< পাঁচনি 1 >
1 ১ হে থিয়ফিল, মই প্রথম প্রৱন্ধত আৰম্ভণীৰে পৰা যীচুক স্বর্গলৈ নিয়া দিনলৈকে তেওঁ যি যি কর্ম কৰিলে আৰু উপদেশ দিলে, সেই সকলোবোৰৰ বিষয়ে লিখিলোঁ।
The first narrative, indeed, made I, concerning all things, O Theophilus, which Jesus began both to do and teach, —
2 ২ পাছত তেওঁক ওপৰলৈ তুলি নিয়া দিনলৈকে তেওঁ মনোনীত কৰা পাঁচনি সকলক পবিত্ৰ আত্মাৰ দ্বাৰাই আজ্ঞা দিলে৷
Until the day when, having given command unto the apostles, whom through Holy Spirit he had chosen, he was taken up;
3 ৩ ক্রুচীয় মৃত্যুৰ দুখভোগৰ পাছত তেওঁ পাঁচনি সকলৰ আগত সময়ে সময়ে দেখা দি নিজকে জীয়াই থকাৰ প্রমাণ দিলে। এইদৰে যীচুৱে চল্লিশ দিনলৈকে দৰ্শন দি ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিলে।
Unto whom he also presented himself alive, after he had suffered, by many sure tokens, throughout forty days making himself visible unto them, and speaking the things concerning the kingdom of God.
4 ৪ এদিন পাঁচনি সকলৰ সৈতে সমবেত হোৱা সময়ত তেওঁ এই আজ্ঞা দিলে, “তোমালোকে যিৰূচালেম এৰি নাযাবা, কিন্তু মোৰ পৰা পিতৃৰ যি প্ৰতিজ্ঞা শুনিলা, সেই প্ৰতিজ্ঞালৈকে বাট চাই থাকা।
And being in company with them he charged them, from Jerusalem, not to absent themselves, but—To abide around the promise of the Father which ye have heard of me,
5 ৫ যোহনে পানীতহে বাপ্তিস্ম দিলে, কিন্তু কিছুদিনৰ পাছত তোমালোকক পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হব।”
Because, John, indeed, immersed with water; but, ye, in Holy Spirit shall be immersed, —after not many of these days.
6 ৬ পুনৰ গোট খোৱা সময়ত তেওঁলোকে যীচুক সুধিলে, “হে প্ৰভু, ইস্ৰায়েলক আপুনি এই কালতে পুনৰাই ৰাজ্য দিব নে?”
They, therefore, having come together, began to question him, saying—Lord! art thou at this time duly establishing the kingdom unto Israel?
7 ৭ তেতিয়া তেওঁলোকক তেওঁ ক’লে, “যি কাল আৰু সময় পিতৃয়ে নিজৰ ক্ষমতাৰ অধীনত ৰাখিছে, সেই বিষয়ে তোমালোকে জানিবলৈ নোপোৱা।
He said unto them—It is not yours to get to know times or seasons which the Father hath put in his own authority;
8 ৮ কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হবা।”
But ye shall receive power when the Holy Spirit cometh upon you, and ye shall be my witnesses, both in Jerusalem and [in] all Judaea and Samaria and as far as the uttermost part of the land.
9 ৯ এই কথা কোৱাৰ পাছত প্রভু যীচুক আকাশলৈ তুলি নিয়া হ’ল আৰু এচপৰা মেঘে তেওঁক ঢাকি ধৰিলে। তাতে তেওঁলোকে ওপৰলৈ ৰ’ লাগি চাই থাকিল, কিন্তু পুনৰবাৰ প্রভু যীচুক দেখা নাপালে।
And having said these things, as they were beholding, he was lifted up, and a cloud caught him away from their eyes.
10 ১০ এইদৰে আকাশলৈ একেথৰে চাই থাকোতে, হঠাৎ বগা বস্ত্ৰ পৰিধান কৰা দুজন লোক তেওঁলোকৰ ওচৰত থিয় হ’ল আৰু তেওঁলোকক কলে,
And, while they were looking steadfastly into heaven as he was going his way, then lo! two men had taken their stand beside them, in white garments, —
11 ১১ “হে গালীল দেশৰ গালীলীয়া সকল, তোমালোকে কিয় আকাশলৈ ৰ’ লাগি চাই ৰৈছা? এই জন যীচুক তোমালোকৰ কাষৰ পৰা স্বৰ্গলৈ নিয়া হল। তোমালোকে তেওঁক যেনেকৈ স্বৰ্গলৈ যোৱা দেখিলা, সেইৰূপে তেওঁ আকৌ আহিব।”
Who also said—Men of Galilee! why stand ye looking into heaven? This Jesus who hath been taken up from you into heaven, shall so come, in like manner as ye yourselves have gazed upon him going into heaven.
12 ১২ তাৰ পাছত পাঁচনি সকল জৈতুন নামৰ পাহাৰৰ পৰা যিৰূচালেমলৈ উভতি আহিল৷ এই পাহাৰ যিৰূচালেমৰ পৰা বিশ্ৰামবাৰে যোৱা বাটৰ সমান দূৰৈত অৱস্থিত
Then returned they into Jerusalem, from a mountain called Olivet, which is nigh unto Jerusalem a Sabbath day’s journey.
13 ১৩ যেতিয়া তেওঁলোকে যিৰূচালেম নগৰ গৈ পালে, তাত তেওঁলোকে পিতৰ, যোহন, যাকোব, আন্দ্রিয়, ফিলিপ, থোমা, বাৰ্থলময়, মথি, আলফয়ৰ পুতেক যাকোব, উদ্যোগী চিমোন আৰু যাকোবৰ পুতেক যিহুদা থকা ঘৰৰ ওপৰৰ কোঠালিলৈ গ’ল।
And, when they had entered, into the upper-story went they up, where remained behind—both Peter and John and James and Andrew, Philip and Thomas, Bartholomew and Matthew, James the son of Alphaeus and Simon the zealot, and Judas the son of James.
