< পাঁচনি 13 >
1 ১ আন্তিয়খিয়াত থকা মণ্ডলীত কেইজনমান ভাৱবাদী আৰু উপদেশক আছিল৷ তেওঁলোক বাৰ্ণব্বা, চিমোন, যি জনক নিগ্ৰ বোলে, কুৰীণীৰ লুকীয়, হেৰোদ ৰজাৰ লগত প্ৰতিপালিত হোৱা মনহেম আৰু চৌল৷
aparañca barṇabbāḥ, śimon yaṁ nigraṁ vadanti, kurīnīyalūkiyo herodā rājñā saha kṛtavidyābhyāso minahem, śaulaścaite ye kiyanto janā bhaviṣyadvādina upadeṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,
2 ২ যি সময়ত তেওঁলোকে প্ৰভুৰ উপাসনা কৰি লঘোন দি আছিল, সেই সময়তে পবিত্ৰ আত্মাই কলে, “যি কৰ্ম কৰিবলৈ মই বাৰ্ণব্বা আৰু চৌলক মাতিলোঁ, সেই কৰ্মৰ কাৰণে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া৷”
te yadopavāsaṁ kṛtveśvaram asevanta tasmin samaye pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pṛthak kuruta|
3 ৩ তাতে তেওঁলোকে লঘোন দি প্ৰাৰ্থনা কৰি, সেই দুজনৰ ওপৰত হাত দি পঠিয়াই দিলে৷
tatastairupavāsaprārthanayoḥ kṛtayoḥ satoste tayo rgātrayo rhastārpaṇaṁ kṛtvā tau vyasṛjan|
4 ৪ এইদৰে পবিত্ৰ আত্মাৰ বাধ্য হৈ বাৰ্ণব্বা আৰু চৌল চিলুকিয়ালৈ গ’ল; তাৰ পৰা জাহাজেৰে কুপ্ৰ দ্বীপলৈ গ’ল৷
tataḥ paraṁ tau pavitreṇātmanā preritau santau silūkiyānagaram upasthāya samudrapathena kupropadvīpam agacchatāṁ|
5 ৫ তাতে চালামী নগৰ পাই, ইহুদী সকলৰ নাম-ঘৰবোৰত ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিলে৷ সেই সময়ত যোহনো তেওঁলোকৰ পৰিচাৰক হৈ আছিল৷
tataḥ sālāmīnagaram upasthāya tatra yihūdīyānāṁ bhajanabhavanāni gatveśvarasya kathāṁ prācārayatāṁ; yohanapi tatsahacaro'bhavat|
6 ৬ এইদৰে তেওঁলোকে সেই দ্বীপটোৰ চাৰিওফালে ফুৰি পাফঃ নগৰলৈকে গ’ল, তাতে বাৰ-যীচু নামেৰে যি এজন যিহুদী মানুহ মায়াবী আৰু ভাঁৰিকোৱা ভাববাদী আছিল, তেওঁক দেখা পালে৷
itthaṁ te tasyopadvīpasya sarvvatra bhramantaḥ pāphanagaram upasthitāḥ; tatra suvivecakena sarjiyapaulanāmnā taddeśādhipatinā saha bhaviṣyadvādino veśadhārī baryīśunāmā yo māyāvī yihūdī āsīt taṁ sākṣāt prāptavataḥ|
7 ৭ তেওঁ সেই দ্বীপৰ অধিপতি বুদ্ধিমান চৰ্জ্জিয় পৌলৰ লগত আছিল৷ সেই অধিপতিয়ে ঈশ্বৰৰ বাক্য শুনিবলৈ ইচ্ছা কৰি চৌল আৰু বাৰ্ণব্বাক মাতি পঠিয়ালে৷
taddeśādhipa īśvarasya kathāṁ śrotuṁ vāñchan paulabarṇabbau nyamantrayat|
8 ৮ কিন্তু ইলুমাই, অৰ্থাৎ সেই মায়াবীয়ে (কিয়নো এয়ে তেওঁৰ নামৰ অৰ্থ) অধিপতিক বিশ্বাসৰ পৰা আতৰাই অনাৰ উদ্দেশ্যেৰে তেওঁলোকৰ প্ৰতিৰোধ কৰিলে৷
kintvilumā yaṁ māyāvinaṁ vadanti sa deśādhipatiṁ dharmmamārgād bahirbhūtaṁ karttum ayatata|
9 ৯ তাতে চৌল, যি জনক পৌলো বোলে, তেওঁ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ, তেওঁলৈ স্হিৰ দৃষ্টিৰে চালে
tasmāt śolo'rthāt paulaḥ pavitreṇātmanā paripūrṇaḥ san taṁ māyāvinaṁ pratyananyadṛṣṭiṁ kṛtvākathayat,
10 ১০ আৰু কলে, “হেৰৌ সকলো কপট আৰু দুষ্কৰ্মেৰে পৰিপূৰ্ণ হোৱাটো, চয়তানৰ পুতেক আৰু সকলো প্রকাৰ ধাৰ্মিকতাৰ শত্ৰু, তই প্ৰভুৰ সৰল পথ বিপৰীত কৰিবলৈ ৰখা নাই নে?
