< পাঁচনি 15 >
1 ১ যিহূদা প্রদেশৰ পৰা কেইজনমান লোক আহি বিশ্বাসী ভাই সকলক এই শিক্ষা দিলে যে, “মোচিৰ বিধান অনুসাৰে চুন্নৎ কার্য নকৰিলে, আপোনালোকে উদ্ধাৰ নাপাব।”
Na ka tae iho etahi tangata i Huria ka whakaako i nga teina, Ki te kore koutou e kotia, kia rite ki ta Mohi, e kore koutou e taea te whakaora.
2 ২ পৌল আৰু বার্ণব্বাই এই শিক্ষাৰ বিৰোধিতা কৰিলে আৰু তেওঁলোকৰ মাজত তর্ক-বিতর্ক হ’ল। পাছত ভাই সকলে সিদ্ধান্ত ললে যে, এই বিষয়ৰ মীমাংসাৰ কাৰণে পৌল, বার্ণব্বা আৰু আন কেইজনমান যিৰূচালেমত থকা পাঁচনি আৰু পৰিচাৰক সকলৰ ওচৰলৈ যাওঁক।
Na kihai i iti te whawhai, te uiui a Paora raua ko Panapa ki a ratou, ka whakaritea ko Paora, ko Panapa, ko etahi atu hoki o ratou, e haere ki nga apotoro ki nga kaumatua ki Hiruharama, mo tenei putake.
3 ৩ এই সিদ্ধান্তৰে মণ্ডলীয়ে তেওঁলোকক যিৰূচালেমলৈ পঠাই দিলে। তেওঁলোকে ফৈনীকিয়া আৰু চমৰীয়া দেশৰ মাজেদি গ’ল আৰু অনা-ইহুদী সকল যে খ্রীষ্ট বিশ্বাসী হৈছে, সেই বিষয়ে ঘোষণা কৰিলে। এনেদৰে তেওঁলোকে বিশ্বাসী ভাই সকলক অতি আনন্দিত কৰিলে
Heoi arahina ana ratou e te hahi, haere ana ra Piniki, ra Hamaria, korero ana i te tahuritanga o nga Tauiwi: a hoatu ana e raua he hari nui ki nga teina katoa.
4 ৪ পাছত তেওঁলোক যেতিয়া যিৰূচালেম পায়হি, তেতিয়া মণ্ডলী, পাঁচনি আৰু পৰিচাৰক সকলে তেওঁলোকক আদৰণি জনালে। ঈশ্বৰে তেওঁলোকৰ লগত থাকি যি যি কৰিলে, সেই বিষয়ে তেওঁলোকে সকলো কথা জনালে।
A, no to raua taenga ki Hiruharama, ka whakamanuhiritia raua e te hahi, e nga apotoro hoki ratou ko nga kaumatua, ka korerotia nga mea i mahi tahi ai te Atua me raua.
5 ৫ কিন্তু ফৰীচী সকলৰ মাজৰ পৰা অহা কেইগৰাকীমান বিশ্বাসী থিয় হ’ল আৰু ক’লে, “অনা-ইহুদী বিশ্বাসী সকলৰ চুন্নৎ কৰা আৱশ্যক আৰু মোচিৰ বিধান পালন কৰিবলৈ তেওঁলোকক আজ্ঞা দিয়া হওক।”
Na ko te whakatikanga o etahi tangata whakapono no te titorehanga ki nga Parihi, ka mea, Me kokoti ratou, me ako hoki kia whakaritea te ture a Mohi.
6 ৬ পাছত পাঁচনি আৰু পৰিচাৰক সকলে এই বিষয়ে আলোচনা কৰিবলৈ একগোট হ’ল।
Na ka huihui nga apotoro ratou ko nga kaumatua ki te whakaaro ki tenei mea.
7 ৭ বহু সময় ধৰি হোৱা তর্ক-বিতর্কৰ পাছত পিতৰে উঠি তেওঁলোকক ক’লে, “ভাই সকল আপোনালোকে জানে যে, অনেক দিনৰ আগেয়ে ঈশ্বৰে আপোনালোকৰ মাজত মোক মনোনীত কৰিছিল যেন অনা-ইহুদী লোকে মোৰ মুখেৰে শুভবার্তাৰ বাক্য শুনি বিশ্বাস কৰে৷
A, ka nui te tautohetohe, ka whakatika a Pita, ka mea ki a ratou, E nga tuakana, e matau ana koutou ki te whiriwhiringa a te Atua i mua rawa i roto i a koutou, ko toku mangai e rongo ai nga Tauiwi i te kupu o te rongopai, e whakapono ai hoki.
