< পাঁচনি 1 >

1 হে থিয়ফিল, মই প্রথম প্রৱন্ধত আৰম্ভণীৰে পৰা যীচুক স্বর্গলৈ নিয়া দিনলৈকে তেওঁ যি যি কর্ম কৰিলে আৰু উপদেশ দিলে, সেই সকলোবোৰৰ বিষয়ে লিখিলোঁ।
Primum quidem sermonem feci de omnibus, O Theophile, quæ cœpit Iesus facere, et docere
2 পাছত তেওঁক ওপৰলৈ তুলি নিয়া দিনলৈকে তেওঁ মনোনীত কৰা পাঁচনি সকলক পবিত্ৰ আত্মাৰ দ্বাৰাই আজ্ঞা দিলে৷
usque in diem, qua præcipiens Apostolis per Spiritum Sanctum, quos elegit, assumptus est:
3 ক্রুচীয়‍ মৃত্যুৰ দুখভোগৰ পাছত তেওঁ পাঁচনি সকলৰ আগত সময়ে সময়ে দেখা দি নিজকে জীয়াই থকাৰ প্রমাণ দিলে। এইদৰে যীচুৱে চল্লিশ দিনলৈকে দৰ্শন দি ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিলে।
quibus et præbuit seipsum vivum post Passionem suam in multis argumentis, per dies quadraginta apparens eis, et loquens de regno Dei.
4 এদিন পাঁচনি সকলৰ সৈতে সমবেত হোৱা সময়ত তেওঁ এই আজ্ঞা দিলে, “তোমালোকে যিৰূচালেম এৰি নাযাবা, কিন্তু মোৰ পৰা পিতৃৰ যি প্ৰতিজ্ঞা শুনিলা, সেই প্ৰতিজ্ঞালৈকে বাট চাই থাকা।
Et convescens, præcepit eis ab Ierosolymis ne discederent, sed expectarent Promissionem Patris, quam audistis (inquit) per os meum:
5 যোহনে পানীতহে বাপ্তিস্ম দিলে, কিন্তু কিছুদিনৰ পাছত তোমালোকক পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হব।”
quia Ioannes quidem baptizavit aqua, vos autem baptizabimini Spiritu Sancto non post multos hos dies.
6 পুনৰ গোট খোৱা সময়ত তেওঁলোকে যীচুক সুধিলে, “হে প্ৰভু, ইস্ৰায়েলক আপুনি এই কালতে পুনৰাই ৰাজ্য দিব নে?”
Igitur qui convenerant, interrogabant eum, dicentes: Domine, si in tempore hoc restitues regnum Israel?
7 তেতিয়া তেওঁলোকক তেওঁ ক’লে, “যি কাল আৰু সময় পিতৃয়ে নিজৰ ক্ষমতাৰ অধীনত ৰাখিছে, সেই বিষয়ে তোমালোকে জানিবলৈ নোপোৱা।
Dixit autem eis: Non est vestrum nosse tempora vel momenta, quæ Pater posuit in sua potestate:
8 কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হবা।”
sed accipietis virtutem supervenientis Spiritus Sancti in vos, et eritis mihi testes in Ierusalem, et in omni Iudæa, et Samaria, et usque ad ultimum terræ.
9 এই কথা কোৱাৰ পাছত প্রভু যীচুক আকাশলৈ তুলি নিয়া হ’ল আৰু এচপৰা মেঘে তেওঁক ঢাকি ধৰিলে। তাতে তেওঁলোকে ওপৰলৈ ৰ’ লাগি চাই থাকিল, কিন্তু পুনৰবাৰ প্রভু যীচুক দেখা নাপালে।
Et cum hæc dixisset, videntibus illis, elevatus est: et nubes suscepit eum ab oculis eorum.
