< ২ সামুয়েল 5 >

1 তাৰ পাছত ইস্ৰায়েলৰ সকলো ফৈদে হিব্ৰোণত থকা দায়ূদৰ ওচৰলৈ আহি ক’লে, “চাওঁক, আমি আপোনাৰ হাড় আৰু মঙহ৷
Derpaa kom alle Israels Stammer til David i Hebron og sagde: »Vi er jo dit Kød og Blod!
2 আৰু আগেয়ে যেতিয়া চৌল আমাৰ ৰজা আছিল, তেতিয়াও আপুনিয়েই ইস্ৰায়েলক বাহিৰলৈ আৰু ভিতৰলৈ অনা নিয়া কৰিছিল৷ আৰু যিহোৱাই আপোনাক কৈছিল, যে, ‘তুমিয়েই ৰখীয়া হৈ মোৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলক চলাবা আৰু ইস্ৰায়েলৰ ওপৰত অধিপতি হ’বা’।”
Allerede før i Tiden, da Saul var Konge over os, var det dig, som førte Israel ud i Kamp og hjem igen; og HERREN sagde til dig: Du skal vogte mit Folk Israel og være Hersker over Israel!«
3 এইদৰে ইস্ৰায়েলৰ আটাই বৃদ্ধলোক হিব্ৰোণত থকা ৰজাৰ ওচৰলৈ আহিল আৰু দায়ুদ ৰজাই হিব্ৰোণত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ লগত এটি নিয়ম কৰিলে৷ আৰু তেওঁলোকে ইস্ৰায়েলৰ ওপৰত দায়ূদক ৰজা পাতি অভিষেক কৰিলে।
Og alle Israels Ældste kom til Kongen i Hebron, og Kong David sluttede i Hebron Pagt med dem for HERRENS Aasyn, og de salvede David til Konge over Israel.
4 দায়ূদে ত্ৰিশ বছৰ বয়সত ৰজা হৈ চল্লিশ বছৰ ৰাজত্ব কৰিলে।
David var tredive Aar, da han blev Konge, og han herskede fyrretyve Aar.
5 তেওঁ হিব্ৰোণত যিহূদাৰ ওপৰত সাত বছৰ ছমাহ ৰাজত্ব কৰিলে আৰু যিৰূচালেমত গোটেই ইস্ৰায়েলৰ আৰু যিহূদাৰ ওপৰত তেত্ৰিশ বছৰ ৰাজত্ব কৰিলে।
I Hebron herskede han over Juda syv Aar og seks Maaneder, og i Jerusalem herskede han tre og tredive Aar over hele Israel og Juda.
6 তাৰ পাছত ৰজা আৰু তেওঁৰ লোকসকলে দেশ-নিবাসী যিবুচীয়াসকলৰ বিৰুদ্ধে যিৰূচালেমলৈ বুলি যাত্ৰা কৰিলে৷ তেওঁলোকে দায়ূদক ক’লে, “তুমি এই ঠাইত সোমাবলৈ নাপাবা কিয়নো কণাবোৰে আৰু খোৰা- বোৰেই তোমাক খেদাই দিব; তেওঁলোকে ভাবিছিল, দায়ুদ এই ঠাইত আৰু সোমাব নোৱাৰিব।”
Derpaa drog Kongen med sine Mænd til Jerusalem mod Jebusiterne, som boede deri Landet. Man sagde til Kongen: »Her kan du ikke trænge ind, thi blinde og lamme vil slaa dig tilbage!« Dermed vilde de sige: »David kommer ikke herind!«
7 তথাপিও দায়ূদে চিয়োন দুৰ্গ হাত কৰি ল’লে; সেয়ে দায়ূদৰ নগৰ।
Men David indtog Klippeborgen Zion, det er Davidsbyen.
