< ২ তীমথিয় 2 >
1 ১ এতেকে হে মোৰ পুত্ৰ, খ্ৰীষ্ট যীচুত থকা যি অনুগ্ৰহ, তাৰ দ্ৱাৰাই তুমি বলৱান হোৱা।
Du nun, mein Kind, sei stark [O. erstarke] in der Gnade, die in Christo Jesu ist;
2 ২ আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলো কথা অন্য লোকক শিকাবলৈ, বিশ্বাসী আৰু নিপুণ লোক সকলক সমর্পণ কৰা।
und was du von mir in Gegenwart vieler Zeugen gehört hast, das vertraue treuen Leuten [O. Menschen] an, welche tüchtig sein werden, auch andere zu lehren.
3 ৩ খ্ৰীষ্ট যীচুৰ এজন উত্তম সৈনিকৰ দৰে তুমি মোৰে সৈতে ক্লেশ সহন কৰা।
Nimm teil an den Trübsalen [Eig. Leide Trübsal mit; vergl. Kap. 1,8] als ein guter Kriegsmann Jesu Christi.
4 ৪ কোনো এজন লোক সৈনিকৰ কামত থাকোতে জীৱিকাৰ অর্থে অন্য কোনো ব্যবসায়ত নিজকে আৱদ্ধ হবলৈ নিদিয়ে কিন্তু যি জনে তেওঁক এই পদ দিলে, তেওঁকহে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে।
Niemand, der Kriegsdienste tut, [O. in den Krieg zieht] verwickelt sich in die Beschäftigungen des Lebens, auf daß er dem gefalle, der ihn angeworben hat.
5 ৫ একেদৰে কোনো এজন খেলুৱৈয়ে যদিও জিকিবলৈ যত্ন কৰে, তথাপি তেওঁ যদি বিধান অনুসাৰে পালন নকৰে, তেনেহলে তেওঁক মুকুটেৰে বিভূষিত কৰা নহয়।
Wenn aber auch jemand kämpft, [Eig. im Kampfspiel kämpft] so wird er nicht gekrönt, er habe denn gesetzmäßig [d. h. nach den Gesetzen des Kampfspiels] gekämpft.
6 ৬ পৰিশ্ৰমী খেতিয়কে প্ৰথমেই তেওঁৰ শস্যৰ ভাগ ভোগ কৰিব লাগে৷
Der Ackerbauer muß, um die Früchte zu genießen, zuerst arbeiten. [O. Der arbeitende Ackerbauer soll zuerst die Früchte genießen]
7 ৭ মই যি যি কলোঁ সেই বিষয়ে বিবেচনা কৰিবা, কিয়নো প্ৰভুৱে সকলো বিষয় বুজিবলৈ তোমাক জ্ঞান দিব।
Bedenke, was ich sage; denn der Herr wird dir Verständnis geben in allen Dingen.
8 ৮ মোৰ শুভবার্তাৰ দৰে, মৃত লোকৰ মাজৰ পৰা তোলা, দায়ুদৰ বংশৰ যীচু খ্ৰীষ্টক সোঁৱৰণ কৰা৷
Halte im Gedächtnis Jesum Christum, auferweckt aus den Toten, aus dem Samen Davids, nach meinem Evangelium,
9 ৯ সেই শুভবার্তাৰ সম্বন্ধে মই শিকলিৰ বন্ধনত থাকি দুষ্কর্মীৰ দৰে ক্লেশ ভোগ কৰিছোঁ। কিন্তু ঈশ্বৰৰ সেই বাক্যত হ’লে শিকলিৰ বন্ধন নাই।
in welchem ich Trübsal leide bis zu Banden, wie ein Übeltäter; aber das Wort Gottes ist nicht gebunden.
