< ২ সামুয়েল 6 >
1 ১ দায়ূদে পুনৰাই ইস্ৰায়েলৰ আটাই মনোনীত লোকক লৈ ত্ৰিশ হাজাৰজন লোকক গোটালে।
Endå eingong stemnde David saman alt det utvalde mannskapet i Israel: tretti tusund mann.
2 ২ তাৰ পাছত দায়ুদ আৰু তেওঁৰ লগত থকা আটাই লোক উঠি যিহূদাত থকা বালিৰ পৰা, ঈশ্বৰৰ নাম অৰ্থাৎ কৰূব দুটা মাজত বহা বাহিনীসকলৰ যিহোৱাৰ নামেৰে প্ৰখ্যাত সেই ঈশ্বৰৰ নিয়ম-চন্দুক আনিবলৈ যাত্ৰা কৰিলে।
Og David gav seg på veg, og drog ut med alt sitt folk frå Ba’ale-Juda, og førde derifrå Guds kista, som heiter etter Herren, allhers drott, han som tronar på kerubarne.
3 ৩ পাছত তেওঁলোকে ঈশ্বৰৰ নিয়ম-চন্দুক এখন নতুন ৰথত তুলি ল’লে৷ তেওঁলোকে এই নিয়ম-চন্দুক পৰ্ব্বতত থকা অবীনাদবৰ ঘৰৰ পৰা উলিয়াই আনিলে৷ অবীনাদবৰ পুত্ৰ উজ্জা আৰু অহিয়োৱে সেই নতুন ৰথ চলাই আনিলে।
Dei sette Guds kista på ei ny vogn og førde henne frå Abinadabs hus på haugen. Og Uzza og Ahjo Abinadabs-søner køyrde den nye vogni.
4 ৪ তেওঁলোকে পৰ্ব্বতত থকা অবীনাদবৰ ঘৰৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুকে সৈতে ৰথখন উলিয়াই আনিলে৷ অহিয়ো নিয়ম-চন্দুকৰ আগে আগে গ’ল।
Soleis førde dei Guds kista burt frå Abinadabs hus på haugen, med di dei fylgde henne, og Ahjo gjekk fyre kista.
5 ৫ তেতিয়া দায়ুদ আৰু ইস্ৰায়েলৰ আটাই বংশই দেবদাৰু কাঠেৰে সজা নানা ধৰণৰ বাদ্যযন্ত্ৰ নেবল, খঞ্জৰী, খুটিতাল আৰু ভোটতাল আদি বজাই যিহোৱাৰ আগত গুণানুকীর্তন কৰিলে৷
David og heile Israels-ætti leika for Herren, til alle slag spel av cypresstre, til cithrar, harpor, trummor, bjøllor og cymblar.
6 ৬ যেতিয়া তেওঁলোকে নাখুনৰ মৰণা মৰা ঠাই পালে তাতে গৰুহাল পিছল খোৱাত, উজ্জাই হাত মেলি যিহোৱাৰ সেই নিয়ম-চন্দুকটি ধৰিলে৷
Då dei kom burtimot treskjestaden åt Nakon, tok Uzza tak med henderne i Guds kista og heldt fast i henne, av di uksarne snåva.
7 ৭ তেতিয়া উজ্জাৰ প্ৰতি যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল৷ তেওঁৰ ভ্ৰান্তিৰ কাৰণে ঈশ্বৰে সেই ঠাইতে তেওঁক আঘাত কৰিলে৷ তাতে উজ্জাৰ সেই ঠাইত ঈশ্বৰৰ নিয়ম-চন্দুকটিৰ কাষতে মৃত্যু হ’ল।
Då loga Herrens harm upp mot Uzza. Og Gud slo honom for det brotet skuld. Og han fekk sin bane der attmed Guds kista.
8 ৮ যিহোৱাই উজ্জাক আঘাত কৰাৰ কাৰণে দায়ূদে মনত বেজাৰ পালে আৰু তেওঁ সেই ঠাইৰ নাম পেৰচ-উজ্জা ৰাখিলে৷ আজিলৈকে সেই ঠাইৰ নাম পেৰচ-উজ্জা’ই আছে।
David vart ille ved av di Herren øydelagde Uzza. Og den staden heite Peres-Uzza den dag i dag.
