< পাঁচনি 10 >

1 চীজাৰিয়া নগৰত ইটালীয়া নামৰ সৈন্য দলৰ কৰ্ণীলিয় নামেৰে এজন এশৰ সেনাপতি আছিল৷
Now there was a certain man in Cesarea, named Cornelius, a centurion that called the Italian Band,
2 তেওঁ এজন ভক্ত লোক আছিল, তেওঁৰ ঘৰৰ সকলোৱে ঈশ্বৰলৈ ভয় ৰাখিছিল৷ তেওঁ আন লোক লোকক দান কৰিছিল আৰু সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল৷
a man of piety, and one that feared God, with all his house; giving, also, much alms to the people, and praying to God continually.
3 এদিন আবেলি প্ৰায় তিনি মান বজাত, দৰ্শনত “হে কৰ্ণীলিয়!” বুলি তেওঁক মাতা ঈশ্বৰৰ এজন দূতক স্পষ্টকৈ দেখিলে৷
He evidently saw, in a vision, about the ninth hour of the day, a messenger of God coming in to him, and saying to him, Cornelius!
4 তেতিয়া কৰ্ণীলিয়ই দূতলৈ তধা লাগি চাই ভয় খাই কলে, “কি কয় প্ৰভু?” দূতে তেওঁক কলে, “তোমাৰ প্ৰাৰ্থনা আৰু দান সোৱঁৰণীয় ৰূপে ঈশ্বৰৰ আগত গ্ৰহণীয় হ’ল৷
And having fixed his eyes upon him, he was afraid, and said, What is it, Lord? And he said to him, Your prayers and your alms are come up, as a memorial before God.
5 এতিয়া যাফোলৈ মানুহ পঠিয়াই চিমোন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মাতি পঠোৱা,
And now send men to Joppa and bring hither Simon, whose surname is Peter:
6 তেওঁ সাগৰৰ তীৰত নিবাস কৰা চিমোন নামৰ মুচিয়াৰৰ ঘৰত আলহী হৈ আছে৷”
he lodges with one Simon, a tanner, whose house is by the seaside.
7 এনেদৰে কৰ্ণীলিয়ক কৈ স্বৰ্গৰ দূত গুচি গ’ল, তাৰ পাছত তেওঁ নিজৰ ঘৰৰ দুজন লগুৱা আৰু আলপৈচান ধৰা সকলৰ মাজৰ ভক্ত সৈন্য এজনক মাতি আনি,
As soon as the messenger, who spoke to Cornelius, was gone, he called two of his domestics, and a pious soldier, of them that waited upon him;
8 তেওঁলোকক সকলো কথা তেওঁ বুজাই কলে, আৰু যাফোলৈ পঠাই দিলে৷
and having related to them all these things, he sent them to Joppa.
9 পাছদিনা বাৰ মান বজাত তেওঁলোকে নগৰৰ ওচৰ পালে, সেই সময়ত পিতৰে প্ৰাৰ্থনা কৰিবৰ বাবে ঘৰৰ ওপৰলৈ উঠিছিল৷
On the next day, while they were on their journey, and drew near the city, Peter went up to the top of the house to pray, about the sixth hour.
10 ১০ তেতিয়া তেওঁৰ ভোক লগাত খাবলৈ ইচ্ছা কৰিলে, কিন্তু লোক সকলে আহাৰ যুগুত কৰি থাকোতে তেওঁ মূৰ্ছিত হৈ পৰিল;
And he was hungry, and would have taken a little refreshment; but while they were preparing, he fell into an ecstasy;
11 ১১ আৰু আকাশ খন মুকলি হৈ, চাৰি চুকত ধৰি পৃথিৱীলৈ নমাই দিয়া ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ নমা দেখিলে৷
and he saw heaven opened, and something descending like a great sheet, fastened at the four corners, and let down to the earth:
12 ১২ তাত সকলো বিধৰ চাৰিঠেঙীয়া জন্তু, উৰগ আৰু আকাশৰ চৰাইবোৰ আছিল৷
in which there were all sorts of things, even four-footed animals of the earth, and wild beasts, and reptiles, and fowls of the air.
13 ১৩ তেতিয়া তেওঁলৈ এনে বাণী হ’ল বোলে: “উঠা, মাৰি খোৱা৷”
And there came a voice to him, Rise, Peter, kill, and eat.
14 ১৪ কিন্তু পিতৰে কলে, “হে প্ৰভু, এনে নহওক; কিয়নো মই কোনো ধৰণৰ বৰ্জিত আৰু অশুচি বস্তু কেতিয়াও খোৱা নাই৷”
But Peter said, By no means, Lord; for I have never eat anything which is common or unclean.
