< ২ সামুয়েল 1 >

1 চৌলৰ মৃত্যুৰ পাছত, দায়ূদে অমালেকীয়া সকলক বধ কৰি ঘূৰি আহিল আৰু চিক্লগত দুদিন থাকিল।
А по смрти Сауловој, кад се Давид врати побивши Амалике и оста у Сиклагу два дана,
2 পাছত তৃতীয় দিনত, চৌলৰ সেনাবাহিনীৰ ছাউনিৰ পৰা ফলা কাপোৰেৰে সৈতে এজন মানুহ আহিল; তেওঁৰ মুৰত মাটি লাগি আছিল। তেওঁ দায়ূদৰ ওচৰলৈ আহি শিৰনত হৈ প্রণাম কৰিলে।
Трећег дана, гле, дође један из војске Саулове раздртих хаљина и главе посуте прахом; и дошав к Давиду паде на земљу и поклони се.
3 তেতিয়া দায়ূদে তেওঁক সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” তেওঁ উত্তৰ দি ক’লে, “মই ইস্ৰায়েলৰ সেনা ছাউনিৰ পৰা পলাই আহিছোঁ।”
И рече му Давид: Откуда идеш? А он му рече: Из логора израиљског утекох.
4 দায়ূদে তেওঁক সুধিলে, “তাত কি হ’ল, সেই বিষয়ে মোক কোৱাচোন।” তেওঁ ক’লে, “লোকসকল যুদ্ধৰ পৰা পলাল, অনেক পতিত হ’ল। লোকসকলৰ মাজত অনেক লোক মৰিল। চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰো মৃত্যু হ’ল।”
А Давид му рече: Шта би? Кажи ми. А он рече: Народ побеже из боја; и много народа паде и изгибе, погибе и Саул и син му Јонатан.
5 তেতিয়া দায়ূদে সেই সম্বাদ দিয়া ডেকা লোক জনক সুধিলে, “চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ যে মৃত্যু হ’ল, সেই বিষয়ে তুমি কেনেকৈ জানিলা?”
А Давид рече момку који му донесе глас: Како знаш да је погинуо и син му Јонатан?
6 তেতিয়া সেই ডেকা লোক জনে ক’লে, “ঘটনাক্ৰমে মই গিলবোৱা পৰ্ব্বতত আছিলোঁ আৰু তাতে চৌলে বৰছাৰ ওপৰত ভৰ দি আছিল আৰু ৰথ ও অশ্বাৰোহীসকলে তেওঁৰ পাছে পাছে বৰকৈ খেদি খেদি প্রায় তেওঁৰ ওচৰ চাপি আহিছিল।
А момак који му донесе глас рече: Случајно дођох на гору Гелвују, а то се Саул наслонио на копље своје, кола и коњици приближаваху се к њему.
7 তেতিয়া তেওঁ ঘূৰি মোক দেখি মাতিলে। তেতিয়া মই উত্তৰ দি ক’লো, “মই ইয়াত আছোঁ৷”
А он обазревши се натраг угледа ме, па ме викну, а ја му рекох: Ево ме.
8 তেওঁ মোক সুধিলে, “তুমি কোন?” মই তেওঁক ক’লো, “মই এজন অমালেকীয়া লোক।”
А он ми рече: Ко си? А ја му рекох: Амалик сам.
9 তেতিয়া তেওঁ মোক ক’লে, “মই বিনয় কৰোঁ, তুমি মোৰ ওচৰত থিয় হৈ মোক বধ কৰা কাৰণ মোক শিৰামূৰিয়ে ধৰিছে, যদিও মোত এতিয়াও প্ৰাণ আছে।”
А он ми рече: Приступи к мени убиј ме; јер ме обузеше муке, а још је сасвим душа у мени.
