< ২ সামুয়েল 5 >
1 ১ তাৰ পাছত ইস্ৰায়েলৰ সকলো ফৈদে হিব্ৰোণত থকা দায়ূদৰ ওচৰলৈ আহি ক’লে, “চাওঁক, আমি আপোনাৰ হাড় আৰু মঙহ৷
Alors toutes les Tribus d'Israël vinrent vers David à Hébron, et lui parlèrent, en disant: Voici, nous sommes tes os et ta chair.
2 ২ আৰু আগেয়ে যেতিয়া চৌল আমাৰ ৰজা আছিল, তেতিয়াও আপুনিয়েই ইস্ৰায়েলক বাহিৰলৈ আৰু ভিতৰলৈ অনা নিয়া কৰিছিল৷ আৰু যিহোৱাই আপোনাক কৈছিল, যে, ‘তুমিয়েই ৰখীয়া হৈ মোৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলক চলাবা আৰু ইস্ৰায়েলৰ ওপৰত অধিপতি হ’বা’।”
Et même auparavant, quand Saül était Roi sur nous, tu étais celui qui menais et qui ramenais Israël; et de plus l'Eternel t'a dit: Tu paîtras mon peuple d'Israël, et tu seras Conducteur d'Israël.
3 ৩ এইদৰে ইস্ৰায়েলৰ আটাই বৃদ্ধলোক হিব্ৰোণত থকা ৰজাৰ ওচৰলৈ আহিল আৰু দায়ুদ ৰজাই হিব্ৰোণত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ লগত এটি নিয়ম কৰিলে৷ আৰু তেওঁলোকে ইস্ৰায়েলৰ ওপৰত দায়ূদক ৰজা পাতি অভিষেক কৰিলে।
Tous les Anciens donc d'Israël vinrent vers le Roi à Hébron; et le Roi David traita alliance avec eux à Hébron devant l'Eternel; et ils oignirent David pour Roi sur Israël.
4 ৪ দায়ূদে ত্ৰিশ বছৰ বয়সত ৰজা হৈ চল্লিশ বছৰ ৰাজত্ব কৰিলে।
David était âgé de trente ans quand il commença à régner, [et] il régna quarante ans.
5 ৫ তেওঁ হিব্ৰোণত যিহূদাৰ ওপৰত সাত বছৰ ছমাহ ৰাজত্ব কৰিলে আৰু যিৰূচালেমত গোটেই ইস্ৰায়েলৰ আৰু যিহূদাৰ ওপৰত তেত্ৰিশ বছৰ ৰাজত্ব কৰিলে।
Il régna à Hébron sur Juda sept ans et six mois; puis il régna trente-trois ans à Jérusalem sur tout Israël et Juda.
6 ৬ তাৰ পাছত ৰজা আৰু তেওঁৰ লোকসকলে দেশ-নিবাসী যিবুচীয়াসকলৰ বিৰুদ্ধে যিৰূচালেমলৈ বুলি যাত্ৰা কৰিলে৷ তেওঁলোকে দায়ূদক ক’লে, “তুমি এই ঠাইত সোমাবলৈ নাপাবা কিয়নো কণাবোৰে আৰু খোৰা- বোৰেই তোমাক খেদাই দিব; তেওঁলোকে ভাবিছিল, দায়ুদ এই ঠাইত আৰু সোমাব নোৱাৰিব।”
Or le Roi s'en alla avec ses gens à Jérusalem contre les Jébusiens qui habitaient en ce pays-là, lesquels dirent à David: Tu n'entreras point ici que tu n'aies ôté les aveugles et les boiteux; voulant dire, David n'entrera point ici.
7 ৭ তথাপিও দায়ূদে চিয়োন দুৰ্গ হাত কৰি ল’লে; সেয়ে দায়ূদৰ নগৰ।
Néanmoins David prit la forteresse de Sion, qui est la Cité de David.
