< পাঁচনি 12 >
1 ১ সেই সময়ত হেৰোদ ৰজাই মণ্ডলীৰ কোনো কোনো লোকক অত্যাচাৰ কৰিব ধৰিলে
ⲁ̅ⲙ̅ⲡⲉⲟⲩⲟⲉⲓϣ ⲇⲉ ⲉⲧⲙ̅ⲙⲁⲩ. ⲁⲁⲅⲣⲓⲡⲡⲁⲥ ⲡⲣ̅ⲣⲟ ϩⲓⲧⲟⲟⲧϥ̅ ⲉⲑⲙⲕⲉϩⲟⲓ̈ⲛⲉ ⲉⲃⲟⲗ ϩⲛ̅ⲧⲉⲕⲕⲗⲏⲥⲓⲁ.
2 ২ আৰু তেওঁ যোহনৰ ককায়েক যাকোবক তৰোৱালেৰে বধ কৰিবলৈ হুকুম দিলে৷
ⲃ̅ⲁϥϩⲱⲧⲃ̅ ⲇⲉ ⲛ̅ⲓ̈ⲁⲕⲱⲃⲟⲥ ⲡⲥⲟⲛ ⲛ̅ⲓ̈ⲱϩⲁⲛⲛⲏⲥ ϩⲛ̅ⲟⲩⲥⲏϥⲉ.
3 ৩ এই কাৰ্যত ইহুদী সকল সন্তুষ্ট হোৱা দেখি, তেওঁ পিতৰকো বন্দী কৰিলে৷ তেতিয়া খমিৰ নোহোৱা পিঠাৰ দিন আছিল৷
ⲅ̅ⲛ̅ⲧⲉⲣⲉϥⲛⲁⲩ ⲇⲉ ϫⲉ ϥⲣ̅ⲁⲛⲁⲩ ⲛ̅ⲛ̅ⲓ̈ⲟⲩⲇⲁⲓ̈. ⲁϥⲟⲩⲱϩ ⲉⲧⲟⲟⲧϥ̅ ⲉϭⲱⲡⲉ ⲙ̅ⲡⲕⲉⲡⲉⲧⲣⲟⲥ. ⲛⲉⲛⲉϩⲟⲟⲩ ⲇⲉ ⲛ̅ⲁⲑⲁⲃ ⲛⲉ.
4 ৪ পিতৰক বন্দী কৰি হেৰোদে বন্দীশালত ৰাখিলে৷ তেওঁক পহৰা দিবৰ কাৰণে চাৰি জনকৈ চাৰিটা সৈন্য দলক নিযুক্ত কৰিলে আৰু তেওঁ মনতে ভাবিলে যে, নিস্তাৰ-পৰ্বৰ পাছত পিতৰক জনসাধাৰণৰ ওচৰত বিচাৰৰ বাবে হাজিৰ কৰাব৷
ⲇ̅ⲛ̅ⲧⲉⲣⲉϥϭⲟⲡϥ̅ ⲇⲉ ⲁϥⲛⲟϫϥ̅ ⲉⲡⲉϣⲧⲉⲕⲟ. ⲉⲁϥⲧⲁⲁϥ ⲉⲧⲟⲟⲧⲟⲩ ⲙ̅ⲙⲛ̅ⲧⲁⲥⲉ ⲙ̅ⲙⲁⲧⲟⲓ̈ ⲉϩⲁⲣⲉϩ ⲉⲣⲟϥ. ⲉϥⲟⲩⲱϣ ⲙⲛ̅ⲛ̅ⲥⲁⲡⲡⲁⲥⲭⲁ ⲉⲛ̅ⲧϥ̅ ⲉⲃⲟⲗ ⲛ̅ⲛⲁϩⲣⲙ̅ⲡⲗⲁⲟⲥ.
