< ২ সামুয়েল 7 >

1 পাছত ৰজাই যেতিয়া নিজৰ গৃহত বাস কৰিবলৈ ধৰিলে আৰু যিহোৱাই চাৰিওফালে থকা সকলো শত্ৰুৰ পৰা ৰজাক বিশ্ৰাম দিলে,
Engang Kongen sad i sit Hus, efter at HERREN havde skaffet ham Ro for alle hans Fjender rundt om,
2 তেতিয়া ৰজাই নাথন ভাববাদীক ক’লে, “এতিয়া চাওঁক, মই এৰচ কাঠেৰে সজা গৃহত বাস কৰি আছোঁ; কিন্তু ঈশ্বৰৰ নিয়ম-চন্দুকটি তম্বুৰ মাজ-মজিয়াতেই আছে।”
sagde han til Profeten Natan: "Se, jeg har et Cedertræshus at bo i, men Guds Ark har Plads i et Telt!"
3 তেতিয়া নাথনে ৰজাক ক’লে, “ভাল, আপোনাৰ মনত যি আছে তাকে কৰক; কিয়নো যিহোৱা আপোনাৰ লগত আছে।”
Natan svarede Kongen: "Gør alt, hvad din Hu står til, thi HERREN er med dig!"
4 পাছত নাথনলৈ সেই ৰাতিয়েই যিহোৱাৰ বাক্য আহিল,
Men samme Nat kom HERRENs Ord til Natan således:
5 বোলে, “যোৱা আৰু তুমি গৈ মোৰ দাস দায়ূদক কোৱা, ‘যিহোৱাই এই কথা কৈছে: বোলে, তুমিয়েই জানো মোৰ বসতি গৃহ নিৰ্ম্মাণ নকৰিবা?
"Gå hen og sig til min Tjener David: Så siger HERREN: Skulde du bygge mig et Hus at bo i?
6 কিয়নো মই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা উলিয়াই অনা দিনৰে পৰা আজিলৈকে কোনো গৃহত বাস কৰা নাই; কেৱল মোৰ আবাস যি তম্বু, তাত থাকিহে ভ্ৰমণ কৰি আছোঁ।
Jeg har jo ikke haft noget Hus at bo i, siden den Dag jeg førte Israeliterne op fra Ægypten, men vandrede med, boende i et Telt.
7 গোটেই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত মই অহা-যোৱা কৰা কোনো এক ঠাইত, মই যিজনক মোৰ প্ৰজা ইস্ৰায়েল লোকসকলক প্ৰতি পালন কৰিবলৈ ভাৰ দিছিলোঁ, ইস্ৰায়েলৰ এনে কোনো ফৈদক জানো কেতিয়াবা এই কথা কৈছিলোঁ যে, “তোমালোকে কিয় মোৰ কাৰণে এৰচ কাঠৰ গৃহ নিৰ্ম্মাণ নকৰা’?”
Har jeg, i al den Tid jeg vandrede om blandt alle Israeliterne, sagt til nogen af Israels Dommere, som jeg satte til at vogte mit Folk Israel: Hvorfor bygger I mig ikke et Cedertræshus?