8 ৮ তেতিয়াই দায়ূদে কৈছিল, “যি কোনোৱে যিবুচীয়াসকলক আক্ৰমণ কৰিব খোজে, তেওঁ পানীৰ নলাইদি উঠি গৈ দায়ূদৰ ঘিণলগীয়া সেই ‘কণা আৰু খোৰা’বোৰক আঘাত কৰক।” এই কাৰণে মানুহে কয়, “ই ‘কণা আৰু খোৰা’বোৰ ৰাজপ্ৰাসাদৰ ভিতৰত সোমাব নোৱাৰিব।”
Or David avait dit en ce jour-là: Quiconque aura battu les Jébusiens, et aura atteint le canal, et les aveugles et les boiteux qui sont haïs de l'âme de David, [sera récompensé]. C'est pourquoi on dit: Aucun aveugle ni boiteux n'entrera dans cette maison.
9 ৯ তাৰ পাছত দায়ূদে সেই দুৰ্গত নিবাস কৰি, তাৰ নাম দায়ূদৰ নগৰ ৰাখিলে৷ আৰু মিল্লোৰ পৰা ভিতৰৰ চাৰিওফালে গড় নিৰ্ম্মাণ কৰিলে।
Et David habita dans la forteresse, et l'appela la Cité de David; et David y bâtit tout alentour, depuis Millo jusqu'au dedans.
10 ১০ পাছত দায়ুদ ক্ৰমে ক্ৰমে বৃদ্ধি পাই মহান হ’ল; কিয়নো বাহিনীসকলৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগে লগে আছিল।
Et David faisait toujours des progrès; car l'Eternel le Dieu des armées était avec lui.
11 ১১ তেতিয়া তূৰৰ ৰজা হীৰমে দায়ূদৰ ওচৰলৈ দূত পঠিয়ালে আৰু এৰচ কাঠ, কাঠমিস্ত্ৰীসকল আৰু ৰাজমিস্ত্ৰীসকলক পঠিয়াই দিলে৷ তেওঁলোকে দায়ূদৰ কাৰণে এটা গৃহ নিৰ্ম্মাণ কৰিলে।
Hiram aussi Roi de Tyr envoya des messagers à David, et du bois de cèdre, et des charpentiers, et des tailleurs de pierres à bâtir; et ils bâtirent la maison de David.
12 ১২ তাতে দায়ূদে জানিলে যিহোৱাই যে ইস্ৰায়েলৰ ওপৰত তেওঁক ৰজা পাতিলে, সেই বাবে নিজৰ প্ৰজা ইস্ৰায়েলসকলৰ বাবে তেওঁৰ ৰাজ্য উন্নত কৰিলে।
Et David connut que l'Eternel l'avait affermi Roi sur Israël, et qu'il avait élevé son Royaume, à cause de son peuple d'Israël.
13 ১৩ দায়ূদে হিব্ৰোণৰ পৰা অহাৰ পাছত, যিৰূচালেমত আন আন উপপত্নী আৰু পত্নীসমূহক ল’লে, তাতে দায়ূদলৈ আৰু অধিক পো আৰু জী জন্মিল।
Et David prit encore des concubines et des femmes de Jérusalem, après qu'il fut venu d'Hébron, et il lui naquit encore des fils et des filles.
14 ১৪ যিৰূচালেমত তেওঁলৈ যিসকল সন্তান জন্ম পালে, তেওঁলোকৰ নাম চম্মুৱা, চোবব, নাথন, চলোমন,
Et ce sont ici les noms de ceux qui lui naquirent à Jérusalem, Sammuah, et Sobab, et Nathan, et Salomon,
15 ১৫ যিভৰ, ইলীচূৱা, নেফগ, যাফীয়া,
Et Jibhar, et Elisuah, et Népheg, et Japhiah,
16 ১৬ ইলীচামা, ইলিয়াদা আৰু ইলীফেলট আছিল।
Et Elisama, et Eljadah, et Eliphelet.
17 ১৭ পাছত যেতিয়া দায়ূদক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰা সম্বাদ পালে, তেতিয়া আটাই পলেষ্টীয়াসকলে দায়ূদক বিচাৰিবলৈ উঠি আহিল। দায়ূদে তাকে শুনি দুৰ্গলৈ নামি গ’ল।
r quand les Philistins eurent appris qu'on avait oint David pour Roi sur Israël, ils montèrent tous pour chercher David; et David l'ayant appris, descendit vers la forteresse.