5 ৫ এইদৰে পিতৰক বন্দীশালত ৰাখিলে, কিন্তু তেওঁৰ বাবে মণ্ডলীৰ লোক সকলে নিৰন্তৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি আছিল৷
ⲉ̅ⲡⲉⲧⲣⲟⲥ ϭⲉ ⲛⲉⲩϩⲁⲣⲉϩ ⲉⲣⲟϥ ⲡⲉ ϩⲛ̅ⲟⲩⲱⲣϫ̅ ϩⲙ̅ⲡⲉϣⲧⲉⲕⲟ. ⲛⲉⲩⲛ̅ⲟⲩⲛⲟϭ ⲇⲉ ⲛ̅ϣⲗⲏⲗ ϣⲟⲟⲡ ⲉⲃⲟⲗ ϩⲓⲧⲛ̅ⲧⲉⲕⲕⲗⲏⲥⲓⲁ ⲛ̅ⲛⲁϩⲣⲙ̅ⲡⲛⲟⲩⲧⲉ ⲉⲧⲃⲏⲏⲧϥ̅.
6 ৬ পাছত হেৰোদে তেওঁক বাহিৰলৈ অানিবৰ বাবে সিদ্ধান্ত লোৱা দিনা খনৰ আগ-ৰাতি, পিতৰ দুজন সৈন্যৰ মাজত দুডাল শিকলিৰে বন্ধা হৈ টোপনিত আছিল আৰু প্ৰহৰীবোৰে দুৱাৰমুখত বন্দীশাল পহৰা দি আছিল৷
ⲋ̅ⲛ̅ⲧⲉⲣⲉϥⲛⲟⲩ ⲇⲉ ⲛ̅ϭⲓⲁⲅⲣⲓⲡⲡⲁⲥ ⲉⲛ̅ⲧϥ̅ ⲉⲃⲟⲗ. ϩⲛ̅ⲧⲉⲩϣⲏ ⲉⲧⲙ̅ⲙⲁⲩ ⲛⲉⲣⲉⲡⲉⲧⲣⲟⲥ ⲛ̅ⲕⲟⲧⲕ̅ ⲛ̅ⲧⲙⲏⲧⲉ ⲙ̅ⲙⲁⲧⲟⲓ̈ ⲥⲛⲁⲩ. ⲉϥⲙⲏⲣ ⲛ̅ϩⲁⲗⲩⲥⲓⲥ ⲥⲛ̅ⲧⲉ. ⲉⲣⲉⲛⲁⲛⲟⲩⲣϣⲉ ϩⲓⲣⲙ̅ⲡⲣⲟ ⲉⲩϩⲁⲣⲉϩ ⲉⲡⲉϣⲧⲉⲕⲟ.
7 ৭ সেই সময়ত প্ৰভুৰ এজন দূত অাহি উপস্থিত হ’ল আৰু সেই কোঠালিটো পোহৰেৰে উজ্বল হৈ উঠিল৷ তাতে চাপৰ মাৰি পিতৰক জগাই দূতে কলে, “বেগাই উঠা৷” তেতিয়া তেওঁৰ হাতৰ পৰা শিকলিৰ বান্ধ সুলকি পৰিল৷
ⲍ̅ⲁⲩⲱ ⲉⲓⲥⲟⲩⲁⲅⲅⲉⲗⲟⲥ ⲛ̅ⲧⲉⲡϫⲟⲉⲓⲥ ⲁϥⲁϩⲉⲣⲁⲧϥ̅ ϩⲓϫⲙ̅ⲡⲉⲧⲣⲟⲥ. ⲁⲩⲱ ⲁⲩⲟⲩⲟⲉⲓⲛ ϣⲁ ϩⲙ̅ⲡⲏⲓ̈. ⲁϥⲧⲃ̅ⲥⲡⲉⲥⲡⲓⲣ ⲇⲉ ⲙ̅ⲡⲉⲧⲣⲟⲥ ⲁϥⲧⲟⲩⲛⲟⲥϥ̅ ⲉϥϫⲱ ⲙ̅ⲙⲟⲥ ϫⲉ ⲧⲱⲟⲩⲛⲅ̅ ϩⲛ̅ⲟⲩϭⲉⲡⲏ. ⲁⲩⲱ ⲁⲙ̅ⲙⲣ̅ⲣⲉ ϩⲉ ⲉⲃⲟⲗ ϩⲛ̅ⲛⲉϥϭⲓϫ.
