖ ⲞⲨⲞϨ ⲠⲀⲒⲢⲎϮ ⲀϤⲒ ⲈⲂⲞⲖ.
12 ১২ পাছত তেওঁলোকে সেই ল’ৰাক জীয়াই উঠা দেখি, অতি সান্ত্বনা পালে।
ⲓ̅ⲃ̅ⲀⲨⲒⲚⲒ ⲆⲈ ⲘⲠⲒⲀⲖⲞⲨ ⲈϤⲰⲚϦ ⲞⲨⲞϨ ⲀⲨϬⲒ ⲚⲞⲨⲘⲈⲦⲐⲀⲦϨⲎⲦ ⲚⲞⲨⲔⲞⲨϪⲒ ⲀⲚ.
13 ১৩ পাছত আমি আগবাঢ়ি গৈ পৌলক আঃচ নগৰত তুলি লোৱাৰ মনোভাবেৰে জাহাজত উঠি তালৈ যাত্ৰা কৰিলোঁ; কিয়নো পৌলে খোজকাঢ়ি যাবলৈ বিচৰাত আমি সেইদৰে থিৰাং কৰিলোঁ।
ⲓ̅ⲅ̅ⲀⲚⲞⲚ ⲆⲈ ⲀⲚⲀⲖⲎⲒ ⲚϢⲞⲢⲠ ⲈⲠⲒϪⲞⲒ ⲀⲚⲒ ⲈϨⲢⲎⲒ ⲈⲀⲤⲤⲞⲤ ⲈⲚⲐⲰϢ ⲈⲦⲀⲖⲈ ⲠⲀⲨⲖⲞⲤ ⲘⲠⲒⲘⲀ ⲈⲦⲈⲘⲘⲀⲨ ⲚⲈⲀϤϨⲞⲚϨⲈⲚ ⲄⲀⲢ ⲈⲦⲞⲦⲈⲚ ⲘⲠⲀⲒⲢⲎϮ ⲈϤⲚⲀⲘⲞϢⲒ ⲚⲢⲀⲦϤ.
14 ১৪ আঃচ নগৰত তেওঁ আমাক লগ ধৰিলে, ইয়াৰ পাছত আমি তেওঁক লগত লৈ মিতুলীনী দ্বীপলৈ যাত্ৰা কৰিলোঁ।
ⲓ̅ⲇ̅ⲈⲦⲀϤϮⲘⲀϮ ⲆⲈ ⲈⲢⲞⲚ ϦⲈⲚⲀⲤⲤⲞⲤ ⲀⲚⲦⲀⲖⲞϤ ⲀⲚⲒ ⲈⲘⲒⲖⲒⲦⲒⲚⲎ.
15 ১৫ ইয়াৰ পৰা জাহাজেৰে যাত্ৰা কৰি পাছদিনা, খীয় দ্বীপৰ সন্মুখ পালোঁ আৰু দ্বিতীয় দিনা চামঃ দ্বীপত লগাই, আমি পাছদিনা মিলীত নগৰ পালোঁ।
ⲓ̅ⲉ̅ⲠⲈϤⲢⲀⲤϮ ⲆⲈ ⲀⲚⲈⲢϨⲰⲦ ⲈⲂⲞⲖ ⲘⲘⲀⲨ ⲀⲚϮⲘⲀϮ ⲘⲠⲈⲘⲐⲞ ⲚⲬⲒⲞⲤ ⲚϨⲀⲚⲀⲢⲞⲨϨⲒ ⲆⲈ ⲀⲚⲒ ⲈⲤⲀⲘⲞⲤ ⲘⲈⲚⲈⲚⲤⲰϤ ⲀⲚⲒ ⲈⲘⲒⲖⲎⲦⲞⲤ.
16 ১৬ কাৰণ পৌলে আগতেই সিদ্ধান্ত কৰিছিল যে, ইফিচত তেওঁ নাথাকিব; এচিয়াতো সময় অতিবাহিত নকৰিব৷ কিয়নো পঞ্চাশ-দিনীয়া পৰ্বৰ সময়ত যিৰূচালেমত উপস্থিত থাকিবলৈ তেওঁৰ ইচ্ছা।
ⲓ̅ⲋ̅ⲚⲈ ⲀϤⲐⲰϢ ⲄⲀⲢ ⲚϪⲈⲠⲀⲨⲖⲞⲤ ⲈⲈⲢϨⲰⲦ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲈⲪⲈⲤⲞⲤ ϨⲞⲠⲰⲤ ϪⲈ ⲚⲚⲈϤⲰⲤⲔ ϦⲈⲚϮⲀⲤⲒⲀ ⲚⲀϤⲒⲎⲤⲞⲨⲤ ⲄⲀⲢ ⲠⲈ ϨⲒⲚⲀ ⲒⲤϪⲈ ⲞⲨⲞⲚ ϢϪⲞⲘ ⲚⲦⲈϤⲈⲢ ⲠⲈϨⲞⲞⲨ ⲚϮⲠⲈⲚⲦⲎ ⲔⲞⲤⲦⲎ ϦⲈⲚⲒⲈⲢⲞⲤⲀⲖⲎⲘ.