8 তেতিয়াই দায়ূদে কৈছিল, “যি কোনোৱে যিবুচীয়াসকলক আক্ৰমণ কৰিব খোজে, তেওঁ পানীৰ নলাইদি উঠি গৈ দায়ূদৰ ঘিণলগীয়া সেই ‘কণা আৰু খোৰা’বোৰক আঘাত কৰক।” এই কাৰণে মানুহে কয়, “ই ‘কণা আৰু খোৰা’বোৰ ৰাজপ্ৰাসাদৰ ভিতৰত সোমাব নোৱাৰিব।”
Paa den Dag sagde David: »Enhver, som trænger frem til Vandledningen og slaar en Jebusit, de halte og blinde, som Davids Sjæl hader, skal være Øverste og Hærfører«. Derfor siger man: »En blind og en lam kommer ikke ind i Huset!«
9 তাৰ পাছত দায়ূদে সেই দুৰ্গত নিবাস কৰি, তাৰ নাম দায়ূদৰ নগৰ ৰাখিলে৷ আৰু মিল্লোৰ পৰা ভিতৰৰ চাৰিওফালে গড় নিৰ্ম্মাণ কৰিলে।
Saa tog David Bolig i Klippeborgen og kaldte den Davidsbyen; og han befæstede Byen rundt om fra Millo og indefter.
10 ১০ পাছত দায়ুদ ক্ৰমে ক্ৰমে বৃদ্ধি পাই মহান হ’ল; কিয়নো বাহিনীসকলৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগে লগে আছিল।
Og David blev mægtigere og mægtigere; HERREN, Hærskarers Gud, var med ham.
11 ১১ তেতিয়া তূৰৰ ৰজা হীৰমে দায়ূদৰ ওচৰলৈ দূত পঠিয়ালে আৰু এৰচ কাঠ, কাঠমিস্ত্ৰীসকল আৰু ৰাজমিস্ত্ৰীসকলক পঠিয়াই দিলে৷ তেওঁলোকে দায়ূদৰ কাৰণে এটা গৃহ নিৰ্ম্মাণ কৰিলে।
Kong Hiram af Tyrus sendte Sendebud til David med Cedertræer og tillige Tømmermænd og Stenhuggere, som byggede ham et Hus.
12 ১২ তাতে দায়ূদে জানিলে যিহোৱাই যে ইস্ৰায়েলৰ ওপৰত তেওঁক ৰজা পাতিলে, সেই বাবে নিজৰ প্ৰজা ইস্ৰায়েলসকলৰ বাবে তেওঁৰ ৰাজ্য উন্নত কৰিলে।
Da skønnede David, at HERREN havde sikret hans Kongemagt over Israel og højnet hans Kongedømme for sit Folk Israels Skyld.
13 ১৩ দায়ূদে হিব্ৰোণৰ পৰা অহাৰ পাছত, যিৰূচালেমত আন আন উপপত্নী আৰু পত্নীসমূহক ল’লে, তাতে দায়ূদলৈ আৰু অধিক পো আৰু জী জন্মিল।
David tog i Jerusalem endnu flere Medhustruer og Hustruer, efter at han var kommet dertil fra Hebron, og der fødtes ham flere Sønner og Døtre.
14 ১৪ যিৰূচালেমত তেওঁলৈ যিসকল সন্তান জন্ম পালে, তেওঁলোকৰ নাম চম্মুৱা, চোবব, নাথন, চলোমন,
Navnene paa dem, som fødtes ham i Jerusalem, er følgende: Sjammua, Sjobab, Natan, Salomo,
15 ১৫ যিভৰ, ইলীচূৱা, নেফগ, যাফীয়া,
Jibhar, Elisjua, Nefeg, Jafia,
16 ১৬ ইলীচামা, ইলিয়াদা আৰু ইলীফেলট আছিল।
Elisjama, Ba'aljada og Elifelet.
17 ১৭ পাছত যেতিয়া দায়ূদক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰা সম্বাদ পালে, তেতিয়া আটাই পলেষ্টীয়াসকলে দায়ূদক বিচাৰিবলৈ উঠি আহিল। দায়ূদে তাকে শুনি দুৰ্গলৈ নামি গ’ল।
Men da Filisterne hørte, at David var salvet til Konge over Israel, rykkede de alle ud for at søge efter ham. Ved Efterretningen herom drog David ned til Klippeborgen,
18 ১৮ তেতিয়া পলেষ্টীয়াসকলে আহি ৰফায়ীম উপত্যকা জুৰি ল’লে।
medens Filisterne kom og bredte sig i Refaimdalen.