8 ৮ ঈশ্বৰে সকলোৰে হৃদয় জানে। তেওঁ আমাক যেনেকৈ পবিত্র আত্মা দান কৰিছিল, অনা-ইহুদী সকলকো সেইদৰে পবিত্ৰ আত্মা দান কৰি তেওঁলোকলৈ সাক্ষ্য দিছিল।
I whakaae hoki ki a ratou te Atua e matau nei aki nga ngakau, i a ia i hoatu ai i te Wairua Tapu ki a ratou, rite tahi ki tana ki a tatou;
9 ৯ আমাৰ আৰু তেওঁলোকৰ মাজত ঈশ্বৰে বিবেচনা কৰি একো পক্ষপাত নকৰিলে, বৰঞ্চ বিশ্বাস কৰাৰ পাছত তেওঁলোকৰ হৃদয় ঈশ্বৰে শুচি কৰিলে।
Kahore hoki i puta ke tona whakaaro ki a tatou, ki a ratou, i o ratou ngakau kua ma i a ia i runga i te whakapono.
10 ১০ গতিকে, আমাৰ পিতৃপুৰুষ আৰু আমি যি যুৱঁলিৰ বোজা বব পৰা নাই, সেই বোজা অনা-ইহুদী শিষ্য সকলৰ কান্ধত তুলি দি এতিয়া আপোনালোকে কিয় ঈশ্বৰৰ পৰীক্ষা কৰিছে?
Ko tenei, he aha koutou ka whakamatautau ai i te Atua, ka whakatakoto ioka ai ki te kaki o nga akonga, he mea kihai nei i taea te mau e o tatou matua, e tatou ranei?
11 ১১ কিন্তু আমি বিশ্বাস কৰোঁ যে, তেওঁলোকেও আমাৰ দৰেই প্রভু যীচুৰ অনুগ্রহৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিব।”
Heoi ka whakapono nei tatou, tera tatou e ora i runga i te aroha noa o te Ariki, o Ihu Karaiti, ka pera tahi hoki me ratou.
12 ১২ তেতিয়া সকলো মানুহ নীৰৱ হৈ গ’ল আৰু বার্ণব্বা আৰু পৌলৰ যোগেদি অনা-ইহুদী সকলৰ মাজত ঈশ্বৰে যি আচৰিত কর্ম আৰু চিন দেখুৱালে, সেই সকলো ঘটনা মানুহবোৰে তেওঁলোকৰ পৰা শুনিলে।
Na noho puku ana te mano katoa, whakarongo ana ki a Panapa raua ko Paora e korero ana i nga tohu, i nga mea whakamiharo, i mea ai te Atua kia mahia e raua i roto i nga Tauiwi.
13 ১৩ তেওঁলোকে কথা কৈ শেষ কৰাৰ পাছত যাকোবে কবলৈ আৰম্ভ কৰিলে, “ভাই সকল, মোৰ কথা শুনক।
A ka mutu ta raua, ka whakahoki a Hemi, ka mea, E nga tuakana, whakarongo ki ahau:
14 ১৪ চিমোন পিতৰে ক’লে, কেনেকৈ ঈশ্বৰে প্রথমবাৰৰ বাবে অনা-ইহুদী সকলক প্রেম কৰিলে আৰু নিজৰ নামৰ কাৰণে অনা-ইহুদী সকলৰ মাজৰ পৰা কিছুলোকক গ্রহণ কৰিলে।
Kua korerotia e Himiona ta te Atua tirohanga mai i mua, tana tangohanga i tetahi iwi i roto i nga Tauiwi mo tona ingoa.
