< ৩ যোহন 1 >
1 ১ যি জনক মই সত্যৰে প্ৰেম কৰোঁ, সেই জন প্ৰিয় পৰিচাৰক গায়ৰ সমীপলৈ৷
১এই প্রাচীন প্রিয়তম গায়ের কাছে এই চিঠি লিখছি, যাকে আমি সত্যে ভালবাসি।
2 ২ হে প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সু-স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা।
২প্রিয়তম, প্রার্থনা করি, যেমন তোমার আত্মা উন্নতির দিকে এগিয়ে যায়, সব বিষয়ে তুমি তেমনি উন্নতি লাভ করও সুস্থ থাক।
3 ৩ যেতিয়া ভাই সকলে আহি আপোনাৰ অন্তৰত থকা সত্যৰ বিষয়ে, অৰ্থাৎ আপুনি যে সত্যক ধৰি ৰাখি জীৱন-যাপন কৰি আছে, সেই বিষয়ে সাক্ষ্য দিয়াত, মই অতিশয় আনন্দিত হ’লোঁ।
৩কারণ আমি খুব আনন্দিত হলাম যে, ভাইয়েরা এসে তোমার সত্যের সাক্ষ্য দিলেন, যে তুমি সত্যে চলছ।
4 ৪ মোৰ সন্তান সকল সত্যত চলাৰ বাৰ্তা শুনিলে যি আনন্দ জন্মে, সেই বিষয়তকৈ অধিক আনন্দ মোৰ আন ক’ত নাই।
৪আমার সন্তানরা সত্যে চলে, এটা শুনলে যে আনন্দ হয়, তার থেকে বেশি আনন্দ আমার নেই।
5 ৫ হে প্ৰিয়, আপুনি ভাই আৰু অচিনাকি ভাই সকলৰ কাৰণে যেতিয়া কর্ম কৰিলে, সেয়া আছিল আপোনাৰ বিশ্বস্তাৰ অনুশীলন,
৫প্রিয়তম, সেই ভাইদের, এমনকি, সেই বিদেশীদের জন্য যা যা করে থাক, তা একটি বিশ্বস্তদের উপযুক্ত কাজ।
6 ৬ তেওঁলোকে আপোনাত জন্ম হোৱা প্ৰেমক দেখিলে আৰু সাক্ষ্য ৰূপে মণ্ডলীৰ সন্মুখত আপোনাৰ প্ৰেমৰ বিষয়ে সাক্ষ্য দিলে। ঈশ্ৱৰ সন্তুষ্ট হোৱাকৈ তেওঁলোকৰ যাত্ৰা পথত আপুনি আগবঢ়াই সাহায্য কৰি ভালেই কৰিলে৷
৬তাঁরা মণ্ডলীর সামনে তোমার ভালবাসার বিষয়ে সাক্ষ্য দিয়েছেন; তুমি যদি ঈশ্বরের উপযোগীভাবে তাঁদেরকে সযত্নে পাঠিয়ে দাও, তবে ভালই করবে।
7 ৭ কিয়নো তেওঁলোকে অনা-ইহুদী সকলৰ পৰা একো নলৈ, প্ৰভুৰ নামৰ কাৰণে ওলাই গৈছিল।
৭কারণ সেই নামের অনুরোধে তাঁরা বের হয়েছেন, অযিহুদিদের কাছে কিছুই গ্রহণ করেন না।
8 ৮ এতেকে আমি সত্যৰ সহকাৰী হ’বলৈ, এনে লোক সকলক প্ৰতিপালন কৰা উচিত।
৮অতএব আমরা এই প্রকার লোকদেরকে সাদরে গ্রহণ করতে বাধ্য, যেন সত্যের সহকারী হতে পারি।
9 ৯ মই মণ্ডলীলৈ কিছু কথা লিখিছিলো; কিন্তু তেওঁলোকৰ মাজত প্ৰাধান্যৰ অভিলাষী দিয়ত্ৰিফিয়ে মোৰ ক্ষমতা স্বীকাৰ নকৰে।
