< পাঁচনি 2 >
1 ১ পঞ্চাশ-দিনীয়া পৰ্বৰ দিনা যীচুৱে মনোনীত কৰা পাঁচনি সকল এঠাইত একেলগে গোট খাই আছিল।
И кад се наврши педесет дана беху заједно сви апостоли једнодушно.
2 ২ সেই সময়ত অতিশয় বেগেৰে ধুমুহা বতাহ ব’লাৰ নিচিনা এটা শব্দ স্বৰ্গৰ পৰা অকস্মাতে আহি যি ঘৰত পাঁচনি সকল বহি আছিল, সেই গোটেই ঘৰটো জুৰিলে।
И уједанпут постаде хука с неба као дување силног ветра, и напуни сву кућу где сеђаху;
3 ৩ তেতিয়া তেওঁলোকৰ আগত জিভাৰ সদৃশ জুই ওলাই প্ৰতিজনৰ ওপৰত ৰৈ থাকিল।
И показаше им се раздељени језици као огњени; и седе по један на сваког од њих.
4 ৪ সেই সময়ত তেওঁলোক সকলোৱে পবিত্ৰ আত্মাৰে পূৰ হৈ, আত্মাই নিৰ্দেশ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ ধৰিলে।
И напунише се сви Духа Светог, и стадоше говорити другим језицима, као што им Дух даваше те говораху.
5 ৫ সেই সময়ত যিৰূচালেমত বাস কৰা ইহুদী লোক আৰু আকাশৰ তলত থকা সকলো দেশৰ পৰা অহা ধৰ্মীয় ভক্ত সকল সেই ঠাইত আছিল।
А у Јерусалиму стајаху Јевреји људи побожни из сваког народа који је под небом.
6 ৬ যেতিয়া স্বৰ্গৰ পৰা অহা সেই শব্দ তেওঁলোকে শুনিবলৈ পালে, তেতিয়া তেওঁলোক একগোট হ’ল আৰু প্ৰতিজনে তেওঁলোকৰ নিজ ভাষাৰে পাঁচনি সকলক কথা কোৱা শুনি কিংকৰ্তব্যবিমূঢ় হ’ল;
А кад постаде овај глас, скупи се народ, и смете се: јер сваки од њих слушаше где они говоре његовим језиком.
7 ৭ তাতে তেওঁলোকে বিস্ময় মানিলে আৰু আচৰিত হৈ নিজৰ মাজতে ভুৰভুৰালে আৰু ক’লে, “যি সকলে এই কথা কৈছে, তেওঁলোক গালীলীয়া মানুহ নহয় নে?
И дивљаху се и чуђаху се говорећи један другом: Нису ли ово све Галилејци што говоре?
8 ৮ যদি সেয়ে সত্য হয়, তেনেহলে আমি প্ৰতিজনে নিজ নিজ মাতৃ-ভাষাত কেনেকৈ শুনিবলৈ পাইছোঁ?”
Па како ми чујемо сваки свој језик у коме смо се родили?
9 ৯ পাৰ্থিয়া, মাদিয়া, এলাম, মেচোপতেমিয়া, যিহূদা, কোপ্পাদকিয়া, পন্ত, এচিয়া,
Парћани, и Миђани, и Еламљани, и који смо из Месопотамије, и из Јудеје и Кападокије, и из Понта и Азије,
10 ১০ ফিৰুগিয়া, পাম্ফুলিয়া, মিচৰ, এই সকলো দেশৰ মানুহ আৰু কুৰীণীৰ ওচৰৰ লুবিয়াৰ সীমাত থকা সকল, ৰোম নগৰৰ পৰা অহা ইহুদী সকল আৰু ইহুদী ধৰ্ম লোৱা বিদেশী লোক সকল,
И из Фригије и Памфилије, из Мисира и крајева ливијских код Кирине, и путници из Рима, и Јудејци и дошљаци,
11 ১১ ক্ৰীত আৰু আৰব দেশৰ মানুহবোৰে নিজ নিজ মাতৃ-ভাষাত ঈশ্বৰৰ মহৎ আচৰিত কাৰ্যৰ কথা কৈ থকা শুনিবলৈ পোৱাত
Крићани и Арапи, чујемо где они говоре нашим језицима величине Божје.