15 ১৫ এই বিষয়ত ভাৱবাদী সকলৰ কথাৰো মিল আছে, যেনেকৈ লিখা আছে:
E rite ana ano ki tenei nga korero a nga poropiti; i tuhituhia ra,
16 ১৬ এইবোৰৰ পাছত মই উলটি আহিম, দায়ুদৰ ভাঙি যোৱা পঁজা মই পুনৰায় গঢ়িম মই তাৰ ভগ্নাৱশেষ পুনৰ নির্ম্মাণ কৰি থিক কৰিম,
I muri o enei mea ka hoki mai ahau, ka hanga ano e ahau te tapenakara o Rawiri, kua hinga nei; ka hanga ano e ahau ona wahi kua horoa, a ka whakaarahia e ahau:
17 ১৭ যাতে মানৱ জাতিৰ অৱশিষ্ট অংশই প্রভুৰ অন্বেষণ কৰিব পাৰে; মোৰ নামেৰে আমন্ত্রিত সকলো অনা-ইহুদীও ইয়াৰ অন্তর্ভুক্ত।
Kia rapu ai nga toenga o nga tangata ki te Ariki, me nga Tauiwi katoa hoki i karangatia nei toku ingoa ki runga ki a ratou, e ai ta te Ariki, e mahi nei i enei mea katoa,
18 ১৮ যি জন প্ৰভুৱে পূৰ্বতে এই বিষয়বোৰ জনাইছিল, তেওঁ এই কথা কৈছে।” (aiōn )
Nana nei i mea kia mohiotia enei mea katoa no te timatanga ra ano o te ao. (aiōn )
19 ১৯ এই কাৰণে মোৰ বিচাৰ এই যে, যি সকল অনা-ইহুদী লোক ঈশ্বৰলৈ ঘূৰিছে; আমি তেওঁলোকক কষ্ট দিয়া উচিত নহয়।
Na ko toku whakaaro tenei, kia kaua e whakararua te hunga e tahuri ana mai ki te Atua i roto i nga Tauiwi:
20 ২০ বৰং আমি তেওঁলোকলৈ এই কথা লিখি জনাওঁ যে, তেওঁলোকে যেন মূর্তি পূজা বিষয়ক কোনো অশুচিতা, ব্যভিচাৰ আৰু টেঁটু চেপি মৰা প্রাণীৰ মাংস আৰু তেজ খোৱা, এই সকলোবোৰৰ পৰা পৃথকে থাকে।
Engari kia tuhi atu tatou ki a ratou, kia mawehe atu ratou i nga poke o nga whakapakoko, i te moe tahae, i te mea kua notia te kaki, i te toro.
21 ২১ কিয়নো পূর্বকালৰে পৰা প্রত্যেক নগৰতে মোচিৰ বিধান প্রচাৰ কৰা লোক সকল আছে আৰু প্রত্যেক বিশ্রামবাৰে ইহুদী সকলৰ নাম-ঘৰত তেওঁলোকে সেইবোৰ পঢ়ে।
No nga whakatupuranga hoki o mua nga kaikauwhau i a Mohi i tenei pa, i tenei pa, he mea korero i roto i nga whare karakia i nga hapati katoa.