17 ১৭ পাছত তেওঁ মিলীতৰ পৰা ইফিচলৈ মানুহ পঠাই, মণ্ডলীৰ পৰিচাৰক সকলক মতাই আনিলে।
ⲓ̅ⲍ̅ⲈⲂⲞⲖ ⲆⲈ ϦⲈⲚⲘⲒⲖⲎⲦⲞⲤ ⲀϤⲞⲨⲰⲢⲠ ⲈⲈⲪⲈⲤⲞⲤ ⲀϤⲘⲞⲨϮ ⲈⲚⲒⲠⲢⲈⲤⲂⲨⲦⲈⲢⲞⲤ ⲚⲦⲈϮⲈⲔⲔⲖⲎⲤⲒⲀ.
18 ১৮ তেওঁলোক তেওঁৰ ওচৰলৈ অহাত, তেওঁ কবলৈ ধৰিলে “মই এচিয়ালৈ অহাৰ প্ৰথম দিনাৰে পৰা আপোনালোকৰ লগত সকলো সময়ত থাকি, সম্পূৰ্ণ নম্ৰতা আৰু চকুলোৰে,
ⲓ̅ⲏ̅ⲈⲦⲀⲨⲒ ⲆⲈ ϢⲀⲢⲞϤ ⲠⲈϪⲀϤ ⲚⲰⲞⲨ ϪⲈ ⲚⲐⲰⲦⲈⲚ ⲦⲈⲦⲈⲚⲤⲰⲞⲨⲚ ϪⲈ ⲒⲤϪⲈⲚ ⲠⲒⲈϨⲞⲞⲨ ⲚϨⲞⲨⲒⲦ ⲈⲦⲀⲒⲒ ⲈϮⲀⲤⲒⲀ ϪⲈ ⲀⲒϢⲰⲠⲒ ⲚⲈⲘⲰⲦⲈⲚ ⲚⲀϢ ⲚⲢⲎϮ ⲘⲠⲀⲒⲤⲎⲞⲨ ⲦⲎⲢϤ.
19 ১৯ আৰু ইহুদী সকলৰ চক্ৰান্তৰ দ্বাৰাই মোলৈ ঘটা পৰীক্ষাতো কেনেকৈ প্ৰভুৰ সেৱাকৰ্ম কৰিলোঁ
ⲓ̅ⲑ̅ⲈⲒⲞⲒ ⲘⲂⲰⲔ ⲘⲠϬⲞⲒⲤ ϦⲈⲚⲐⲈⲂⲒⲞ ⲚϨⲎⲦ ⲚⲒⲂⲈⲚ ⲚⲈⲘ ϨⲀⲚⲈⲢⲘⲰⲞⲨⲒ ⲚⲈⲘ ⲚⲒⲠⲒⲢⲀⲤⲘⲞⲤ ⲈⲦⲀⲨⲒ ⲈϨⲢⲎⲒ ⲈϪⲰⲒ ϦⲈⲚⲚⲒⲤⲞϬⲚⲒ ⲈⲦϨⲰⲞⲨ ⲚⲦⲈⲚⲒⲒⲞⲨⲆⲀⲒ.
20 ২০ আৰু কেনেকৈ আপোনালোকৰ আগত, কোনো হিত কথা কবলৈ আৰু সৰ্ব্বসাধাৰণৰ আগত আৰু ঘৰে ঘৰে আপোনালোকক উপদেশ দিবলৈ পাছ নুহুহকিলো,
ⲕ̅ⲘⲪⲢⲎϮ ⲈⲦⲈⲘⲠⲒϨⲈⲠ ϨⲖⲒ ϦⲈⲚⲚⲎ ⲈⲦⲈⲢⲚⲞϤⲢⲒ ⲚⲞⲨϢⲈⲚ ⲦⲀⲘⲰⲦⲈⲚ ⲈⲢⲰⲞⲨ ⲚⲈⲘ ⲈϮⲤⲂⲰ ⲚⲰⲦⲈⲚ.
