< ২ সামুয়েল 6 >

1 দায়ূদে পুনৰাই ইস্ৰায়েলৰ আটাই মনোনীত লোকক লৈ ত্ৰিশ হাজাৰজন লোকক গোটালে।
וַיֹּ֨סֶף ע֥וֹד דָּוִ֛ד אֶת־כָּל־בָּח֥וּר בְּיִשְׂרָאֵ֖ל שְׁלֹשִׁ֥ים אָֽלֶף׃
2 তাৰ পাছত দায়ুদ আৰু তেওঁৰ লগত থকা আটাই লোক উঠি যিহূদাত থকা বালিৰ পৰা, ঈশ্বৰৰ নাম অৰ্থাৎ কৰূব দুটা মাজত বহা বাহিনীসকলৰ যিহোৱাৰ নামেৰে প্ৰখ্যাত সেই ঈশ্বৰৰ নিয়ম-চন্দুক আনিবলৈ যাত্ৰা কৰিলে।
וַיָּ֣קָם ׀ וַיֵּ֣לֶךְ דָּוִ֗ד וְכָל־הָעָם֙ אֲשֶׁ֣ר אִתּ֔וֹ מִֽבַּעֲלֵ֖י יְהוּדָ֑ה לְהַעֲל֣וֹת מִשָּׁ֗ם אֵ֚ת אֲר֣וֹן הָאֱלֹהִ֔ים אֲשֶׁר־נִקְרָ֣א שֵׁ֗ם שֵׁ֣ם יְהוָ֧ה צְבָא֛וֹת יֹשֵׁ֥ב הַכְּרֻבִ֖ים עָלָֽיו׃
3 পাছত তেওঁলোকে ঈশ্বৰৰ নিয়ম-চন্দুক এখন নতুন ৰথত তুলি ল’লে৷ তেওঁলোকে এই নিয়ম-চন্দুক পৰ্ব্বতত থকা অবীনাদবৰ ঘৰৰ পৰা উলিয়াই আনিলে৷ অবীনাদবৰ পুত্ৰ উজ্জা আৰু অহিয়োৱে সেই নতুন ৰথ চলাই আনিলে।
וַיַּרְכִּ֜בוּ אֶת־אֲר֤וֹן הָֽאֱלֹהִים֙ אֶל־עֲגָלָ֣ה חֲדָשָׁ֔ה וַיִּשָּׂאֻ֔הוּ מִבֵּ֥ית אֲבִינָדָ֖ב אֲשֶׁ֣ר בַּגִּבְעָ֑ה וְעֻזָּ֣א וְאַחְי֗וֹ בְּנֵי֙ אֲבִ֣ינָדָ֔ב נֹהֲגִ֖ים אֶת־הָעֲגָלָ֥ה חֲדָשָֽׁה׃
4 তেওঁলোকে পৰ্ব্বতত থকা অবীনাদবৰ ঘৰৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুকে সৈতে ৰথখন উলিয়াই আনিলে৷ অহিয়ো নিয়ম-চন্দুকৰ আগে আগে গ’ল।
וַיִּשָּׂאֻ֗הוּ מִבֵּ֤ית אֲבִֽינָדָב֙ אֲשֶׁ֣ר בַּגִּבְעָ֔ה עִ֖ם אֲר֣וֹן הָאֱלֹהִ֑ים וְאַחְי֕וֹ הֹלֵ֖ךְ לִפְנֵ֥י הָאָרֽוֹן׃
5 তেতিয়া দায়ুদ আৰু ইস্ৰায়েলৰ আটাই বংশই দেবদাৰু কাঠেৰে সজা নানা ধৰণৰ বাদ্যযন্ত্ৰ নেবল, খঞ্জৰী, খুটিতাল আৰু ভোটতাল আদি বজাই যিহোৱাৰ আগত গুণানুকীর্তন কৰিলে৷
וְדָוִ֣ד ׀ וְכָל־בֵּ֣ית יִשְׂרָאֵ֗ל מְשַֽׂחֲקִים֙ לִפְנֵ֣י יְהוָ֔ה בְּכֹ֖ל עֲצֵ֣י בְרוֹשִׁ֑ים וּבְכִנֹּר֤וֹת וּבִנְבָלִים֙ וּבְתֻפִּ֔ים וּבִמְנַֽעַנְעִ֖ים וּֽבְצֶלְצֶלִֽים׃
6 যেতিয়া তেওঁলোকে নাখুনৰ মৰণা মৰা ঠাই পালে তাতে গৰুহাল পিছল খোৱাত, উজ্জাই হাত মেলি যিহোৱাৰ সেই নিয়ম-চন্দুকটি ধৰিলে৷
וַיָּבֹ֖אוּ עַד־גֹּ֣רֶן נָכ֑וֹן וַיִּשְׁלַ֨ח עֻזָּ֜א אֶל־אֲר֤וֹן הָֽאֱלֹהִים֙ וַיֹּ֣אחֶז בּ֔וֹ כִּ֥י שָׁמְט֖וּ הַבָּקָֽר׃