18 ১৮ তেতিয়া পলেষ্টীয়াসকলে আহি ৰফায়ীম উপত্যকা জুৰি ল’লে।
Et les Philistins vinrent, et se répandirent dans la vallée des Réphaïms.
19 ১৯ তেতিয়া দায়ূদে যিহোৱাৰ পৰা সহায় বিচাৰিলে৷ তেওঁক সুধিলে, “মই পলেষ্টীয়াসকলক আক্ৰমণ কৰিম নে? আপুনি তেওঁলোকক মোৰ হাতত সমৰ্পণ কৰিব নে?” তেতিয়া যিহোৱাই দায়ূদক ক’লে, “আক্ৰমণ কৰা, কিয়নো মই নিশ্চয়ে ফিলিষ্টীয়াসকলক তোমাৰ হাতত সমৰ্পণ কৰিম।”
Alors David consulta l'Eternel, en disant: Monterai-je contre les Philistins? les livreras-tu entre mes mains? et l'Eternel répondit à David: Monte, car certainement je livrerai les Philistins entre tes mains.
20 ২০ তেতিয়া দায়ূদে বালপৰাচীমলৈ আহি তাতে তেওঁলোকক পৰাজয় কৰিলে৷ তেওঁ মন্তব্য কৰি ক’লে, “যিহোৱাই মোৰ শত্ৰূবোৰক মোৰ সন্মুখত বান পানীয়ে সেতু ভঙাৰ দৰে তেওঁলোকক ভাঙিলে।” এই কাৰণে সেই ঠাইৰ নাম বালপৰাচীম ৰাখা হ’ল।
Alors David vint en Bahal-pératsim, et les battit là, et il dit: L'Eternel a fait écouler mes ennemis devant moi, comme par un débordement d'eaux; c'est pourquoi il nomma ce lieu-là, Bahal-pératsim.
21 ২১ সেই ঠাইতে তেওঁলোকৰ মুৰ্ত্তিবোৰ এৰি থৈ গ’ল; তাতে দায়ুদ আৰু তেওঁৰ লোকসকলে সেইবোৰ লৈ আহিল।
Et ils laissèrent là leurs faux dieux, lesquels David et ses gens emportèrent.
22 ২২ তাৰ পাছত পলেষ্টীয়াসকলে আকৌ আহি ৰফায়ীম উপত্যকা জুৰি ল’লে।
Et les Philistins montèrent encore une autre fois, et se répandirent dans la vallée des Réphaïms.
23 ২৩ তেতিয়া দায়ূদে যিহোৱাৰ পৰা পুনৰ সহায় বিচাৰিলে আৰু যিহোৱাই তেওঁক ক’লে, “তুমি তেওঁলোকৰ সন্মুখেৰে আক্ৰমণ নকৰিবা, বৰং তেওঁলোকৰ পাছফালেদি ঘূৰি গৈ, নুনি গছ কেই জোপাৰ সন্মুখত তেওঁলোকৰ আগত উপস্থিত হ’বা।
Et David consulta l'Eternel, qui répondit: Tu ne monteras point; [mais] tu tourneras derrière eux, et iras contr'eux vis-à-vis des meuriers.
24 ২৪ যেতিয়া সেই নুনি গছ কেইজোপাৰ মাজেৰে সৈন্য যোৱাৰ নিছিনা শব্দ শুনিবা, তেতিয়া সৈন্য-সামন্তৰে সৈতে আক্ৰমণ কৰিবা৷ কিয়নো তেতিয়াই যিহোৱাই পলেষ্টীয়াসকলৰ সৈন্য-সামন্তক আক্রমণ কৰিবৰ অৰ্থে তোমাৰ আগতেই গ’ল, গতিকে তুমি এইদৰেই কৰা৷”
Et quand tu entendras sur le sommet des meuriers un bruit comme de gens qui marchent, alors remue-toi; parce que l'Eternel sera sorti alors devant toi pour battre le camp des Philistins.
25 ২৫ তেতিয়া দায়ূদে যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে। তেওঁ গেবাৰ পৰা গেজৰলৈকে পলেষ্টীয়াসকলক বধ কৰিলে।
David donc fit ainsi que l'Eternel lui avait commandé; et battit les Philistins depuis Guébah jusqu'à Guézer.