< পাঁচনি 11 >
1 ১ পাছত পাঁচনি সকল আৰু যিহুদীয়াত থকা ভাই সকলে শুনিবলৈ পালে যে, অনা-ইহুদী লোকেও ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে৷
Now the apostles and the brethren that were in Judæa heard that the Gentiles also had received the word of God.
2 ২ পাছত যেতিয়া পিতৰ যিৰূচালেমলৈ আহিল, তেতিয়া তেওঁক লৈ চুন্নৎ হোৱা মানুহবোৰে দ্বিধাবোধ হোৱাত নিন্দা কৰিলে;
And when Peter was come up to Jerusalem, they that were of the circumcision contended with him,
3 ৩ তেওঁলোকে কলে, “তুমি চুন্নৎ নোহোৱা মানুহবোৰৰ লগত সহযোগ কৰি, সিহঁতৰ সৈতে খোৱা-বোৱা কৰিলা!”
saying, Thou wentest in to men uncircumcised, and didst eat with them.
4 ৪ কিন্তু পিতৰে এই কথা বিতং ভাৱে বৰ্ণনা কৰি তেওঁলোকক কলে,
But Peter began, and expounded [the matter] unto them in order, saying,
5 ৫ “মই যাফো নগৰত প্ৰাৰ্থনা কৰি থাকোতেই মুৰ্চ্ছা গ’লো আৰু দৰ্শনত চাৰি চুকত ধৰি স্বৰ্গৰ পৰা নমোৱা ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ মোৰ ওচৰলৈ নামি অহা দেখিলোঁ;
I was in the city of Joppa praying: and in a trance I saw a vision, a certain vessel descending, as it were a great sheet let down from heaven by four corners; and it came even unto me:
6 ৬ তেতিয়া তালৈ মন কৰি একেথৰে চাই থাকোতে তাত পৃথিৱীৰ চাৰিঠেঙীয়া জন্তু আৰু বনৰীয়া জন্তু, উৰগ আৰু আকাশৰ চৰাই এই সকলোকে দেখিলোঁ৷”
upon which when I had fastened mine eyes, I considered, and saw the fourfooted beasts of the earth and wild beasts and creeping things and birds of the heaven.
7 ৭ আৰু তেতিয়া “হে পিতৰ, উঠি মাৰি খোৱা!” এই বুলি মোলৈ কোৱা এটা বাণীও শুনিলোঁ৷
And I heard also a voice saying unto me, Rise, Peter; kill and eat.
8 ৮ মই কলোঁ, “হে প্ৰভু, এনে নহওক: কিয়নো কোনো বৰ্জিত বা অশুচি বস্তু মোৰ মুখত কেতিয়াও দিয়া নাই৷”
But I said, Not so, Lord: for nothing common or unclean hath ever entered into my mouth.
9 ৯ কিন্তু পুনৰ আকাশৰ পৰা নে স্ৱর্গৰ পৰা উত্তৰ আহিল, “ঈশ্বৰে যিহকে শুচি কৰিলে, সেইবোৰ তুমি বৰ্জিত নুবুলিবা৷”
But a voice answered the second time out of heaven, What God hath cleansed, make not thou common.
10 ১০ এইদৰে তিনি বাৰ ঘটাৰ পাছত সেই সকলোবোৰ আকৌ স্বৰ্গলৈ তুলি নিয়া হ’ল৷
And this was done thrice: and all were drawn up again into heaven.
11 ১১ আৰু চোৱা, তেতিয়াই চীজাৰিয়াৰ পৰা মোৰ ওচৰলৈ পঠোৱা তিনি জন মানুহ, মই যি ঘৰত আছিলোঁ, তাত উপস্থিত হ’ল৷
And behold, forthwith three men stood before the house in which we were, having been sent from Cæsarea unto me.