15 ১৫ দ্বিতীয় বাৰ তেওঁলৈ এই বাণী হ’ল: “ঈশ্বৰে যিহকে শুচি কৰিলে, তাক তুমি বৰ্জিত নুবুলিবা৷”
And the voice said to him again, the second time, Those things which God has cleansed, do not you call common.
16 ১৬ এইদৰে তিনি বাৰ ঘটিল আৰু সেই পাত্ৰ তেতিয়াই আকাশৰ ওপৰলৈ তুলি নিয়া হ’ল৷
And this was done three times, and the sheet was taken up again into heaven.
17 ১৭ তেতিয়া পিতৰে যি দৰ্শন দেখিলে; সেই দৰ্শনৰ অৰ্থ কি হ’ব পাৰে ইয়াকে চিন্তা কৰি থাকোতেই, কৰ্ণীলিয়ই পঠোৱা মানুহ কেইজনে সুধি সুধি চিমোনৰ ঘৰলৈ আহি দুৱাৰমুখত থিয় হ’ল,
While Peter was pondering in himself, what the vision, which he had seen, might import; behold, the men, who were sent from Cornelius, having inquired out the house of Simon, stood at the door;
18 ১৮ আৰু মাত লগাই সুধিলে, “বোলে সেই চিমোন ইয়াত থাকে নে যি জনৰ প্ৰখ্যাত নাম পিতৰ?”
and calling, they asked, if Simon, whose surname was Peter, lodged there.
19 ১৯ তেতিয়া পিতৰে সেই দৰ্শনৰ কথা ভাবি থাকোতেই, আত্মাই তেওঁক কলে, “চোৱা, তিনি জন মানুহে তোমাক বিচাৰিছে৷
Now, as Peter was reflecting on this vision; the Spirit said to him, Behold, three men are inquiring for you:
20 ২০ তুমি উঠা আৰু নামি যোৱা৷ তেওঁলোকে সৈতে সংশয় নকৰি যোৱা; কিয়নো মইহে তেওঁলোকক পঠালোঁ৷”
arise, therefore, go down, and go with them without hesitation; for I have sent them.
21 ২১ তেতিয়া পিতৰে নামি গৈ সেই মানুহকেইজনক কলে, “তোমালোকে যি জনক বিচাৰিছা, সেই জন ময়েই৷ তোমালোকে কি কাৰণত আহিলা?”
Then Peter went down to the men, who were sent to him from Cornelius, and said, Behold, I am the man whom you seek; what is the cause of your coming?
22 ২২ তেওঁলোকে কলে, “কৰ্ণীলিয় নামেৰে ধাৰ্মিক আৰু ঈশ্বৰক উপাসনা কৰা আৰু গোটেই ইহুদী জাতিৰ আগত সুখ্যাতি পোৱা এনে এজন এশৰ সেনাপতিয়ে আপোনাক তেওঁৰ ঘৰলৈ মতাই নি, আপোনাৰ পৰা কথা শুনিবলৈ স্বৰ্গৰ পবিত্ৰ দূতৰ দ্বাৰাই ঈশ্বৰৰ আদেশ পাইছে৷”
And they said, Cornelius, the centurion, a righteous man, who fears God, and has a character attested by all the Jewish people, has been instructed, by a holy messenger, to send for you to his house, and to hear words from you.
23 ২৩ তেতিয়া পিতৰে তেওঁলোকক ৰাতিটো তেওঁৰ তাতে থকাৰ ব্যৱস্হা কৰি দিলে৷ পাছদিনা তেওঁ যাফোত থকা ভাই সকলৰ মাজৰ কেইজনমানক লগত লৈ তেওঁলোকৰ সৈতে যাত্ৰা কৰিলে৷
Having, therefore, called them in, he entertained them, and the next day set out with them: and some of the brethren, who were of Joppa, went with him.
24 ২৪ তাৰ পাছদিনা তেওঁলোকে চীজাৰিয়ালৈ আহিল৷ কৰ্ণীলিয়ই নিজৰ জ্ঞাতি আৰু আত্মীয় বন্ধু সকলক গোট খুৱাই তেওঁলোকলৈ অপেক্ষা কৰি আছিল৷
And the next day they entered into Cesarea; and Cornelius was waiting for them, having called together his relations and intimate friends.
25 ২৫ পিতৰ ঘৰত সোমাওঁতে কৰ্ণীলিয়ই দেখা কৰি তেওঁক সন্মান জনাবলৈ চৰণত পৰি প্ৰণাম কৰিলে৷
Now, as Peter was coming in, Cornelius met him, and prostrating himself at his feet, made obeisance.
26 ২৬ কিন্তু পিতৰে তেওঁক তুলি ধৰি কলে, “উঠা; ময়ো মানুহহে৷”
But Peter raised him up, saying, Arise; I also am a man.
