< ২ থিচলনীকীয়া 3 >
1 ১ শেষতে, হে ভাইসকল, আমাৰ কাৰণে প্ৰাৰ্থনা কৰক। প্ৰার্থনা কৰক যাতে আপোনালোকৰ মাজত প্ৰভুৰ বাক্য যেনেকৈ দ্রুতগতিত প্ৰসাৰিত হৈছিল, তেনেকৈ বিস্তাৰিত আৰু গৌৰৱাম্বিত হওক;
he bhrātaraḥ, śeṣe vadāmi, yūyam asmabhyamidaṁ prārthayadhvaṁ yat prabho rvākyaṁ yuṣmākaṁ madhye yathā tathaivānyatrāpi pracaret mānyañca bhavet;
2 ২ প্ৰার্থনা কৰক যেন দুৰাচাৰী আৰু দুষ্ট লোকৰ হাতৰ পৰা আমি ৰক্ষা পাওঁ; কিয়নো, সকলো লোকৰ যে বিশ্বাস আছে, এনে নহয়।
yacca vayam avivecakebhyo duṣṭebhyaśca lokebhyo rakṣāṁ prāpnuyāma yataḥ sarvveṣāṁ viśvāso na bhavati|
3 ৩ কিন্তু, প্ৰভু বিশ্বাসী; তেৱেঁই আপোনালোকক সুস্থিৰ কৰিব আৰু দুষ্ট শক্তি চয়তানৰ হাতৰ পৰা ৰক্ষা কৰিব।
kintu prabhu rviśvāsyaḥ sa eva yuṣmān sthirīkariṣyati duṣṭasya karād uddhariṣyati ca|
4 ৪ আপোনালোকৰ সম্বন্ধে প্ৰভুত আমাৰ দৃঢ় বিশ্বাস আছে যে, আমি দিয়া সকলো আদেশ আপোনালোকে পালন কৰিছে আৰু আগলৈও কৰি থাকিব।
yūyam asmābhi ryad ādiśyadhve tat kurutha kariṣyatha ceti viśvāso yuṣmānadhi prabhunāsmākaṁ jāyate|
5 ৫ প্ৰভুৱে আপোনালোকৰ হৃদয়ক ঈশ্বৰৰ প্ৰেম আৰু খ্ৰীষ্টৰ সহনশীলতাৰ পথত চলাওঁক।
īśvarasya premni khrīṣṭasya sahiṣṇutāyāñca prabhuḥ svayaṁ yuṣmākam antaḥkaraṇāni vinayatu|
6 ৬ ভাইসকল, আমি আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আপোনালোকক এই আদেশ দিওঁ যে, কোনো ভায়ে যদি এলেহুৱা হৈ অনিয়মত চলে আৰু আমাৰ পৰা আপোনালোকে পোৱা শিক্ষা অনুসাৰে নচলে, তেনেহলে তাৰ লগ এৰক।
he bhrātaraḥ, asmatprabho ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmatto yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karoti tarhi yūyaṁ tasmāt pṛthag bhavata|
7 ৭ কিয়নো আমাৰ অনুকাৰী কেনেকৈ হ’ব লাগে, সেই বিষয়ে আপোনালোকে নিজে জানে। আপোনালোকৰ মাজত থকাৰ সময়ত আমি এলেহুৱা হৈ অনিয়মত চলা নাছিলোঁ;
yato vayaṁ yuṣmābhiḥ katham anukarttavyāstad yūyaṁ svayaṁ jānītha| yuṣmākaṁ madhye vayam avihitācāriṇo nābhavāma,
8 ৮ মূল্য নিদিয়াকৈ আমি কাৰো আহাৰ গ্ৰহণ কৰা নাছিলোঁ। ইয়াৰ পৰিৱর্তে আমি আপোনালোকৰ ওপৰত বোজা নহবলৈ দিনে-ৰাতিয়ে পৰিশ্ৰম আৰু কষ্টেৰে কাম কৰিছিলোঁ৷
vināmūlyaṁ kasyāpyannaṁ nābhuṁjmahi kintu ko'pi yad asmābhi rbhāragrasto na bhavet tadarthaṁ śrameṇa kleśena ca divāniśaṁ kāryyam akurmma|