12 ১২ তাতে একো সংশয় নকৰাকৈ তেওঁলোকৰ লগত যাবলৈ আত্মাই মোক আজ্ঞা দিলে৷ পাছত এই ভাই ছয় জন মোৰ লগত গ’ল আৰু আমি সেই মানুহৰ ঘৰত গৈ সোমালো৷
And the Spirit bade me go with them, making no distinction. And these six brethren also accompanied me; and we entered into the man’s house:
13 ১৩ তাতে তেওঁ আমাক কলে, কেনেকৈ এজন দূতে তেওঁৰ ঘৰত থিয় হৈ কৈছিল যে, “যাফোলৈ মানুহ পঠাই, যাৰ প্ৰখ্যাত নাম পিতৰ, সেই চিমোনক মাতি পঠোৱা৷
and he told us how he had seen the angel standing in his house, and saying, Send to Joppa, and fetch Simon, whose surname is Peter;
14 ১৪ তাতে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে যাৰ দ্বাৰাই পৰিত্ৰাণ পাবা, সেই কথা তেওঁ তোমাক কব৷”
who shall speak unto thee words, whereby thou shalt be saved, thou and all thy house.
15 ১৫ পাছে মই কথা কবলৈ ধৰোতেই, পূৰ্বতে আমাৰ ওপৰত যেনেকৈ পবিত্ৰ আত্মা নামিছিল, তেনেকৈ তেওঁলোকৰ ওপৰতো নামিল৷
And as I began to speak, the Holy Spirit fell on them, even as on us at the beginning.
16 ১৬ “যোহনে হলে পানীতহে বাপ্তিস্ম দিলে কিন্তু তোমালোকক হ’লে পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হ’ব,” প্ৰভুৱে কোৱা এই কথা মোৰ মনত পৰিল৷
And I remembered the word of the Lord, how he said, John indeed baptized with water; but ye shall be baptized in the Holy Spirit.
17 ১৭ এতেকে আমি প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বাবে ঈশ্বৰে যি দান আমাক দিলে সেই একে দান তেওঁলোককো দিলে, গতিকে ঈশ্বৰক প্ৰতিৰোধ কৰিবলৈ মই নো কোন?”
If then God gave unto them the like gift as [he did] also unto us, when we believed on the Lord Jesus Christ, who was I, that I could withstand God?
18 ১৮ এই কথা শুনি তেওঁলোকে কোনো সহাঁৰি নিদি বৰং ঈশ্বৰৰ স্তুতি কৰি কলে, “তেনেহলে, ঈশ্বৰে অনা-ইহুদী লোককো জীৱনৰ অৰ্থে মন-পালটন দান কৰিলে৷”
And when they heard these things, they held their peace, and glorified God, saying, Then to the Gentiles also hath God granted repentance unto life.
19 ১৯ ইতিপূৰ্বে যিবোৰ মানুহে স্তিফানৰ মৃত্যুৰ ক্ষেত্ৰত হোৱা বেজাৰৰ কাৰণে গোট গোট হৈ আছিল, তেওঁলোকে ফৈনীকিয়া, কুপ্ৰ, আৰু আন্তিয়খিয়ালৈকে ফুৰি, ইহুদী লোকৰ বাহিৰে আন কাৰো আগত ঈশ্বৰৰ বাক্য প্ৰচাৰ নকৰিলে৷
They therefore that were scattered abroad upon the tribulation that arose about Stephen travelled as far as Phoenicia, and Cyprus, and Antioch, speaking the word to none save only to Jews.
20 ২০ কিন্তু তেওঁলোকৰ মাজৰ কুপ্র আৰু কুৰীণীৰ কিছুমান আন্তিয়খিয়ালৈ আহি গ্ৰীকভাষী সকলৰ আগত প্ৰভু যীচুৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে৷
But there were some of them, men of Cyprus and Cyrene, who, when they were come to Antioch, spake unto the Greeks also, preaching the Lord Jesus.