19 ১৯ তেতিয়া দায়ূদে যিহোৱাৰ পৰা সহায় বিচাৰিলে৷ তেওঁক সুধিলে, “মই পলেষ্টীয়াসকলক আক্ৰমণ কৰিম নে? আপুনি তেওঁলোকক মোৰ হাতত সমৰ্পণ কৰিব নে?” তেতিয়া যিহোৱাই দায়ূদক ক’লে, “আক্ৰমণ কৰা, কিয়নো মই নিশ্চয়ে ফিলিষ্টীয়াসকলক তোমাৰ হাতত সমৰ্পণ কৰিম।”
David raadspurgte da HERREN: »Skal jeg drage op mod Filisterne? Vil du give dem i min Haand?« Og HERREN svarede David: »Drag op, thi jeg vil give Filisterne i din Haand!«
20 ২০ তেতিয়া দায়ূদে বালপৰাচীমলৈ আহি তাতে তেওঁলোকক পৰাজয় কৰিলে৷ তেওঁ মন্তব্য কৰি ক’লে, “যিহোৱাই মোৰ শত্ৰূবোৰক মোৰ সন্মুখত বান পানীয়ে সেতু ভঙাৰ দৰে তেওঁলোকক ভাঙিলে।” এই কাৰণে সেই ঠাইৰ নাম বালপৰাচীম ৰাখা হ’ল।
Saa drog David til Ba'al-Perazim, og der slog han dem. Da sagde han: »HERREN har brudt igennem mine Fjender foran mig, som Vand bryder igennem!« Derfor kalder man Stedet Ba'al-Perazim.
21 ২১ সেই ঠাইতে তেওঁলোকৰ মুৰ্ত্তিবোৰ এৰি থৈ গ’ল; তাতে দায়ুদ আৰু তেওঁৰ লোকসকলে সেইবোৰ লৈ আহিল।
Og de lod deres Guder i Stikken der, og David og hans Mænd tog dem.
22 ২২ তাৰ পাছত পলেষ্টীয়াসকলে আকৌ আহি ৰফায়ীম উপত্যকা জুৰি ল’লে।
Men Filisterne bredte sig paa ny i Refaimdalen.
23 ২৩ তেতিয়া দায়ূদে যিহোৱাৰ পৰা পুনৰ সহায় বিচাৰিলে আৰু যিহোৱাই তেওঁক ক’লে, “তুমি তেওঁলোকৰ সন্মুখেৰে আক্ৰমণ নকৰিবা, বৰং তেওঁলোকৰ পাছফালেদি ঘূৰি গৈ, নুনি গছ কেই জোপাৰ সন্মুখত তেওঁলোকৰ আগত উপস্থিত হ’বা।
Da David raadspurgte HERREN, svarede han: »Drag ikke imod dem, men omgaa dem og fald dem i Ryggen ud for Bakabuskene.
24 ২৪ যেতিয়া সেই নুনি গছ কেইজোপাৰ মাজেৰে সৈন্য যোৱাৰ নিছিনা শব্দ শুনিবা, তেতিয়া সৈন্য-সামন্তৰে সৈতে আক্ৰমণ কৰিবা৷ কিয়নো তেতিয়াই যিহোৱাই পলেষ্টীয়াসকলৰ সৈন্য-সামন্তক আক্রমণ কৰিবৰ অৰ্থে তোমাৰ আগতেই গ’ল, গতিকে তুমি এইদৰেই কৰা৷”
Naar du da hører Lyden af Skridt i Bakabuskenes Toppe, skal du skynde dig, thi saa er HERREN draget ud foran dig for at slaa Filisternes Hær!«
25 ২৫ তেতিয়া দায়ূদে যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে। তেওঁ গেবাৰ পৰা গেজৰলৈকে পলেষ্টীয়াসকলক বধ কৰিলে।
David gjorde, som HERREN bød, og slog Filisterne fra Gibeon til hen imod Gezer.

< ২ সামুয়েল 5 >