< পাঁচনি 19 >
1 ১ আপল্লো কৰিন্থত থকা সময়ত পৌলে উচ্চভূমি অঞ্চলৰ মাজেদি আহি ইফিচ চহৰ পালেহি; তাতে তেওঁ কেইজনমান শিষ্যক লগ পালে৷
Lukale kuuti u Apologize ye aliku Korintho upaulo akakila ku kyanya na kufika kulikaja lya Efeso, pe akavonaakavona avavulanisivua vamo ukuo.
2 ২ পৌলে তেওঁলোকক সুধিলে, “আপোনালোকে যেতিয়া বিশ্বাস কৰিলে, তেতিয়া পবিত্ৰ আত্মা পালে নে?” তেওঁলোকে তেওঁক কলে, “পবিত্ৰ আত্মা দিয়া হৈছে নে নাই, সেই বিষয়ে আমি শুনিবলৈকে নাপালোঁ৷”
U Paulo akam'bula, “Nde, mukamwupile uMhepo u Mwimike yemukitike?” Vakam'bula, “nambe, natulyapulike ndavule uMhepo u Mwimike.”
3 ৩ তেতিয়া তেওঁ কলে, “তেনেহলে আপোনালোকে কি কাৰণত বাপ্তাইজিত হ’ল?” তেওঁলোকে কলে, “যোহনৰ বাপ্তিস্ম লোৱা দেখি”।
U Paulo akaati, “lino umue mukofwighue ndani?” Vakaati, “Mulwofugho ulwa Yohana.
4 ৪ তেতিয়া পৌলে কলে, “যোহনে লোক সকলক কৈছিল, যি জন মোৰ পাছত আহিছে, তেওঁত অর্থাৎ যীচুত বিশ্বাস কৰা; এই বুলি তেওঁ তেওঁলোকক মন-পালটনৰ বাপ্তিস্মৰে বাপ্তাইজ কৰিলে।”
Kange uPaulo akamula, “U Yohana alyofwighe ulwofugho ulwa lulato. Akavavula avanhu vala kuuti mulondua kukumwitika jula juno ikwisa pa mwene, ndavule, u Yesu.”
5 ৫ এই কথা শুনি তেওঁলোকে প্ৰভু যীচুৰ নামেৰে বাপ্তাইজিত হ’ল।
Avanhu ye vapulike imola iiji, peva kofughua kulitavua lya Mutwa Yesu.
6 ৬ ইয়াৰ পাছত পৌলে যেতিয়া তেওঁলোকৰ গাত হাত দিলে, তেতিয়া তেওঁলোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিল; তাতে তেওঁলোকে নানা ভাষাৰে কথা কৈ ভাবোক্তি প্ৰচাৰ কৰিলে।
Lukale u Paulo yavikile amavoko gha mwene kuvanave, uMhepo u Mwimike Akita kuvanave pe akatengula kujova injovele kuviila.
7 ৭ তেওঁলোক প্ৰায় বাৰ জন মান মানুহ আছিল।
Palikimo Avenue valyale avaghosi kijigho nava viili.
8 ৮ পাছত পৌল নাম-ঘৰলৈ গ’ল আৰু সেই ঠাইত তিনি মাহ মান থাকি নিৰ্ভীক ভাবে প্ৰচাৰ কৰিলে; আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে নানা কথাৰে বাদ-বিচাৰ কৰি লোক সকলক মনোনিবেশ কৰিবলৈ তেওঁ বুজাই দিলে৷
U Paulo alyalutile kunyumba ijakufunyila akajova na Kun'kangasia amasiki gha meesi ghatatu. Alyale ilongosia kupuling'ana nakuvakwesa avaanhu vano valungime vwimila u vutua uvwa Nguluve.
9 ৯ কিন্তু তেওঁলোকৰ মাজৰ কিছুমান লোকৰ মন কঠোৰ আৰু অবাধ্য হ’ল৷ তেওঁলোকে লোক সকলৰ আগত খ্ৰীষ্টীয় পথৰ নিন্দা কৰিবলৈ ধৰিলে৷ তেতিয়া তেওঁ তেওঁলোকক তাতে এৰি শিষ্য সকলক পৃথকে তুৰাণ্ণ নামেৰে এজনৰ পঢ়াশালীলৈ নি নিতৌ কথোপকথন কৰিব ধৰিলে।
Looli ava Yahudi avange valyale vakali avange vano navikwitika, valyatengwile kujova amavivi kulungama musila ija Kilisite pavulongolo pa kipugha. Kange u Paulo akalekine na veene pe akavabaghula vano vikutika navene. Umwene akatengula kujova mufighono fyooni kuvukumbi uvwa Tirano.