8 এই হেতুকে এতিয়া, তুমি মোৰ দাস দায়ূদক কোৱা, “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ প্ৰজা ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত অধিপতি হ’বলৈ মই তোমাক মেৰৰ চৰণী ঠাইৰ পৰা আৰু জাকৰ পাছে পাছে যোৱাৰ পৰা গ্ৰহণ কৰিলোঁ;
Sig derfor til min Tjener David: Så siger Hærskarers HERRE: Jeg tog dig fra Græsgangen, fra din Plads bag Småkvæget til at være Fyrste over mit folk Israel,
9 আৰু তুমি যি যি ঠাইলৈ গৈছিলা, সেই সকলোতে মই তোমাৰ সঙ্গী হৈ তোমাৰ সন্মুখৰ পৰা তোমাৰ আটাই শত্ৰুসকলক উচ্ছন্ন কৰিলোঁ৷ পৃথিৱীত থকা মহৎ লোকৰ নামৰ দৰে তোমাৰো নাম মহৎ কৰিম।
og jeg var med dig, overalt hvor du færdedes, og udryddede alle dine Fjender foran dig; jeg vil skabe dig et Navn som de størstes på Jorden
10 ১০ আৰু মই নিজ প্ৰজা ইস্ৰায়েলৰ কাৰণে এটা ঠাই নিশ্চয় কৰি তেওঁলোকক ৰোপণ কৰিম; তাতে তেওঁলোকে নিজ নিজ ঠাইতে বাস কৰিব; তেওঁলোকক আৰু লৰোৱা নহ’ব৷ সেইদৰে আগৰ কালৰ নিচিনাকৈ দুৰ্জ্জনৰ সন্তান সকলে তেওঁলোকক আৰু দুখ নিদিব,
og skaffe mit Folk Israel en Hjemstavn og plante det, så det kan blive boende på sit Sted uden mere at skulle forstyrres i sin Ro, og uden at Voldsmænd mere skal plage det som tidligere,
11 ১১ যেতিয়াৰে পৰা মই নিজ প্ৰজা ইস্ৰায়েল লোকসকলৰ ওপৰত বিচাৰকৰ্ত্তাসকলক নিযুক্ত কৰিছিলোঁ; তেতিয়াৰে পৰা যেনে হৈছিল, মই সকলো শত্ৰুবোৰৰ পৰা তোমাক বিশ্ৰাম দিম। তাৰোপৰি মই, যিহোৱাই ঘোষণা কৰিছোঁ যে, তোমাৰ কাৰণে এক বংশ উৎপন্ন কৰিম।
dengang jeg satte Dommere over mit Folk Israel; og jeg vil give det Ro for alle dets Fjender. Så kundgør HERREN dig nu: Et Hus vil HERREN bygge dig!
12 ১২ তোমাৰ আয়ুস সম্পূৰ্ণ হ’লে, যেতিয়া তুমি নিজ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’বা, তেতিয়া তোমাৰ ঔৰসত উৎপন্ন হোৱা তোমাৰ পাছৰ বংশৰ লোকক মই স্থাপন কৰিম আৰু তেওঁৰ ৰাজ্য স্থিৰ কৰিম।
Når dine Dage er omme, og du hviler hos dine Fædre, vil jeg efter dig oprejse din Sæd, som udgår af dit Liv, og grundfæste hans Kongedømme.
13 ১৩ মোৰ নামৰ কাৰণে তেওঁহে এটা গৃহ নিৰ্ম্মাণ কৰিব আৰু মই তেওঁৰ ৰাজসিংহাসন চিৰস্থায়ী কৰিম।
Han skal bygge mit Navn et Hus, og jeg vil grundfæste hans Kongetrone evindelig.
14 ১৪ মই তেওঁৰ পিতৃ হম আৰু তেওঁ মোৰ পুত্ৰ হ’ব। তেওঁ অপৰাধী হ’লে মই মনুষ্যসকলৰ দণ্ডেৰে আৰু মনুষ্য সন্তান সকলৰ প্ৰহাৰৰ দ্বাৰাই তেওঁক শাস্তি দিম৷
Jeg vil være din Sæd en Fader, og den skal være mig en Søn! Når den synder, vil jeg tugte den med Menneskestok og Menneskers Slag,
15 ১৫ কিন্তু মই যি জনক তোমাৰ আগৰ পৰা দূৰ কৰিলোঁ, সেই চৌলৰ পৰা মই যেনেকৈ মোৰ দয়া গুচালোঁ, তেনেকৈ তেওঁৰ পৰা মোৰ দয়া নুগুচিব।
men min Miskundhed vil jeg ikke tage fra den, som jeg tog den fra din Forgænger.
