< ২ সামুয়েল 7 >
1 ১ পাছত ৰজাই যেতিয়া নিজৰ গৃহত বাস কৰিবলৈ ধৰিলে আৰু যিহোৱাই চাৰিওফালে থকা সকলো শত্ৰুৰ পৰা ৰজাক বিশ্ৰাম দিলে,
Chúa Hằng Hữu cho Ít-ra-ên hưởng thái bình. Đa-vít không còn phải chinh chiến với các nước lân bang.
2 ২ তেতিয়া ৰজাই নাথন ভাববাদীক ক’লে, “এতিয়া চাওঁক, মই এৰচ কাঠেৰে সজা গৃহত বাস কৰি আছোঁ; কিন্তু ঈশ্বৰৰ নিয়ম-চন্দুকটি তম্বুৰ মাজ-মজিয়াতেই আছে।”
Sau khi dọn vào sống trong cung điện, một hôm Đa-vít nói với Tiên tri Na-than: “Nay ta sống trong cung cất bằng gỗ bá hương, còn Hòm của Đức Chúa Trời lại ở trong một cái lều.”
3 ৩ তেতিয়া নাথনে ৰজাক ক’লে, “ভাল, আপোনাৰ মনত যি আছে তাকে কৰক; কিয়নো যিহোৱা আপোনাৰ লগত আছে।”
Na-than đáp: “Xin vua cứ làm điều mình muốn, vì Chúa Hằng Hữu ở cùng vua.”
4 ৪ পাছত নাথনলৈ সেই ৰাতিয়েই যিহোৱাৰ বাক্য আহিল,
Nhưng đêm hôm ấy, Chúa Hằng Hữu phán với Na-than:
5 ৫ বোলে, “যোৱা আৰু তুমি গৈ মোৰ দাস দায়ূদক কোৱা, ‘যিহোৱাই এই কথা কৈছে: বোলে, তুমিয়েই জানো মোৰ বসতি গৃহ নিৰ্ম্মাণ নকৰিবা?
“Hãy đi và nói với Đa-vít, đầy tớ Ta: ‘Đây là lời Chúa Hằng Hữu phán: Con sẽ cất một cái đền cho Ta ngự sao?
6 ৬ কিয়নো মই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা উলিয়াই অনা দিনৰে পৰা আজিলৈকে কোনো গৃহত বাস কৰা নাই; কেৱল মোৰ আবাস যি তম্বু, তাত থাকিহে ভ্ৰমণ কৰি আছোঁ।
Vì từ khi Ta đem Ít-ra-ên ra khỏi Ai Cập đến ngày nay, Ta không ngự trong đền thờ. Ta ở trong trại và đi đó đây.
7 ৭ গোটেই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত মই অহা-যোৱা কৰা কোনো এক ঠাইত, মই যিজনক মোৰ প্ৰজা ইস্ৰায়েল লোকসকলক প্ৰতি পালন কৰিবলৈ ভাৰ দিছিলোঁ, ইস্ৰায়েলৰ এনে কোনো ফৈদক জানো কেতিয়াবা এই কথা কৈছিলোঁ যে, “তোমালোকে কিয় মোৰ কাৰণে এৰচ কাঠৰ গৃহ নিৰ্ম্মাণ নকৰা’?”
Trong suốt cuộc hành trình với người Ít-ra-ên, có bao giờ Ta hỏi người lãnh đạo, người nhận lệnh Ta chăn dắt dân rằng: “Tại sao không cất cho Ta một cái đền bằng gỗ bá hương,” hay không?’
8 ৮ এই হেতুকে এতিয়া, তুমি মোৰ দাস দায়ূদক কোৱা, “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ প্ৰজা ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত অধিপতি হ’বলৈ মই তোমাক মেৰৰ চৰণী ঠাইৰ পৰা আৰু জাকৰ পাছে পাছে যোৱাৰ পৰা গ্ৰহণ কৰিলোঁ;
Bây giờ hãy đi và nói cho Đa-vít, đầy tớ Ta: ‘Đây là lời của Chúa Hằng Hữu Vạn Quân rằng: Ta đã chọn con làm vua Ít-ra-ên trong lúc con còn đi chăn chiên nơi đồng cỏ.