27 ২৭ তাৰ পাছত যেতিয়া পিতৰে তেৱেঁ সৈতে কথা কৈ কৈ ঘৰত সোমাল, বহু মানুহ গোট খাই থকা দেখি,
And discoursing with him, he went in, and found many gathered together.
28 ২৮ তেওঁলোকক কলে, “বিধান বিহীন জাতিৰ কোনো মানুহৰ লগ লোৱা নাইবা তেওঁৰ তালৈ যোৱা যে যিহুদী মানুহৰ বাবে নিষেধ, ইয়াক আপোনালোকে জানে৷ কিন্তু কোনো মানুহক বৰ্জিত বা অশুচি নুবুলিবলৈ ঈশ্বৰে মোক দেখুৱালে৷
And he said to them, You know that it is unlawful for a man that is a Jew to join with, or to come into the house of, one of another nation; nevertheless, God has shown me that I am to call no man common or unclean.
29 ২৯ এই হেতুকে মোক মাতোতে কোনো আপত্তি নকৰাকৈ মই আহিলোঁ৷ গতিকে এতিয়া সুধিছোঁ, কিয়নো আপোনালোকে মোক মাতিলে৷”
Wherefore, when I was sent for, I came without debate: I ask, therefore, on what account you have sent for me?
30 ৩০ তেতিয়া কৰ্ণীলিয়ই কলে, “আজি চাৰি দিন হ’ল ঠিক এই সময়ত অৰ্থাৎ আবেলি তিনি মান বজাত প্ৰাৰ্থনা কৰি আছিলোঁ; তেতিয়া চাওক, উজ্জ্বল বস্ত্ৰ পিন্ধা এজন মানুহ মোৰ আগত থিয় হ’ল৷
And Cornelius said, Four days ago, I was fasting till this hour; and at the ninth hour I prayed in my house; and, behold, a man stood before me in bright raiment,
31 ৩১ তেওঁ কলে, ‘হে কৰ্ণীলিয়, তোমাৰ প্ৰাৰ্থনা শুনা গ’ল আৰু তুমি দুখীয়াক দিয়া দান ঈশ্বৰৰ আগত সোঁৱৰণ কৰা হ’ল৷
and said, Cornelius, your prayer is heard, and your alms are remembered before God:
32 ৩২ এতেকে যাফোলৈ মানু্হ পঠিয়াই, সাগৰৰ দাঁতিত চিমোন নামেৰে এজন মুচিয়াৰৰ ঘৰত আলহী হৈ থকা চিমোন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মাতি অানা গৈ’৷
send, therefore, to Joppa, and call hither Simon, whose surname is Peter; he lodges in the house of one Simon, a tanner, by the seaside; who, when he is come, shall speak to you.
33 ৩৩ এই হেতুকে মই তেতিয়াই আপোনাৰ তালৈ মানুহ পঠালোঁ৷ আপুনি যে এতিয়া আহি পালে, ভাল কৰিলে৷ এতেকে প্ৰভুৱে যি আজ্ঞা আপোনাক দিলে, সেই সকলো বিষয় শুনিবলৈ আমি সকলোৱে এতিয়া ঈশ্বৰৰ সাক্ষাতে উপস্থিত আছোঁ৷”
Immediately, therefore, I sent to you, and you have done well in coming. Now, therefore, we are all here present before God, to hear all things which God has given to you in charge.
34 ৩৪ তেতিয়া পিতৰে মাত দিলে আৰু কলে, “ইয়াকে মই নিশ্চয়কৈ উপলদ্ধি কৰিছোঁ যে, ঈশ্বৰে কাৰো পক্ষপাতীত্ব নকৰে৷
Then Peter, opening his mouth, said, Of a truth, I perceive that God is no respecter of persons;
35 ৩৫ বৰং সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধাৰ্মিক আচৰণ কৰে, সেই জন তেওঁৰ গ্ৰহণযোগ্য হয়৷
but, in every nation, he that fears him, and works of righteousness, is acceptable to him.
36 ৩৬ যি জন সকলোৰে প্ৰভু, সেই যীচু খ্ৰীষ্টৰ দ্বাৰাই মিলনৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁতে, ঈশ্বৰে যি বাক্য ইস্ৰায়েলৰ লোক সকললৈ পঠালে,
This is that message which he sent to the children of Israel; proclaiming the glad tidings of peace by Jesus Christ, who is Lord of all.