৯আমি মণ্ডলীকে কিছু লিখেছিলাম, কিন্তু তাদের প্রাধান্যপ্রিয় দিয়ত্রিফি আমাদেরকে মান্য করে না।
10 ১০ এই কাৰণে মই যদি যাওঁ, তেতিয়া তেওঁ কৰা সকলো কর্ম মই তেওঁক সোঁৱৰাম, তেওঁ আমাৰ বিৰুদ্ধে হাস্যকৰ ভাবে অসৎ কথাবোৰ কয়; আৰু এই কর্মবোৰৰ সৈতে কোনো কৰ্মসূচী নথকাত, তেওঁলোকে নিজেও ভাই সকলক গ্ৰহণ নকৰে আৰু গ্ৰহণ কৰিব খোজা সকলোকো বাৰণ কৰি মণ্ডলীৰ পৰা বাহিৰ কৰে।
১০এই জন্য, যদি আমি আসি, তবে সে যে সব কাজ করে আমি তা মনে রাখব, কারণ সে মন্দ কথার মাধ্যমে আমাদের সম্মানহানি করে; এবং তাতেও সে সন্তুষ্ট না, সে নিজেও ভাইদেরকে গ্রহণ করে না, আর যারা গ্রহণ করতে ইচ্ছা করে, তাদেরকেও সে বারণ করে এবং মণ্ডলী থেকে বের করে দেয়।
11 ১১ হে প্ৰিয়, আপুনি দুষ্কৰ্মৰ অনুকাৰী নহব, কিন্তু সৎ কৰ্মৰ অনুকাৰী হওক। যি জনে সৎ কৰ্ম কৰে, তেওঁ ঈশ্বৰৰ হয়; যি জনে দুষ্কৰ্ম কৰে, তেওঁ ঈশ্বৰক দেখাই নাই।
১১প্রিয়তম, যা খারাপ তার অনুকারী হয়ো না, কিন্তু যা ভালো, তার অনুকারী হও। যে ভালো কাজ করে, সে ঈশ্বর থেকে; যে খারাপ কাজ করে, সে ঈশ্বরকে দেখেনি।
12 ১২ দীমীত্ৰিয় সকলোৰে বাবে সাক্ষ্য, এনে কি, স্বয়ং সত্যৰ দ্বাৰায়ো সাক্ষ্য দিয়া হৈছে; আমিও সাক্ষ্য দিছোঁ; আৰু আমাৰ সাক্ষ্য যে সত্য, সেই বিষয়ে আপুনি জানে।
১২দীমীত্রিয়ের পক্ষে সবাই, এমনকি, স্বয়ং সত্য সাক্ষ্য দিয়েছে; এবং আমরাও সাক্ষ্য দিচ্ছি; আর তুমি জান, আমাদের সাক্ষ্য সত্য।
13 ১৩ আপোনালৈ লিখিবৰ বাবে মোৰ অনেক কথা আছিল; কিন্তু চিয়াঁহী আৰু কলমেৰে লিখিবলৈ মই ইচ্ছা নকৰোঁ;
১৩তোমাকে রচনার অনেক কথা ছিল, কিন্তু কালি ও কলমের মাধ্যমে লিখতে ইচ্ছা হয় না।
14 ১৪ বৰং আশা কৰোঁ যে, আপোনাক অতি সোনকালে দেখিবলৈ পাম আৰু তেতিয়া মুখা-মুখি হৈ কথা-বতৰা পাতিম। আপোনাৰ শান্তি হওক। আপোনাৰ বন্ধু সকলে আপোনাক সম্ভাষণ জনাইছে। আপুনিও আপোনাৰ বন্ধু সকলক মোৰ নামেৰে সম্ভাষণ জনাব৷
১৪আশাকরি, শীঘ্রই তোমাকে দেখব, তখন আমরা সামনা সামনি হয়ে কথাবার্তা বলব। তোমার প্রতি শান্তি হোক। বন্ধুরা তোমাকে মঙ্গলবাদ করছেন। তুমি প্রত্যেকের নাম করে বন্ধুদেরকে অভিবাদন কর।