he narakin dharmmadveṣin kauṭilyaduṣkarmmaparipūrṇa, tvaṁ kiṁ prabhoḥ satyapathasya viparyyayakaraṇāt kadāpi na nivarttiṣyase?
11 ১১ আৰু এতিয়া চা, প্ৰভুৰ হাত তোৰ ওপৰত আছে আৰু তই কিছু সময়লৈকে সুৰ্য্য নেদেখি অন্ধ হৈ থাকিবি৷” তেতিয়াই ইলুমাইৰ চকু জলকতবক লাগিল আৰু অন্ধকাৰময় হ’ল; তেতিয়া তেওঁক হাতত ধৰি নিবলৈ তেওঁ মানুহ বিচাৰিবলৈ ধৰিলে৷
adhunā parameśvarastava samucitaṁ kariṣyati tena katipayadināni tvam andhaḥ san sūryyamapi na drakṣyasi| tatkṣaṇād rātrivad andhakārastasya dṛṣṭim ācchāditavān; tasmāt tasya hastaṁ dharttuṁ sa lokamanvicchan itastato bhramaṇaṁ kṛtavān|
12 ১২ এই ঘটনা দেখি, সেই অধিপতিয়ে প্ৰভুৰ উপদেশত বিস্ময় মানি বিশ্বাস কৰিলে৷
enāṁ ghaṭanāṁ dṛṣṭvā sa deśādhipatiḥ prabhūpadeśād vismitya viśvāsaṁ kṛtavān|
13 ১৩ ইয়াৰ পাছত পৌল আৰু তেওঁৰ লগৰ কেইজনে পাফঃ নগৰৰ পৰা সমুদ্ৰ-পথেদি পাম্ফুলিয়া দেশৰ পৰ্গা নগৰলৈ গ’ল৷ কিন্তু যোহনে তেওঁলোকক এৰি, যিৰূচালেমলৈ উলটি আহিল৷
tadanantaraṁ paulastatsaṅginau ca pāphanagarāt protaṁ cālayitvā pamphuliyādeśasya pargīnagaram agacchan kintu yohan tayoḥ samīpād etya yirūśālamaṁ pratyāgacchat|
14 ১৪ পৌল আৰু তেওঁৰ লগৰ কেইজনে পৰ্গাৰ পৰা যাত্ৰা কৰি পিচিদিয়া দেশৰ আন্তিয়খিয়া নগৰ পাই তাতে বিশ্ৰামবাৰে নাম-ঘৰত সোমাই বহিল৷
paścāt tau pargīto yātrāṁ kṛtvā pisidiyādeśasya āntiyakhiyānagaram upasthāya viśrāmavāre bhajanabhavanaṁ praviśya samupāviśatāṁ|
15 ১৫ তাতে বিধান-শাস্ত্ৰ আৰু ভাববাদী সকলৰ বাক্য পঢ়াৰ পাছত, নাম-ঘৰৰ অধিকাৰী সকলে তেওঁলোকৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “হে ভাই সকল, মানুহবোৰলৈ তোমালোকৰ যদি কোনো উদগণিৰ কথা আছে, তেনেহলে সেই বিষয়ে কোৱা৷”
vyavasthābhaviṣyadvākyayoḥ paṭhitayoḥ sato rhe bhrātarau lokān prati yuvayoḥ kācid upadeśakathā yadyasti tarhi tāṁ vadataṁ tau prati tasya bhajanabhavanasyādhipatayaḥ kathām etāṁ kathayitvā praiṣayan|
16 ১৬ তেতিয়া পৌলে উঠি, হাতেৰে ইংগিত দি কলে, “হে ইস্ৰায়েলীয়া মানুহবোৰ আৰু হে ঈশ্বৰ ভয়কাৰী লোক সকল, শুনক৷