21 ২১ আৰু ঈশ্বৰলৈ মন-পালটন আৰু প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে ইহুদী আৰু গ্ৰীক সকলক সাৱধান কৰি তেওঁলোকৰ আগত সাক্ষ্য দিলোঁ; সেই সকলো বিষয় আপোনালোকে নিজে জানিছে।
ⲕ̅ⲁ̅ⲈⲒⲈⲢⲘⲈⲐⲢⲈ ⲚⲆⲎⲘⲞⲤⲒⲀ ⲚⲈⲘ ⲔⲀⲦⲀ ⲎⲒ ⲚⲚⲒⲒⲞⲨⲆⲀⲒ ⲚⲈⲘ ⲚⲒⲞⲨⲈⲒⲚⲒⲚ ⲚϮⲘⲈⲦⲀⲚⲞⲒⲀ ⲚⲦⲈⲪⲚⲞⲨϮ ⲚⲈⲘ ⲠⲒⲚⲀϨϮ ⲈⲠⲈⲚϬⲞⲒⲤ ⲒⲎⲤⲞⲨⲤ ⲠⲬⲢⲒⲤⲦⲞⲤ.
22 ২২ আৰু এতিয়া চাওক, মই পবিত্ৰ আত্মাৰ নির্দেশত আৱদ্ধ হৈ যিৰূচালেমলৈ যাব ওলাইছো; তাতে মোলৈ কি কি ঘটিব, সেই বিষয়ে নাজানো;
ⲕ̅ⲃ̅ⲞⲨⲞϨ ϮⲚⲞⲨ ϨⲎⲠⲠⲈ ⲀⲚⲞⲔ ⲈⲒⲤⲞⲚϨ ϦⲈⲚⲠⲒⲠⲚⲈⲨⲘⲀϮⲚⲀϢⲈ ⲚⲎⲒ ⲈⲒⲈⲢⲞⲤⲀⲖⲎⲘ ϮⲤⲰⲞⲨⲚ ⲀⲚ ⲘⲠⲈⲐⲚⲀⲒ ⲈϦⲞⲨⲚ ⲈϨⲢⲀⲒ ⲚϦⲎⲦⲤ.
23 ২৩ কেৱল ইয়াকে জানিছোঁ যে, বন্ধন আৰু ক্লেশে মোলৈ বাট চাই আছে বুলি পবিত্ৰ আত্মাই নগৰে নগৰে মোক সাক্ষ্য দিছে।
ⲕ̅ⲅ̅ⲠⲖⲎⲚ ⲠⲒⲠⲚⲈⲨⲘⲀⲈⲐⲞⲨⲀⲂ ϤⲈⲢⲘⲈⲐⲢⲈ ⲚⲎⲒ ⲔⲀⲦⲀ ⲠⲞⲖⲒⲤ ⲈϤϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲤⲈⲞϨⲒ ⲚⲀⲔ ⲚϪⲈϨⲀⲚⲤⲚⲀⲨϨ ⲚⲈⲘ ϨⲀⲚⲐⲖⲨⲮⲒⲤ.
24 ২৪ কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা মোৰ যি পৰিচৰ্যাৰ কাৰ্য, সেই কার্য সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ।
ⲕ̅ⲇ̅ⲀⲖⲖⲀ ⲦⲀⲮⲨⲬⲎ ϮⲬⲰ ⲘⲘⲞⲤ ⲀⲚ ϪⲈ ⲤⲦⲀⲒⲎⲞⲨⲦ ⲚⲦⲞⲦ ϦⲈⲚϨⲖⲒ ⲚⲤⲀϪⲒ ϢⲀ ϮϪⲰⲔ ⲘⲠⲀⲆⲢⲞⲘⲞⲤ ⲈⲂⲞⲖ ⲚⲈⲘ ϮⲆⲒⲀⲔⲞⲚⲒⲀ ⲐⲎ ⲈⲦⲀⲒϬⲒⲦⲤ ⲚⲦⲈⲚ ⲠϬⲞⲒⲤ ⲒⲎⲤⲞⲨⲤ ⲈⲈⲢⲘⲈⲐⲢⲈ ⲘⲠⲒⲈⲨⲀⲄⲄⲈⲖⲒⲞⲚ ⲚⲦⲈⲠⲒϨⲘⲞⲦ ⲚⲦⲈⲪⲚⲞⲨϮ.