9 ৯ ইয়াত আমাৰ যে ক্ষমতা নাই, এনে নহয়; কিন্তু আপোনালোক যেন আমাৰ অনুকাৰী হয়, তাৰ বাবে আপোনালোকৰ ওচৰত আমি আৰ্হি হবলৈহে ইয়াকে কৰিলোঁ।
atrāsmākam adhikāro nāstītthaṁ nahi kintvasmākam anukaraṇāya yuṣmān dṛṣṭāntaṁ darśayitum icchantastad akurmma|
10 ১০ কাম কৰিবলৈ যদি কোনোৱে অসন্মত হয়, তেনেহলে তেওঁ আহাৰো গ্ৰহন নকৰক, এই বুলি আপোনালোকৰ মাজত থাকোতেই, আমি আপোনালোকক আদেশ দিছিলোঁ।
yato yena kāryyaṁ na kriyate tenāhāro'pi na kriyatāmiti vayaṁ yuṣmatsamīpa upasthitikāle'pi yuṣmān ādiśāma|
11 ১১ কাৰণ, আমি শুনিবলৈ পাওঁ যে, আপোনালোকৰ কোনো কোনোৱে এলেহুৱা হৈ অনিয়মত চলি আছে আৰু একো কাম নকৰি অনাধিকাৰ চৰ্চ্চা কৰি ফুৰে।
yuṣmanmadhye 'vihitācāriṇaḥ ke'pi janā vidyante te ca kāryyam akurvvanta ālasyam ācarantītyasmābhiḥ śrūyate|
12 ১২ এনে লোক সকলক আমি প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আদেশ আৰু উপদেশ দিওঁ, তেওঁলোকে শান্তভাবে কাম কৰি নিজৰ নিজৰ আহাৰ ভোজন কৰক।
tādṛśān lokān asmataprabho ryīśukhrīṣṭasya nāmnā vayam idam ādiśāma ājñāpayāmaśca, te śāntabhāvena kāryyaṁ kurvvantaḥ svakīyamannaṁ bhuñjatāṁ|
13 ১৩ হে ভাইসকল, সৎ কাম কৰিবলৈ যাওতে আপোনালোক কেতিয়াও নিৰুৎসাহ নহ’ব।
aparaṁ he bhrātaraḥ, yūyaṁ sadācaraṇe na klāmyata|
14 ১৪ এই পত্ৰৰ দ্বাৰাই জনোৱা আমাৰ বাক্য কোনোৱে যদি নামানে, তেনেহলে আপোনালোকে সেই মানুহক চিনি ৰাখিব আৰু তেওঁ লাজ পাবলৈ তেৱেঁ সৈতে আলাপ-ব্যৱহাৰো নকৰিব;
yadi ca kaścidetatpatre likhitām asmākam ājñāṁ na gṛhlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tena sa trapiṣyate|
15 ১৫ কিন্তু তেওঁক শত্ৰুৰদৰে জ্ঞান নকৰিব, বৰং ভাই বুলি চেতনা দিয়ক।
kintu taṁ na śatruṁ manyamānā bhrātaramiva cetayata|
16 ১৬ এতিয়া শান্তিদাতা প্ৰভুৱে নিজে সকলো সময়ত সকলোভাৱে আপোনালোকক শান্তি দান কৰক। প্ৰভু আপোনালোক সকলোৰে সঙ্গী হওক।
śāntidātā prabhuḥ sarvvatra sarvvathā yuṣmabhyaṁ śāntiṁ deyāt| prabhu ryuṣmākaṁ sarvveṣāṁ saṅgī bhūyāt|
17 ১৭ মোৰ এই শুভেচ্ছা, মই পৌলে নিজ হাতে লিখিলোঁ; এয়েই মোৰ প্ৰত্যেক পত্ৰৰ চিন; মই এনেকৈয়ে লিখোঁ।
namaskāra eṣa paulasya mama kareṇa likhito'bhūt sarvvasmin patra etanmama cihnam etādṛśairakṣarai rmayā likhyate|
18 ১৮ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত থাকক।
asmākaṁ prabho ryīśukhrīṣṭasyānugrahaḥ sarvveṣu yuṣmāsu bhūyāt| āmen|