9 ৯ সেই দিনা দায়ূদৰ যিহোৱাৰ প্ৰতি ভয় লাগিল৷ তেওঁ ক’লে “যিহোৱাৰ নিয়ম-চন্দুক মোৰ ওচৰলৈ কেনেকৈ আহিব?”
Men David vart so rædd for Herren den dagen, at han sagde: «Kor kann eg våga føra Herrens kista upp til meg!»
10 ১০ এই হেতুকে দায়ূদে তেওঁৰ লগত যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ আনিবলৈ ইচ্ছা নকৰিলে৷ তাৰ সলনি তেওঁ সেই নিয়ম চন্দুকটি গাতীয়া ওবেদ-ইদোমৰ ঘৰত থলেগৈ।
Difor vilde ikkje David flytja Herrens kista upp til Davidsbyen, men let deim setja henne inn i huset åt gatiten Obed-Edom.
11 ১১ যিহোৱাৰ নিয়ম-চন্দুকটি গাতীয়া ওবেদ-ইদোমৰ ঘৰত তিনি মাহ থাকিল৷ তাতে যিহোৱাই ওবেদ-ইদোমক আৰু তেওঁৰ গোটেই ঘৰখনক আশীৰ্ব্বাদ কৰিলে।
So stod Herrens kista der i tri månader. Og Herren velsigna Obed-Edom og heile hans hus.
12 ১২ তাৰ পাছত “যিহোৱাই ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ওবেদ-ইদোমৰ ঘৰ আৰু তেওঁৰ যি যি আছে, সেই সকলোকে আশীৰ্ব্বাদ কৰিলে” এই বুলি দায়ূদৰ আগত কোৱা হ’ল। তেতিয়া দায়ূদে গৈ ওবেদ ইদোমৰ ঘৰৰ পৰা আনন্দেৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ লৈ আনিলে।
Då kong David spurde at Herren velsigna huset åt Obed-Edom og all hans eigedom for Guds kista skuld, drog David av stad og flutta Guds kista derifrå og upp til Davidsbyen med stor fagnad.
13 ১৩ যেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি কঢ়িয়াই অনা লোকসকলে ছখোজ আগবাঢ়ি গ’ল, তেওঁ এটা বলদগৰু আৰু এটা হৃষ্টপুষ্ট গৰু পোৱালি বলিদান কৰিলে।
Då dei som bar Herrens kista, hadde gjenge seks stig, ofra han ein ukse og ein gjødkalv.
14 ১৪ আৰু দায়ূদে শণ সূতাৰ এখন এফোদ পিন্ধি যিহোৱাৰ আগত পাৰে মানে নাচিলে৷
David sjølv dansa av all magt framfor Herren i ein messehakel av lin.
15 ১৫ এইদৰে দায়ুদ আৰু ইস্ৰায়েলৰ সকলো বংশই জয়ধ্বনি কৰি কৰি আৰু শিঙাৰ বাদ্য বজাই বজাই যিহোৱাৰ নিয়ম-চন্দুকটি লৈ আনিলে।
Soleis henta David og heile Israels-ætti Herrens kista dit upp med fagnadrop og lurljod.
16 ১৬ তেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে খিড়িকি দুৱাৰেদি চাই আছিল৷ যিহোৱাৰ আগত দায়ুদ ৰজাক ডেও দি নাচি থকা দেখি, মনতে তেওঁক তুচ্ছ জ্ঞান কৰিলে।
Då Herrens kista kom inn i Davidsbyen, stod Mikal Saulsdotter og såg ut igjenom vindauga. Då ho fekk sjå kong David sprang og dansa framfor Herren, då fekk ho vanvyrdnad for honom i sitt hjarta.
