< ২ সামুয়েল 8 >
1 ১ ইয়াৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্ৰমণ কৰি পৰাজয় কৰিলে৷ এইদৰে তেওঁলোকৰ হাতৰ পৰা গাথ্ আৰু ইয়াৰ গাওঁসমূহ অধিকাৰ কৰি ল’লে।
Történt ezután, megverte Dávid a filiszteusokat és megalázta őket, és elvette Dávid a filiszteusok kezéből a hatalom gyeplőjét.
2 ২ তাৰ পাছত তেওঁ মোৱাবীয়াসকলক আক্ৰমণ কৰি তেওঁলোকক মাটিত শুৱাই লেজুৰে জুখিলে৷ অৰ্থাৎ বধ কৰিবৰ অৰ্থে দুই লেজু আৰু জীয়াই ৰাখিবৰ বাবে সম্পূৰ্ণ এক লেজু জুখিলে৷ পাছত মোৱাবীয়াসকলে দায়ূদৰ দাস হ’ল আৰু তেওঁলৈ প্ৰশংসাৰে উপহাৰ আনিবলৈ ধৰিলে।
Megverte Móábot és mérte őket kötéllel, földre fektetve őket, és mért két kötélnyit megölésre és egy egész kötélnyit életbenhagyásra; lett tehát Móáb Dávidé, ajándékvivő szolgákul.
3 ৩ আৰু চোবাৰ ৰজা ৰহোবৰ পুত্ৰ হদদেজৰে ইউফ্রেটিচ নদীৰ ওচৰত নিজৰ অধিকাৰ পুনৰায় স্থাপন কৰিবলৈ যাওঁতে, দায়ূদে তেওঁক আক্ৰমণ কৰি পৰাজয় কৰিলে৷
Megverte Dávid Hadád-Ezért, Rechób fiát, Czóba királyát, mikor elindult, hogy megállapítsa hatalmát az Eufrátes folyamnál.
4 ৪ তেওঁৰ এক হাজাৰ ৰথ, সাত শ অশ্বাৰোহী আৰু বিশ হাজাৰ পদাতিক সৈন্যক বন্দী কৰি ল’লে৷ আৰু তেওঁ ৰথৰ আটাই ঘোঁৰাবোৰৰ পাছঠেঙৰ সিৰ কাটিলে, কিন্তু তাৰ মাজত এশ ৰথৰ বাবে ঘোঁৰা ৰাখিলে।
Elfogott tőle Dávid ezerhétszáz lovast és húszezer gyalogos embert, és Dávid megbénította az egész szekérhadat, és hagyott belőle száz szekeret.
5 ৫ পাছে দম্মেচকৰ অৰামীয়াসকলে চোবাৰ হদদেজৰ ৰজাক সহায় কৰিবলৈ আহোতে, দায়ূদে সেই অৰামীয়াসকলৰ মাজৰ বাইশ হাজাৰ লোকক বধ কৰিলে।
Ekkor jött Arám-Dammészek, hogy segítsen Hadád-Ézernek, Czóba királyának és megvert Dávid Arám közt huszonkétezer embert.
6 ৬ তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত ৰক্ষী সৈন্যদল স্থাপন কৰিলে, তাতে অৰামীয়াসকলে দায়ূদৰ দাস হৈ প্ৰশংসাৰে উপহাৰ আনিলে। এইদৰে দায়ুদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিছিল।
És elhelyezett Dávid őrsöket Arám-Dammészekben és Dávidé lett Arám, ajándékvivő szolgákul. Így megsegítette az Örökkévaló Dávidot, valamerre ment.
7 ৭ আৰু দায়ূদে হদদেজৰৰ দাস কেইজনৰ গাত থকা সোণৰ ঢালবোৰ সোলোকাই যিৰূচালেমলৈ লৈ গ’ল।
És elvette Dávid az aranypajzsokat, melyek Hadád-Ézer szolgáin voltak, és bevitte azokat Jeruzsálembe.
8 ৮ আৰু দায়ুদ ৰজাই হদদেজৰৰ বেটহ আৰু বেৰোথয় নগৰৰ পৰা অধিক পিতল আনিলে।
Bétachból pedig és Bérótájból, Hadád-Ézer városaiból, elvett Dávid király igen sok ércet.
9 ৯ পাছত দায়ূদে হদদেজৰৰ সকলো সৈন্যসামন্তক পৰাজয় কৰা কথা হমাত’ৰ ৰজা তোৱীয়ে যেতিয়া শুনিলে,
Meghallotta Tói, Chamát királya, hogy megverte Dávid Hadád-Ézer egész seregét.