8 ৮ দূতে তেওঁক কলে, “কঁকাল বান্ধি পাদুকা পিন্ধা৷” পিতৰে সেইদৰে কৰিলে৷ দূতে তেওঁক কলে, “তোমাৰ কাপোৰ গাত লৈ মোৰ পাছে পাছে আহা৷”
ⲏ̅ⲡⲉϫⲉⲡⲁⲅⲅⲉⲗⲟⲥ ⲇⲉ ⲛⲁϥ ϫⲉ ⲙⲟⲩⲣ ⲛ̅ⲧⲉⲕϯⲡⲉ. ⲁⲩⲱ ⲛⲅ̅ϯ ⲙ̅ⲡⲉⲕⲥⲁⲛⲇⲁⲗⲓⲟⲛ ⲉⲣⲁⲧⲕ̅. ⲁϥⲉⲓⲣⲉ ⲇⲉ ϩⲓⲛⲁⲓ̈. ⲁⲩⲱ ⲡⲉϫⲁϥ ⲛⲁϥ ϫⲉ ϯⲧⲉⲕϣⲧⲏⲛ ϩⲓⲱⲱⲕ. ⲁⲩⲱ ⲛⲅ̅ⲟⲩⲁϩⲕ̅ ⲛ̅ⲥⲱⲓ̈.
9 ৯ পাছে পিতৰে দূতক অনুসৰণ কৰি বাহিৰলৈ ওলাই গ’ল৷ কিন্তু দূতে কৰা কৰ্ম যে সঁচা, ইয়াকে নাভাবি দৰ্শন পোৱা বুলি ভাবিলে৷
ⲑ̅ⲁϥⲉⲓ ⲇⲉ ⲉⲃⲟⲗ ⲁϥⲟⲩⲁϩϥ̅ ⲛ̅ⲥⲱϥ. ⲉⲛϥ̅ⲥⲟⲟⲩⲛ ⲁⲛ ϫⲉ ⲟⲩⲙⲉ ⲡⲉ ⲡⲉⲧⲉⲣⲉⲡⲁⲅⲅⲉⲗⲟⲥ ⲉⲓⲣⲉ ⲙ̅ⲙⲟϥ. ⲛⲉϥⲙⲉⲉⲩⲉ ⲅⲁⲣ ϫⲉ ⲟⲩϩⲟⲣⲟⲙⲁ ⲡⲉⲧϥ̅ⲛⲁⲩ ⲉⲣⲟϥ.
10 ১০ এইদৰে প্ৰথম আৰু দ্বিতীয় প্ৰহৰীবোৰক পাৰ কৰি নগৰলৈ অহা-যোৱা কৰা যিখন লোহাৰ দুৱাৰ আছিল, সেয়া নিজে নিজে তেওঁলোকলৈ মুকলি হৈ গ’ল৷ তাতে তেওঁলোক বাহিৰলৈ আহি বাটৰ এমুৰ পাওঁতে তৎক্ষণাৎ দূতে তেওঁৰ লগ এৰিলে৷
ⲓ̅ⲛ̅ⲧⲉⲣⲟⲩⲉⲓ ⲇⲉ ⲉⲃⲟⲗ ϩⲓⲧⲙ̅ⲡϣⲟⲣⲡ̅ ⲛ̅ⲣⲟ ⲁⲩⲱ ⲡⲙⲉϩⲥⲛⲁⲩ. ⲁⲩⲉⲓ ⲉϩⲣⲁⲓ̈ ⲉϫⲛ̅ⲧⲡⲩⲗⲏ (ⲙ̅ⲡⲉⲛⲓⲡⲉ) ⲉⲧⲟⲩⲏⲛ ⲉⲃⲟⲗ ⲉⲧⲡⲟⲗⲓⲥ. ⲧⲁⲓ̈ ⲇⲉ ⲁⲥⲟⲩⲱⲛ ⲛⲁⲩ ⲙⲁⲩⲁⲁⲥ. ⲛ̅ⲧⲉⲣⲟⲩⲉⲓ ⲇⲉ ⲉⲃⲟⲗ ⲁⲩⲡⲱϩ ϣⲁⲡϣⲟⲣⲡ̅ ⲛ̅ϩⲓⲣ. ⲁⲩⲱ ⲛ̅ⲧⲉⲩⲛⲟⲩ ⲁⲡⲁⲅⲅⲉⲗⲟⲥ ⲥⲁϩⲱϥ ⲉⲃⲟⲗ ⲙ̅ⲙⲟϥ.