17 ১৭ পাছত তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকটি ভিতৰলৈ আনি, দায়ূদে তাৰ ঠাই স্থাপন কৰি ৰখা তম্বুৰ মজিয়াৰ মাজত ৰাখিলে৷ আৰু দায়ূদে যিহোৱাৰ সাক্ষাতে হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।
Då dei hadde ført Herrens kista upp, sette dei henne på sin stad midt i det tjeldet som David hadde reist åt henne. David ofra brennoffer og takkoffer for Herren.
18 ১৮ পাছে হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ শেষ হোৱাৰ পাছত দায়ূদে বাহিনীসকলৰ যিহোৱাৰ নামেৰে লোকসকলক আশীৰ্ব্বাদ কৰিলে।
Og då han var ferdig med desse ofringarne, velsigna han folket i namnet åt Herren, allhers drott.
19 ১৯ আৰু সকলো লোকৰ মাজত অৰ্থাৎ ইস্ৰায়েলৰ গোটেই লোক সকলৰ মাজত থকা প্ৰত্যেক পুৰুষ আৰু স্ত্ৰীক এটা পিঠা, এটুকুৰা মঙহ আৰু এলদা এলদা শুকান দ্ৰাক্ষাগুটি বিলাই দিলে। পাছত সকলো লোক নিজ নিজ ঘৰলৈ গুচি গ’ল।
Deretter skifte han ut åt heile folket, åt heile Israels-ålmugen, både åt kar og kvende, ei hellekaka, eit stykke kjøt og ei rosinkaka til manns. So gjekk heile folket heim kvar til seg.
20 ২০ তেতিয়া দায়ূদে নিজৰ পৰিয়ালক আশীৰ্ব্বাদ কৰিবৰ বাবে উভটি আহিল৷ চৌলৰ জীয়েক মীখলে, দায়ূদক আগবঢ়াবলৈ ওলাই গৈ ক’লে, “আজি ইস্ৰায়েলৰ ৰজা কেনে গৌৰৱান্বিত হ’ল! যেনেকৈ কোনো অমার্জিত চিত্তৰ লোক নিলাজৰ দৰে বিবস্ত্ৰ হয়, তেনেকৈ তেওঁ আজি নিজ দাসবোৰৰ মাজৰ বেটীসকলৰ আগত বিবস্ত্ৰ হ’ল!”
Men då David kom heim og helsa husfolki sine, gjekk Mikal Saulsdotter til møtes med honom og sagde: «Kor måtte ikkje Israels konge kjenna seg høgvyrd i dag, med han i dag hev nækt seg framfor tenestgjentorne åt tenarane sine, soleis som skamlaust folk plar nækja seg.»
21 ২১ তেতিয়া দায়ূদে সমিধান দি মীখলক ক’লে, “তোমাৰ পিতৃ আৰু তেওঁৰ সকলো বংশৰ ওপৰত যিহোৱাৰ প্ৰজা ইস্ৰায়েল লোকৰ অধ্যক্ষপদত মোক যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মনোনীত কৰিলে, সেই যিহোৱাৰ সাক্ষাতেই মই তাকেই কৰিলোঁ। এই হেতুকে মই সেই যিহোৱাৰ সাক্ষাতেই আমোদ কৰিম৷
David svara Mikal: «For Herrens åsyn hev eg dansa, han som valde meg ut framfor far din og framfor heile hans ætt, og sette meg til fyrste for Israel, Herrens folk. For Herrens åsyn var det eg dansa,
22 ২২ মই ইয়াতকৈয়ো আৰু ‘লঘু’ হ’ম আৰু মোৰ নিজ দৃষ্টিত আৰু হীন হ’ম, কিন্তু তুমি যি বেটীসকলৰ কথা কলা, সিহঁতৰ আগতেই নিলাজৰ দৰে অমার্জিত চিত্তৰ লোক হৈ আদৰ পোৱা হ’ম।”
og småminka meg meir, og verta ring i mine augo. Men hjå dei tenestgjentorne du nemnde, hjå deim skal eg verta høgvyrd.»
23 ২৩ এতেকে চৌলৰ জীয়েক মীখলৰ মৰণ কাললৈকে কোনো সন্তান নহ’ল।
Mikal Saulsdotter vart verande barnlaus alt til sin døyande dag.