ataḥ paula uttiṣṭhan hastena saṅketaṁ kurvvan kathitavān he isrāyelīyamanuṣyā īśvaraparāyaṇāḥ sarvve lokā yūyam avadhaddhaṁ|
17 ১৭ এই ইস্ৰায়েলী সকলৰ ঈশ্বৰে আমাৰ ওপৰ-পুৰুষ সকলক মনোনীত কৰিলে আৰু মিচৰ দেশত প্ৰবাসী হৈ থকা সময়ত মানুহবোৰৰ উন্নতি সাধন কৰি, তাৰ পৰা নিজ পৰাক্ৰমেৰে তেওঁলোকক বাহিৰ কৰি আনিলে৷
eteṣāmisrāyellokānām īśvaro'smākaṁ pūrvvaparuṣān manonītān katvā gṛhītavān tato misari deśe pravasanakāle teṣāmunnatiṁ kṛtvā tasmāt svīyabāhubalena tān bahiḥ kṛtvā samānayat|
18 ১৮ আৰু দুকুৰিমান বছৰলৈকে মৰুপ্ৰান্তত তেওঁলোকক পিতৃৰ নিচিনাকৈ প্ৰতিপালন কৰিলে৷
catvāriṁśadvatsarān yāvacca mahāprāntare teṣāṁ bharaṇaṁ kṛtvā
19 ১৯ পাছত তেওঁ কনান দেশৰ সাত জাতিক উচ্ছেদ কৰি, তেওঁলোকৰ দেশখনক উত্তৰাধিকাৰ স্বৰূপে ইস্ৰায়েলী সকলক দিলে৷
kināndeśāntarvvarttīṇi saptarājyāni nāśayitvā guṭikāpātena teṣu sarvvadeśeṣu tebhyo'dhikāraṁ dattavān|
20 ২০ এইদৰে প্ৰায় চাৰি শ পঞ্চাশ বছৰ পাৰ হৈ গ’ল৷ তাৰ পাছত, চমূৱেল ভাববাদীৰ সময়লৈকে বিচাৰকৰ্তা সকলক নিযুক্ত কৰিলে৷
pañcāśadadhikacatuḥśateṣu vatsareṣu gateṣu ca śimūyelbhaviṣyadvādiparyyantaṁ teṣāmupari vicārayitṛn niyuktavān|
21 ২১ পাছত তেওঁলোকে এজন ৰজা বিচৰাত, ঈশ্বৰে বিন্যামীন ফৈদৰ কীচৰ পুত্ৰ চৌলক চল্লিশ বছৰলৈকে ৰাজত্ব কৰিবলৈ দিলে৷
taiśca rājñi prārthite, īśvaro binyāmīno vaṁśajātasya kīśaḥ putraṁ śaulaṁ catvāriṁśadvarṣaparyyantaṁ teṣāmupari rājānaṁ kṛtavān|
22 ২২ ইয়াৰ পাছত ঈশ্বৰে ৰজাৰ শাসনৰ পৰা তেওঁক আতৰাই, তেওঁলোকৰ ৰজা হবলৈ দায়ুদক মনোনীত কৰিলে৷ আৰু দায়ুদৰ বিষয়ে ঈশ্বৰে সাক্ষ্য দি কলে, ‘মোৰ মনৰ দৰে এজনক, অৰ্থাৎ যিচয়ৰ পুত্ৰ দায়ুদক পালোঁ; তেওঁ মোৰ সকলো ইচ্ছা পূৰ্ণ কৰিব৷’
paścāt taṁ padacyutaṁ kṛtvā yo madiṣṭakriyāḥ sarvvāḥ kariṣyati tādṛśaṁ mama manobhimatam ekaṁ janaṁ yiśayaḥ putraṁ dāyūdaṁ prāptavān idaṁ pramāṇaṁ yasmin dāyūdi sa dattavān taṁ dāyūdaṁ teṣāmupari rājatvaṁ karttum utpāditavāna|
23 ২৩ এই জন মানুহৰ বংশৰ পৰা ঈশ্বৰে প্ৰতিজ্ঞা কৰাৰ দৰে এজন ত্ৰাণকৰ্তা, অৰ্থাৎ যীচুক ইস্ৰায়েলী লোকৰ আগত উপস্থিত কৰিলে৷
tasya svapratiśrutasya vākyasyānusāreṇa isrāyellokānāṁ nimittaṁ teṣāṁ manuṣyāṇāṁ vaṁśād īśvara ekaṁ yīśuṁ (trātāram) udapādayat|