10 ১০ তেতিয়া মই গৈ তেওঁৰ ওচৰত থিয় হৈ তেওঁক বধ কৰিলোঁ; কিয়নো তেওঁ পৰাজিত হোৱাৰ পাছত যে পুনৰ তেওঁ আৰু জীয়াই নাথাকিব, সেই বিষয়ে মই নিশ্চয়ে জানিছিলোঁ৷ এতিয়া মই তেওঁৰ মূৰৰ কিৰীটি আৰু বাহুৰ বাজু লৈ, এই ঠাইত মোৰ প্ৰভুৰ ওচৰলৈ লৈ আহিছোঁ।”
И приступих к њему и убих га, јер сам знао да неће остати жив пошто паде; и узех венац царски који му беше на глави и гривну која му беше на руци, и ево донесох господару свом.
11 ১১ তেতিয়া দায়ূদে নিজ কাপোৰ ধৰি ফালিলে আৰু তেওঁৰ লগৰ আটাই লোকসকলেও সেই দৰে কৰিলে।
Тада Давид зграби хаљине на себи и раздре их; тако и сви људи који беху с њим.
12 ১২ চৌল, তেওঁৰ পুত্ৰ যোনাথন আৰু যিহোৱাৰ প্ৰজা ইস্ৰায়েল বংশ তৰোৱালত পতিত হোৱাৰ বাবে তেওঁলোকে শোক কৰি কৰি কান্দিলে আৰু সন্ধ্যালৈকে লঘোনে থাকিল।
И ридаше и плакаше, и постише до вечери за Саулом и за Јонатаном сином његовим и за народом Господњим и за домом Израиљевим што изгибоше од мача.
13 ১৩ পাছত দায়ূদে সেই বাতৰি অনা ডেকা মানুহজনক ক’লে, “তুমি ক’ৰ মানুহ?” তেওঁ উত্তৰ দি ক’লে, “মই এজন প্রবাসী অমালেকীয়া মানুহ।”
И рече Давид момку који му донесе глас: Одакле си? А он рече: Ја сам син једног дошљака Амалика.
14 ১৪ দায়ূদে তেওঁক ক’লে, “তুমি যিহোৱাৰ অভিষিক্তজনক বধ কৰিবৰ অৰ্থে নিজ হাত মেলিবলৈ ভয় নকৰিলা, ই কেনে কথা?”
Рече му Давид: Како те није било страх подићи руку своју и убити помазаника Господњег?
15 ১৫ দায়ূদে ডেকাসকলৰ মাজৰ এজনক মাতি এই আজ্ঞা দি ক’লে, “তুমি ওচৰলৈ গৈ তেওঁক বধ কৰা।” গতিকে সেই লোকজনে গৈ তেওঁক প্ৰহাৰ কৰি আঘাত কৰিলে৷ তাতে সেই অমালেকীয়াজনৰ মৃত্যু হ’ল।
И дозва Давид једног између момака својих и рече: Ходи, погуби га. А он га удари, те умре.
16 ১৬ তেতিয়া দায়ূদে সেই মৃত অমালেকীয়াজনক ক’লে, “তোমাৰ ৰক্তপাতৰ দোষ তোমাৰ নিজ মূৰতেই থাকক; কিয়নো, ‘ময়েই যিহোৱাৰ অভিষিক্ত জনক বধ কৰিলোঁ’ এইবুলি তোমাৰ নিজ মুখেৰেই নিজৰ বিৰুদ্ধে সাক্ষ্য দিলা।”
И рече му Давид: Крв твоја на твоју главу; јер твоја уста сведочише на те говорећи: Ја сам убио помазаника Господњег.
17 ১৭ তেতিয়া দায়ূদে চৌল আৰু তেওঁৰ পুত্ৰ যোনাথন, এই মৃতকেইজনৰ বিষয়ে বিলাপেৰে গীত গালে।
Тада Давид нарица овако за Саулом и за Јонатаном сином његовим,
18 ১৮ তেওঁ যিহূদাৰ সন্তান সকলক এই ধনুগীত শিকাবলৈ দিলে; চোৱা, যি গীত যাচেৰ পুস্তকখনিত লিখা আছে।
И изговори, да би се учили синови Јудини луку, и ето је написано у књизи Истинитог:
19 ১৯ হে ইস্ৰায়েল, তোমাৰ উচ্চস্থানবোৰত ৰত্ন দুটি বধ কৰা হ’ল! হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল!