25 ২৫ এতিয়া চাওক, যি সকলৰ মাজত মই ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্রচাৰ কৰি ফুৰিলোঁ, সেই সকলৰ মাজত, আপোনালোকে মোৰ মুখ ইয়াৰ পাছত যে দেখিবলৈ নাপাবা, ইয়াকো মই জানিছোঁ।
ⲕ̅ⲉ̅ⲞⲨⲞϨ ϮⲚⲞⲨ ϨⲎⲠⲠⲈ ⲀⲚⲞⲔ ϮⲈⲘⲒ ϪⲈ ⲦⲈⲦⲈⲚⲚⲀⲨ ⲈⲠⲀϨⲞ ⲀⲚ ϪⲈ ⲚⲐⲰⲦⲈⲚ ⲦⲎⲢⲞⲨ ⲚⲎ ⲈⲦⲀⲒⲤⲒⲚⲒ ⲚϦⲎⲦⲞⲨ ⲈⲒϨⲒⲰⲒϢ ⲚϮⲘⲈⲦⲞⲨⲢⲞ ⲚⲦⲈⲪⲚⲞⲨϮ.
26 ২৬ এই হেতুকে মই যে আটাইৰে তেজৰ পৰা নিৰ্দোষী, ইয়াৰ সাক্ষ্য আজি দিছোঁ;
ⲕ̅ⲋ̅ⲈⲐⲂⲈⲪⲀⲒ ϮⲈⲢⲘⲈⲐⲢⲈ ⲚⲰⲦⲈⲚ ϦⲈⲚⲠⲀⲒⲈϨⲞⲞⲨ ⲚⲦⲈⲪⲞⲞⲨ ϪⲈ ϮⲞⲨⲀⲂ ⲀⲚⲞⲔ ⲈⲂⲞⲖ ϨⲀ ⲠⲈⲦⲈⲚⲤⲚⲞϤ ⲦⲎⲢⲞⲨ.
27 ২৭ কিয়নো আপোনালোকক ঈশ্বৰৰ আটাই পৰিকল্পনা জনাবলৈ পাছ নুহুহকিলো।
ⲕ̅ⲍ̅ⲞⲨ ⲄⲀⲢ ⲘⲠⲒϨⲞⲠⲦ ⲈϢⲦⲈⲘⲦⲀⲘⲰⲦⲈⲚ ⲈⲪⲞⲨⲰϢ ⲦⲎⲢϤ ⲘⲪⲚⲞⲨϮ.
28 ২৮ আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই সকলোৱে সাৱধান হৈ, ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক।
ⲕ̅ⲏ̅ⲘⲀϨⲐⲎⲦⲈⲚ ⲈⲢⲰⲦⲈⲚ ⲚⲈⲘ ⲠⲒⲞϨⲒ ⲦⲎⲢϤ ⲈⲦⲀ ⲠⲒⲠⲚⲈⲨⲘⲀⲈⲐⲞⲨⲀⲂ ⲬⲀ ⲐⲎⲚⲞⲨ ⲚⲈⲠⲒⲤⲔⲞⲠⲞⲤ ⲚϦⲎⲦϤ ⲈⲀⲘⲞⲚⲒ ⲚϮⲈⲔⲔⲖⲎⲤⲒⲀ ⲚⲦⲈⲠϬⲞⲒⲤ ⲐⲎ ⲈⲦⲀϤϪⲪⲞⲤ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲠⲈϤⲤⲚⲞϤ ⲘⲘⲒⲚ ⲘⲘⲞϤ.
29 ২৯ মই যোৱাৰ পাছত, দূৰ্জন ৰাংকুকুৰবোৰে আপোনালোকৰ মাজত সোমাই, জাকলৈ নিৰ্দয় আচৰণ কৰিব;
ⲕ̅ⲑ̅ⲀⲚⲞⲔ ⲆⲈ ϮⲈⲘⲒ ϪⲈ ⲘⲈⲚⲈⲚⲤⲀ ⲐⲢⲒϢⲈ ⲚⲎⲒ ⲤⲈⲚⲀⲒ ⲈϦⲞⲨⲚ ⲈⲢⲰⲦⲈⲚ ⲚϪⲈϨⲀⲚⲞⲨⲰⲚϢ ⲈⲨϨⲞⲢϢ ⲚⲤⲈⲚⲀϮⲀⲤⲞ ⲀⲚ ⲈⲠⲒⲞϨⲒ.