24 ২৪ যীচু অহাৰ আগেয়ে, যোহনে ইস্ৰায়েলী লোক সকলৰ আগত মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰিলে৷
tasya prakāśanāt pūrvvaṁ yohan isrāyellokānāṁ sannidhau manaḥparāvarttanarūpaṁ majjanaṁ prācārayat|
25 ২৫ যোহনে তেওঁৰ কাৰ্য সম্পন্ন কৰোঁতে, এই কথা কৈছিল, ‘আপোনালোকে মোক কোন বুলি ভাবিছে? মই সেই জন নহওঁ৷ কিন্তু শুনক, এনে এজন মোৰ পাছত আহি আছে, যি জনৰ চৰণৰ পাদুকাৰ বান্ধ খুলিবৰো মই যোগ্য নহওঁ৷’
yasya ca karmmaṇo bhāraṁ praptavān yohan tan niṣpādayan etāṁ kathāṁ kathitavān, yūyaṁ māṁ kaṁ janaṁ jānītha? aham abhiṣiktatrātā nahi, kintu paśyata yasya pādayoḥ pādukayo rbandhane mocayitumapi yogyo na bhavāmi tādṛśa eko jano mama paścād upatiṣṭhati|
26 ২৬ হে ভাই সকল, হে অব্ৰাহামৰ বংশৰ সন্তান সকল আৰু আপোনালোকৰ মাজৰ ঈশ্বৰ ভয়কাৰী সকল, আমালৈ এই পৰিত্রাণৰ বাক্য পঠোৱা হৈছে৷
he ibrāhīmo vaṁśajātā bhrātaro he īśvarabhītāḥ sarvvalokā yuṣmān prati paritrāṇasya kathaiṣā preritā|
27 ২৭ কিয়নো যিৰূচালেম নিবাসী আৰু তেওঁলোকৰ শাসনকৰ্তা সকলে তেওঁক নাজানি আৰু প্ৰত্যেক বিশ্ৰামবাৰত পঢ়া ভাববাদী সকলৰ বাক্যকো নুবুজি, যীচুক দোষাৰোপ কৰি, সেই বাক্য পূৰ্ণ কৰিলে৷
yirūśālamnivāsinasteṣām adhipatayaśca tasya yīśoḥ paricayaṁ na prāpya prativiśrāmavāraṁ paṭhyamānānāṁ bhaviṣyadvādikathānām abhiprāyam abuddhvā ca tasya vadhena tāḥ kathāḥ saphalā akurvvan|
28 ২৮ আনকি প্ৰাণদণ্ডৰ কোনো কাৰণ বিচাৰি নাপাই, তেওঁক বধ কৰিবলৈ পীলাতৰ আগত নিবেদন কৰিলে,
prāṇahananasya kamapi hetum aprāpyāpi pīlātasya nikaṭe tasya vadhaṁ prārthayanta|
29 ২৯ আৰু তেওঁৰ বিষয়ে যি যি কথা লিখা আছিল; তেওঁলোকে সেই সকলোকে সম্পন্ন কৰি তেওঁক কাঠৰ পৰা নমাই মৈদামত শুৱাই থলে৷
tasmin yāḥ kathā likhitāḥ santi tadanusāreṇa karmma sampādya taṁ kruśād avatāryya śmaśāne śāyitavantaḥ|
30 ৩০ কিন্তু ঈশ্বৰে তেওঁক মৃতবোৰৰ মাজৰ পৰা তুলিলে
kintvīśvaraḥ śmaśānāt tamudasthāpayat,
31 ৩১ আৰু গালীল প্ৰদেশৰ পৰা যিৰূচালেমলৈ তেওঁৰ লগত অহা সকলক তেওঁ অনেক দিনলৈ দেখা দি থাকিল৷ তেওঁলোকেই এতিয়া লোক সকলৰ আগত তেওঁৰ সাক্ষী হৈ আছে৷