22 ২২ তেতিয়া গোটেই মণ্ডলীৰ সৈতে পাঁচনি আৰু পৰিচাৰক সকলে যাকোবৰ কথাত সমর্থন দিলে আৰু তেওঁলোকৰ মাজৰ পৰা যিহূদা আৰু চীল, নামৰ মণ্ডলীৰ দুজন নেতাক মনোনীত কৰি পৌল আৰু বার্ণব্বাৰ লগত আন্তিয়খিয়ালৈ পঠাবলৈ ঠিক কৰিলে। এই যিহূদাক বার্চব্বা বুলিও মতা হয়।
Katahi ka pai nga apotoro ratou ko nga kaumatua me te hahi katoa, kia whiriwhiria etahi tangata i roto i a ratou, kia tonoa hei hoa mo Paora raua ko Panapa ki Anatioka; a Hura, i huaina nei ko Panapa, raua ko Hira, he hunga ingoa nui i roto i ng a teina:
23 ২৩ তেওঁলোকৰ হাতত এইদৰে এখন পত্র লিখি পঠালে: “আন্তিয়খিয়া, চিৰিয়া আৰু কিলিকিয়াৰ অনা-ইহুদী বিশ্বাসী ভাই সকলৰ সমীপলৈ- পাঁচনি, পৰিচাৰক আৰু বিশ্বাসী ভাই সকলৰ শুভেচ্ছা।
Ka tuhia hoki enei mea hei mauranga; Na nga apotoro ratou ko nga kaumatua, ko nga tuakana, ki nga teina o roto i nga Tauiwi, i Anatioka, i Hiria, i Kirikia; tena koutou:
24 ২৪ আমি শুনিবলৈ পাইছো যে, আমাৰ মাজৰ পৰা গৈ কেইজনমান লোকে আমাৰ আজ্ঞাৰ অবিহনে আপোনালোকক শিক্ষা দি মন অস্থিৰ কৰিছে আৰু আপোনালোকক নানা সমস্যাৰ মাজত পেলাইছে।
Na, ka rongo nei matou, tera etahi i haere atu nei i a matou, i whakararu i a koutou ki nga korero, i whakapohehe i o koutou ngakau, kahore nei a matou kupu ki a ratou:
25 ২৫ সেয়েহে আমি কেইজনমানক মনোনীত কৰিবলৈ একমত হ’লো আৰু তেওঁলোকক আমাৰ প্রিয় ভাই বার্ণব্বা আৰু পৌলৰ সৈতে আপোনালোকৰ ওচৰলৈ পঠালোঁ।
Kotahi tonu to matou whakaaro he pai kia whiriwhiria etahi tangata, kia tonoa atu ki a koutou, hei hoa mo a matou tangata e aroha nei, mo Panapa raua ko Paora;
26 ২৬ পৌল আৰু বার্ণব্বাই আমাৰ প্রভু যীচু খ্রীষ্টৰ নামৰ কাৰণে নিজৰ জীৱন বিপদাপন্ন কৰিছে;
He hunga i tuku nei i a raua ki te mate hei mea mo te ingoa o to tatou Ariki, o Ihu Karaiti.
27 ২৭ এই কাৰণে আমি যিহূদা আৰু চীলক পঠালোঁ। তেওঁলোকে আপোনালোকক একেবোৰ কথাকে কব।
Na kua tonoa atu nei e matou a Hura raua ko Hira, ma raua hoki e korero a kupu atu aua mea ano.
28 ২৮ কিয়নো পবিত্ৰ আত্মা আৰু আমাৰ কাৰণে এইটোৱেই ভাল যেন দেখিলোঁ যে, প্রয়োজনীয় এই বিষয়বোৰৰ বাহিৰে অতিৰিক্ত কোনো বোজা আপোনালোকৰ ওপৰত জাপি দিয়া নহ’ব:
I pai hoki ki te Wairua Tapu, ki a matou hoki, kia kaua e utaina ki a koutou tetahi atu whakataimaha, ko enei mea tika anake;
29 ২৯ আপোনালোকে মূর্তিৰ ওচৰত উৎসর্গ কৰা প্ৰসাদৰ পৰা বিৰত থাকক। তেজ আৰু টেটু-চেপা দি মৰা কোনো প্রাণীৰ মাংস আৰু তেজ নাখাব; কোনো ব্যভিচাৰ নকৰিব। এই সকলোবোৰৰ পৰা নিজক আতৰাই ৰাখিলে, আপোনালোকৰ মঙ্গল হ’ব। ইতি।”
Kia mawehe koutou i nga mea e patua ana ma nga whakapakoko, i te toto, i te mea kua notia te kaki, i te moe tahae: ka tiaki koutou i a koutou i enei mea, ka pai ta koutou mahi. Kia ora koutou.
30 ৩০ পৌল, বার্ণব্বা আৰু সেই লোক সকলক পঠাই দিয়াৰ পাছত তেওঁলোক আন্তিয়খিয়ালৈ গ’ল। তাতে তেওঁলোকে লোক সকলক একত্রিত কৰি চিঠি খন দিলে।
A, no to ratou tukunga atu, ka haere ki Anatioka: na ka huihuia te mano, ka hoatu te pukapuka.
31 ৩১ পাছত লোক সকলে চিঠি খন পঢ়ি উৎসাহিত হৈ আনন্দ কৰিবলৈ ধৰিলে।
A ka oti te korero, ka koa ratou mo te kupu whakahauora.
