< ২ সামুয়েল 1 >

1 চৌলৰ মৃত্যুৰ পাছত, দায়ূদে অমালেকীয়া সকলক বধ কৰি ঘূৰি আহিল আৰু চিক্লগত দুদিন থাকিল।
Lẹ́yìn ikú Saulu, Dafidi ti ibi tí ó ti ṣẹ́gun àwọn ará Amaleki bọ̀, ó sì dúró ní Siklagi ní ọjọ́ méjì.
2 পাছত তৃতীয় দিনত, চৌলৰ সেনাবাহিনীৰ ছাউনিৰ পৰা ফলা কাপোৰেৰে সৈতে এজন মানুহ আহিল; তেওঁৰ মুৰত মাটি লাগি আছিল। তেওঁ দায়ূদৰ ওচৰলৈ আহি শিৰনত হৈ প্রণাম কৰিলে।
Ní ọjọ́ kẹta, ọkùnrin kan dé láti ibi ibùdó Saulu, pẹ̀lú aṣọ rẹ̀ tí ó ti ya; àti erùpẹ̀ ní orí rẹ̀. Nígbà tí ó dé ọ̀dọ̀ Dafidi, ó wólẹ̀ fún un láti bu ọlá fún un.
3 তেতিয়া দায়ূদে তেওঁক সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” তেওঁ উত্তৰ দি ক’লে, “মই ইস্ৰায়েলৰ সেনা ছাউনিৰ পৰা পলাই আহিছোঁ।”
Dafidi sì béèrè pé, “Ibo ni ìwọ ti wá?” “Èmi sá láti ibùdó àwọn ọmọ Israẹli.”
4 দায়ূদে তেওঁক সুধিলে, “তাত কি হ’ল, সেই বিষয়ে মোক কোৱাচোন।” তেওঁ ক’লে, “লোকসকল যুদ্ধৰ পৰা পলাল, অনেক পতিত হ’ল। লোকসকলৰ মাজত অনেক লোক মৰিল। চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰো মৃত্যু হ’ল।”
Dafidi béèrè pé, “Kí ni ó ṣẹlẹ̀?” “Sọ fún mi.” Ó wí pé, “Àwọn ọkùnrin náà sá láti ojú ogun. Ọ̀pọ̀ wọn ṣubú, wọ́n sì kú. Saulu àti ọmọ rẹ̀ ọkùnrin Jonatani sì kú pẹ̀lú.”
5 তেতিয়া দায়ূদে সেই সম্বাদ দিয়া ডেকা লোক জনক সুধিলে, “চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ যে মৃত্যু হ’ল, সেই বিষয়ে তুমি কেনেকৈ জানিলা?”
Nígbà náà, ní Dafidi sọ fún ọ̀dọ́mọkùnrin tí ó mú ìròyìn wá fún un pé, “Báwo ni o ṣe mọ̀ pé Saulu àti ọmọkùnrin rẹ̀ Jonatani ti kú.”
6 তেতিয়া সেই ডেকা লোক জনে ক’লে, “ঘটনাক্ৰমে মই গিলবোৱা পৰ্ব্বতত আছিলোঁ আৰু তাতে চৌলে বৰছাৰ ওপৰত ভৰ দি আছিল আৰু ৰথ ও অশ্বাৰোহীসকলে তেওঁৰ পাছে পাছে বৰকৈ খেদি খেদি প্রায় তেওঁৰ ওচৰ চাপি আহিছিল।
Ọ̀dọ́mọkùnrin náà sọ pé, “Mo wà ní orí òkè Gilboa níbẹ̀ ni Saulu fi ara tí ọkọ̀ rẹ̀, àwọn kẹ̀kẹ́ àti ẹlẹ́ṣin sì ń lépa rẹ̀.