11 ১১ তেতিয়া পিতৰে চেতনা পাই কলে, “প্ৰভুৱে তেওঁৰ দূত পঠিয়াই হেৰোদৰ হাতৰ পৰা আৰু ইহুদী লোকৰ সকলো আকাংক্ষাৰ পৰা মোক যে উদ্ধাৰ কৰিলে, এতিয়াহে মই নিশ্চয়কৈ জানিছোঁ৷”
ⲓ̅ⲁ̅ⲡⲉⲧⲣⲟⲥ ⲇⲉ ⲛ̅ⲧⲉⲣⲉⲡⲉϥϩⲏⲧ ϣⲱⲡⲉ ⲙ̅ⲙⲟϥ. ⲡⲉϫⲁϥ ϫⲉ ⲧⲉⲛⲟⲩ ⲁⲓ̈ⲉⲓⲙⲉ ⲛⲁⲙⲉ ϫⲉ ⲡϫⲟⲉⲓⲥ ⲡⲉⲛⲧⲁϥⲧⲛ̅ⲛⲟⲟⲩ ⲙ̅ⲡⲉϥⲁⲅⲅⲉⲗⲟⲥ ⲁⲩⲱ ⲁϥⲛⲁϩⲙⲉⲧ ⲉⲃⲟⲗ ϩⲛ̅ⲧϭⲓϫ ⲛ̅ⲁⲅⲣⲓⲡⲡⲁⲥ. ⲁⲩⲱ ⲧⲉⲡⲣⲟⲥⲇⲟⲕⲓⲁ ⲧⲏⲣⲥ̅ ⲙ̅ⲡⲗⲁⲟⲥ ⲛ̅ⲛ̅ⲓ̈ⲟⲩⲇⲁⲓ̈.
12 ১২ ইয়াকে তেওঁ জনাৰ পাছত, মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যি যোহন, তেওঁৰ মাক মৰিয়মৰ ঘৰলৈ গ’ল; তাতে অনেক লোক গোট খাই প্ৰাৰ্থনা কৰি আছিল৷
ⲓ̅ⲃ̅ⲛ̅ⲧⲉⲣⲉϥⲉⲓⲙⲉ ⲇⲉ ⲁϥⲃⲱⲕ ⲉⲣⲛ̅ⲡⲏⲓ̈ ⲙ̅ⲙⲁⲣⲓⲁ ⲧⲙⲁⲁⲩ ⲛ̅ⲓ̈ⲱϩⲁⲛⲛⲏⲥ ⲡⲉϣⲁⲩⲙⲟⲩⲧⲉ ⲉⲣⲟϥ ϫⲉ ⲙⲁⲣⲕⲟⲥ. ⲡⲙⲁ ⲉⲛⲉⲣⲉⲟⲩⲙⲏⲏϣⲉ ⲛ̅ϩⲏⲧϥ̅ ⲉⲩⲥⲟⲟⲩϩ ⲁⲩⲱ ⲉⲩϣⲗⲏⲗ.
13 ১৩ তেতিয়া তেওঁ বাহিৰৰ দুৱাৰত টুকুৰিওৱাত, ৰোদা নামেৰে এজনী চাকৰণীয়ে মাত দিবলৈ আহিল৷
ⲓ̅ⲅ̅ⲛ̅ⲧⲉⲣⲉϥⲧⲱϩⲙ̅ ⲇⲉ ⲉⲣⲙ̅ⲡⲣⲟ ⲛ̅ⲑⲁⲉⲓⲧ. ⲁⲩϣⲉⲉⲣⲉ ϣⲏⲙ ⲉⲓ ⲉⲃⲟⲗ ⲉⲟⲩⲱϣⲃ̅ ⲉⲡⲉⲥⲣⲁⲛ ⲡⲉ ϩⲣⲟⲇⲏ.
14 ১৪ তাতে তাই পিতৰৰ মাত শুনি বুজি পাই, আনন্দত দুৱাৰ মেলিবলৈ পাহৰি ভিতৰলৈ লৰি গৈ, পিতৰ দুৱাৰমুখত থিয় হৈ আছে বুলি কলেগৈ৷
ⲓ̅ⲇ̅ⲁⲩⲱ ⲛ̅ⲧⲉⲣⲉⲥⲥⲟⲩⲛ̅ⲧⲉⲥⲙⲏ ⲙ̅ⲡⲉⲧⲣⲟⲥ ⲉⲃⲟⲗ ⲙ̅ⲡⲣⲁϣⲉ ⲙ̅ⲡⲥ̅ⲟⲩⲱⲛ ⲙ̅ⲡⲣⲟ. ⲁⲥⲡⲱⲧ ⲇⲉ ⲉϩⲟⲩⲛ ⲁⲥⲧⲁⲙⲟⲟⲩ ϫⲉ ⲡⲉⲧⲣⲟⲥ ⲁϩⲉⲣⲁⲧϥ̅ ϩⲓⲣⲙ̅ⲡⲣⲟ.