10 ১০ এইদৰে তেওঁ দুবছৰলৈ সেই ঠাইতে থাকিল, আৰু এচিয়াত বাস কৰা সকলো ইহুদী আৰু গ্ৰীক সকলে প্ৰভুৰ বাক্য শুনিবলৈ পালে।
Ulu lulyaghendelile amaka gha viili, looli vonivoni valyle vikukala ku Asia valyapulike ilisio lya Mutwa, vooni ava Yahudi nava Yunani.
11 ১১ ঈশ্বৰে পৌলৰ হতুৱাই এনে পৰাক্ৰম কাৰ্য কৰালে যে,
U nguluve alyale ivomba imbombo mumavoko agha Paulo,
12 ১২ তেওঁৰ গাৰ পৰা গামোচা বা কাপোৰ নৰিয়া মানুহৰ ওচৰলৈ লৈ যোৱাত, তেওঁলোকৰ ৰোগ আতৰিল আৰু ভূতৰ আত্মাবোৰো ওলাই যোৱাত তেওঁলোক মুক্ত হ’ল।
kuuti avatamu valyavuvusivue, nu Mhepo umulamafu akavahuma, unsiki ghono valyalolile ikitambala namenda ghano ghakahumile mum'bili gha Paaulo.
13 ১৩ কিন্তু দেশ ভ্ৰমি ফুৰা কেইজনমান ইহুদী ভূত খেদাওঁতাই, ভূতৰ আত্মাই ধৰা সকলৰ আগত প্ৰভু যীচুৰ নাম, নিজৰ কামত ব্যৱহাৰ কৰি কয়, “যি জনাৰ কথা পৌলে প্রচাৰ কৰিছে, সেই যীচুৰ শপত দি তোমালোকক আজ্ঞা দিছোঁ।”
Looli pevalyale ava Yahudi vano valyale vipunga uvupepo vikyula kukilila ikisala ikio, vakavombelagha ilitavua lya Yesu vwimila vuvanave vavuo. Valyavavulile vala kuuti valyale niili pepo ililamafu; vakaati, “Nikuvavula muhume mulitavua lya Yesu juno u Paulo ikun'dalikila.”
14 ১৪ স্কিবা নামৰ যিহুদী প্ৰধান পুৰোহিত এজনৰ সাত জন পুতেকে এই কর্ম কৰিছিল।
Vano valyaghavombile agha valyale vaana budika lubali vwa ntekesi umbaha ughwa kiyahudi, ni Skewa.
15 ১৫ তাতে ভূতৰ আত্মাই উত্তৰ দি তেওঁলোকক ক’লে, “যীচুক জানো, পৌলকো চিনি পাওঁ; কিন্তু তোমালোক নো কোন?”
Amapepo amalamafu vakavamula, “U Yesu nun'kaguile, naju Paulo ni n'kaguile; looli umwe mwemue va veeni?” Jula umhepo umulamafu akavahadukila
16 ১৬ এই বুলি সেই ভূতৰ আত্মাই ধৰা মানুহ জনে তেওঁলোকৰ ওপৰত জাঁপ মাৰি আটাইকে বশ কৰি বলেৰে পৰাজয় কৰিলে; তেতিয়া তেওঁলোক উলঙ্গ আৰু আঘাত পাই, সেই ঘৰৰ পৰা পলাল।
mun'kate mwa munhu ava punga vupepo na akavasinda ingufu na kukuvatova. Pe vakakimbilila kuhuma munyumba jila vakale sila Manda kange vakalemile.