7 তেতিয়া উজ্জাৰ প্ৰতি যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল৷ তেওঁৰ ভ্ৰান্তিৰ কাৰণে ঈশ্বৰে সেই ঠাইতে তেওঁক আঘাত কৰিলে৷ তাতে উজ্জাৰ সেই ঠাইত ঈশ্বৰৰ নিয়ম-চন্দুকটিৰ কাষতে মৃত্যু হ’ল।
וַיִּֽחַר־אַ֤ף יְהוָה֙ בְּעֻזָּ֔ה וַיַּכֵּ֥הוּ שָׁ֛ם הָאֱלֹהִ֖ים עַל־הַשַּׁ֑ל וַיָּ֣מָת שָׁ֔ם עִ֖ם אֲר֥וֹן הָאֱלֹהִֽים׃
8 যিহোৱাই উজ্জাক আঘাত কৰাৰ কাৰণে দায়ূদে মনত বেজাৰ পালে আৰু তেওঁ সেই ঠাইৰ নাম পেৰচ-উজ্জা ৰাখিলে৷ আজিলৈকে সেই ঠাইৰ নাম পেৰচ-উজ্জা’ই আছে।
וַיִּ֣חַר לְדָוִ֔ד עַל֩ אֲשֶׁ֨ר פָּרַ֧ץ יְהוָ֛ה פֶּ֖רֶץ בְּעֻזָּ֑ה וַיִּקְרָ֞א לַמָּק֤וֹם הַהוּא֙ פֶּ֣רֶץ עֻזָּ֔ה עַ֖ד הַיּ֥וֹם הַזֶּֽה׃
9 সেই দিনা দায়ূদৰ যিহোৱাৰ প্ৰতি ভয় লাগিল৷ তেওঁ ক’লে “যিহোৱাৰ নিয়ম-চন্দুক মোৰ ওচৰলৈ কেনেকৈ আহিব?”
וַיִּרָ֥א דָוִ֛ד אֶת־יְהוָ֖ה בַּיּ֣וֹם הַה֑וּא וַיֹּ֕אמֶר אֵ֛יךְ יָב֥וֹא אֵלַ֖י אֲר֥וֹן יְהוָֽה׃
10 ১০ এই হেতুকে দায়ূদে তেওঁৰ লগত যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ আনিবলৈ ইচ্ছা নকৰিলে৷ তাৰ সলনি তেওঁ সেই নিয়ম চন্দুকটি গাতীয়া ওবেদ-ইদোমৰ ঘৰত থলেগৈ।
וְלֹֽא־אָבָ֣ה דָוִ֗ד לְהָסִ֥יר אֵלָ֛יו אֶת־אֲר֥וֹן יְהוָ֖ה עַל־עִ֣יר דָּוִ֑ד וַיַּטֵּ֣הוּ דָוִ֔ד בֵּ֥ית עֹבֵֽד־אֱד֖וֹם הַגִּתִּֽי׃
11 ১১ যিহোৱাৰ নিয়ম-চন্দুকটি গাতীয়া ওবেদ-ইদোমৰ ঘৰত তিনি মাহ থাকিল৷ তাতে যিহোৱাই ওবেদ-ইদোমক আৰু তেওঁৰ গোটেই ঘৰখনক আশীৰ্ব্বাদ কৰিলে।
וַיֵּשֶׁב֩ אֲר֨וֹן יְהוָ֜ה בֵּ֣ית עֹבֵ֥ד אֱדֹ֛ם הַגִּתִּ֖י שְׁלֹשָׁ֣ה חֳדָשִׁ֑ים וַיְבָ֧רֶךְ יְהוָ֛ה אֶת־עֹבֵ֥ד אֱדֹ֖ם וְאֶת־כָּל־בֵּיתֽוֹ׃
12 ১২ তাৰ পাছত “যিহোৱাই ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ওবেদ-ইদোমৰ ঘৰ আৰু তেওঁৰ যি যি আছে, সেই সকলোকে আশীৰ্ব্বাদ কৰিলে” এই বুলি দায়ূদৰ আগত কোৱা হ’ল। তেতিয়া দায়ূদে গৈ ওবেদ ইদোমৰ ঘৰৰ পৰা আনন্দেৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ লৈ আনিলে।
וַיֻּגַּ֗ד לַמֶּ֣לֶךְ דָּוִד֮ לֵאמֹר֒ בֵּרַ֣ךְ יְהוָ֗ה אֶת־בֵּ֨ית עֹבֵ֤ד אֱדֹם֙ וְאֶת־כָּל־אֲשֶׁר־ל֔וֹ בַּעֲב֖וּר אֲר֣וֹן הָאֱלֹהִ֑ים וַיֵּ֣לֶךְ דָּוִ֗ד וַיַּעַל֩ אֶת־אֲר֨וֹן הָאֱלֹהִ֜ים מִבֵּ֨ית עֹבֵ֥ד אֱדֹ֛ם עִ֥יר דָּוִ֖ד בְּשִׂמְחָֽה׃