32 ৩২ যিহূদা আৰু চীল নিজেও ভাৱবাদী হোৱাত তেওঁলোকে বহুতো কথাৰে ভাই সকলক উৎসাহ দি শক্তি যোগালে।
Na he maha nga kupu a Hura raua ko Hira i whakahau ai, i whakau ai i nga teina; he poropiti hoki raua.
33 ৩৩ এইদৰে যিহূদা আৰু চীল কিছুদিন তাত থকাৰ পাছত, তেওঁলোকক পঠোৱা লোক সকলৰ ওচৰলৈ উলটি যাবৰ কাৰণে ভাই সকলৰ পৰা কুশলে বিদায় ললে।
A, ka roa iho raua ki reira, ka tukua raua e nga teina i runga i te rangimarie ki te hunga nana raua i tono atu.
Heoi i pai a Hira kia noho ki reira.
35 ৩৫ কিন্তু পৌল আৰু বার্ণব্বা আন্তিয়খিয়াতে থাকিল। তেওঁলোকে আন আন লোকেৰে সৈতে প্রভুৰ বাক্যৰ পৰা উপদেশ দি প্রচাৰ কৰিবলৈ ধৰিলে।
Ko Paora ia raua ko Panapa i noho i Anatioka, i whakaako, i kauwhau i te kupu a te Ariki, ratou tahi ko tera hunga tokomaha.
36 ৩৬ কিছুদিনৰ পাছত পৌলে বার্ণব্বাক ক’লে, “বলা, যিবোৰ নগৰত আমি প্রভুৰ বাক্য ঘোষণা কৰিছিলোঁ, সেই ঠাইবোৰলৈ আমি এতিয়া উভটি যাওঁ আৰু ভাই সকলক দেখা কৰোঁ; তাতে তেওঁলোক কেনে আছে তাক চাওঁগৈ।”
Na muri iho i etahi ra ka ki atu a Paora ki a Panapa, Taua ka hoki, ka tirotiro i nga teina i nga pa katoa i kauwhautia ai e taua te kupu a te Ariki, i to ratou peheatanga.
37 ৩৭ তেতিয়া বার্ণব্বাই তেওঁলোকৰ লগত যোহনকো নিবলৈ ইচ্ছা কৰিলে। এই যোহনক মাৰ্ক বুলিও মতা হয়।
A ka mea a Panapa kia mauria hei hoa a Hoani, e huaina nei ko Maka.
38 ৩৮ কিন্তু পৌলে ভাৱিলে, মাৰ্কক লগত নিয়াটো ভাল নহ’ব, কাৰণ পাম্ফুলিয়াত মার্কে তেওঁলোকৰ লগ এৰি উভতি গৈছিল। পাছত তেওঁলোকৰ লগত কাম কৰিবলৈও নগ’ল।
Otiia kihai a Paora i pai kia haere i to raua tira te tangata i whakarere ra i a raua i Pamapuria, kihai hoki i haere tahi me raua ki te mahi.
39 ৩৯ তাৰ ফলত তেওঁলোক দুয়োৰে মাজত মত বিৰোধ হ’ল। পাছত পৰস্পৰে পৃথক হৈ গ’ল। বার্ণব্বাই মাৰ্কক লগত লৈ জাহাজেৰে কুপ্ৰ দ্বীপলৈ যাত্রা কৰিলে।
Heoi nui atu to raua ngangare, i mawehe ai raua i a raua: a mauria ana e Panapa a Maka, rere ana ki Kaiperu;
40 ৪০ কিন্তু পৌলে চীলক মনোনীত কৰিলে আৰু ভাই সকলে তেওঁক প্রভুৰ অনুগ্রহৰ হাতত তুলি দিলে। পাছত তেওঁলোক তাৰ পৰা ওলাই গ’ল।
Na tango ana a Paora i a Hira, haere ana, he mea tuku ki te aroha noa o te Atua e nga teina.
41 ৪১ পৌলে চিৰিয়া আৰু কিলিকিয়া দেশৰ মাজেদি গৈ মণ্ডলী সমূহক অধিক শক্তিশালী কৰিলে।
A haere ana ia ra Hiria, ra Kirikia, whakau ana i nga hahi.