9 ৯ আৰু তুমি যি যি ঠাইলৈ গৈছিলা, সেই সকলোতে মই তোমাৰ সঙ্গী হৈ তোমাৰ সন্মুখৰ পৰা তোমাৰ আটাই শত্ৰুসকলক উচ্ছন্ন কৰিলোঁ৷ পৃথিৱীত থকা মহৎ লোকৰ নামৰ দৰে তোমাৰো নাম মহৎ কৰিম।
Ta đã ở với con trong mọi nơi con đi, Ta đã tiêu diệt tất cả thù nghịch của con trước mặt con. Bây giờ, Ta sẽ làm cho con nổi danh trên đất!
10 ১০ আৰু মই নিজ প্ৰজা ইস্ৰায়েলৰ কাৰণে এটা ঠাই নিশ্চয় কৰি তেওঁলোকক ৰোপণ কৰিম; তাতে তেওঁলোকে নিজ নিজ ঠাইতে বাস কৰিব; তেওঁলোকক আৰু লৰোৱা নহ’ব৷ সেইদৰে আগৰ কালৰ নিচিনাকৈ দুৰ্জ্জনৰ সন্তান সকলে তেওঁলোকক আৰু দুখ নিদিব,
Ta sẽ chuẩn bị một chỗ ở cho người Ít-ra-ên Ta, họ an cư lạc nghiệp, không còn bị quấy rối nữa. Các dân tộc gian ác sẽ không còn chinh phục họ như ngày xưa,
11 ১১ যেতিয়াৰে পৰা মই নিজ প্ৰজা ইস্ৰায়েল লোকসকলৰ ওপৰত বিচাৰকৰ্ত্তাসকলক নিযুক্ত কৰিছিলোঁ; তেতিয়াৰে পৰা যেনে হৈছিল, মই সকলো শত্ৰুবোৰৰ পৰা তোমাক বিশ্ৰাম দিম। তাৰোপৰি মই, যিহোৱাই ঘোষণা কৰিছোঁ যে, তোমাৰ কাৰণে এক বংশ উৎপন্ন কৰিম।
ta sẽ cho họ hưởng thái bình. Hơn nữa, Chúa Hằng Hữu sẽ xây dựng cho con một triều đại trường tồn.
12 ১২ তোমাৰ আয়ুস সম্পূৰ্ণ হ’লে, যেতিয়া তুমি নিজ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’বা, তেতিয়া তোমাৰ ঔৰসত উৎপন্ন হোৱা তোমাৰ পাছৰ বংশৰ লোকক মই স্থাপন কৰিম আৰু তেওঁৰ ৰাজ্য স্থিৰ কৰিম।
Khi con qua đời, con của con sẽ nối ngôi, và Ta sẽ cho vương quốc nó cường thịnh.
13 ১৩ মোৰ নামৰ কাৰণে তেওঁহে এটা গৃহ নিৰ্ম্মাণ কৰিব আৰু মই তেওঁৰ ৰাজসিংহাসন চিৰস্থায়ী কৰিম।
Nó sẽ cất cho Ta một Đền Thờ. Ta sẽ củng cố ngôi nước nó mãi mãi.
14 ১৪ মই তেওঁৰ পিতৃ হম আৰু তেওঁ মোৰ পুত্ৰ হ’ব। তেওঁ অপৰাধী হ’লে মই মনুষ্যসকলৰ দণ্ডেৰে আৰু মনুষ্য সন্তান সকলৰ প্ৰহাৰৰ দ্বাৰাই তেওঁক শাস্তি দিম৷
Ta làm Cha nó, nó làm con Ta. Nếu nó có lỗi, thì Ta sẽ trừng phạt như loài người dùng roi dạy con.
15 ১৫ কিন্তু মই যি জনক তোমাৰ আগৰ পৰা দূৰ কৰিলোঁ, সেই চৌলৰ পৰা মই যেনেকৈ মোৰ দয়া গুচালোঁ, তেনেকৈ তেওঁৰ পৰা মোৰ দয়া নুগুচিব।
Nhưng Ta vẫn thương xót nó, không bỏ nó như trường hợp Sau-lơ đâu.
16 ১৬ আৰু তোমাৰ বংশ ও ৰাজত্ব সদাকাললৈকে তোমাৰ আগত থিৰে থাকিব৷ তোমাৰ সিংহাসন চিৰস্থায়ী হ’ব’।”
Vậy triều đại và vương quốc con sẽ tồn tại, ngôi con sẽ vững bền mãi mãi.’”