30 ৩০ আৰু আপোনালোকৰ মাজৰ পৰাও কোনো কোনো মানুহ ওলাই, সিহঁতৰ পাছে পাছে শিষ্য সকলক আকৰ্ষণ কৰি বিপথে নিবলৈ বিচাৰিব, ইয়াক মই জানিছোঁ।
ⲗ̅ⲞⲨⲞϨ ⲤⲈⲚⲀⲦⲰⲞⲨⲚ ⲚϪⲈϨⲀⲚⲢⲰⲘⲒ ⲈⲂⲞⲖ ϦⲈⲚⲐⲎⲚⲞⲨ ⲈⲨϪⲰ ⲚϨⲀⲚⲤⲀϪⲒ ⲈⲨⲪⲰⲚϨ ⲈⲐⲢⲞⲨⲤⲰⲔ ⲚⲚⲒⲘⲀⲐⲎⲦⲎⲤ ⲤⲀⲘⲈⲚϨⲎⲞⲨ.
31 ৩১ এতেকে আপোনালোকে পৰ দি থাকক৷ মই যে চকুলোৰে তিনি বছৰলৈকে দিনে-ৰাতিয়ে প্ৰতিজনক সচেতন কৰিবলৈ নেৰিলোঁ, ইয়াকো সোঁৱৰণ কৰক।
ⲗ̅ⲁ̅ⲈⲐⲂⲈⲪⲀⲒ ⲞⲨⲚ ⲢⲰⲒⲤ ⲈⲢⲰⲦⲈⲚ ⲈⲢⲈⲦⲈⲚⲒⲢⲒ ⲘⲪⲘⲈⲨⲒ ϪⲈ ⲀⲒⲈⲢ ⲄϮ ⲚⲢⲞⲘⲠⲒ ⲘⲠⲒⲬⲀⲦⲞⲦ ⲈⲂⲞⲖ ⲘⲠⲒⲈϨⲞⲞⲨ ⲚⲈⲘ ⲠⲒⲈϪⲰⲢϨ ⲈⲒϮⲤⲂⲰ ⲘⲪⲞⲨⲀⲒ ⲪⲞⲨⲀⲒ ⲘⲘⲰⲦⲈⲚ ϦⲈⲚϨⲀⲚⲈⲢⲘⲰⲞⲨⲒ.
32 ৩২ এতিয়া, যি ঈশ্বৰে আপোনালোকক বিশ্বাসত বৃদ্ধি কৰিব পাৰে আৰু পবিত্ৰীকৃত হোৱা সকলৰ মাজত উত্তৰাধীকাৰ দিব পাৰে, তেওঁলৈ আৰু তেওঁৰ অনুগ্ৰহৰ বাক্যলৈ আপোনালোকক সমৰ্পন কৰি দিলোঁ।
ⲗ̅ⲃ̅ⲞⲨⲞϨ ϮⲚⲞⲨ ϮⲬⲰ ⲘⲘⲰⲦⲈⲚ ϦⲀⲦⲈⲚ ⲠϬⲞⲒⲤ ⲚⲈⲘ ⲠⲤⲀϪⲒ ⲚⲦⲈⲠⲈϤϨⲘⲞⲦ ⲪⲎ ⲈⲦⲈ ⲞⲨⲞⲚ ϢϪⲞⲘ ⲘⲘⲞϤ ⲈⲐⲰϢ ⲞⲨⲞϨ ⲈϮⲔⲖⲎⲢⲞⲚⲞⲘⲒⲀ ϦⲈⲚⲚⲎ ⲈⲦⲀⲨⲦⲞⲨⲂⲰⲞⲨ ⲦⲎⲢⲞⲨ.
33 ৩৩ মই কাৰো ৰূপ বা সোণ বা কাপোৰত লোভ কৰা নাই।
ⲗ̅ⲅ̅ⲞⲨϨⲀⲦ ⲒⲈ ⲞⲨⲚⲞⲨⲂ ⲒⲈ ⲞⲨϨⲂⲰⲤ ⲘⲠⲒⲈⲢⲈⲠⲒⲐⲨⲘⲒⲚ ⲈⲞⲨⲞⲚ ⲘⲘⲰⲞⲨ.
