< পাঁচনি 17 >
1 ১ ইয়াৰ পাছত তেওঁলোক আম্ফিপলি আৰু আপল্লোনিয়া নগৰৰ মাজেদি থিচলনীকি চহৰলৈ গ’ল। তাত ইহুদী সকলৰ এটা নাম-ঘৰ আছিল।
Bathi sebedlule e-Amfipholi le-Apholoniya, bafika eThesalonika lapho okwakulesinagogu yamaJuda khona.
2 ২ পৌলে তেওঁৰ নিয়ম অনুযায়ী ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল আৰু একেৰাহে তিনিটা বিশ্রাম-বাৰত তেওঁলোকৰ সৈতে ধৰ্মশাস্ত্ৰৰ পৰা যুক্তিৰে আলোচনা কৰিলে।
Njengenjayelo yakhe uPhawuli waya esinagogweni, kwathi ngamaSabatha amathathu wabonisana labo ngeMibhalo,
3 ৩ তেওঁ শাস্ত্ৰীয় বচন মেলি ব্যাখ্যা কৰিলে যে, খ্রীষ্টই দুখভোগ কৰা আৰু মৃত্যুৰ পৰা পুণর্জীৱিত হোৱাৰ প্রয়োজন আছিল। তেওঁ আকৌ ক’লে, “এই যি যীচুক মই আপোনালোকৰ আগত প্রচাৰ কৰিছোঁ, সেই যীচুৱেই হৈছে খ্রীষ্ট।”
echaza njalo eveza obala ukuthi uKhristu wayemele ahlupheke njalo avuke kwabafileyo. Wathi, “UJesu lo engitshumayela ngaye kini unguye uKhristu.”
4 ৪ তাতে কিছুমান ইহুদীয়ে এই কথাত সন্মতি জনাই পৌল আৰু চীলৰ লগত যোগ দিলে। তাৰোপৰি অনেক ঈশ্বৰভক্ত গ্রীক আৰু গণ্য-মান্য মহিলা সকলকে ধৰি এক বৃহৎ দলে তেওঁলোকৰ লগত যোগ দিলে।
Amanye amaJuda akukholwa lokho asehlanganyelana loPhawuli loSayilasi, njengalokho okwenziwa linani elikhulu lamaGrikhi abesaba uNkulunkulu, kugoqela lehlekanyana labesifazane abahloniphekayo.
5 ৫ কিন্তু বিশ্বাস নকৰা ইহুদী সকলে হিংসা কৰি বজাৰ অঞ্চলৰ পৰা কিছুমান দুষ্ট লোকক মাতি আনি একগোট কৰিলে আৰু নগৰৰ মাজত গণ্ডগোল লগাই দিলে। পৌল আৰু চীলক বিচাৰি মানুহবোৰৰ মাজলৈ নিবৰ বাবে তেওঁলোকে যাচোনৰ ঘৰ আক্রমণ কৰিলে।
Kodwa amaJuda aba lomona; ngakho asehuga izixhwali endaweni yokuthengisa, abalixuku elithile asevusa umsindo edolobheni. Aphuthumela endlini kaJasoni edinga uPhawuli loSayilasi efuna ukubaletha phambi kukazulu.
6 ৬ কিন্তু তাত তেওঁলোকক নাপাই যাচোন আৰু কোনো কোনো ভাইক টানি আনি চহৰৰ শাসনকর্তাৰ আগলৈ লৈ গ’ল আৰু চিঞৰি কবলৈ ধৰিলে, “যি লোক সকলে সমগ্র পৃথিৱী উলট-পালট কৰিছে, তেওঁলোক এতিয়া ইয়াতো উপস্থিত হৈছে,
Kodwa kwathi sebebaswele basebedonsela uJasoni labanye abazalwane abathile kubaphathi bedolobho bememeza besithi: “Amadoda la abekade edala uhlupho emhlabeni wonke manje aseze lapha,
7 ৭ আৰু যাচোনে তেওঁলোকক আলহী কৰি ৰাখিছে। এই লোক সকলে চীজাৰৰ আজ্ঞা অমান্য কৰি কৈ ফুৰিছে যে, যীচু নামৰ আন এজন ৰজা আছে।”
uJasoni yena wawemukela endlini yakhe. Bonke bahlinikeza imithetho kaKhesari besithi kulenye inkosi ethiwa nguJesu.”
8 ৮ এইবোৰ কথা শুনি সমবেত জনতা আৰু নগৰৰ শাসনকর্তা সকল উদ্বিগ্ন হৈ পৰিল।
Bathi bekuzwa lokhu abantu labaphathi bedolobho bazonda kakhulu.