punaśca gālīlapradeśād yirūśālamanagaraṁ tena sārddhaṁ ye lokā āgacchan sa bahudināni tebhyo darśanaṁ dattavān, atasta idānīṁ lokān prati tasya sākṣiṇaḥ santi|
32 ৩২ গতিকে আমাৰ পূৰ্ব-পুৰুষ সকলৰ আগত ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ বিষয়ে, আমি আপোনালোকক এই শুভবাৰ্তা জনাইছো:
asmākaṁ pūrvvapuruṣāṇāṁ samakṣam īśvaro yasmin pratijñātavān yathā, tvaṁ me putrosi cādya tvāṁ samutthāpitavānaham|
33 ৩৩ ঈশ্বৰে যীচুক মৃত্যুৰ পৰা তুলি, সেই প্ৰতিজ্ঞা আমাৰ সন্তান সকললৈ সিদ্ধ কৰিলে৷ এই বিষয়ে গীতমালাৰ দুই নম্বৰ গীতত লিখা আছে, বোলে, ‘তুমি মোৰ পুত্ৰ, আজি মই তোমাক জন্ম দিলোঁ৷’
idaṁ yadvacanaṁ dvitīyagīte likhitamāste tad yīśorutthānena teṣāṁ santānā ye vayam asmākaṁ sannidhau tena pratyakṣī kṛtaṁ, yuṣmān imaṁ susaṁvādaṁ jñāpayāmi|
34 ৩৪ ঈশ্বৰে যীচুক যে মৃতবোৰৰ মাজৰ পৰা তুলিলে, আগলৈ ক্ষয় নাপাবলৈহে তুলিলে৷ এই বিষয়ে ঈশ্বৰে কৈছিলঃ ‘দায়ুদৰ ওচৰত যি যি পবিত্ৰ বিধান আৰু সত্য প্ৰতিশ্ৰুতি দিছিলোঁ, সেই সকলো মই তোমালোকক দিম৷’
parameśvareṇa śmaśānād utthāpitaṁ tadīyaṁ śarīraṁ kadāpi na kṣeṣyate, etasmin sa svayaṁ kathitavān yathā dāyūdaṁ prati pratijñāto yo varastamahaṁ tubhyaṁ dāsyāmi|
35 ৩৫ এইদৰে আন গীতত তেওঁ কৈছে, ‘তুমি তোমাৰ পবিত্ৰ জনক ক্ষয় পাবলৈ নিদিবা৷’
etadanyasmin gīte'pi kathitavān| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ na ca dāsyasi|
36 ৩৬ কিয়নো দায়ুদে ঈশ্বৰৰ ইচ্ছাৰ দৰে সেৱা কৰি, তেওঁৰ সময়ত মানুহবোৰৰ উপকাৰ সাধন কৰিলে আৰু মহা-নিদ্ৰা গ’ল, আৰু তেওঁক পিতৃপুৰুষ সকলৰ সৈতে মৈদামত থোৱা হোৱাত ক্ষয় পালে,
dāyūdā īśvarābhimatasevāyai nijāyuṣi vyayite sati sa mahānidrāṁ prāpya nijaiḥ pūrvvapuruṣaiḥ saha militaḥ san akṣīyata;
37 ৩৭ কিন্তু যি জনক ঈশ্বৰে তুলিলে, সেই জনে ক্ষয় নাপালে৷
kintu yamīśvaraḥ śmaśānād udasthāpayat sa nākṣīyata|
38 ৩৮ এই কাৰণে, হে ভাই সকল, সেই জনৰ দ্বাৰাই আপোনালোকৰ আগত পাপ মোচনৰ ন্যায় বিষয়ৰ গ্ৰহণীয়তা প্ৰচাৰ কৰা হৈছে৷
ato he bhrātaraḥ, anena janena pāpamocanaṁ bhavatīti yuṣmān prati pracāritam āste|