Дико Израиљева! На твојим висинама побијени су; како падоше јунаци?
20 ২০ গাত’ত এই বিষয় প্ৰকাশ নকৰিবা, অস্কিলোনৰ বাটত এই বিষয় প্ৰচাৰ নকৰিবা; কৰিলে পলেষ্টীয়াসকলৰ জীয়ৰীসকলে আনন্দ কৰিব, অচুন্নৎসকলৰ জীয়ৰীসকলে উল্লাস কৰিব।
Не казујте у Гату, и не разглашујте по улицама аскалонским, да се не веселе кћери филистејске и да не играју кћери необрезаних.
21 ২১ হে গিলবোৱা পৰ্ব্বত, তোমাৰ ওপৰত নিয়ৰ বা বৰষুণ নহওক, বা উত্তোলনীয় নৈবেদ্যৰ পথাৰ নহওঁক, কিয়নো সেই ঠাইত বীৰসকলৰ ঢাল পেলোৱা হ’ল। তেলেৰে অভিষিক্ত নোহোৱা চৌলৰ ঢাল পেলোৱা হ’ল৷
Горе гелвујске! Не падала роса ни дажд на вас, и не родило поље за принос, јер је ту бачен штит са јунака, штит Саулов, као да није помазан уљем.
22 ২২ হত হোৱা লোকসকলৰ তেজ আৰু বীৰসকলৰ দেহৰ পৰা যোনাথনৰ ধনু বিমুখ নহৈছিল, চৌলৰ তৰোৱালো শুদাই ঘূৰি নাহিছিল।
Без крви побијених и без масти од јунака није се враћао лук Јонатанов, нити је мач Саулов долазио натраг празан.
23 ২৩ চৌল আৰু যোনাথন, জীৱন কালত প্ৰিয় আৰু সন্তোষজনক আছিল, আৰু মৰণৰ কালতো তেওঁলোক পৃথক নহ’ল; তেওঁলোক ঈগল পক্ষীতকৈয়ো বেগী আছিল, তেওঁলোক সিংহতকৈয়ো বলৱান আছিল।
Саул и Јонатан, мили и драги за живота, ни у смрти се не раставише; лакши од орлова беху.
24 ২৪ হে ইস্ৰায়েলৰ জীয়ৰীসকল, চৌলৰ বাবে ক্ৰন্দন কৰা, তেওঁ তোমালোকক ৰঙা বৰণীয়া বস্ত্ৰ পিন্ধাই ভূষিত কৰিছিল, তেওঁ তোমালোকৰ বস্ত্ৰৰ ওপৰত সোণৰ অলঙ্কাৰ পিন্ধাইছিল।
Кћери Израиљеве! Плачите за Саулом, који вас је облачио у скерлет лепо, и китио вас златним закладима по хаљинама вашим.
25 ২৫ হায় হায়, যুদ্ধৰ মাজত বীৰসকল কেনেকৈ পতিত হ’ল! তোমাৰ উচ্চ স্থানবোৰত যোনাথন হত হ’ল৷
Како падоше јунаци у боју! Јонатан како погибе на твојим висинама!
26 ২৬ হে মোৰ ভাই যোনাথন, তোমাৰ বাবে মই দুখিত হৈছোঁ৷ তুমি মোলৈ অতি মৰমীয়াল আছিলা৷ নাৰীসকলৰ প্ৰেমতকৈয়ো তোমাৰ প্ৰেম মোৰ পক্ষে চমৎকাৰ আছিল।
Жао ми је за тобом, брате Јонатане; био си ми мио врло; већа ми је била љубав твоја од љубави женске.
27 ২৭ হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল আৰু যুদ্ধৰ অস্ত্ৰবোৰ যুদ্ধক্ষেত্ৰত নষ্ট হ’ল!”
Како падоше јунаци, и пропаде оружје убојито!

< ২ সামুয়েল 1 >