16 ১৬ আৰু তোমাৰ বংশ ও ৰাজত্ব সদাকাললৈকে তোমাৰ আগত থিৰে থাকিব৷ তোমাৰ সিংহাসন চিৰস্থায়ী হ’ব’।”
Dit Hus og dit Kongedømme skal stå fast for mit Åsyn til evig Tid, din Trone skal stå til evig Tid!"
17 ১৭ এই সকলো বাক্য আৰু এই গোটেই দৰ্শন অনুসাৰে নাথনে দায়ূদক ক’লে।
Alle disse Ord og hele denne Åbenbaring meddelte Natan David.
18 ১৮ যেতিয়া দায়ুদ ৰজাই ভিতৰলৈ গৈ যিহোৱাৰ আগত বহি তেওঁ ক’লে, “হে প্ৰভু যিহোৱা, মইনো কোন, মোৰ বংশই বা কি, যে, তুমি মোক ইমান ওখ খাপলৈ আনিছা?
Da gik Kong David ind og dvælede for HERRENs Åsyn og sagde: "Hvem er jeg, Herre, HERRE, og hvad er mit Hus, at du har bragt mig så vidt?
19 ১৯ তথাপি হে প্ৰভু যিহোৱা, তোমাৰ দৃষ্টিত ই অতি সৰু বিষয় আছিল৷ তুমি নিজ দাসৰ বংশৰ বিষয়েও সুদীৰ্ঘ কালৰ কথা ক’লা, হে প্ৰভু যিহোৱা, ইয়াক তুমি মানুহৰ বিধিৰ দৰে কৰিলা।
Men end ikke det var dig nok Herre, HERRE, du gav også din Tjeners Hus Forjættelser for fjerne Tider og lod mig skue kommende Slægter, Herre, HERRE!
20 ২০ ইয়াৰ পাছত মই, দায়ূদে তোমাক আৰু কি ক’ম? কাৰণ হে প্ৰভু যিহোৱা, তুমি নিজ দাসক জানি আছা।
Hvad mere har David at sige dig Du kender jo dog din Tjener, Herre, HERRE.
21 ২১ কিয়নো তুমি নিজ বাক্যৰ কাৰণে আৰু তোমাৰ নিজ উদ্দেশ্য সিদ্ধ কৰিবলৈ, এই সমস্ত মহৎ কৰ্ম সাধন কৰি, তোমাৰ দাসক জনালা।
For din Tjeners Skyld, og fordi din Hu stod dertil, gjorde du dette og kundgjorde din Tjener alt dette store,
22 ২২ এই হেতুকে হে ঈশ্বৰ যিহোৱা, তুমি মহান৷ কিয়নো আমি নিজ কাণে যি যি শুনিলোঁ, সেই সকলোৰ দৰে তোমাৰ তুল্য কোনো নাই। আৰু তোমাত বাজে আৰু কোনো ঈশ্বৰ নাই।
Herre, HERRE; thi ingen er som du, og der er ingen Gud uden dig efter alt hvad vi har hørt med vore Ører.
23 ২৩ আৰু তোমাৰ প্ৰজা ইস্ৰায়েললোকৰ তুল্য, যিসকলক ঈশ্বৰে নিজৰ কাৰণে মুক্ত কৰি নিজ প্ৰজা কৰিবলৈ আৰু নিজৰ নাম কীৰ্ত্তিমন্ত কৰিবলৈ আৰু মিচৰৰ পৰা অৰ্থাৎ অনা-ইস্ৰায়েলী আৰু তেওঁলোকৰ দেৱতাবোৰৰ মাজৰ পৰা তুমি মুক্ত কৰা তোমাৰ প্ৰজাৰ আগত আমাৰ পক্ষে মহৎ কৰ্ম আৰু তোমাৰ দেশৰ পক্ষে নানা ভয়ঙ্কৰ কৰ্ম সিদ্ধ কৰিবলৈ তুমি আগমণ কৰিলা, পৃথিৱীৰ মাজত এনে আন কোন জাতি আছে?