10 ১০ এইদৰে আকাশলৈ একেথৰে চাই থাকোতে, হঠাৎ বগা বস্ত্ৰ পৰিধান কৰা দুজন লোক তেওঁলোকৰ ওচৰত থিয় হ’ল আৰু তেওঁলোকক কলে,
Cumque intuerentur in cælum euntem illum, ecce duo viri astiterunt iuxta illos in vestibus albis,
11 ১১ “হে গালীল দেশৰ গালীলীয়া সকল, তোমালোকে কিয় আকাশলৈ ৰ’ লাগি চাই ৰৈছা? এই জন যীচুক তোমালোকৰ কাষৰ পৰা স্বৰ্গলৈ নিয়া হল। তোমালোকে তেওঁক যেনেকৈ স্বৰ্গলৈ যোৱা দেখিলা, সেইৰূপে তেওঁ আকৌ আহিব।”
qui et dixerunt: Viri Galilæi, quid statis aspicientes in cælum? Hic Iesus, qui assumptus est a vobis in cælum, sic veniet quemadmodum vidistis eum euntem in cælum.
12 ১২ তাৰ পাছত পাঁচনি সকল জৈতুন নামৰ পাহাৰৰ পৰা যিৰূচালেমলৈ উভতি আহিল৷ এই পাহাৰ যিৰূচালেমৰ পৰা বিশ্ৰামবাৰে যোৱা বাটৰ সমান দূৰৈত অৱস্থিত
Tunc reversi sunt Ierosolymam a monte, qui vocatur Oliveti, qui est iuxta Ierusalem, Sabbati habens iter.
13 ১৩ যেতিয়া তেওঁলোকে যিৰূচালেম নগৰ গৈ পালে, তাত তেওঁলোকে পিতৰ, যোহন, যাকোব, আন্দ্রিয়, ফিলিপ, থোমা, বাৰ্থলময়, মথি, আলফয়ৰ পুতেক যাকোব, উদ্যোগী চিমোন আৰু যাকোবৰ পুতেক যিহুদা থকা ঘৰৰ ওপৰৰ কোঠালিলৈ গ’ল।
Et cum introissent in cœnaculum, ascenderunt ubi manebant Petrus, et Ioannes, Iacobus, et Andreas, Philippus, et Thomas, Bartholomæus, et Matthæus, Iacobus Alphæi, et Simon Zelotes, et Iudas Iacobi.
14 ১৪ তাতে তেওঁলোকে কেইগৰাকীমান মহিলা, যীচুৰ মাক মৰিয়ম আৰু তেওঁৰ ভায়েক সকলৰ সৈতে সকলোৱে এক মনেৰে প্ৰাৰ্থনাত লাগি থাকিল।
Hi omnes erant perseverantes unanimiter in oratione cum mulieribus, et Maria matre Iesu, et fratribus eius.
15 ১৫ সেই সময়ছোৱাত প্রায় এশ বিশ জন লোক গোট খাই আছিল, তাতে পিতৰে উঠি ক’লে,
In diebus illis exurgens Petrus in medio fratrum dixit (erat autem turba hominum simul, fere centum viginti):
16 ১৬ “হে ভাই সকল, ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ যীচুক বন্দী কৰাৰ প্ৰয়োজন আছিল; কিয়নো যীচুক বন্দী কৰা সকলক যিহূদাই বাট দেখুউৱাৰ বিষয়ে পবিত্ৰ আত্মাই দায়ুদৰ মুখেৰে পূৰ্বতে প্রকাশ কৰিছিল।
Viri fratres, oportet impleri Scripturam, quam prædixit Spiritus Sanctus per os David de Iuda, qui fuit dux eorum, qui comprehenderunt Iesum:
17 ১৭ তেওঁ আমাৰ মাজৰেই এজন আছিল আৰু এই পৰিচর্যা কার্যৰ ভাগো পাইছিল।
qui connumeratus erat in nobis, et sortitus est sortem ministerii huius.