37 ৩৭ আৰু যোহনে বাপ্তিস্মৰ কথা ঘোষণা কৰাৰ পাছত, গালীল প্ৰদেশৰ পৰা আৰম্ভ হৈ গোটেই যিহুদীয়ালৈকে বিয়পি গ’ল, সেই বাক্য আপোনালোকে নিজেও বুজি আছে৷
You know the report there was, through all Judea, which began from Galilee, after the immersion which John preached,
38 ৩৮ সেয়ে এই যে, যেনেকৈ ঈশ্বৰে নাচৰতীয়া যীচুক পবিত্ৰ আত্মা শক্তি আৰু মহিমাৰে অভিষিক্ত কৰিলে; তেনেকৈ তেওঁ বিভিন্ন ঠাইত সৎ কৰ্ম কৰি, চয়তানৰ পৰা দুখ পোৱা সকলক সুস্হ কৰিছিল; কাৰণ ঈশ্বৰ তেওঁৰ সহায় আছিল৷
concerning Jesus of Nazareth; how God anointed him with the Holy Spirit, and with power; who went about doing good, and healing all who were oppressed by the devil; for God was with him.
39 ৩৯ আৰু ইহুদী সকলৰ গাৱেঁ-ভুয়ে গৈ আৰু যিৰূচালেমতো তেওঁ যি যি কৰ্ম কৰিছিল, সেই সকলো কৰ্মৰ সাক্ষী আমি আছোঁ৷ এই যীচুকেই তেওঁলোকে কাঠত ওলোমাই বধ কৰিলে৷
And we are witnesses of all things which he did, both in the region of the Jews, and in Jerusalem: whom they slew, hanging him on a tree.
40 ৪০ কিন্তু এইজনকে প্ৰকাশিত কৰিবলৈ ঈশ্বৰে তেওঁক তৃতীয় দিনা তুলিলে,
This very person God raised up, on the third day, and granted him to become manifest;
41 ৪১ আটাই মানুহৰ আগত নহয়, কিন্তু তেওঁ মৃত বিলাকৰ মাজৰ পৰা উঠাৰ পাছত তেৱেঁ সৈতে ভোজন-পান কৰা ঈশ্বৰৰ মনোনীত সাক্ষী যি আমি, আমাৰ আগতহে প্ৰকাশিত হবলৈ দিলে৷
not to all the people, but to witnesses before appointed by God, even to us, who have eat and drunk with him after he arose from the dead.
42 ৪২ জীৱিত আৰু মৰা দুয়োৰো বিচাৰকৰ্তা হবলৈ ঈশ্বৰে যি জনক নিযুক্ত কৰিলে, তেৱেঁই সেই জনা, এই কথা সকলো লোকৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ তেওঁ আমাক আজ্ঞা দিলে৷
And he has given in charge to us to proclaim to the people, and to testify that it is he who is appointed by God, to be the judge of the living and the dead.
43 ৪৩ তেওঁৰ পক্ষে সকলো ভাববাদীয়েও সাক্ষ্য দিয়ে যাতে তেওঁত বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপ-মোচন পায়৷
To him all the prophets bear witness, that every one who believes on him, shall receive forgiveness of sins by his name.
44 ৪৪ পিতৰে এই কথা কৈ থাকোতেই, শুনি থকা সকলোৰে ওপৰত পবিত্ৰ আত্মা আহিল৷
While Peter was yet speaking these words, the Holy Spirit fell upon all who were hearing the word:
45 ৪৫ তাতে পিতৰৰ লগত অহা চুন্নৎ হোৱা বিশ্বাসী সকলে অনা-ইহুদী সকলৰ ওপৰতো পবিত্ৰ আত্মা বাকি দিয়া দেখি বিস্ময় মানিলে৷
and they of the circumcision, who believed, as many as came with Peter, were astonished that the gift of the Spirit was poured out upon the Gentiles also:
46 ৪৬ কাৰণ সেই অনা-ইহুদী সকলে নানা ভাষাৰে কথা কৈ ঈশ্বৰৰ স্তুতি কৰা তেওঁলোকে শুনিবলৈ পালে৷ তেতিয়া পিতৰে উত্তৰ দি কলে,
for they heard them speaking in diverse languages, and glorifying God.
47 ৪৭ “আমাৰ নিচিনাকৈ পবিত্ৰ আত্মা পোৱা এওঁলোক বাপ্তাইজিত নহবলৈ কোনোবাই জলক বাধা দিব পাৰে নে?”
Then Peter answered, Can any one forbid water, that these persons should not be immersed, who have received the Holy Spirit as well as we?
48 ৪৮ তেতিয়া তেওঁ যীচু খ্ৰীষ্টৰ নামেৰে তেওঁলোকক বাপ্তাইজিত হবলৈ আজ্ঞা দিলে৷ পাছত সেই ঠাইতে তেওঁলোকক কিছুদিন থাকিবলৈ তেওঁ মিনতি কৰিলে৷
And he ordered them to be immersed in the name of the Lord. And they entreated him to continue with them several days.

< পাঁচনি 10 >