13 ১৩ যেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি কঢ়িয়াই অনা লোকসকলে ছখোজ আগবাঢ়ি গ’ল, তেওঁ এটা বলদগৰু আৰু এটা হৃষ্টপুষ্ট গৰু পোৱালি বলিদান কৰিলে।
וַיְהִ֗י כִּ֧י צָעֲד֛וּ נֹשְׂאֵ֥י אֲרוֹן־יְהוָ֖ה שִׁשָּׁ֣ה צְעָדִ֑ים וַיִּזְבַּ֥ח שׁ֖וֹר וּמְרִֽיא׃
14 ১৪ আৰু দায়ূদে শণ সূতাৰ এখন এফোদ পিন্ধি যিহোৱাৰ আগত পাৰে মানে নাচিলে৷
וְדָוִ֛ד מְכַרְכֵּ֥ר בְּכָל־עֹ֖ז לִפְנֵ֣י יְהוָ֑ה וְדָוִ֕ד חָג֖וּר אֵפ֥וֹד בָּֽד׃
15 ১৫ এইদৰে দায়ুদ আৰু ইস্ৰায়েলৰ সকলো বংশই জয়ধ্বনি কৰি কৰি আৰু শিঙাৰ বাদ্য বজাই বজাই যিহোৱাৰ নিয়ম-চন্দুকটি লৈ আনিলে।
וְדָוִד֙ וְכָל־בֵּ֣ית יִשְׂרָאֵ֔ל מַעֲלִ֖ים אֶת־אֲר֣וֹן יְהוָ֑ה בִּתְרוּעָ֖ה וּבְק֥וֹל שׁוֹפָֽר׃
16 ১৬ তেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে খিড়িকি দুৱাৰেদি চাই আছিল৷ যিহোৱাৰ আগত দায়ুদ ৰজাক ডেও দি নাচি থকা দেখি, মনতে তেওঁক তুচ্ছ জ্ঞান কৰিলে।
וְהָיָה֙ אֲר֣וֹן יְהוָ֔ה בָּ֖א עִ֣יר דָּוִ֑ד וּמִיכַ֨ל בַּת־שָׁא֜וּל נִשְׁקְפָ֣ה ׀ בְּעַ֣ד הַחַלּ֗וֹן וַתֵּ֨רֶא אֶת־הַמֶּ֤לֶךְ דָּוִד֙ מְפַזֵּ֤ז וּמְכַרְכֵּר֙ לִפְנֵ֣י יְהוָ֔ה וַתִּ֥בֶז ל֖וֹ בְּלִבָּֽהּ׃
17 ১৭ পাছত তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকটি ভিতৰলৈ আনি, দায়ূদে তাৰ ঠাই স্থাপন কৰি ৰখা তম্বুৰ মজিয়াৰ মাজত ৰাখিলে৷ আৰু দায়ূদে যিহোৱাৰ সাক্ষাতে হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।
וַיָּבִ֜אוּ אֶת־אֲר֣וֹן יְהוָ֗ה וַיַּצִּ֤גוּ אֹתוֹ֙ בִּמְקוֹמ֔וֹ בְּת֣וֹךְ הָאֹ֔הֶל אֲשֶׁ֥ר נָטָה־ל֖וֹ דָּוִ֑ד וַיַּ֨עַל דָּוִ֥ד עֹל֛וֹת לִפְנֵ֥י יְהוָ֖ה וּשְׁלָמִֽים׃
18 ১৮ পাছে হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ শেষ হোৱাৰ পাছত দায়ূদে বাহিনীসকলৰ যিহোৱাৰ নামেৰে লোকসকলক আশীৰ্ব্বাদ কৰিলে।
וַיְכַ֣ל דָּוִ֔ד מֵהַעֲל֥וֹת הָעוֹלָ֖ה וְהַשְּׁלָמִ֑ים וַיְבָ֣רֶךְ אֶת־הָעָ֔ם בְּשֵׁ֖ם יְהוָ֥ה צְבָאֽוֹת׃