9 ৯ তেওঁলোকে যাচোন আৰু আন লোক সকলৰ পৰা জৰিমনা ললে আৰু জৰিমনা আদায় দিয়াৰ পাছত তেওঁলোকক যাবলৈ এৰি দিলে।
Kwasekuthiwa uJasoni labanye bakhe kabakhuphe isibambiso ngemali ethile, kwayikhona bekhululwa ukuthi bahambe.
10 ১০ সেই ৰাতিয়েই ভাই সকলে পৌল আৰু চীলক বিৰয়ালৈ পঠাই দিলে। সেই ঠাই পাই তেওঁলোক ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল।
Konela ukuthi kuhlwe abazalwane babasusa uPhawuli loSayilasi babasa eBheriya. Ekufikeni kwabo khona baya esinagogweni yamaJuda.
11 ১১ থিচলনীকিৰ লোক সকলতকৈ বিৰয়াৰ লোক সকল উদাৰ মনোভাৱাপন্ন আছিল। তেওঁলোকে অতি আগ্রহেৰে বাক্য শুনি গ্রহণ কৰিলে আৰু সত্যতা জানিবলৈ প্রতিদিনে শাস্ত্ৰৰ বাক্য অনুসন্ধান কৰিলে।
AmaJuda eBheriya wona ayelesimilo esingcono kulaleso esamaThesalonika, ngoba alemukela ilizwi ngomfutho omkhulu njalo ayihlola iMibhalo insuku zonke ukuze abone ukuthi lokho uPhawuli ayekutsho kwakuliqiniso na.
12 ১২ ইয়াৰ ফলত তেওঁলোকৰ মাজৰ অনেকে বিশ্বাস কৰিলে। এই বিশ্বাসী সকলৰ মাজত কেইজনমান প্রভাৱশালী গ্রীক মহিলা আৰু বহুত পুৰুষও আছিল।
AmaJuda amanengi akholwa, kanye labesifazane abanengi bamaGrikhi abahloniphekayo lamadoda amanengi amaGrikhi.
13 ১৩ কিন্তু পৌলে বিৰয়ালৈ আহি ঈশ্বৰৰ বাক্য প্রচাৰ কৰি আছে বুলি শুনিবলৈ পাই থিচলনীকিৰ ইহুদী সকল সেই ঠাইলৈ আহি লোক সকলক উত্তেজিত কৰিলে।
Kwathi amaJuda aseThesalonika esezwile ukuthi uPhawuli wayesetshumayela ilizwi likaNkulunkulu eBheriya, aya khona futhi, athela abantu umoya omubi abadunga.
14 ১৪ ভাই সকলে তেতিয়াই পলম নকৰি পৌলক সাগৰৰ তীৰলৈ পঠাই দিলে; কিন্তু চীল আৰু তীমথিয় বিৰয়াতে থাকিল।
Abazalwane bahle bathumela uPhawuli ngasokhunjini lolwandle, kodwa uSayilasi loThimothi basala eBheriya.
15 ১৫ যি সকল লোকে পৌলক লগত লৈ গৈছিল, তেওঁলোকে তেওঁক আথিনী চহৰলৈ লৈ গ’ল আৰু পৌলক তাতে এৰিলে। পাছত তেওঁলোকে পৌলৰ পৰা চীল আৰু তীমথিয়ৰ কাৰণে এই আদেশলৈ আহিল যে, তেওঁলোকে যেন অতি সোনকালে পৌলৰ লগ লয়।
Amadoda ayephelekezela uPhawuli amtshiya e-Athene asebuyela lomlayezo wokuthi uSayilasi loThimothi bamlandele ngokuphangisa.
16 ১৬ আথিনী চহৰত পৌলে চীল আৰু তীমথিয়ৰ কাৰণে অপেক্ষাত থাকোতে, সেই চহৰ মূৰ্তিবোৰেৰে পূর্ণ হৈ থকা দেখিলে। তাতে তেওঁৰ অন্তৰ-আত্মা অতি ব্যথিত হৈ উঠিল।
UPhawuli esabamelele e-Athene, wakhathazeka kakhulu ngokubona ukuthi idolobho lelo laligcwele izithombe.
17 ১৭ সেয়ে তেওঁ ইহুদী আৰু ঈশ্বৰক উপাসনা কৰা গ্রীক সকলৰ লগত নাম-ঘৰত যুক্তিৰে আলোচনা কৰিলে। বজাৰ অঞ্চলতো প্রতিদিনে লগ পোৱা লোক সকলৰ লগত আলোচনা কৰিলে।
Ngakho wabonisana lamaJuda kanye lamaGrikhi ayemesaba uNkulunkulu esinagogweni lasendaweni yokuthengisa zonke insuku lalabo ababekhonapho.