15 ১৫ তেতিয়া তেওঁলোকে তাইক কলে, “তই পাগলি হৈছ৷” কিন্তু তাই সঁচা বুলি দৃঢ়তাৰে নিশ্চিত ভাবে কলে৷ তেওঁলোকে কলে, “তেনেহলে সেই জন তেওঁৰ দূতহে হব৷”
ⲓ̅ⲉ̅ⲁⲩⲱ ⲡⲉϫⲁⲩ ⲛⲁⲥ ϫⲉ ⲉⲣⲉⲗⲟⲃⲉ. ⲛ̅ⲧⲟⲥ ⲇⲉ ⲁⲥⲧⲱⲕ ⲉϩⲟⲩⲛ ϫⲉ ⲧⲁⲓ̈ ⲧⲉ ⲑⲉ. ⲡⲉϫⲁⲩ ⲛⲁⲥ ϫⲉ ⲡⲉϥⲁⲅⲅⲉⲗⲟⲥ ⲡⲉ.
16 ১৬ কিন্তু পিতৰে দুৱাৰত বাৰে বাৰে টুকুৰিয়াই আছিল, তেতিয়া তেওঁলোকে দুৱাৰ মেলি দিয়াত, তেওঁক দেখি বিস্ময় মানিলে৷
ⲓ̅ⲋ̅ⲡⲉⲧⲣⲟⲥ ⲇⲉ ⲙ̅ⲡϥ̅ⲗⲟ ⲉϥⲧⲱϩⲙ̅. ⲛ̅ⲧⲉⲣⲟⲩⲟⲩⲱⲛ ⲇⲉ ⲁⲩⲛⲁⲩ ⲉⲣⲟϥ ⲁⲩⲱ ⲁⲩⲡⲱϣⲥ̅.
17 ১৭ পিতৰে নিজম দি থাকিবলৈ হাতেৰে ইংগিত দি, প্ৰভুৱে কেনেকৈ তেওঁক বন্দীশালৰ পৰা মুকলি কৰি আনিলে, তাৰ বৃত্তান্ত তেওঁলোকৰ আগত বৰ্ণনা কৰিলে৷ আৰু কলে, “তোমালোকে যাকোব আৰু ভাই সকলক এই সংবাদ দিবা৷” ইয়াকে কৈ তেতিয়াই তেওঁ ওলাই আন ঠাইলৈ গুচি গ’ল৷
ⲓ̅ⲍ̅ⲁϥⲕⲓⲙ ⲇⲉ ⲛ̅ⲧⲉϥϭⲓϫ ⲉⲣⲟⲟⲩ ⲉⲧⲣⲉⲩⲕⲁⲣⲱⲟⲩ. ⲁϥⲧⲁⲙⲟⲟⲩ ⲉⲑⲉ ⲛ̅ⲧⲁⲡϫⲟⲉⲓⲥ ⲛ̅ⲧϥ̅ ⲉⲃⲟⲗ ϩⲙ̅ⲡⲉϣⲧⲉⲕⲟ. ⲁⲩⲱ ⲡⲉϫⲁϥ ϫⲉ ⲧⲁⲙⲉⲓ̈ⲁⲕⲱⲃⲟⲥ ⲁⲩⲱ ⲛⲉⲥⲛⲏⲩ ⲛⲁⲓ̈. ⲁϥⲉⲓ ⲇⲉ ⲉⲃⲟⲗ ⲁⲩⲱ ⲁϥⲃⲱⲕ ⲉⲩⲙⲁ ⲛ̅ϫⲁⲓ̈ⲉ.