17 ১৭ পাছত ইফিচত নিবাস কৰা ইহুদী আৰু গ্ৰীক সকলে এই কথা শুনি সকলোৱে ভয় পালে আৰু প্ৰভু যীচুৰ নাম মহিমান্বিত হ’ল।
Ilio likakagulika ku vooni, ava Yahudi nava Yunani, vano valyale vikukala kuula ku Efeso. Valyale nuludwesi luvaha fiijo, nilitavua lya Mutwa likongelela kupulikika.
18 ১৮ তেতিয়া বিশ্বাস কৰা সকলৰ বহু লোক আহি, নিজ নিজ কর্ম স্বীকাৰ কৰিলে
Kange, vinga avaviitiki valisile nakulata kange vakasimilisia imbombo imbivi sino vakavombile.
19 ১৯ আৰু মায়াকর্ম্ম কৰা সকলৰ ভালেমান লোকে নিজ নিজ পুস্তক গোটাই আনি সকলোৰে আগত পুৰি পেলালে। সেইবোৰৰ মূল্য গণনা কৰি পঞ্চাশ হাজাৰ ৰূপৰ মুদ্ৰা পালে।
Vinga valyale vivomba uvughanga vakakong'ania ifitabu fivanave, vakanyanya pa vulongolo pa munhu ghweni. Unsiki avene ye vavalile ulutalama lwa fiinu, lilyalelilyale fighavo fijigho fihano ifya ndalama.
20 ২০ এইদৰে মহা-পৰাক্ৰমেৰে প্ৰভুৰ বাক্য চৌদিশে বিয়পি গল।
Pa uluo ilisio lya Mutwa likakwilana muvukome fiijo uvwa ngufu.
21 ২১ এই কার্য সম্পন্ন হোৱাত পৌলে মাকিদনিয়া আৰু আখায়া দেশেদি ফুৰি যিৰূচালেমলৈ যাবৰ বাবে মন কৰি ক’লে, ‘তালৈ যোৱাৰ পাছত মই ৰোম নগৰকো দেখা পাব লাগিব’।
Isa Paulo kukwilana imbombo inofu ija mwene kula ku Efeso, u Mhepo akamulongosia kuluta ku Yerusalemu kukilila ku Makedonia naku Akaya; akaati, “Yekwene ukuo, jininoghile kujagha i Rumi.”
22 ২২ তাতে তেওঁৰ পৰিচর্যা কৰা সকলৰ মাজৰ তীমথিয় আৰু ইৰাস্তচ, এই দুজনক মাকিদনিয়ালৈ পঠিয়াই দি তেওঁ নিজে এচিয়া দেশত কিছুদিন থাকিল।
U Paulo akavomola ku Makedonia avavulanisivua va mwene vaviili, Timotheo nu Erasto, vano valyale vikutanga. Looli umwene jujuo akajighe ku Asia mu nsiki.
23 ২৩ সেই সময়ত ইফিচত এই পথৰ সজাগতাৰ বিষয়ে বৰ গোলমাল লাগিল।
Unsiki ughuo kukahumile ulunjughanjugha ulukome ukuo ku Efeso vwimila isiila jiila.
24 ২৪ কিয়নো আর্ত্তেমী দেৱীৰ ৰূপৰ মন্দিৰ সজা দীমীত্ৰিয় নামেৰে এজন সোণাৰী আছিল; তেওঁ শিল্পকাৰ সকলক বহুত কাম যোগাই দিছিল;
U sonora jumo ilitavua lyamwene Demetrio, juno alyatendile ifihwan ifya ndalama ifya Nguluve Diana, alyaletile ifighusivua ifivaha kuvamang'anyi.
25 ২৫ পাছত তেওঁ তেওঁলোকক আৰু একে ব্যৱসায়ৰ কাৰিকৰ সকলক একগোট কৰি কলে- “হে লোক সকল, এই ব্যৱসায়ৰ দ্বাৰাই আমাৰ সম্পত্তি হৈছে, ইয়াক আপোনালোকে জানে।
Pe akavakong'ania ava mang'anyi ava mbombo jila na kuuti, “Vagojo mukagwile kuuti mufighusivua ifii tukwingisia indalama nyinga.