18 ১৮ তাতে ইপিকূৰী আৰু স্তোয়িকী দর্শন-শাস্ত্রৰ দার্শনিক কেইজনমানে পৌলৰ লগত তর্ক-যুদ্ধত লিপ্ত হ’ল। কিছুমানে ক’লে, “এই জনে বকবকাই কি কবলৈ বিচাৰিছে?” আন কোনোবাই ক’লে, “ই দেখিছোঁ কোনোবা বিদেশী দেৱতাবোৰৰ কথা প্রচাৰ কৰিছে।” কাৰণ পৌলে যীচু আৰু তেওঁৰ পুনৰুত্থানৰ বিষয়ে কৈ আছিল।
Ixuku lezazi zama-Ephikhuri lamaStoyikhi laphikisana laye. Abanye babo babuza bathi, “Uwumani lolu luzama ukuthini kanti?” Abanye bathi, “Kungathi utshumayela ngonkulunkulu bezizweni.” Bakutsho lokhu ngoba uPhawuli wayetshumayela izindaba ezinhle ngoJesu langokuvuka kwabafileyo.
19 ১৯ তেওঁলোকে পৌলক ধৰি আৰেয়পাগৰ সভালৈ নি সুধিলে, “আপুনি এই যি নতুন শিক্ষা দিছে, সেইটো কি, সেই বিষয়ে আমি জনিব পাৰোঁ নে?
Basebehamba laye enkundleni ye-Ariyophagasi, bafika bathi kuye, “Ake usitshele ukuthi imfundiso le entsha oyethulayo iyini.
20 ২০ কিয়নো আপুনি কিছুমান অদ্ভুত কথা আমাক শুনাইছে। গতিকে এই কথাবোৰৰ অর্থ কি, সেই বিষয়ে আমি জানিব বিচাৰো।”
Uletha ezindlebeni zethu imibono engajayelekanga, ngakho sifuna ukwazi ukuthi itshoni.”
21 ২১ আথিনীৰ লোক সকলে আৰু তাত থকা বিদেশী সকলেও মাত্র কিছুমান নিত্য নতুন বিষয় লৈ আলোচনা কৰি বা শুনি আজৰি সময় কটায়।
(Wonke ama-Atheni labezizwe ababehlala khona babechitha isikhathi sabo bengenzi lutho ngaphandle kokukhuluma lokulalela imibono emitsha.)
22 ২২ তেতিয়া পৌলে আৰেয়পাগৰ সভাৰ মাজত থিয় হৈ ক’লে, “হে আথিনীৰ জনগণ, মই দেখিছোঁ যে আপোনালোক সকলো ক্ষেত্রতে অতিশয় ধর্মপ্ৰাণ মানুহ।
UPhawuli wasukuma enkundleni ye-Ariyophagasi wathi, “Madoda ase-Atheni! Ngiyabona ukuthi kukho konke lingabantu abakhonzayo.
23 ২৩ কিয়নো মই ঘূৰি ফুৰোতে আৰু আপোনালোকে উপাসনা কৰা বস্তুবোৰ লক্ষ্য কৰোঁতে, ‘অবিদিত ঈশ্বৰলৈ বেদি’ বুলি লিখা এটা বেদি দেখা পালোঁ। এতেকে আপোনালোকে নাজানি যি জনৰ উপাসনা কৰিছে, তেওঁৰ সম্বন্ধে মই আপোনালোকৰ ওচৰত প্রচাৰ কৰিছোঁ।
Ngoba ngithe ngihambahamba, ngabona izithombe zenu, ngaze ngafumana i-alithari elilombhalo othi: Kunkulunkulu Ongaziwayo. Manje-ke lokho elikukhonza njengolutho olungaziwayo yikho engizakutshumayela kini.
24 ২৪ ঈশ্বৰ, যি জন পৃথিৱী আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকর্তা, তেওঁ স্বৰ্গ আৰু পৃথিৱীৰ গৰাকী। তেওঁ মনুষ্যৰ হাতেৰে সজা মন্দিৰত নিবাস নকৰে।
UNkulunkulu owenza umhlaba lakho konke okukuwo uyiNkosi yezulu lomhlaba, njalo kahlali emathempelini akhiwe ngezandla.
25 ২৫ মনুষ্যৰ হাতৰ সেৱা কার্য তেওঁৰ প্রয়োজন নাই। তেওঁৰতো একোৰে অভাৱ নাই কাৰণ তেওঁ নিজেই সকলোকে জীৱন, নিশ্বাস আৰু আন সকলো দিয়ে।
Njalo kancediswa yizandla zabantu ingathi kukhona akuswelayo, ngoba yena ngokwakhe upha bonke abantu impilo, umphefumulo lokunye konke.