34 ৩৪ মই আৰু মোৰ সঙ্গী সকলৰ প্ৰয়োজনলৈ মোৰ এই হাতেৰে উপার্জন কৰি সেৱা কৰিলোঁ, এই বিষয়ে আপোনালোকে নিজে জানে।
ⲗ̅ⲇ̅ⲚⲐⲰⲦⲈⲚ ⲦⲈⲦⲈⲚⲤⲰⲞⲨⲚ ϪⲈ ⲚⲀϪⲒϪ ⲚⲀⲒ ⲀⲨϢⲈⲘϢⲒ ⲚⲦⲀⲬⲢⲒⲀ ⲚⲈⲘ ⲚⲎ ⲈⲐⲚⲈⲘⲎⲒ.
35 ৩৫ সকলো বিষয়তে মই আপোনালোকক আৰ্হি দেখুৱালোঁ; আপোনালোকে সেইদৰে পৰিশ্ৰম কৰি, দূৰ্বল সকলক উপকাৰ কৰা উচিত আৰু প্ৰভু যীচুৰ বাক্য সোঁৱৰা উচিত৷ তেওঁ নিজে কৈছিল- “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।”
ⲗ̅ⲉ̅ⲀⲒⲦⲀⲘⲰⲦⲈⲚ ⲈϨⲰⲂ ⲚⲒⲂⲈⲚ ϪⲈ ⲤϢⲈ ⲚϦⲞⲤⲒ ⲘⲠⲀⲒⲢⲎϮ ⲚⲦⲈⲚϮⲦⲞⲦⲞⲨ ⲚⲚⲎ ⲈⲦϢⲰⲚⲒ ⲚⲦⲈⲦⲈⲚⲈⲢⲪⲘⲈⲨⲒ ⲚⲚⲒⲤⲀϪⲒ ⲚⲦⲈⲠϬⲞⲒⲤ ⲒⲎⲤⲞⲨⲤ ϪⲈ ⲚⲐⲞϤ ⲀϤϪⲞⲤ ϪⲈ ⲞⲨⲘⲈⲦⲘⲀⲔⲀⲢⲒⲞⲤ ⲦⲈ ⲘⲀⲖⲖⲞⲚ ⲈϮ ⲈϨⲞⲦⲈ ⲈϬⲒ.
36 ৩৬ এইবোৰ কথা কোৱাৰ পাছত, তেওঁ আঁঠু লৈ সকলোৰে সৈতে প্ৰাৰ্থনা কৰিলে৷
ⲗ̅ⲋ̅ⲞⲨⲞϨ ⲚⲀⲒ ⲈⲦⲀϤϪⲞⲦⲞⲨ ⲀϤϨⲒⲦϤ ⲈϪⲈⲚ ⲚⲈϤⲔⲈⲖⲒ ⲚⲈⲘⲰⲞⲨ ⲦⲎⲢⲞⲨ ⲀⲨⲈⲢⲠⲢⲞⲤⲈⲨⲬ ⲈⲤⲐⲈ.
37 ৩৭ পাছত সকলোৱে বৰ ক্ৰন্দন কৰিলে আৰু পৌলৰ ডিঙিত ধৰি চুমা খালে৷
ⲗ̅ⲍ̅ⲀϤϢⲰⲠⲒ ⲆⲈ ⲚϪⲈⲞⲨⲚⲒϢϮ ⲚⲢⲒⲘⲒ ⲚⲦⲰⲞⲨ ⲦⲎⲢⲞⲨ ⲞⲨⲞϨ ⲀⲨϨⲒⲦⲞⲨ ⲈϦⲢⲎⲒ ⲈϪⲈⲚ ⲐⲚⲀϨⲂⲒ ⲘⲠⲀⲨⲖⲞⲤ ⲞⲨⲞϨ ⲀⲨϮⲪⲒ ⲈⲢⲰϤ
38 ৩৮ “মোৰ মুখ আৰু দেখিবলৈ নাপাব” বিশেষকৈ এই কথাৰ কাৰণে তেওঁলোকে গভীৰভাৱে শোক কৰিলে; পাছত তেওঁক জাহাজলৈকে আগবঢ়াই থৈ আহিল।
ⲗ̅ⲏ̅ⲈⲨⲞⲒ ⲚⲘⲔⲀϨ ⲚϨⲎⲦ ⲘⲀⲖⲒⲤⲦⲀ ⲈⲐⲂⲈ ⲠⲒⲤⲀϪⲒ ⲈⲦⲀϤϪⲞϤ ϪⲈ ⲤⲈⲚⲀⲚⲀⲨ ⲈⲠⲀϨⲞ ⲀⲚ ϪⲈ ⲚⲀⲨⲦⲪⲞ ⲆⲈ ⲘⲘⲞϤ ⲈϪⲈⲚ ⲠⲒϪⲞⲒ.