7 তেতিয়া তেওঁ ঘূৰি মোক দেখি মাতিলে। তেতিয়া মই উত্তৰ দি ক’লো, “মই ইয়াত আছোঁ৷”
Nígbà tí ó wò yíká, tí ó rí mí, ó pè mi, mo sì wí pé, ‘Kí ni mo lè ṣe?’
8 তেওঁ মোক সুধিলে, “তুমি কোন?” মই তেওঁক ক’লো, “মই এজন অমালেকীয়া লোক।”
“Ó bi mí wí pé, ‘Ta ni ìwọ?’ “Mo dáhùn pé, ‘Ará a Amaleki.’
9 তেতিয়া তেওঁ মোক ক’লে, “মই বিনয় কৰোঁ, তুমি মোৰ ওচৰত থিয় হৈ মোক বধ কৰা কাৰণ মোক শিৰামূৰিয়ে ধৰিছে, যদিও মোত এতিয়াও প্ৰাণ আছে।”
“Nígbà náà ó wí fún mi pé, ‘Dúró lórí ì mi kí o sì pa mí! Èmi wà nínú ìrora ikú, ṣùgbọ́n mo wà láààyè.’
10 ১০ তেতিয়া মই গৈ তেওঁৰ ওচৰত থিয় হৈ তেওঁক বধ কৰিলোঁ; কিয়নো তেওঁ পৰাজিত হোৱাৰ পাছত যে পুনৰ তেওঁ আৰু জীয়াই নাথাকিব, সেই বিষয়ে মই নিশ্চয়ে জানিছিলোঁ৷ এতিয়া মই তেওঁৰ মূৰৰ কিৰীটি আৰু বাহুৰ বাজু লৈ, এই ঠাইত মোৰ প্ৰভুৰ ওচৰলৈ লৈ আহিছোঁ।”
“Nígbà náà, mo dúró lórí i rẹ̀, mo sì pa á nítorí mo mọ̀ wí pé, lẹ́yìn ìgbà tí ó ti ṣubú, kò le è yè mọ́. Mo sì mú adé tí ó wà lórí rẹ̀, idẹ tí ó wà ní apá a rẹ̀, mo sì kó wọn wá síbí fún olúwa mi.”
11 ১১ তেতিয়া দায়ূদে নিজ কাপোৰ ধৰি ফালিলে আৰু তেওঁৰ লগৰ আটাই লোকসকলেও সেই দৰে কৰিলে।
Nígbà náà ni, Dafidi àti gbogbo àwọn tí ó wà pẹ̀lú rẹ̀, di aṣọ wọn mú, wọ́n sì fà á ya.
12 ১২ চৌল, তেওঁৰ পুত্ৰ যোনাথন আৰু যিহোৱাৰ প্ৰজা ইস্ৰায়েল বংশ তৰোৱালত পতিত হোৱাৰ বাবে তেওঁলোকে শোক কৰি কৰি কান্দিলে আৰু সন্ধ্যালৈকে লঘোনে থাকিল।
Wọ́n ṣọ̀fọ̀, wọ́n sì sọkún, wọ́n sì gbààwẹ̀ títí di ìrọ̀lẹ́ fún Saulu àti ọmọ rẹ̀ Jonatani àti fún àwọn ọmọ-ogun Olúwa, àti fún àwọn ilé Israẹli, nítorí wọ́n ti ṣubú nípa idà.
13 ১৩ পাছত দায়ূদে সেই বাতৰি অনা ডেকা মানুহজনক ক’লে, “তুমি ক’ৰ মানুহ?” তেওঁ উত্তৰ দি ক’লে, “মই এজন প্রবাসী অমালেকীয়া মানুহ।”
Dafidi sọ fún ọkùnrin tí ó mú ìròyìn wá fún un pé, “Níbo ni ó ti wá?” O dáhùn pé, “Ọmọ àlejò ni mo jẹ́, ará Amaleki.”
14 ১৪ দায়ূদে তেওঁক ক’লে, “তুমি যিহোৱাৰ অভিষিক্তজনক বধ কৰিবৰ অৰ্থে নিজ হাত মেলিবলৈ ভয় নকৰিলা, ই কেনে কথা?”