Og hvor på Jorden findes et Folk som dit Folk Israel, et Folk. som Gud kom og udfriede og gjorde til sit Folk for at vinde sig et Navn og udføre store og frygtelige Gerninger for dem ved at drive andre Folkeslag med deres Guder bort foran sit Folk, det, du udfriede fra Ægypten?
24 ২৪ আৰু সদাকাল তোমাৰ প্ৰজা হবৰ অৰ্থে তোমাৰ বাবে তোমাৰ প্ৰজা ইস্ৰায়েল লোকক তুমি স্থাপন কৰিলা৷ আৰু হে যিহোৱা, তুমি তেওঁলোকৰ ঈশ্বৰ থ’লো।
Du har grundfæstet dit Folk Israel som dit Folk til evig Tid, og du, HERRE, er blevet deres Gud.
25 ২৫ এই হেতুকে এতিয়া হে ঈশ্বৰ যিহোৱা, তুমি নিজ দাসৰ আৰু তাৰ বংশৰ বিষয়ে যি বাক্য ক’লা, তাক সদাকাললৈ থিৰ কৰা; আৰু যেনেকৈ ক’লা, তেনেকৈয়ে কৰা।
Så opfyld da, HERRE, Gud, til evig Tid den Forjættelse, du udtalte om din Tjener og hans Hus og gør, som du sagde!
26 ২৬ ‘বাহিনীসকলৰ যিহোৱা ইস্ৰায়েলৰ ওপৰত থাকোঁতা ঈশ্বৰ আৰু তোমাৰ দাস দায়ূদৰ বংশ তোমাৰ সাক্ষাতে থিৰে থাকিব’, এইবুলি লোকে ক’ব৷ তোমাৰ নাম সদাকাল মহিমান্বিত হওঁক।
Da skal dit Navn blive stort til evig Tid, så man siger: Hærskarers HERRE, Gud over Israel! Og din Tjener Davids Hus skal stå fast for dit Åsyn.
27 ২৭ কিয়নো হে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱা, ‘মই তোমাৰ কাৰণে এক বংশ স্থাপন কৰিম’ বুলি তুমিয়েই তোমাৰ দাসৰ আগত প্ৰকাশ কৰিলা৷ এই কাৰণে তোমাৰ আগত এই প্ৰাৰ্থনা কৰিবলৈ তোমাৰ দাসৰ মনত সাহস জন্মিল।
Thi du, Hærskarers HERRE, Israels Gud, har åbenbaret for din Tjener: Jeg vil bygge dig et Hus! Derfor har din Tjener fundet sit Hjerte til af bede denne Bøn til dig.
28 ২৮ আৰু এতিয়া হে প্ৰভু যিহোৱা, তুমিয়েই ঈশ্বৰ, তোমাৰ বাক্য বিশ্ৱস্ত আৰু তুমিয়েই তোমাৰ দাসলৈ এই মঙ্গল প্ৰতিজ্ঞা কৰিলা।
Derfor, Herre, HERRE, du er Gud, og dine Ord er Sandhed! Du har givet din Tjener denne Forjættelse,
29 ২৯ এই হেতুকে তোমাৰ দাসৰ বংশ যেন তোমাৰ আগত সদাকাল থাকে, এই কাৰণে অনুগ্ৰহ কৰি তাক আশীৰ্ব্বাদ কৰা৷ কিয়নো হে প্ৰভু যিহোৱা, তুমি নিজে প্ৰতিজ্ঞা কৰিলা আৰু তোমাৰ আশীৰ্ব্বাদৰ গুণে তোমাৰ এই দাসৰ বংশ সদাকাল আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক।”
så lad det behage dig at velsigne din Tjeners Hus, at det til evig Tid må stå fast for dit Åsyn. Thi du, Herre, HERRE, har talt, og med din Velsignelse skal din Tjeners Hus velsignes evindelig!"

< ২ সামুয়েল 7 >