12 ১২ তেওঁলোকে বিস্ময় মানি সংশয় মনেৰে কোৱা-কুই কৰি ক’লে, “এই সকলোবোৰৰ অৰ্থ কি?”
И дивљаху се сви и не могаху се начудити говорећи један другом: Шта ће дакле ово бити?
13 ১৩ কিন্তু কিছু সংখ্যক লোকে ক’লে, “এইবোৰ মানুহ নতুন দ্ৰাক্ষাৰস পান কৰি মতলীয়া হৈছে।”
А други подсмевајући се говораху: Накитили су се вина.
14 ১৪ তেতিয়া পিতৰে এঘাৰ জন পাঁচনিৰে সৈতে থিয় হৈ বৰ মাতেৰে ক’লে, “হে যিহুদী লোক সকল, হে আটাই যিৰূচালেম নিবাসী সকল, এই কথা আপনালোকৰ জ্ঞাত হওক আৰু মোৰ কথালৈ কাণ দিয়ক।
А Петар стаде са једанаесторицом и подиже глас свој и рече им: Људи Јудејци и ви сви који живите у Јерусалиму! Ово да вам је на знање, и чујте речи моје.
15 ১৫ আপোনালোকে যেনেকৈ ভাবিছে, তেনেকৈ এওঁলোক মতলীয়া নহয়, কাৰণ এতিয়া পুৱাৰ ন মানহে বাজিছে৷
Јер ови нису пијани као што ви мислите, јер је тек трећи сат дана;
16 ১৬ কিয়নো এই সকলো কথা যোৱেল ভাববাদীৰ যোগে কোৱা হৈছিলঃ
Него је ово оно што каза пророк Јоило:
17 ১৭ ‘ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ সতি-সন্ততি সকলে ভাববাণী প্ৰচাৰ কৰিব, তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোক সকলে সপোন দেখিব।
И биће у последње дане, говори Господ, излићу од Духа свог на свако тело, и прорећи ће синови ваши и кћери ваше, и младићи ваши видеће утваре и старци ваши сниће снове;
18 ১৮ আৰু সেই কালত মই তোমালোকৰ দাস, দাসী সকলৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিব,
Јер ћу на слуге своје и на слушкиње своје у те дане излити од Духа свог, и прорећи ће.
19 ১৯ আৰু মই আকাশত অদ্ভুত লক্ষণ আৰু পৃথিৱীতো নানা পৰাক্ৰমৰ চিন যেনে, তেজ, জুই আৰু ধোঁৱা স্বৰূপ মেঘ দেখুৱাম৷
И даћу чудеса горе на небу и знаке доле на земљи: крв и огањ и пушење дима.
20 ২০ প্ৰভুৰ সেই মহৎ আৰু প্ৰসিদ্ধ দিন অহাৰ পুৰ্বেই, সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজৰ দৰে হ’ব।
Сунце ће се претворити у таму и месец у крв пре него дође велики и славни дан Господњи.
21 ২১ কিন্তু যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, সি পৰিত্ৰাণ পাব।’
И биће да ће се сваки спасти који призове име Господње.
22 ২২ হে ইস্ৰায়েলী লোক সকল, এই কথাবোৰ শুনক; নাচৰতীয়া যীচু আপোনালোকলৈ ঈশ্বৰৰ মনোনীত জন যে হয়, এই বিষয়ে আপোনালোকে জানি আছে। ঈশ্বৰে যে তেওঁৰ দ্বাৰাই আচৰিত আৰু অদ্ভুত কৰ্ম আৰু চিন অাপোনালোকৰ আগত দেখুৱালে, সেয়াও আপোনালোকে জানে৷
Људи Израиљци! Послушајте речи ове: Исуса Назарећанина, човека од Бога потврђеног међу вама силама и чудесима и знацима које учини Бог преко Њега међу вама, као што и сами знате,
23 ২৩ কাৰণ ঈশ্বৰৰ দ্বাৰা তেওঁ নিৰ্ণীত আৰু পূৰ্বজ্ঞানেৰে তেওঁক তোলা হ’ল, কিন্তু আপোনালোকে তেওঁক বিধানহীনৰ হাতৰ দ্বাৰাই ক্ৰুচত তুলি বধ কৰিলে।
Овог одређеним саветом и промислом Божјим предана примивши, преко руку безаконика приковасте и убисте;
24 ২৪ কিন্তু ঈশ্বৰে তেওঁক মৃত্যুৰ যাতনাৰ পৰা মুক্ত কৰি জীয়ালে, কিয়নো তেওঁ মৃত্যুৰ বন্ধনত থকা অসাধ্য।
Ког Бог подиже, разрешивши везе смртне, као што не беше могуће да Га оне држе.