18 ১৮ দুষ্কর্ম্ম কৰি পোৱা ধনেৰে তেওঁ এডোখৰ মাটি কিনিলে আৰু তাতে তলমূৰকৈ পৰি যিহূদাৰ পেট ফাটি নাড়ী ভুঁৰু সকলো ওলাল।
Et hic quidem possedit agrum de mercede iniquitatis, et suspensus crepuit medius: et diffusa sunt omnia viscera eius.
19 ১৯ এই কথা যিৰূচালেমত নিবাস কৰা আটাই মানুহৰ মাজত বিয়পি পৰিল আৰু সেয়েহে তেওঁলোকৰ ভাষাত সেই মাটিৰ নাম হকলদামা, অৰ্থাৎ তেজৰ মাটি হ’ল।”
Et notum factum est omnibus habitantibus Ierusalem, ita ut appellaretur ager ille, lingua eorum, Haceldama, hoc est, Ager Sanguinis.
20 ২০ পিতৰে পুনৰ ক’লে, “কিয়নো গীতমালা পুস্তকত লিখা আছে, ‘তেওঁৰ থকা ঠাই নিৰ্জন হওক, ‘তাত কোনো মানুহ নাথাকক; আৰু আনে তেওঁৰ অধ্যক্ষ পদ পাওঁক।’
Scriptum est enim in libro Psalmorum: Fiat commoratio eorum deserta, et non sit qui inhabitet in ea: et episcopatum eius accipiat alter.
21 ২১ গতিকে, প্রভু যীচুক যোহনে বাপ্তিস্ম দিয়া দিনৰে পৰা স্বৰ্গলৈ নিয়া দিনলৈকে যি সকল লোকে আমাৰ মাজত চলা-ফুৰা কৰিছিল,
Oportet ergo ex his viris, qui nobiscum sunt congregati in omni tempore, quo intravit et exivit inter nos Dominus Iesus,
22 ২২ সেই লোক সকলৰ মাজৰ বাপ্তিস্ম লোৱা এজন লোক নিশ্চয়কৈ আমাৰ সৈতে তেওঁৰ পুনৰুত্থানৰ সাক্ষী হোৱাৰ প্রয়োজন আছে।”
incipiens a baptismate Ioannis usque in diem, qua assumptus est a nobis, testem Resurrectionis eius nobiscum fieri unum ex istis.
23 ২৩ তেতিয়া লোক সকলে যোচেফ, যি জনক বার্চব্বা অথবা যুষ্ট নামেৰেও জনা যায় আৰু মত্তথিয়; এই দুয়োজনকে আগলৈ আনিলে।
Et statuerunt duos, Ioseph, qui vocabatur Barsabas, qui cognominatus est Iustus: et Mathiam.
24 ২৪ পাছত তেওঁলোকে প্ৰাৰ্থনা কৰি ক’লে, “হে প্রভু, তুমি অন্তর্যামী, সকলোৰে হৃদয় জানা৷ সেয়েহে এই দুজনৰ মাজৰ পৰা এজনক মনোনীত কৰা;
Et orantes dixerunt: Tu Domine, qui corda nosti omnium, ostende, quem elegeris ex his duobus unum
25 ২৫ কিয়নো যিহূদাই পাপ কৰি নিজৰ যাবলগীয়া ঠাইলৈ গ’ল৷ সেই ঠাইত এই দুয়ো জনৰ মাজৰ কোন জনক তুমি এই পৰিচর্যা আৰু পাঁচনি পদ পাবলৈ মনোনীত কৰিছা, সেয়া প্রকাশ কৰা।”
accipere locum ministerii huius, et apostolatus, de quo prævaricatus est Iudas ut abiret in locum suum.
26 ২৬ পাছত তেওঁলোকে দুয়ো জনৰ কাৰণে চিঠি খেলোতে মত্তথিয়ৰ নাম উঠিল আৰু তেওঁ এঘাৰ জন পাঁচনিৰ লগত গণিত হ’ল।
Et dederunt sortes eis, et cecidit sors super Mathiam, et annumeratus est cum undecim Apostolis.

< পাঁচনি 1 >