10 ১০ এই কাৰণে যি সকলক মনোনীত কৰা হ’ল অর্থাৎ তেওঁলোকেও অনন্ত গৌৰৱেৰে সৈতে যেন খ্ৰীষ্ট যীচুত থকা পৰিত্রাণ লাভ কৰিব পাৰে, তাৰ কাৰণে মই এই সকলোবোৰকে সহন কৰিছোঁ। (aiōnios )
Deswegen erdulde ich alles um der Auserwählten willen, auf daß auch sie die Seligkeit [O. Errettung] erlangen, die in Christo Jesu ist, mit ewiger Herrlichkeit. (aiōnios )
11 ১১ এই কথা বিশ্বাসযোগ্য: “আমি যদি তেওঁৰ সৈতে মৰিলোঁ, তেনেহলে তেওঁৰে সৈতে জীৱনৰো ভাগী হম।
Das Wort ist gewiß; [O. zuverlässig, treu] denn wenn wir mitgestorben sind, so werden wir auch mitleben;
12 ১২ আমি যদি সহন কৰোঁ, তেনেহলে তেওঁৰ সৈতে ৰাজত্বও কৰিম৷ আমি যদি তেওঁক অস্বীকাৰ কৰোঁ, তেনেহলে তেৱোঁ আমাক অস্বীকাৰ কৰিব৷
wenn wir ausharren, so werden wir auch mitherrschen; wenn wir verleugnen, so wird auch er uns verleugnen;
13 ১৩ আমি অবিশ্বাসী হলেও, তেওঁ বিশ্বাসী হৈ থাকে, কিয়নো তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে।”
wenn wir untreu sind, er bleibt treu, denn er kann sich selbst nicht verleugnen.
14 ১৪ তুমি এই সকলো কথা তেখেত সকলক সোঁৱৰাই থাকিবা, আৰু বাগযুদ্ধ নকৰিবলৈ প্ৰভুৰ সাক্ষাতে তেখেত সকলক দৃঢ় আজ্ঞা কৰা, কিয়নো বাগযুদ্ধবোৰে একো লাভ নজন্মাই কিন্তু শুনা লোক সকলক নাশ কৰে।
Dies bringe in Erinnerung, indem du ernstlich vor dem Herrn bezeugst, nicht Wortstreit zu führen, was zu nichts nütze, sondern zum Verderben der Zuhörer ist.
15 ১৫ তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কর্মী আৰু সত্যৰ বাক্য শুদ্ধকৈ কোৱাত নিপুনহবলৈ ঈশ্বৰৰ অনুমোদন পাবৰ বাবে যত্ন কৰা।
Befleißige dich, dich selbst Gott bewährt darzustellen als einen Arbeiter, der sich nicht zu schämen hat, der das Wort der Wahrheit recht teilt. [Eig. in gerader Richtung schneidet]
16 ১৬ কিন্তু নিন্দাযুক্ত কথাবোৰৰ পৰা পৃথক থাকিবা, কিয়নো এইবোৰে অধিকৰূপে ঈশ্ৱৰক অবিশ্ৱাস কৰিবলৈ বাট দেখুৱাই লৈ যায়৷
Die ungöttlichen eitlen Geschwätze aber vermeide; denn sie [d. h. die Menschen, welche solche Geschwätze führen] werden zu weiterer Gottlosigkeit fortschreiten,
17 ১৭ এনে কথাবোৰ বিয়পি পৰে আৰু গেলা ঘাৰ দৰে নষ্ট কৰি বিস্তাৰ লাভ কৰে, এনে লোকবোৰৰ ভিতৰতে হুমিনায় আৰু ফিলীতো আছে,
und ihr Wort wird um sich fressen wie ein Krebs; unter welchen Hymenäus ist und Philetus,
18 ১৮ তেওঁলোক সত্য পথৰ পৰা ভ্ৰষ্ট হোৱা৷ তেওঁলোকে পুনৰুত্থান হৈ যোৱা বুলি প্ৰচাৰ কৰি কিছুমান লোকৰ বিশ্বাস বিনষ্ট কৰিছে।
die von der Wahrheit abgeirrt sind, [S. d. Anm. zu 1. Tim. 6,21] indem sie sagen, daß die Auferstehung schon geschehen sei, und den Glauben etlicher zerstören. [O. umstürzen]
19 ১৯ তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে- “প্ৰভুৱে তেওঁৰ লোক সকলক জানে,” আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।”
Doch der feste Grund Gottes steht und hat dieses Siegel: Der Herr kennt, die sein sind; und: Jeder, der den Namen des Herrn nennt, stehe ab von der Ungerechtigkeit!