Dafidi béèrè lọ́wọ́ rẹ̀ pé, “Kí ni ó dé tí ìwọ kò fi bẹ̀rù láti gbé ọwọ́ rẹ̀ sókè láti fi pa ẹni àmì òróró Olúwa?”
15 ১৫ দায়ূদে ডেকাসকলৰ মাজৰ এজনক মাতি এই আজ্ঞা দি ক’লে, “তুমি ওচৰলৈ গৈ তেওঁক বধ কৰা।” গতিকে সেই লোকজনে গৈ তেওঁক প্ৰহাৰ কৰি আঘাত কৰিলে৷ তাতে সেই অমালেকীয়াজনৰ মৃত্যু হ’ল।
Nígbà náà Dafidi pe ọ̀kan nínú ọkùnrin, ó sì wí pé, “Lọ, gbé e lulẹ̀!” Nígbà náà ó gbé e lulẹ̀, ó sì kú.
16 ১৬ তেতিয়া দায়ূদে সেই মৃত অমালেকীয়াজনক ক’লে, “তোমাৰ ৰক্তপাতৰ দোষ তোমাৰ নিজ মূৰতেই থাকক; কিয়নো, ‘ময়েই যিহোৱাৰ অভিষিক্ত জনক বধ কৰিলোঁ’ এইবুলি তোমাৰ নিজ মুখেৰেই নিজৰ বিৰুদ্ধে সাক্ষ্য দিলা।”
Nítorí Dafidi wí fún un pé, “Ẹ̀jẹ̀ rẹ yóò wà lórí ara rẹ, nítorí ẹnu ara rẹ ni o fi sọ pé, ‘Mo pa ẹni àmì òróró Olúwa.’”
17 ১৭ তেতিয়া দায়ূদে চৌল আৰু তেওঁৰ পুত্ৰ যোনাথন, এই মৃতকেইজনৰ বিষয়ে বিলাপেৰে গীত গালে।
Dafidi sì fi orin ọ̀fọ̀ yìí ṣọ̀fọ̀ lórí Saulu àti lórí Jonatani ọmọ rẹ̀,
18 ১৮ তেওঁ যিহূদাৰ সন্তান সকলক এই ধনুগীত শিকাবলৈ দিলে; চোৱা, যি গীত যাচেৰ পুস্তকখনিত লিখা আছে।
Ó sì pàṣẹ pé kí a kọ́ àwọn ọkùnrin Juda ní orin arò yìí tí ó jẹ́ ti ọrun (a kọ ọ́ sí inú ìwé Jaṣari):
19 ১৯ হে ইস্ৰায়েল, তোমাৰ উচ্চস্থানবোৰত ৰত্ন দুটি বধ কৰা হ’ল! হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল!
“Ògo rẹ, Israẹli ni a pa ní òkè gíga rẹ. Wò bí àwọn alágbára ṣe ń ṣubú!
20 ২০ গাত’ত এই বিষয় প্ৰকাশ নকৰিবা, অস্কিলোনৰ বাটত এই বিষয় প্ৰচাৰ নকৰিবা; কৰিলে পলেষ্টীয়াসকলৰ জীয়ৰীসকলে আনন্দ কৰিব, অচুন্নৎসকলৰ জীয়ৰীসকলে উল্লাস কৰিব।
“Ẹ má ṣe sọ ọ́ ní Gati, ẹ má ṣe kéde rẹ̀ ní òpópónà Aṣkeloni, kí àwọn ọmọbìnrin Filistini má bá à yọ̀, kí àwọn ọmọbìnrin aláìkọlà má ba à dunnú.