17 ১৭ এই সকলো বাক্য আৰু এই গোটেই দৰ্শন অনুসাৰে নাথনে দায়ূদক ক’লে।
Na-than thuật cho Đa-vít đúng từng lời Chúa Hằng Hữu đã phán trong khải tượng này.
18 ১৮ যেতিয়া দায়ুদ ৰজাই ভিতৰলৈ গৈ যিহোৱাৰ আগত বহি তেওঁ ক’লে, “হে প্ৰভু যিহোৱা, মইনো কোন, মোৰ বংশই বা কি, যে, তুমি মোক ইমান ওখ খাপলৈ আনিছা?
Vua Đa-vít đến hầu trước mặt Chúa Hằng Hữu và cầu nguyện: “Lạy Chúa Hằng Hữu Chí Cao, con là ai, gia đình con là gì mà Chúa đưa con lên địa vị này?
19 ১৯ তথাপি হে প্ৰভু যিহোৱা, তোমাৰ দৃষ্টিত ই অতি সৰু বিষয় আছিল৷ তুমি নিজ দাসৰ বংশৰ বিষয়েও সুদীৰ্ঘ কালৰ কথা ক’লা, হে প্ৰভু যিহোৱা, ইয়াক তুমি মানুহৰ বিধিৰ দৰে কৰিলা।
Lạy Chúa Hằng Hữu Chí Cao! Như thế Chúa còn cho là chưa đủ sao? Ngài còn nói về tương lai lâu dài về triều đại con. Lạy Chúa Hằng Hữu Chí Cao, đây đâu phải là cách đối xử của loài người?
20 ২০ ইয়াৰ পাছত মই, দায়ূদে তোমাক আৰু কি ক’ম? কাৰণ হে প্ৰভু যিহোৱা, তুমি নিজ দাসক জানি আছা।
Con còn nói gì hơn nữa? Ôi lạy Chúa Hằng Hữu Chí Cao, Chúa biết con.
21 ২১ কিয়নো তুমি নিজ বাক্যৰ কাৰণে আৰু তোমাৰ নিজ উদ্দেশ্য সিদ্ধ কৰিবলৈ, এই সমস্ত মহৎ কৰ্ম সাধন কৰি, তোমাৰ দাসক জনালা।
Chúa làm những việc trọng đại này và đồng thời tiết lộ cho con hay, chỉ vì Chúa đã hứa và vì đó là những điều Ngài muốn.
22 ২২ এই হেতুকে হে ঈশ্বৰ যিহোৱা, তুমি মহান৷ কিয়নো আমি নিজ কাণে যি যি শুনিলোঁ, সেই সকলোৰ দৰে তোমাৰ তুল্য কোনো নাই। আৰু তোমাত বাজে আৰু কোনো ঈশ্বৰ নাই।
Lạy Chúa Hằng Hữu Chí Cao, Ngài thật cao cả. Theo điều chúng con đã nghe, ngoài Ngài không có thần nào như Đức Chúa Trời.
23 ২৩ আৰু তোমাৰ প্ৰজা ইস্ৰায়েললোকৰ তুল্য, যিসকলক ঈশ্বৰে নিজৰ কাৰণে মুক্ত কৰি নিজ প্ৰজা কৰিবলৈ আৰু নিজৰ নাম কীৰ্ত্তিমন্ত কৰিবলৈ আৰু মিচৰৰ পৰা অৰ্থাৎ অনা-ইস্ৰায়েলী আৰু তেওঁলোকৰ দেৱতাবোৰৰ মাজৰ পৰা তুমি মুক্ত কৰা তোমাৰ প্ৰজাৰ আগত আমাৰ পক্ষে মহৎ কৰ্ম আৰু তোমাৰ দেশৰ পক্ষে নানা ভয়ঙ্কৰ কৰ্ম সিদ্ধ কৰিবলৈ তুমি আগমণ কৰিলা, পৃথিৱীৰ মাজত এনে আন কোন জাতি আছে?