26 ২৬ কিন্তু ‘যিবোৰ হাতেৰে সাজে, সেইবোৰ ঈশ্বৰ নহয়’ পৌলে এই কথা কৈ, অকল ইফিচৰ নহয়, প্ৰায় গোটেই এচিয়াত বহু লোকক প্ৰভাম্বিত কৰি অপথে নিলে, ইয়াক আপোনালোকে দেখিছে আৰু শুনিও আছে।
Mulola na kupulika kuuti, usue tuliapa pa Efeso, looli pipi ni Asia jooni, u Paulo uju avavulile na kuvashetulania avanhu viinga. Ijova kuuti kweghasili amanumbela Ghana ghavombilue na mavoko.
27 ২৭ ইয়াতে যে অকল আমাৰ ব্যৱসায়ৰ অপযশ হোৱাৰ শঙ্কা আছে, এনে নহয়; গোটেই এচিয়া, এনে কি গোটেই জগত খনে পূজা কৰা যি আর্ত্তেমী মহা-দেৱী, তেওঁৰ মন্দিৰক একো যেন গণ্য নকৰাৰ আৰু তেওঁক তেওঁৰ ঐশ্বর্যৰ পৰা আতৰোৱাৰ আশঙ্কা আছে।”
Na kwekuuti kwelile ulutalaamu kuuti ifighusivua fiitu nafilonduagha kange, looli nii nyumba ija Nguluve ijakufunyila umama um'baha u Diana lunoghile kusyojola kuuti asita luvumbulilo. Kange anoghile asovile uvuvaha vwa mwene, juno i Asia ni iisi jikufunya kwa mwene.”
28 ২৮ এই কথা শুনি, তেওঁলোকে খঙত জ্বলি উঠি ৰিঙিয়াই কলে, “ইফিচীয়া সকলৰ আর্ত্তেমী মহান।”
Ye vapulike agha, vakamemile ni ng'alasi kange vakajeghela, vakaati, “U Diana ughwa Efeso ghwe m'baha.”
29 ২৯ তেতিয়া গোটেই নগৰত হুলস্থুল লাগিল৷ পৌলৰ লগত ফুৰা মাকিদনিয়াৰ গায় আৰু আৰিষ্টাৰ্খ নামৰ লোক দুজনক তেওঁলোকে ধৰি নি একে মনেৰে মঞ্চলৈ উঠি গ’ল।
Ilikaja lioni likamemile ulunjughanjugha, navanhu vakakimbila mun'kate muvukumbi uvwa luneno. Vakavakolile vano vikyula avanine nhu Paulo, u Gayo nu Aristariko, vano vakahumile ku Makedonia.
30 ৩০ সেই সময়ত পৌলে লোক সকলৰ মাজত সোমাবলৈ মন কৰিলে কিন্তু শিষ্য সকলে তেওঁক যাবলৈ নিদিলে।
U Paulo alyalondile kukwingila mukipugha kya vanhu, looli avavulanisivua vakan'sigha.
31 ৩১ এচিয়াৰ কেইজনমান খেলৰ অধিকাৰীয়ে পৌলৰ বন্ধু হৈ, তেওঁৰ ওচৰলৈ মানুহ পঠাই মঞ্চত দেখা নিদিবলৈ তেওঁক মিনতি কৰিলে।
Kange, avagoyo vamo ava kisina ava ku Asia vano valyale vamanyani va mwene vakantwalila imola inofu kungufu kukunsuma alike pikwingila muvukumbi uvwaluneno.
32 ৩২ সভাত গণ্ডগোল হোৱাত বেলেগ বেলেগ কথাৰে চিঞৰি আছিল আৰু কি কাৰণে গোট খাইছিল, সেই বিষয়ে সৰহ ভাগ মানুহে নাজানিলে।
Avanhu vamo valyale viiti ikiinu iiki na vange ilisio lila, ulyakuva ikipugha kya vanhu kilyahasiling'ine. Vinga vavanave navakakagwile nambe kuuti nakiki valisile palikimo.
33 ৩৩ পাছত ইহুদী সকলে আলেকজেন্দাৰক আগলৈ ঠেলি লোক সকলৰ মাজৰ পৰা উলিয়াই আনিলে। তাতে আলেকজেন্দাৰে হাত চাপৰি দি, লোক সকলৰ আগত বহলাই কবলৈ বিচাৰিলে;
Ava Yahudi vakantwala u Iskanda kunji kukipugha kya vanhu na pikum'bika pavulongolo pa vanhu. U iskanda akahumia ikidegho muluvok lwa mwene kuhumia uvwolesi ku vanhu.