18 ১৮ পাছে ৰাতিপুৱা হ’ল, পিতৰৰ নো কি হ’ল, এই বুলি সৈন্য সকলৰ মাজত বৰ হুলস্থুল লাগিল৷
ⲓ̅ⲏ̅ⲛ̅ⲧⲉⲣⲉϩⲧⲟⲟⲩⲉ ⲇⲉ ϣⲱⲡⲉ. ⲛⲉⲩⲛ̅ⲟⲩⲛⲟϭ ⲛ̅ϣⲧⲟⲣⲧⲣ̅ ϣⲟⲟⲡ ϩⲛ̅ⲙ̅ⲙⲁⲧⲟⲓ̈. ϫⲉ ⲟⲩ ⲁⲣⲁ ⲡⲉⲛⲧⲁϥϣⲱⲡⲉ ⲙ̅ⲡⲉⲧⲣⲟⲥ.
19 ১৯ তেতিয়া হেৰোদে তেওঁক বিচাৰি নাপাই, প্ৰহৰী সকলৰ সোধ-বিচাৰ কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিলে৷ তেতিয়া তেওঁ যিহুদীয়াৰ পৰা চীজাৰিয়ালৈ গ’ল আৰু তাতে থাকিল৷
ⲓ̅ⲑ̅ⲁⲅⲣⲓⲡⲡⲁⲥ ⲇⲉ ⲛ̅ⲧⲉⲣⲉϥϣⲓⲛⲉ ⲛ̅ⲥⲱϥ ⲙ̅ⲡϥ̅ϩⲉ ⲉⲣⲟϥ. ⲁϥⲁⲛⲁⲕⲣⲓⲛⲉ ⲛ̅(ⲛ)ⲁⲛⲟⲩⲣ̅ϣⲉ ⲁϥⲟⲩⲉϩⲥⲁϩⲛⲉ ⲉϫⲓⲧⲟⲩ ⲉⲃⲟⲗ ⲉⲧⲁⲕⲟⲟⲩ. ⲁϥⲉⲓ ⲇⲉ ⲉⲃⲟⲗ ϩⲛ̅ϯⲟⲩⲇⲁⲓⲁ ⲉϩⲣⲁⲓ̈ ⲉⲕⲁⲓⲥⲁⲣⲓⲁ ⲁϥϣⲱⲡⲉ ⲙ̅ⲙⲁⲩ.
20 ২০ তুৰীয়া আৰু চীদোনীয়া সকলৰ প্ৰতি হেৰোদৰ অতিশয় ক্ৰোধ আছিল৷ কিন্তু তেওঁলোকে একে আলোচনাৰে তেওঁৰ আগলৈ গৈ, ব্লাস্ত নামেৰে ৰজাৰ ভিতৰুৱাল ফুকনক তেওঁলোকৰ ফলীয়া কৰি, শান্তি স্হাপন কৰিবলৈ নিবেদন কৰিলে, কাৰণ এই ৰজাৰ দেশৰ পৰাই তেওঁলোকৰ দেশলৈ খোৱা বস্তুবোৰ আহিছিল৷
ⲕ̅ⲛⲉϥϭⲟⲛⲧ̅ ⲇⲉ ⲉⲛⲣⲙ̅ⲛ̅ⲧⲩⲣⲟⲥ ⲙⲛ̅ⲥⲓⲇⲱⲛ. ⲛ̅ⲧⲟⲟⲩ ⲇⲉ ϩⲓⲟⲩⲥⲟⲡ ⲁⲩⲉⲓ ϣⲁⲣⲟϥ. ⲁⲩⲱ ⲁⲩⲡⲓⲑⲉ ⲛ̅ϥⲗⲁⲥⲧⲟⲥ ⲡⲉⲧϩⲓϫⲙ̅ⲡⲕⲟⲓⲧⲱⲛ ⲙ̅ⲡⲣ̅ⲣⲟ. ⲁⲩⲁⲓⲧⲓ ⲛ̅ⲟⲩⲉⲓⲣⲏⲛⲏ ⲉⲃⲟⲗ ϫⲉ ⲛⲉⲩⲥⲁⲛϣ̅ ⲛ̅ⲧⲉⲩⲭⲱⲣⲁ ⲉⲃⲟⲗ ϩⲛ̅ⲛⲁⲡⲣ̅ⲣⲟ·
21 ২১ এটা নিৰূপিত দিনত হেৰোদে ৰাজকীয় বস্ত্ৰ পিন্ধি বিচাৰৰ আসনত বহিছিল আৰু সেইদিনা তাৰ পৰা তেওঁলোকলৈ ভাষণ দিছিল৷
ⲕ̅ⲁ̅ϩⲛ̅ⲟⲩϩⲟⲟⲩ ⲇⲉ ⲉⲁⲩⲧⲟϣϥ̅ ⲁϩⲏⲣⲱⲇⲏⲥ ϯ ϩⲓⲱⲱϥ ⲛ̅ⲧⲉϥϩⲃ̅ⲥⲱ ⲛⲣ̅ⲣⲟ. ⲁⲩⲱ ⲁϥϩⲙⲟⲟⲥ ⲉⲡⲃⲏⲙⲁ. ⲁϥϯϩⲁⲡ ⲉⲣⲟⲟⲩ.
