< ২ সামুয়েল 4 >
1 ১ যেতিয়া চৌলৰ পুত্ৰ ঈচ্বোচতে অবনেৰ’ৰ মৃত্যু হিব্ৰোণত হোৱা কথাষাৰ শুনিলে, তেওঁৰ হাত দূৰ্ব্বল হ’ল আৰু আটাই ইস্ৰায়েল চিন্তিত হ’ল।
၁အာဗနာသည် ဟေဗြုန်မြို့၌ သေကြောင်းကို ရှောလူ၏သားသည် ကြားသော် အားလျော့၏။ ဣသ ရေလလူအပေါင်းတို့သည် ပူပန်သောစိတ်ရှိကြ၏။
2 ২ চৌলৰ পুত্ৰৰ দুজন সৈন্যবৰ্গৰ দলপতি আছিল৷ এজনৰ নাম বানা আৰু আন জনৰ নাম ৰেখব; তেওঁলোক বিন্যামীনৰ বংশৰ বেৰোতীয়া ৰিম্মোনৰ পুত্ৰ; কিয়নো বেৰোতা বিন্যামীনৰ আধিপত্যৰ মাজৰো এজন বুলি গণিত হৈছিল
၂ရှောလု၏သား၌ ဗာနာနှင့် ရေခပ်အမည် ရှိသော သူတည်းဟူသော တပ်မှူးနှစ်ယောက်ရှိ၏။ သူတို့ သည် ဗင်္ယာမိန်အမျိုးဗေရာသိအနွယ် ရိမ္မုန်၏သား ဖြစ်ကြ ၏။ ဗေရုတ်မြို့သည် ဗင်္ယာမိန်ခရိုင်အဝင်ဖြစ်သော် လည်း၊
3 ৩ আৰু বেৰোতীয়াসকল গিত্তয়িমলৈ পলাই গৈ সেই ঠাইতে আজিলৈকে প্ৰবাস কৰি আছে।
၃ဗေရောသိလူတို့သည် ဂိတ္တိမ်မြို့သို့ပြေး၍ ယနေ့တိုင်အောင် တည်းခိုလျက် နေကြသတည်း။
4 ৪ চৌলৰ পুত্ৰ যোনাথনৰ, দুয়োখন ভৰি খোৰা হোৱা এজন পুত্ৰ আছিল। যিজ্ৰিয়েলৰ পৰা যেতিয়া চৌল আৰু যোনাথনৰ মৃত্যুৰ সম্বাদ আহিছিল, তেতিয়া ল’ৰাজনৰ পাঁচ বছৰ বয়স আছিল৷ সেই ল’ৰাজনৰ শুশ্ৰূষাকাৰিণীয়ে তাক লৈ পলাই গৈছিল৷ কিন্তু শুশ্ৰূষাকাৰিণীয়ে বেগেৰে পলাই যাওঁতে যোনাথনৰ পুত্ৰ পৰি আঘাত পোৱাত খোৰা হৈছিল। তাৰ নাম মফিবোচৎ আছিল।
၄ရှောလု၏သား ယောနသန်၌ ခြေဆွံ့သော သားတယောက်ရှိရစ်၏။ သူသည် အသက်ငါးနှစ်ရှိသော အခါ၊ ယေဇရေလမြို့မှ ရှောလုနှင့်ယောန သန်တို့၏ သိတင်းကိုကြားလျှင်၊ အထိန်းသည် သူ့ကိုချီ၍ ပြေးစဉ် တွင်၊ အလျင်အမြန်ပြေးသောကြောင့်၊ သူငယ်သည် ကျ၍ ခြေဆွံ့၏။ ထိုသူငယ်၏အမည်ကား မေဖိဗောရှက်တည်း။
5 ৫ পাছত বেৰোতীয়া ৰিম্মোনৰ সেই দুজন পুত্ৰ ৰেখব আৰু বানাই দিনৰ টান ৰ’দৰ কালত যাত্ৰা কৰি ঈচ্বোচতৰ ঘৰ পালেগৈ, তেতিয়া দুপৰ বেলাৰ সময়, যেতিয়া তেওঁ জিৰণি লৈ আছিল।
၅ဗေရောသိအမျိုး ရိမ္မုန်၏သားရေခပ်နှင့် ဗာနာတို့ သည် ဣရှဗောရှက်အိမ်သို့သွား၍ မွန်းတည့်အချိန်၌ ရောက်၏။ ထိုအချိန်၌ ဣရှဗောရှက်သည် အိပ်တတ်၏။
6 ৬ তাতে ঘেহুঁধান চালি থকা সময়ত, দুৱাৰত ৰখীয়া হৈ থকা এগৰাকি মহিলাই টোপনি যোৱাত, ৰেখব আৰু বানাই নিৰৱে তাইৰ কাষেৰে পাৰ হৈ গ’ল৷
၆ထိုညီအစ်ကိုရေခပ်နှင့် ဗာနာတို့သည် စပါးကို ထုတ်ဟန်ဆောင်၍ အိမ်အလယ်သို့ ဝင်ပြီးလျှင်၊
7 ৭ তাতে তেওঁৰ শোৱা কোঠালিত নিজ খাটত শুই থাকোঁতেই, তেওঁলোকে ভিতৰলৈ সোমাই গৈ আঘাত কৰি তেওঁক বধ কৰিলে৷ পাছত তেওঁৰ মূৰ কাটি, সেই মূৰ লৈ অৰাবাৰ বাটেদি ওৰে ৰাতি যাত্ৰা কৰিলে।
၇အိပ်ခန်းထဲ အိပ်ရာပေါ်မှာ အိပ်လျက်နေသော ဣရှဗောရှက်၏ဝမ်းကို ထိုး၍သတ်သဖြင့်၊ ဦးခေါင်းကို ဖြတ်ယူပြီးမှ တညဉ့်လုံးလွင်ပြင်လမ်းဖြင့်ပြေး၍ လွတ်ကြ ၏။