Có dân tộc nào trên đất giống người Ít-ra-ên? Lạy Đức Chúa Trời, một dân tộc mà Ngài đã cứu chuộc làm con dân của Ngài: Chúa đã làm vang Danh Ngài khi Chúa cứu dân Ngài khỏi Ai Cập. Ngài làm những phép lạ vĩ đại và đáng sợ để đuổi các dân tộc và các thần khác trước mặt dân Ngài.
24 ২৪ আৰু সদাকাল তোমাৰ প্ৰজা হবৰ অৰ্থে তোমাৰ বাবে তোমাৰ প্ৰজা ইস্ৰায়েল লোকক তুমি স্থাপন কৰিলা৷ আৰু হে যিহোৱা, তুমি তেওঁলোকৰ ঈশ্বৰ থ’লো।
Chúa chọn Ít-ra-ên làm dân Ngài mãi mãi, và Ngài, Chúa Hằng Hữu là Đức Chúa Trời của họ.
25 ২৫ এই হেতুকে এতিয়া হে ঈশ্বৰ যিহোৱা, তুমি নিজ দাসৰ আৰু তাৰ বংশৰ বিষয়ে যি বাক্য ক’লা, তাক সদাকাললৈ থিৰ কৰা; আৰু যেনেকৈ ক’লা, তেনেকৈয়ে কৰা।
Và bây giờ, lạy Chúa Hằng Hữu, Đức Chúa Trời, con xin nhận lời Chúa hứa cho con và dòng dõi con. Chứng thực lời Chúa hứa được dài lâu mãi mãi.
26 ২৬ ‘বাহিনীসকলৰ যিহোৱা ইস্ৰায়েলৰ ওপৰত থাকোঁতা ঈশ্বৰ আৰু তোমাৰ দাস দায়ূদৰ বংশ তোমাৰ সাক্ষাতে থিৰে থাকিব’, এইবুলি লোকে ক’ব৷ তোমাৰ নাম সদাকাল মহিমান্বিত হওঁক।
Xin Danh Chúa được ca tụng muôn đời: ‘Chúa Hằng Hữu Vạn Quân là Đức Chúa Trời của Ít-ra-ên!’ Xin cho nhà Đa-vít, là đầy tớ Chúa được vững bền mãi mãi.
27 ২৭ কিয়নো হে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱা, ‘মই তোমাৰ কাৰণে এক বংশ স্থাপন কৰিম’ বুলি তুমিয়েই তোমাৰ দাসৰ আগত প্ৰকাশ কৰিলা৷ এই কাৰণে তোমাৰ আগত এই প্ৰাৰ্থনা কৰিবলৈ তোমাৰ দাসৰ মনত সাহস জন্মিল।
Vì Chúa đã tiết lộ cho đầy tớ Ngài hay rằng, Ngài sẽ xây dựng cho con một triều đại, nên lạy Chúa Toàn Năng, Đức Chúa Trời của Ít-ra-ên, con mới dám dâng lên những lời cầu nguyện này.
28 ২৮ আৰু এতিয়া হে প্ৰভু যিহোৱা, তুমিয়েই ঈশ্বৰ, তোমাৰ বাক্য বিশ্ৱস্ত আৰু তুমিয়েই তোমাৰ দাসলৈ এই মঙ্গল প্ৰতিজ্ঞা কৰিলা।
Lạy Chúa, Ngài là Đức Chúa Trời, Chúa Hằng Hữu Chí Cao. Lời Ngài là chân lý, và Chúa đã hứa cho đầy tớ Ngài những điều tốt lành.
29 ২৯ এই হেতুকে তোমাৰ দাসৰ বংশ যেন তোমাৰ আগত সদাকাল থাকে, এই কাৰণে অনুগ্ৰহ কৰি তাক আশীৰ্ব্বাদ কৰা৷ কিয়নো হে প্ৰভু যিহোৱা, তুমি নিজে প্ৰতিজ্ঞা কৰিলা আৰু তোমাৰ আশীৰ্ব্বাদৰ গুণে তোমাৰ এই দাসৰ বংশ সদাকাল আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক।”
Xin Chúa ban phước lành trên triều đại của đầy tớ Ngài, cho được tồn tại trước mặt Ngài mãi mãi. Lạy Chúa Hằng Hữu Chí Cao, Ngài đã hứa như thế, được Chúa ban phước, triều đại đầy tớ Ngài chắc chắn sẽ hưởng phước lành mãi mãi!”