19 ১৯ আৰু সকলো লোকৰ মাজত অৰ্থাৎ ইস্ৰায়েলৰ গোটেই লোক সকলৰ মাজত থকা প্ৰত্যেক পুৰুষ আৰু স্ত্ৰীক এটা পিঠা, এটুকুৰা মঙহ আৰু এলদা এলদা শুকান দ্ৰাক্ষাগুটি বিলাই দিলে। পাছত সকলো লোক নিজ নিজ ঘৰলৈ গুচি গ’ল।
וַיְחַלֵּ֨ק לְכָל־הָעָ֜ם לְכָל־הֲמ֣וֹן יִשְׂרָאֵל֮ לְמֵאִ֣ישׁ וְעַד־אִשָּׁה֒ לְאִ֗ישׁ חַלַּ֥ת לֶ֙חֶם֙ אַחַ֔ת וְאֶשְׁפָּ֣ר אֶחָ֔ד וַאֲשִׁישָׁ֖ה אֶחָ֑ת וַיֵּ֥לֶךְ כָּל־הָעָ֖ם אִ֥ישׁ לְבֵיתֽוֹ׃
20 ২০ তেতিয়া দায়ূদে নিজৰ পৰিয়ালক আশীৰ্ব্বাদ কৰিবৰ বাবে উভটি আহিল৷ চৌলৰ জীয়েক মীখলে, দায়ূদক আগবঢ়াবলৈ ওলাই গৈ ক’লে, “আজি ইস্ৰায়েলৰ ৰজা কেনে গৌৰৱান্বিত হ’ল! যেনেকৈ কোনো অমার্জিত চিত্তৰ লোক নিলাজৰ দৰে বিবস্ত্ৰ হয়, তেনেকৈ তেওঁ আজি নিজ দাসবোৰৰ মাজৰ বেটীসকলৰ আগত বিবস্ত্ৰ হ’ল!”
וַיָּ֥שָׁב דָּוִ֖ד לְבָרֵ֣ךְ אֶת־בֵּית֑וֹ וַתֵּצֵ֞א מִיכַ֤ל בַּת־שָׁאוּל֙ לִקְרַ֣את דָּוִ֔ד וַתֹּ֗אמֶר מַה־נִּכְבַּ֨ד הַיּ֜וֹם מֶ֣לֶךְ יִשְׂרָאֵ֗ל אֲשֶׁ֨ר נִגְלָ֤ה הַיּוֹם֙ לְעֵינֵ֨י אַמְה֣וֹת עֲבָדָ֔יו כְּהִגָּל֥וֹת נִגְל֖וֹת אַחַ֥ד הָרֵקִֽים׃
21 ২১ তেতিয়া দায়ূদে সমিধান দি মীখলক ক’লে, “তোমাৰ পিতৃ আৰু তেওঁৰ সকলো বংশৰ ওপৰত যিহোৱাৰ প্ৰজা ইস্ৰায়েল লোকৰ অধ্যক্ষপদত মোক যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মনোনীত কৰিলে, সেই যিহোৱাৰ সাক্ষাতেই মই তাকেই কৰিলোঁ। এই হেতুকে মই সেই যিহোৱাৰ সাক্ষাতেই আমোদ কৰিম৷
וַיֹּ֣אמֶר דָּוִד֮ אֶל־מִיכַל֒ לִפְנֵ֣י יְהוָ֗ה אֲשֶׁ֨ר בָּֽחַר־בִּ֤י מֵֽאָבִיךְ֙ וּמִכָּל־בֵּית֔וֹ לְצַוֹּ֨ת אֹתִ֥י נָגִ֛יד עַל־עַ֥ם יְהוָ֖ה עַל־יִשְׂרָאֵ֑ל וְשִׂחַקְתִּ֖י לִפְנֵ֥י יְהוָֽה׃
22 ২২ মই ইয়াতকৈয়ো আৰু ‘লঘু’ হ’ম আৰু মোৰ নিজ দৃষ্টিত আৰু হীন হ’ম, কিন্তু তুমি যি বেটীসকলৰ কথা কলা, সিহঁতৰ আগতেই নিলাজৰ দৰে অমার্জিত চিত্তৰ লোক হৈ আদৰ পোৱা হ’ম।”
וּנְקַלֹּ֤תִי עוֹד֙ מִזֹּ֔את וְהָיִ֥יתִי שָׁפָ֖ל בְּעֵינָ֑י וְעִם־הָֽאֲמָהוֹת֙ אֲשֶׁ֣ר אָמַ֔רְתְּ עִמָּ֖ם אִכָּבֵֽדָה׃
23 ২৩ এতেকে চৌলৰ জীয়েক মীখলৰ মৰণ কাললৈকে কোনো সন্তান নহ’ল।
וּלְמִיכַל֙ בַּת־שָׁא֔וּל לֹֽא־הָ֥יָה לָ֖הּ יָ֑לֶד עַ֖ד י֥וֹם מוֹתָֽהּ׃ פ

< ২ সামুয়েল 6 >