22 ২২ তেতিয়া লোক সকলে ৰিঙিয়াই কলে, “এয়া এজন ঈশ্বৰৰ মাত, মানুহৰ মাত নহয়!”
ⲕ̅ⲃ̅ⲡⲙⲏⲏϣⲉ ⲇⲉ ⲁⲩⲁϣⲕⲁⲕ ⲉⲃⲟⲗ ϫⲉ ⲟⲩⲥⲙⲏ ⲛ̅ⲛⲟⲩⲧⲉ ⲧⲉ. ⲁⲩⲱ ⲛⲟⲩⲥⲙⲏ ⲛⲣⲱⲙⲉ ⲁⲛ ⲧⲉ.
23 ২৩ কিন্তু সেই প্ৰশংসা ঈশ্বৰক নিদিয়াত, প্ৰভুৰ দূতে তেতিয়াই তেওঁক আঘাত কৰিলে আৰু পোকে খোৱাত, তেওঁ প্ৰাণ ত্যাগ কৰিলে৷
ⲕ̅ⲅ̅ⲛ̅ⲧⲉⲩⲛⲟⲩ ⲇⲉ ⲁϥⲡⲁⲧⲁⲥⲥⲉ ⲙ̅ⲙⲟϥ ⲛ̅ϭⲓⲟⲩⲁⲅⲅⲉⲗⲟⲥ ⲛ̅ⲧⲉⲡϫⲟⲉⲓⲥ ⲉⲃⲟⲗ ϫⲉ ⲙ̅ⲡϥ̅ϯⲉⲟⲟⲩ ⲙ̅ⲡⲛⲟⲩⲧⲉ. ⲁⲩⲱ ⲁϥⲣ̅ϥⲛ̅ⲧ ⲁϥⲙⲟⲩ.
24 ২৪ কিন্তু ঈশ্বৰৰ বাক্য ব্যাপক হাৰত বিয়পি গ’ল৷
ⲕ̅ⲇ̅ⲡϣⲁϫⲉ ⲇⲉ ⲙ̅ⲡⲛⲟⲩⲧⲉ ⲁϥⲁⲩⲝⲁⲛⲉ ⲁⲩⲱ ⲁϥⲁϣⲁⲓ̈.
25 ২৫ এইদৰে বাৰ্ণব্বা আৰু চৌলে যি পৰিচৰ্যা কৰ্মৰ দায়িত্ব পাইছিল, সেয়া তেওঁলোকে সিদ্ধ কৰিলে, আৰু মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যোহনক লগত লৈ যিৰূচালেমৰ পৰা উভতি আহিল৷
ⲕ̅ⲉ̅ⲃⲁⲣⲛⲁⲃⲁⲥ ⲇⲉ ⲙⲛ̅ⲥⲁⲩⲗⲟⲥ ⲁⲩⲕⲟⲧⲟⲩ ⲉⲃⲟⲗ ϩⲛ̅ⲑⲓⲗⲏ̅ⲙ̅ ⲉⲧⲁⲛⲧⲓⲟⲭⲓⲁ. ⲉⲁⲩϫⲱⲕ ⲉⲃⲟⲗ ⲛ̅ⲧⲇⲓⲁⲕⲟⲛⲓⲁ ⲉⲁⲩϫⲓ ⲛⲙ̅ⲙⲁⲩ ⲛ̅ⲓ̈ⲱϩⲁⲛⲛⲏⲥ ⲡⲉⲧⲟⲩⲙⲟⲩⲧⲉ ⲉⲣⲟϥ ϫⲉ ⲙⲁⲣⲕⲟⲥ.