21 ২১ হে গিলবোৱা পৰ্ব্বত, তোমাৰ ওপৰত নিয়ৰ বা বৰষুণ নহওক, বা উত্তোলনীয় নৈবেদ্যৰ পথাৰ নহওঁক, কিয়নো সেই ঠাইত বীৰসকলৰ ঢাল পেলোৱা হ’ল। তেলেৰে অভিষিক্ত নোহোৱা চৌলৰ ঢাল পেলোৱা হ’ল৷
“Ẹ̀yin òkè Gilboa, kí ẹ̀yin kí ó má ṣe rí ìrì tàbí òjò, tàbí oko tí ó mú èso ọrẹ wá. Nítorí ibẹ̀ ni asà alágbára ti ṣègbé, asà Saulu, bí ẹni pé a kò fi òróró yàn án.
22 ২২ হত হোৱা লোকসকলৰ তেজ আৰু বীৰসকলৰ দেহৰ পৰা যোনাথনৰ ধনু বিমুখ নহৈছিল, চৌলৰ তৰোৱালো শুদাই ঘূৰি নাহিছিল।
“Ọrun Jonatani kì í padà bẹ́ẹ̀ ni idà Saulu kì í padà lásán, láì kan ẹ̀jẹ̀ àwọn tí a pa, àti ẹran àwọn alágbára.
23 ২৩ চৌল আৰু যোনাথন, জীৱন কালত প্ৰিয় আৰু সন্তোষজনক আছিল, আৰু মৰণৰ কালতো তেওঁলোক পৃথক নহ’ল; তেওঁলোক ঈগল পক্ষীতকৈয়ো বেগী আছিল, তেওঁলোক সিংহতকৈয়ো বলৱান আছিল।
Saulu àti Jonatani— ní ọjọ́ ayé, wọ́n fẹ́ràn ara, wọn sì dùn, ní ikú, wọn kò sì yà ara wọ́n. Wọ́n yára ju idì lọ, wọ́n lágbára ju kìnnìún lọ.
24 ২৪ হে ইস্ৰায়েলৰ জীয়ৰীসকল, চৌলৰ বাবে ক্ৰন্দন কৰা, তেওঁ তোমালোকক ৰঙা বৰণীয়া বস্ত্ৰ পিন্ধাই ভূষিত কৰিছিল, তেওঁ তোমালোকৰ বস্ত্ৰৰ ওপৰত সোণৰ অলঙ্কাৰ পিন্ধাইছিল।
“Ẹ̀yin ọmọbìnrin Israẹli, ẹ sọkún lórí Saulu, ẹni tí ó fi aṣọ ọ̀gbọ̀ dáradára wọ̀ yín, ẹni tí ó fi wúrà sí ara aṣọ yín.
25 ২৫ হায় হায়, যুদ্ধৰ মাজত বীৰসকল কেনেকৈ পতিত হ’ল! তোমাৰ উচ্চ স্থানবোৰত যোনাথন হত হ’ল৷
“Wò ó bí alágbára ti ṣubú ní ojú ogun! Jonatani, ìwọ tí a pa ní òkè gíga.
26 ২৬ হে মোৰ ভাই যোনাথন, তোমাৰ বাবে মই দুখিত হৈছোঁ৷ তুমি মোলৈ অতি মৰমীয়াল আছিলা৷ নাৰীসকলৰ প্ৰেমতকৈয়ো তোমাৰ প্ৰেম মোৰ পক্ষে চমৎকাৰ আছিল।
Ọkàn mi gbọgbẹ́ fún ọ Jonatani arákùnrin mi; ìwọ ṣọ̀wọ́n fún mi. Ìfẹ́ rẹ sí mi jẹ́ ìyanu, ó jẹ́ ìyanu ju ti obìnrin lọ.
27 ২৭ হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল আৰু যুদ্ধৰ অস্ত্ৰবোৰ যুদ্ধক্ষেত্ৰত নষ্ট হ’ল!”
“Wò ó bí alágbára ti ṣubú! Ohun ìjà sì ti ṣègbé!”

< ২ সামুয়েল 1 >