39 ৩৯ আৰু মোচিৰ বিধানৰ দ্বাৰাই যি যি দোষৰ পৰা আপোনালোকে ন্যায্যতা প্ৰদান কৰিব পৰা নাই; সেই আটাই দোষৰ পৰা যীচুত বিশ্বাস কৰাৰ দ্বাৰাই সকলোৱে মুক্ত হয়, ইয়াক আপোনালোকে জানি লওঁক৷
phalato mūsāvyavasthayā yūyaṁ yebhyo doṣebhyo muktā bhavituṁ na śakṣyatha tebhyaḥ sarvvadoṣebhya etasmin jane viśvāsinaḥ sarvve muktā bhaviṣyantīti yuṣmābhi rjñāyatāṁ|
40 ৪০ এতেকে সাৱধান হওক, যাতে কোনো ভাৱবাদী সকলৰ পু্স্তকত লিখা এই বাক্য মতে আপোনালোকলৈ যেন নঘটে, ভাববাদী সকলে কৈছে -
aparañca| avajñākāriṇo lokāścakṣurunmīlya paśyata| tathaivāsambhavaṁ jñātvā syāta yūyaṁ vilajjitāḥ| yato yuṣmāsu tiṣṭhatsu kariṣye karmma tādṛśaṁ| yenaiva tasya vṛttānte yuṣmabhyaṁ kathite'pi hi| yūyaṁ na tantu vṛttāntaṁ pratyeṣyatha kadācana||
41 ৪১ ‘হে হেয়জ্ঞানকাৰী সকল, তোমালোকে চোৱা, বিস্ময় মানা, আৰু অন্তৰ্হিত হোৱা; এনে কৰ্ম মই তোমালোকৰ দিনত কৰিম, কিয়নো যি কৰ্মৰ বিৱৰণ কোনোৱে তোমালোকক কলেও, তোমালোকে সেই বিৱৰণ কোনোমতে বিশ্বাস নকৰিবা৷’
yeyaṁ kathā bhaviṣyadvādināṁ grantheṣu likhitāste sāvadhānā bhavata sa kathā yathā yuṣmān prati na ghaṭate|
42 ৪২ পাছত পৌল আৰু বাৰ্ণব্বা ওলাই যাবলৈ ধৰোতে, মানুহবোৰে নিবেদন কৰি ক’লে, “অহা বিশ্ৰাম-বাৰতো এইদৰে প্ৰচাৰ কৰা হওক৷”
yihūdīyabhajanabhavanān nirgatayostayo rbhinnadeśīyai rvakṣyamāṇā prārthanā kṛtā, āgāmini viśrāmavāre'pi katheyam asmān prati pracāritā bhavatviti|
43 ৪৩ তেতিয়া নাম-ঘৰৰ সমাজ ভাঙিলত, অনেক ইহুদী আৰু ইহুদী ধৰ্ম লোৱা ভক্ত সকলে পৌল আৰু বাৰ্ণব্বাক অনুসৰণ কৰিলে, তাতে তেওঁলোকৰ সৈতে কথা-বতৰা হৈ, ঈশ্বৰৰ অনুগ্ৰহত থিৰ হৈ থাকিবলৈ তেওঁলোকক উদগণি দিলে৷
sabhāyā bhaṅge sati bahavo yihūdīyalokā yihūdīyamatagrāhiṇo bhaktalokāśca barṇabbāpaulayoḥ paścād āgacchan, tena tau taiḥ saha nānākathāḥ kathayitveśvarānugrahāśraye sthātuṁ tān prāvarttayatāṁ|
44 ৪৪ তাৰ পাছৰ বিশ্ৰামবাৰত নগৰৰ প্ৰায় সকলো মানুহে ঈশ্বৰৰ বাক্য শুনিবলৈ গোট খালে৷
paraviśrāmavāre nagarasya prāyeṇa sarvve lākā īśvarīyāṁ kathāṁ śrotuṁ militāḥ,