21 ২১ আৰু প্ৰভুৰ হাত তেওঁলোকৰ সহকাৰী হ’ল, তাতে বহুসংখ্যক লোকে বিশ্বাস কৰি প্ৰভুলৈ আহিল৷
And the hand of the Lord was with them: and a great number that believed turned unto the Lord.
22 ২২ পাছত তেওঁলোকৰ সবিশেষ বাৰ্তা যিৰূচালেমত থকা মণ্ডলীৰ কাণত যেতিয়া পৰিল, তেতিয়া মণ্ডলীয়ে বাৰ্ণব্বাক আন্তিয়খিয়ালৈ পঠিয়াই দিলে৷
And the report concerning them came to the ears of the church which was in Jerusalem: and they sent forth Barnabas as far as Antioch:
23 ২৩ তেওঁ তাত উপস্থিত হৈ, ঈশ্বৰৰ অনুগ্ৰহ দেখি আনন্দিত হ’ল; আৰু হৃদয়ৰ আগ্ৰহেৰে প্ৰভুত আসক্ত হৈ থাকিবলৈ সকলোকে উদগালে৷
who, when he was come, and had seen the grace of God, was glad; and he exhorted them all, that with purpose of heart they would cleave unto the Lord:
24 ২৪ কিয়নো তেওঁ উত্তম লোক হোৱাৰ উপৰি, পবিত্ৰ আত্মাৰে বিশ্বাসত পৰিপূৰ্ণ আছিল, তাতে মানুহৰ এটা ডাঙৰ দলে প্ৰভুত যোগ দিলে৷
for he was a good man, and full of the Holy Spirit and of faith: and much people was added unto the Lord.
25 ২৫ পাছত বাৰ্ণব্বাই চৌলক বিচাৰিবলৈ তাৰ্চ নগৰলৈ গ’ল৷
And he went forth to Tarsus to seek for Saul;
26 ২৬ আৰু তেওঁক পাই আন্তিয়খিয়ালৈ লৈ আহিল৷ তাতে তেওঁলোকে গোটেই বছৰ মণ্ডলীত গোট খোৱা বহু লোকক উপদেশ দিলে৷ এই আন্তিয়খিয়া নগৰতেই শিষ্য সকলক প্ৰথমে খ্ৰীষ্টিয়ান বুলি মতা হ’ল৷
and when he had found him, he brought him unto Antioch. And it came to pass, that even for a whole year they were gathered together with the church, and taught much people; and that the disciples were called Christians first in Antioch.
27 ২৭ সেই সময়ত কিছুমান ভাববাদী যিৰূচালেমৰ পৰা আন্তিয়খিয়ালৈ আহিল৷
Now in these days there came down prophets from Jerusalem unto Antioch.
28 ২৮ আৰু তেওঁলোকৰ মাজৰ আগাব নামেৰে এজনে উঠি, আত্মাৰ দ্বাৰাই চালিত হৈ জনালে যে, গোটেই পৃথিৱীত বৰ আকাল হ’ব আৰু ক্লৌদিয়ৰ দিনত সেয়ে ঘটিব৷
And there stood up one of them named Agabus, and signified by the Spirit that there should be a great famine over all the world: which came to pass in the days of Claudius.
29 ২৯ তাতে শিষ্য সকলৰ প্ৰতিজনে শক্তি অনুসাৰে, যিহুদীয়াত নিবাস কৰা ভাই সকলৰ পৰিচৰ্যাৰ কাৰণে সহায় পঠিয়াবলৈ সিদ্ধান্ত ললে৷
And the disciples, every man according to his ability, determined to send relief unto the brethren that dwelt in Judæa:
30 ৩০ পাছত সেইদৰে কাৰ্য কৰি, বাৰ্ণব্বা আৰু চৌলৰ হাতত পৰিচাৰক সকললৈ ধন পঠিয়াই দিলে৷
which also they did, sending it to the elders by the hand of Barnabas and Saul.