8 ৮ তেওঁলোকে ঈচ্বোচতৰ মূৰটো হিব্ৰোণত থকা দায়ূদৰ ওচৰলৈ নি ৰজাক ক’লে, “চাওঁক, আপোনাৰ প্ৰাণ নাশৰ চেষ্টা কৰা চৌলৰ পুত্ৰ ঈচ্বোচতৰ মুৰ এইয়া। যিহোৱাই আজি মোৰ প্ৰভু মহাৰাজৰ পক্ষে চৌল আৰু তেওঁৰ বংশৰ ওপৰত প্ৰতিকাৰ সাধিলে।”
၈ဣရှဗောရှက်၏ ဦးခေါင်းကို ဟေဗြုန်မြို့ဒါဝိဒ် ထံတော်သို့ ဆောင်ခဲ့၍၊ ကိုယ်တော်အသက်ကိုရှာသော ကိုယ်တော်ရန်သူရှောလု၏ သားဣရှဗောရှက်၏ ဦးခေါင်းကို ကြည့်ရှုတော်မူပါ။ ကျွန်တော်သခင် အရှင် မင်းကြီးခံရတော်မူသော အပြစ်ကိုထာဝရဘုရားသည် ရှောလု၌၎င်း၊ သူ၏အမျိုးအနွယ်၌၎င်း၊ ယနေ့ဆပ်ပေး တော်မူပြီဟု အထံတော်တွင် လျှောက်ဆိုသော်၊
9 ৯ কিন্তু দায়ূদে বেৰোতীয়া ৰিম্মোনৰ পুতেক ৰেখব আৰু তাৰ ককায়েক বানাক এই উত্তৰ দি ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সকলো সঙ্কটৰ পৰা মোৰ প্ৰাণ উদ্ধাৰ কৰিলে, সেই যিহোৱাৰ জীৱনৰ শপত,
၉ဒါဝိဒ်က၊ ငါ့အသက်ကို ဘေးဥပဒ်အပေါင်းတို့မှ ရွေးတော်မူသော ထာဝရဘုရား အသက်ရှင်တော်မူ သည်အတိုင်း၊
10 ১০ যেতিয়া কোনো এজন মানুহে বৰ ভাল খবৰ আনিছো বুলি ভাবি মোক কৈছিল, ‘চাওঁক, চৌল মৰিল’, তেতিয়া মই তেওঁক ধৰি চিক্লগত বধ কৰিলোঁ আৰু এইটোৱেই বাতৰি অনাৰ বাবে তেওঁক মই দিয়া তেওঁৰ পুৰস্কাৰ আছিল।
၁၀အရင်တခါလူတယောက်သည် လာ၍ ဝမ်းမြောက်စရာသိတင်းကိုပြောမည်အကြံရှိလျက်၊ ရှောလု သေပါပြီဟု ငါ့အားကြားပြောသောအခါ၊ ထိုသိတင်းကို ပြောသောကြောင့် ဆုကိုရမည်ဟု ထင်သောထိုသူကို၊ ဇိကလတ်မြို့၌ ငါကိုင်ဆွဲ၍သတ်၏။
11 ১১ পাছত, দুষ্টবোৰে এজন নিৰ্দোষীলোকক তেওঁৰ ঘৰৰ ভিতৰত সোমাই তেওঁ খাটত শুই থাকোতে তেওঁক যদি বধ কৰে, তেনেহ’লে তোমালোকৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ তাতকৈ অধিক নল’ম নে? আৰু তোমালোকক পৃথিৱীৰ পৰা উচ্ছন্ন নকৰিম নে?”
၁၁ထိုမျှမက လူဆိုးတို့သည် ဖြောင့်မတ်သောသူကိုသူ၏ အိမ်အတွင်း အိပ်ရာပေါ်မှာသတ်လျှင်၊ သာ၍ ပြုသင့်သည်မဟုတ်လော။ ယခုပင်သူ၏ အသွေးကို သင်တို့၌ ငါတောင်း၍ သင်တို့ကိုမြေကြီးပေါ်က ပယ်ရှားသင့်သည်မဟုတ်လောဟု ဗေရောသိအမျိုး၊ ရိမ္မုန်၏သားရေခပ်နှင့် ညီဗာနာအားဆိုပြီးလျှင်၊
12 ১২ তেতিয়া দায়ূদে তেওঁৰ ডেকাসকলক আজ্ঞা কৰাত, তেওঁলোকক বধ কৰি তেওঁলোকৰ হাত-ভৰি কাটি পেলালে আৰু হিব্ৰোণৰ পুখুৰীৰ পাৰত তেওঁলোকৰ শৱ আৰি হ’ল৷ কিন্তু তেওঁলোকে ঈচ্বোচতৰ মূৰটো লৈ হিব্ৰোণত থকা অবনেৰ’ৰ মৈদামতে মৈদাম দিলে।
၁၂လုလင်တို့ကကိုမိန့်တော်မူ၍ ထိုသူနှစ်ယောက် ကိုက်သတ်ကြ၏။ လက်ခြေတို့ကိုဖြတ်၍ ဟေဗြုန် ရေကန်အနားမှာ ဆွဲထားကြ၏။ ဣရှဗောရှက်၏ ဦးခေါင်းကိုကားယူ၍ ဟေဗြုန်မြို့တွင် အားဗနာသင်္ချိုင်း၌ သင်္ဂြိုဟ်ကြ၏။