45 ৪৫ কিন্তু ইহুদী সকলে লোক সকলক দেখি, ঈৰ্ষাৰে পুৰ হৈ নিন্দা কৰি কৰি পৌলে কোৱা কথা অৱমাননা কৰিলে৷
kintu yihūdīyalokā jananivahaṁ vilokya īrṣyayā paripūrṇāḥ santo viparītakathākathaneneśvaranindayā ca paulenoktāṁ kathāṁ khaṇḍayituṁ ceṣṭitavantaḥ|
46 ৪৬ তাতে পৌল আৰু বাৰ্ণব্বাই সাহসেৰে কলে, “প্ৰথমতে আপোনালোকক ঈশ্বৰৰ বাক্য কোৱা উচিত আছিল৷ কিন্তু আপোনালোকে নিজকে দুৰ কৰি অনন্ত জীৱনৰ অযোগ্য দেখুৱালে, সেয়ে চাওক, আমি অনা-ইহুদী লোক সকলৰ মাজলৈ ঘুৰিলোঁ৷ (aiōnios )
tataḥ paulabarṇabbāvakṣobhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇena yūyaṁ svān anantāyuṣo'yogyān darśayatha, etatkāraṇād vayam anyadeśīyalokānāṁ samīpaṁ gacchāmaḥ| (aiōnios )
47 ৪৭ কিয়নো প্ৰভুৱে আমাক এনে আজ্ঞা দিলে, ‘তোমাক মই অনা-ইহুদী লোকৰ পোহৰ কৰি থলোঁ, যেন তুমি জগতৰ সীমালৈকে পৰিত্রাণস্বৰূপ হোৱা৷”
prabhurasmān ittham ādiṣṭavān yathā, yāvacca jagataḥ sīmāṁ lokānāṁ trāṇakāraṇāt| mayānyadeśamadhye tvaṁ sthāpito bhūḥ pradīpavat||
48 ৪৮ অনা-ইহুদী লোকে ইয়াকে শুনি আনন্দিত হৈ ঈশ্বৰৰ বাক্যৰ প্ৰশংসা কৰিলে৷ যি সকলক অনন্ত জীৱন পাবলৈ নিৰূপিত আছিল, সেই সকলোৱে বিশ্বাস কৰিলে৷ (aiōnios )
tadā kathāmīdṛśīṁ śrutvā bhinnadeśīyā āhlāditāḥ santaḥ prabhoḥ kathāṁ dhanyāṁ dhanyām avadan, yāvanto lokāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan te vyaśvasan| (aiōnios )
49 ৪৯ এইদৰে প্ৰভুৰ বাক্য সেই ঠাইৰ গোটেই অঞ্চলত বিয়পি গ’ল৷
itthaṁ prabhoḥ kathā sarvvedeśaṁ vyāpnot|
50 ৫০ কিন্তু ইহুদী সকলে, ভক্ত ভদ্ৰ মহিলা সকলক আৰু নগৰৰ প্ৰধান লোকক উচটাই, পৌল আৰু বাৰ্ণব্বাক তাড়না কৰি, তেওঁলোকৰ সীমাৰ পৰা খেদাই দিলে।
kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yoṣitaśca kupravṛttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradeśād dūrīkṛtavantaḥ|
51 ৫১ তাতে তেওঁলোকে ভৰিৰ ধুলি সিহঁতৰ অহিতে জোকাৰি পেলাই, ইকনিয় নগৰলৈ গ’ল৷
ataḥ kāraṇāt tau nijapadadhūlīsteṣāṁ prātikūlyena pātayitvekaniyaṁ nagaraṁ gatau|
52 ৫২ আৰু শিষ্য সকল আনন্দেৰে আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল৷
tataḥ śiṣyagaṇa ānandena pavitreṇātmanā ca paripūrṇobhavat|