25 ২৫ তেওঁৰ বিষয়ে দায়ুদে কৈছিল, বোলে, ‘মই সদায় প্ৰভুক মোৰ সন্মুখত দেখিলোঁ; মই লৰচৰ নহবলৈ তেওঁ মোৰ সোঁফালে থাকে;
Јер Давид говори за Њега: Господа једнако гледах пред собом: јер је с десне стране мене, да се не помакнем;
26 ২৬ এই হেতুকে মোৰ মন আনন্দিত হৈছে, মোৰ জিভাই উল্লাস কৰিছে, আৰু মোৰ শৰীৰেও ভাৰসাৰে বাস কৰিব;
Зато се развесели срце моје, и обрадова се језик мој, па још и тело моје почиваће у нади;
27 ২৭ কিয়নো তুমি মৃতলোকত মোৰ আত্মাক নেৰিবা, আৰু তোমাৰ পবিত্ৰ জনক ক্ষয় পাবলৈ নিদিবা৷ (Hadēs )
Јер нећеш оставити душу моју у паклу, нити ћеш дати да Светац Твој види труљење. (Hadēs )
28 ২৮ তুমি মোক জীৱনৰ পথ দেখুৱাবা আৰু তোমাৰ সন্মুখত যি আনন্দ, তাৰে মোক পূৰ কৰিবা।’
Показао си ми путеве живота: напунићеш ме весеља с лицем својим.
29 ২৯ হে ভাইসকল, পিতৃ কুলপতি দায়ুদৰ কথা আপোনালোকৰ আগত স্পষ্টকৈ কব পাৰোঁ যে, তেওঁ মৰিল আৰু তেওঁক মৈদামত থোৱা হ’ল, তেওঁৰ সেই মৈদাম আজিলৈকে আমাৰ মাজত আছে৷
Људи браћо! Нека је слободно казати вам управо за старешину Давида да и умре, и укопан би, и гроб је његов међу нама до овог дана.
30 ৩০ কিন্তু নিজে এজন ভাববাদী হৈ তেওঁৰ বংশৰ পৰা এজনক তেওঁৰ সিংহাসনত বহুৱাবলৈ, ঈশ্বৰে শপত খাই যি প্ৰতিজ্ঞা কৰিছিল,
Пророк дакле будући, и знајући да му се Бог клетвом кле од рода бедара његових по телу подигнути Христа, и посадити Га на престолу његовом,
31 ৩১ সেই প্ৰতিজ্ঞাৰ বিষয়ে জানিবলৈ পোৱাত, ভবিষ্যতৰ ঘটনালৈ চাই খ্ৰীষ্টৰেই পুনৰুত্থানৰ বিষয়ে ক’লে যে, ‘তেওঁক মৃতলোকত ত্যাগ কৰা নহ’ল আৰু তেওঁৰ শৰীৰো ক্ষয় নাপালে৷’ (Hadēs )
Предвидевши говори за васкрсење Христово да се не остави душа Његова у паклу, ни тело Његово виде труљење. (Hadēs )
32 ৩২ সেই যীচুকে ঈশ্বৰে পুনৰায় মৈদামৰ পৰা জীৱিত কৰিলে, সেই ঘটনাৰ সাক্ষী আমি আছোঁ৷
Овог Исуса васкрсе Бог, чему смо ми сви сведоци.
33 ৩৩ এতেকে উত্তোলিত হৈ ঈশ্বৰৰ সোঁ হাতে ওখ পদ পাই আৰু পবিত্ৰ আত্মাৰ বিষয়ে পিতৃৰ পৰা প্ৰতিজ্ঞা পাই আপোনালোকে যি দেখিছে আৰু শুনি আছে, এইবোৰ তেওঁ বাকি দিলে৷
Десницом дакле Божјом подиже се, и обећање Светог Духа примивши од Оца, изли ово што ви сад видите и чујете.