14 ১৪ তাতে তেওঁলোকে কেইগৰাকীমান মহিলা, যীচুৰ মাক মৰিয়ম আৰু তেওঁৰ ভায়েক সকলৰ সৈতে সকলোৱে এক মনেৰে প্ৰাৰ্থনাত লাগি থাকিল।
These all were giving constant attention with one accord unto the prayer, with [certain] women, and Mary the mother of Jesus, and with his brethren.
15 ১৫ সেই সময়ছোৱাত প্রায় এশ বিশ জন লোক গোট খাই আছিল, তাতে পিতৰে উঠি ক’লে,
And, in these days, Peter, standing up in the midst of the brethren, said, —and there was a multitude of names, of one accord, about a hundred and twenty, —
16 ১৬ “হে ভাই সকল, ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ যীচুক বন্দী কৰাৰ প্ৰয়োজন আছিল; কিয়নো যীচুক বন্দী কৰা সকলক যিহূদাই বাট দেখুউৱাৰ বিষয়ে পবিত্ৰ আত্মাই দায়ুদৰ মুখেৰে পূৰ্বতে প্রকাশ কৰিছিল।
Brethren! It was needful for the Scripture to be fulfilled which the Holy Spirit spake beforehand through the mouth of David, concerning Judas, —who became guide unto them who apprehended Jesus;
17 ১৭ তেওঁ আমাৰ মাজৰেই এজন আছিল আৰু এই পৰিচর্যা কার্যৰ ভাগো পাইছিল।
For that he had come to be reckoned among us and obtained the lot of this ministry.—
18 ১৮ দুষ্কর্ম্ম কৰি পোৱা ধনেৰে তেওঁ এডোখৰ মাটি কিনিলে আৰু তাতে তলমূৰকৈ পৰি যিহূদাৰ পেট ফাটি নাড়ী ভুঁৰু সকলো ওলাল।
This man therefore had possessed himself of a field out of the reward of unrighteousness, —and falling headlong burst asunder in the midst, and forth gushed all his bowels;
19 ১৯ এই কথা যিৰূচালেমত নিবাস কৰা আটাই মানুহৰ মাজত বিয়পি পৰিল আৰু সেয়েহে তেওঁলোকৰ ভাষাত সেই মাটিৰ নাম হকলদামা, অৰ্থাৎ তেজৰ মাটি হ’ল।”
And it became known unto all them who were dwelling in Jerusalem, so that that field was called, in their language, Akeldama, that is, Field of Blood.—
20 ২০ পিতৰে পুনৰ ক’লে, “কিয়নো গীতমালা পুস্তকত লিখা আছে, ‘তেওঁৰ থকা ঠাই নিৰ্জন হওক, ‘তাত কোনো মানুহ নাথাকক; আৰু আনে তেওঁৰ অধ্যক্ষ পদ পাওঁক।’
For it is written in the book of Psalms: Let his encampment become desolate, and let there be none to dwell therein! And—his overseership, let a different man take!
21 ২১ গতিকে, প্রভু যীচুক যোহনে বাপ্তিস্ম দিয়া দিনৰে পৰা স্বৰ্গলৈ নিয়া দিনলৈকে যি সকল লোকে আমাৰ মাজত চলা-ফুৰা কৰিছিল,
It is needful then that, of the men who companied with us during all the time in which the Lord Jesus came in and went out over us,
22 ২২ সেই লোক সকলৰ মাজৰ বাপ্তিস্ম লোৱা এজন লোক নিশ্চয়কৈ আমাৰ সৈতে তেওঁৰ পুনৰুত্থানৰ সাক্ষী হোৱাৰ প্রয়োজন আছে।”
Beginning from the immersion by John until the day when he was taken up from us, that, a witness of his resurrection along with us, should one of these become.
23 ২৩ তেতিয়া লোক সকলে যোচেফ, যি জনক বার্চব্বা অথবা যুষ্ট নামেৰেও জনা যায় আৰু মত্তথিয়; এই দুয়োজনকে আগলৈ আনিলে।
And they appointed two, —Joseph, called Barsabbas, who was surnamed Justus, and Matthias.
24 ২৪ পাছত তেওঁলোকে প্ৰাৰ্থনা কৰি ক’লে, “হে প্রভু, তুমি অন্তর্যামী, সকলোৰে হৃদয় জানা৷ সেয়েহে এই দুজনৰ মাজৰ পৰা এজনক মনোনীত কৰা;
And, praying, they said—Thou Lord! observer of the hearts of all men! shew forth whom thou hast chosen, —of these two, one; —
25 ২৫ কিয়নো যিহূদাই পাপ কৰি নিজৰ যাবলগীয়া ঠাইলৈ গ’ল৷ সেই ঠাইত এই দুয়ো জনৰ মাজৰ কোন জনক তুমি এই পৰিচর্যা আৰু পাঁচনি পদ পাবলৈ মনোনীত কৰিছা, সেয়া প্রকাশ কৰা।”
To take the place of this ministry and apostleship, from which Judas went aside, to go his way unto his own place.
26 ২৬ পাছত তেওঁলোকে দুয়ো জনৰ কাৰণে চিঠি খেলোতে মত্তথিয়ৰ নাম উঠিল আৰু তেওঁ এঘাৰ জন পাঁচনিৰ লগত গণিত হ’ল।
And they gave lots for them; and the lot fell upon Matthias, and he was numbered with the eleven apostles.