10 ১০ তেতিয়া যুদ্ধত হদদেজৰক আঘাত কৰি পৰাজয় কৰাৰ বাবে দায়ুদ ৰজাক ধন্যবাদ দিবলৈ আৰু তেওঁৰ মঙ্গল সুধিবলৈ, তেওঁৰ পুত্ৰ যোৰামক তেওঁৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো হদ্দেজৰৰ বিৰুদ্ধেও তোৱীৰৰ যুদ্ধ চলি আছিল। পাছে যোৰামে ৰূপৰ, সোণৰ আৰু পিতলৰ পাত্ৰ হাতত লৈ আহিল৷
Ekkor elküldte Tói Jórámot, a fiát, Dávid királyhoz, hogy megkérdezze békéje felől és hogy üdvözölje azért, hogy harcolt Hadád-Ézer ellen és megverte, mert Tóinak hadfele volt Hadád-Ézer; kezében pedig voltak ezüst edények, arany edények és ércedények.
11 ১১ দায়ুদ ৰজাই সেই সামগ্ৰীবোৰ যিহোৱালৈ উৎসৰ্গ কৰিলে, লগতে সকলো জাতিক পৰাজয় কৰোঁতে যিবোৰ ৰূপ আৰু সোণ আনিছিল, -
Azokat is szentelte Dávid király az Örökkévalónak, együtt azon ezüsttel és arannyal, melyet szentelt volt mind a népektől, melyeket meghódított:
12 ১২ সেইবোৰ অৰাম, মোৱাব, অম্মোনৰ সন্তান সকল, পলেষ্টীয়াসকল আৰু অমালেক আদি তেওঁলোকৰ পৰা লাভ কৰা আৰু তাৰ লগতে চোবাৰ ৰজা ৰহোবৰ পুত্ৰ হদদেজৰৰ পৰা লুট কৰি অনা সামগ্ৰীবোৰকো যিহোৱাৰ আগত উৎসৰ্গ কৰিলে।
Arámtól, Móábtól, Ammón fiaitól, a filiszteusoktól, Amáléktől és Hadád-Ézer, Rechób fia, Czóba királyának zsákmányából.
13 ১৩ আৰু দায়ূদে লৱণ উপত্যকাত অৰামীয়াসকলৰ মাজৰ ওঠৰ হাজাৰ লোকক বধ কৰি উভটি অহা সময়ত অতিশয় নাম জ্বলা হ’ল।
És nevet szerzett Dávid, mikor visszatért azután, hogy megverte Arámot a Sósvölgyben, tizennyolcezret.
14 ১৪ পাছে দায়ূদে ইদোমত নানা ৰক্ষী সৈন্যদল স্থাপন কৰিলে; ইদোমৰ সকলোফালে সৈন্যদল স্থাপন কৰাত, সকলো ইদোমীয়া লোকসকলে দায়ূদৰ দাস হ’ল। আৰু দায়ুদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিলে।
És elhelyezett őrsöket Edómban; egész Edómban helyezett el őrsöket, és lett egész Edóm szolgájává Dávidnak. Így segítette az Örökkévaló Dávidot, valamerre ment,
15 ১৫ এইদৰে গোটেই ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰি দায়ূদে নিজৰ সকলো প্ৰজাৰ বাবে বিচাৰ আৰু ন্যায় সাধন কৰিলে।
Király volt Dávid egész Izrael fölött és szolgáltatott Dávid jogot és igazságot egész népének.
16 ১৬ চৰূয়াৰ পুত্ৰ যোৱাব আছিল প্ৰধান সেনাপতি, অহীলূদৰ পুত্ৰ যিহোচাফট্ আছিল ইতিহাস লিখক৷
Jóáb, Czerúja fia, a sereg fölött volt; Jehósáfát, Achílúd fia, kancellár;
17 ১৭ অহীটুবৰ পুত্ৰ চাদোক আৰু অবিয়াথৰৰ পুত্ৰ অহীমেলক আছিল পুৰোহিত আৰু চৰায়া আছিল ৰাজলিখক৷
Czádók, Achítúb fia és Achímélekh, Ebjátár fia, papok; Szerája író;
18 ১৮ যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলৰ অধ্যক্ষ আছিল আৰু দায়ূদৰ পুত্ৰসকল আছিল মন্ত্ৰী।
Benájáhú, Jehójádá fia, a keréti és peléti fölött, Dávid fiai pedig papok voltak.