34 ৩৪ কিয়নো দায়ুদ হ’লে স্বৰ্গলৈ উঠা নাই, কিন্তু তেওঁ নিজেই এই কথা ক’লে, “প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মোৰ সোঁফালে বহি থাকা,
Јер Давид не изиђе на небеса, него сам говори: Рече Господ Господу мом: Седи мени с десне стране,
35 ৩৫ “যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ।”
Док положим непријатеље Твоје подножје ногама Твојим.
36 ৩৬ এই কাৰণে ইস্ৰায়েলৰ সকলো মানুহে ইয়াক নিশ্চয়কৈ জনা উচিত যে, যি জনক অৰ্থাৎ যি জন যীচুক আপোনালোকে ক্রুচত দিলে, ঈশ্বৰে হলে তেওঁক প্ৰভু আৰু খ্ৰীষ্ট পাতিলে।
Тврдо дакле нека зна сав дом Израиљев да је и Господом и Христом Бог учинио овог Исуса кога ви распесте.
37 ৩৭ এই কথা শুনি তেওঁলোকৰ হৃদয় বিন্ধাত, পিতৰ আৰু আন পাঁচনি সকলক তেওঁলোকে কলে, “হে ভাই সকল, আমি এতিয়া কি কৰিম?”
А кад чуше, ражали им се у срцу, и рекоше Петру и осталим апостолима: Шта ћемо чинити, људи браћо?
38 ৩৮ তেতিয়া পিতৰে তেওঁলোকক কলে, “আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব৷
А Петар им рече: Покајте се, и да се крстите сваки од вас у име Исуса Христа за опроштење греха; и примићете дар Светог Духа;
39 ৩৯ কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তান সকললৈ আৰু দূৰৈত থকা লোক সকলৰ কাৰণেও এই প্ৰতিজ্ঞা আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব।
Јер је за вас обећање и за децу вашу, и за све далеке које ће год дозвати Господ Бог наш.
40 ৪০ ইয়াৰ উপৰি তেওঁ ভালেমান কথাৰে সাক্ষ্য দি তেওঁলোকক উদগণি দিলে আৰু ক’লে, “এই কুটিল লোকৰ পৰা নিজকে ৰক্ষা কৰক।”
И другим многим речима сведочаше, и мољаше их говорећи: Спасите се од овог поквареног рода.
41 ৪১ তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিস্ম ললে আৰু সেই দিনাই প্ৰায় তিনি হাজাৰ লোকক তেওঁলোকৰ লগত লগ লগোৱা হ’ল৷
Који дакле радо примише реч његову крстише се; и пристаде у тај дан око три хиљаде душа.
42 ৪২ পাছত তেওঁলোকে পাঁচনি সকলৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল।
И осташе једнако у науци апостолској, и у заједници, и у ломљењу хлеба, и у молитвама.
43 ৪৩ তাতে পাঁচনি সকলৰ দ্বাৰাই অনেক অদ্ভুত লক্ষণ আৰু আচৰিত চিন যেতিয়া দেখুওঁৱা হ’ল, তেতিয়া সকলো লোকৰ ভয় লাগিল
И уђе страх у сваку душу; јер апостоли чинише многа чудеса и знаке у Јерусалиму.
44 ৪৪ আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে।
А сви који вероваше беху заједно, и имаху све заједно.
45 ৪৫ আৰু তেওঁলোকৰ স্হাৱৰ আৰু অস্হাৱৰ সম্পত্তি বেচি যাৰ যি প্ৰয়োজন, সেইদৰে সকলোকে ভগাই দিলে।
И течевину и имање продаваху и раздаваху свима као што ко требаше.
46 ৪৬ তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে আৰু নম্ৰ হৃদয়েৰে খোৱা-বোৱা কৰিলে;
И сваки дан беху једнако једнодушно у цркви, и ломљаху хлеб по кућама, и примаху храну с радошћу и у простоти срца,
47 ৪৭ আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ’ল৷ প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা লোক সকলক তেওঁলোকৰ লগত লগ লগাই দিলে।
Хвалећи Бога, и имајући милост у свију људи. А Господ сваки дан умножаваше друштво оних који се спасаваху.