26 ২৬ এজন মানুহৰ পৰা ঈশ্বৰে সমগ্র মানৱ জাতি সৃষ্টি কৰিলে যাতে তেওঁলোকে গোটেই পৃথিৱীতে বসবাস কৰিব পাৰে। ঈশ্বৰে, মানুহে বসবাস কৰি থাকিব পৰা ঠাইৰ সীমা আৰু নির্দ্ধাৰিত কাল ঠিক কৰিলে।
Ngomuntu oyedwa wenza zonke izizwe zabantu, ukuthi zakhe emhlabeni wonke; njalo wamisa izikhathi abazilungiselweyo lazo kanye izindawo abamele bahlale kuzo.
27 ২৭ সেয়ে, মানুহে ঈশ্বৰক বিচাৰিব লাগে আৰু বিচাৰি যেন শেষত তেওঁক লগ পায়। আচলতে, তেওঁ আমাৰ কাৰো পৰা দূৰৈত নাই।
UNkulunkulu wakwenza lokhu ukuze abantu bamdinge lokuthi mhlawumbe bamfinyelele bamfumane, loba nje uvele engakhatshana komunye lomunye wethu.
28 ২৮ কিয়নো আমি তেওঁতে জীয়াই আছোঁ, চলা-ফুৰা কৰিছোঁ আৰু আছোঁ, যেনেকৈ আপোনালোকৰ কবি সকলৰ এজনে কৈছে, ‘কাৰণ আমিও তেওঁৰ সন্তান।’
‘Ngoba siphila kuye, sihambe ngaye njalo sipheleliswe nguye.’ Njengokutsho kwezinye izimbongi zakini ukuthi, ‘Singabantwabakhe.’
29 ২৯ আমি যদি ঈশ্বৰৰ সন্তান হওঁ, তেনেহলে মানুহৰ শিল্পকলা আৰু চিন্তাৰে সজা সোণ, ৰূপ বা পাথৰৰ মূর্তিৰ দৰে ঈশ্বৰৰ ঐশ্বৰিকতাক আমি কল্পনা কৰিব নালাগে।
Ngakho-ke njengoba singabantwana bakaNkulunkulu, kasingacabangini ukuthi ubuNkulunkulu bunjengegolide, loba isiliva kumbe ilitshe; umfanekiso obunjwe ngobungcitshi bomuntu.
30 ৩০ এই কাৰণতে, মানুহৰ অজ্ঞানতাৰ এনে কালছোৱাক ঈশ্বৰে ক্ষমাৰ চকুৰে চাইছে কিন্তু এতিয়া তেওঁ সকলো ঠাইতে আটাই মানুহক মন-পালটন কৰিবলৈ আজ্ঞা দিছে।
Endulo uNkulunkulu kakunakanga ukungazi lokhu, kodwa khathesi uselaya bonke abantu ezindaweni zonke ukuba baphenduke.
31 ৩১ কিয়নো তেওঁ এনে এটা দিন নিৰূপণ কৰিছে যে, সেইদিনা তেওঁ মনোনীত কৰা লোক জনৰ দ্বাৰাই গোটেই পৃথিৱীক ধাৰ্মিকতাত সোধ-বিচাৰ কৰিব। ঈশ্বৰে সেই লোকক মৃতবোৰৰ মাজৰ পৰা তুলি সকলোৰে আগত তেওঁৰ প্রমাণ দিলে।
Ngoba uselumisile usuku lapho azakwahlulela khona umhlaba ngokulunga ngaye umuntu amkhethileyo. Usebuvezile ubufakazi balokhu kubo bonke abantu ngokumvusa kwabafileyo.”
32 ৩২ আথিনীৰ লোক সকলে যেতিয়া মৃত সকলৰ পুনৰুত্থানৰ কথা শুনিলে, কেইজনমানে পৌলক ঠাট্টা-মস্কৰা কৰিবলৈ ধৰিলে; কিন্তু আন কোনো কোনোৱে ক’লে, “এই বিষয়ে আমি আকৌ এবাৰ আপোনাৰ পৰা শুনিম।”
Bathi besizwa ngokuvuka kwabafileyo, abanye babo bamklolodela, kodwa abanye bathi, “Sifuna ukuphinda sikuzwe ukhuluma ngale indaba njalo.”
33 ৩৩ ইয়াৰ পাছত পৌলে তেওঁলোকক এৰি গুছি গ’ল।
Ngalokho-ke, uPhawuli wasesuka enkundleni.
34 ৩৪ কিন্তু কেইজনমানে আহি পৌলক লগ ধৰিলে আৰু বিশ্বাস কৰিলে। সেই বিশ্বাসী সকলৰ মাজত আৰেয়পাগৰ সদস্য দিয়নুচিয়, দামাৰী নামৰ এগৰাকী মহিলা আৰু তেওঁলোকৰ লগত আন কেইজনমান আছিল।
Abantu abathile baba ngabalandeli bakaPhawuli, bakholwa. Phakathi kwabo kwakuloDiyonisiyu owayelilunga le-Ariyophagasi, njalo lowesifazane okwakuthiwa nguDamari kanye labanye abalinani elithile.