20 ২০ কিয়নো ডাঙৰ ঘৰত কেৱল সোণ ৰূপৰ পাত্ৰহে থাকে, এনে নহয়, কাঠৰ আৰু মাটিৰ পাত্ৰও থাকে৷ তাৰে কিছুমান সমাদৰৰ কাৰণে আৰু কিছুমান অনাদৰৰ কাৰণে।
In einem großen Hause aber sind nicht allein goldene und silberne Gefäße, sondern auch hölzerne und irdene, und die einen zur Ehre, die anderen aber zur Unehre.
21 ২১ এতেকে কোনোৱে যদি এইবোৰৰ পৰা নিজকে শুচি কৰি ৰাখে, তেনেহলে তেওঁ সমাদৰৰ পাত্ৰ, পবিত্ৰীকৃত, প্ৰভুৰ কার্যৰ বাবে উপযোগী আৰু সকলো সৎ কর্মৰ বাবে প্ৰস্তুত থাকিব।
Wenn nun jemand sich von diesen reinigt, [Eig. sich von diesen wegreinigt, d. h. sich reinigt, in dem er sich von ihnen absondert] so wird er ein Gefäß zur Ehre sein, geheiligt, nützlich [O. brauchbar] dem Hausherrn, zu jedem guten Werke bereitet.
22 ২২ কিন্তু তুমি যৌৱন কালৰ অভিলাষৰ পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম, শান্তি আৰু নিৰ্মল মনেৰে প্ৰভুলৈ প্ৰার্থনা কৰা লোক সকলৰ সৈতে এক হৈ সেইবোৰক অনুসৰণ কৰা৷
Die jugendlichen Lüste aber fliehe; strebe aber nach Gerechtigkeit, Glauben, Liebe, Frieden mit denen, die den Herrn anrufen aus reinem Herzen.
23 ২৩ কিন্তু মূৰ্খতা আৰু অযথা কথাবোৰৰ পৰা দূৰত থাকা৷ কিয়নো এইবোৰে বিৰোধ জন্মায় কাজিয়া সৃষ্টি কৰে৷
Aber die törichten und ungereimten Streitfragen weise ab, da du weißt, daß sie Streitigkeiten erzeugen.
24 ২৪ প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে কিন্তু সকলোকে মৃদুশীল, শিক্ষা দিয়াত নিপুন আৰু অপকাৰত সহনীয় হৈ,
Ein Knecht [O. Sklave] des Herrn aber soll nicht streiten, sondern gegen alle milde sein, lehrfähig, duldsam,
25 ২৫ বিৰোধ কৰাবোৰক মৃদুভাবে শিক্ষা দিব লাগে৷ তেতিয়া সেই সত্যৰ তত্ব জ্ঞানৰ অর্থে ঈশ্বৰে তেওঁলোকক মন-পালটনৰ বৰ দিব
der in Sanftmut die Widersacher zurechtweist, [O. unterweist] ob ihnen Gott nicht etwa Buße gebe zur Erkenntnis der Wahrheit,
26 ২৬ আৰু চয়তানৰ ইচ্ছা সাধনৰ অর্থে তাৰ ফান্দত বন্দী হৈ থাকিলেও তেওঁলোকে চেতনা পাব।
und sie wieder nüchtern werden aus dem Fallstrick des Teufels, die von ihm gefangen sind, für seinen [W. für jenes; bezieht sich wahrscheinlich auf "Gott" v 25] Willen.