34 ৩৪ কিন্তু তেওঁ ইহুদী মানুহ বুলি গম পাই, “ইফিচীয়া সকলৰ আর্ত্তেমী মহান!” এই কথা কৈ সকলোৱে দুঘণ্টা মানলৈকে একে মাতেৰে চিঞৰি থাকিল।
Looli yeva kagwiile kuuti umene mu Yahudi, vooni vakajeghela ku lisio limo munsiki ghwa lmasala ghavili, “U Diana ghwe m'baha ughwa va Efeso.”
35 ৩৫ পাছত নগৰৰ কেৰাণী জনে লোক সকলক ক্ষান্ত হবলৈ দি কলে, “হে ইফিচৰ লোক সকল, ইফিচীয়া সকলৰ মহান আর্ত্তেমী দেৱীক আকাশৰ পৰা তললৈ পৰা মূর্তিবোৰৰ মন্দিৰৰ-ৰক্ষক বুলি এই নগৰত থকা লোক সকলৰ মাজত নজনা লোক কোন আছে?
Pa uluo umulembi ughwa likaja akanyamasia ikipugha, akaati, 'Umwe mwe vaghosi ava Efeso ghweveni Juno nakagwiile kuuti ilikaja lya Efeso juno ikolelela inyumba imbaha inyimike ijakufunyila ija Diana umbaha nikila ikihwani kino kikaghwile kuhuma kukyanya?
36 ৩৬ এইবোৰ কথা অখণ্ডনীয় হোৱাৰ কাৰণে, আপোনালোকে বিচাৰ নকৰাকৈ একো নকৰি ক্ষান্ত হৈ থকা উচিত।
Kulola kuuti amasio agha naghangakagulike, tulondua kuuti tuve Kimmie kange namungavombaghe kyooni ikya ng'aning'ani.
37 ৩৭ কিয়নো এই যি মানুহবোৰক আপোনালোকে ইয়ালৈ আনিলে, তেওঁলোক পবিত্ৰ বস্ত্তৰ অপহাৰক বা আমাৰ দেৱীৰ নিন্দক নহয়।
Ulwakuva ulwakuva muvakemelile avanhu ava pa ndinde vano navaliasi ava nyumba imbaha inyimike ijakufunyila nambe navikum'beda u Nguluve ghwiitu un'dala.
38 ৩৮ এতেকে কোনো মানুহৰ ওপৰত দীমীত্ৰিয় আৰু তেওঁৰ লগৰ কাৰিকৰ সকলৰ যদি কোনো গোচৰ থাকে, তেনেহলে আদালত খোলা আছে, তাতে গৈ ইজনে সিজনৰ বিচাৰৰ বাবে উত্তৰ-প্ৰত্যুত্তৰ কৰিব পাৰে।
Ku uluo, ndavule u Demetrio na mang'anyi vano valipalikimo nu mwene valinamavoko vwimila vwa munhu ghweni, indinde si dindulivue navasikari pevale. Pe valetue pavulongolo pa highi.
39 ৩৯ কিন্তু যদি আপোনালোকৰ আন বিষয়ৰ কোনো সমস্যা থাকে, তেনেহলে নিয়মিত সভাত সেই বিষয়ৰ নিস্পত্তি হব।
Looli ndavule uve ungalonde kyekyoni kila ghusimilisa amasio aghange, ghivombua mukikalo ikya kyang'haani.
40 ৪০ কিয়নো আজিৰ হুৰামুৰাৰ কোনো কাৰণ নথকাত, আমাৰ ওপৰত গোচৰ চলিবৰ শঙ্কা আছে আৰু এই জনতা গোট খোৱাৰ বিষয়ে আমি একো উত্তৰ দিব নোৱাৰিম।”
Sa kyang'ani tuluvivi ulwakuhighua vwimila ulunjughanjugha vwimila ulwa kighono iki. Kusiila lumonga ulwakunangika isi, kange nakwande tuva ningufu isa kwolelela.
41 ৪১ এই বুলি তেওঁ সভা সামৰিলে।
Ye ajovile agha, akapalasinie ifipugha.