< ২ সামুয়েল 3 >

1 চৌলৰ বংশ আৰু দায়ূদৰ বংশৰ মাজত বহুকাল ধৰি যুদ্ধ হ’ল৷ দায়ুদ ক্ৰমে বলৱান হৈ উঠিল, কিন্তু চৌলৰ বংশ হ’লে ক্ৰমে শক্তিহীন হৈ আহিল।
Facta est ergo longa concertatio inter domum Saul, et inter domum David: David proficiscens, et semper seipso robustior, domus autem Saul decrescens quotidie.
2 হিব্ৰোণত দায়ূদৰ কেইবাজনো পুত্ৰ জন্মিল। তেওঁৰ বৰ পুত্ৰ অম্নোন, যিজ্ৰিয়েলীয়া অহীনোৱমৰ সন্তান;
Natique sunt filii David in Hebron: fuitque primogenitus eius Amnon de Achinoam Iezraelitide.
3 তেওঁৰ দ্বিতীয় পুত্ৰ কিলিয়াব, কৰ্মিলীয়া মৃত নাবলৰ ভাৰ্য্যা অবীগলৰ সন্তান৷ তৃতীয় অবচালোম, গচুৰৰ তল্ময় ৰজাৰ জীয়েক মাখাৰ সন্তান৷
Et post eum Cheleab de Abigail uxore Nabal Carmeli: porro tertius Absalom filius Maacha filiæ Tholmai regis Gessur.
4 চতুৰ্থ পুত্ৰ অদোনীয়া, হগ্গীতৰ সন্তান৷ পঞ্চম পুত্ৰ চফটিয়া, অবীটলৰ সন্তান,
Quartus autem Adonias, filius Haggith: et quintus Saphathia, filius Abital.
5 আৰু ষষ্ঠ পুত্ৰ যিত্ৰিয়ম, দায়ূদৰ তিৰোতা ইগ্লাৰ সন্তান। এই সকলো হিব্ৰোণত দায়ূদৰ ঔৰসত জন্মিল।
Sextus quoque Iethraam de Egla uxore David. Hi nati sunt David in Hebron.
6 যি সময়ত দায়ূদৰ বংশ আৰু চৌলৰ বংশৰ মাজত যুদ্ধ চলি আছিল, সেই সময়ত অবনেৰে চৌলৰ বংশৰ পক্ষে নিজকে পৰাক্ৰমী দেখুৱাইছিল।
Cum ergo esset prælium inter domum Saul et domum David, Abner filius Ner regebat domum Saul.
7 কিন্তু অয়াৰ জীয়েক ৰিস্পা নামেৰে চৌলৰ এজনী উপপত্নী আছিল৷ তাইৰ বিষয়ে ঈচবোচতে অবনেৰক ক’লে, “তুমি মোৰ পিতৃৰ উপপত্নীত কিয় গমন কৰিলা?”
Fuerat autem Sauli concubina nomine Respha, filia Aia. Dixitque Isboseth ad Abner:
8 ঈচ্‌বোচতৰ এই কথাত অবনেৰে অতিশয় ক্ৰুদ্ধ হৈ ক’লে, “মই জানো যিহূদাৰ ফলীয়া কুকুৰৰ মূৰ? আজিলৈকে মই তোমাৰ পিতৃ চৌলৰ বংশলৈ আৰু তেওঁৰ ভাই-বন্ধুসকললৈ দয়া কৰি আছোঁ আৰু তোমাক দায়ূদৰ হাতত শোধাই দিয়া নাই৷ তথাপি তুমি আজি সেই তিৰোতাজনীৰ বিষয়ে মোক দোষী কৰিছা।
Quare ingressus es ad concubinam patris mei? Qui iratus nimis propter verba Isboseth, ait: Numquid caput canis ego sum adversum Iudam hodie, qui fecerim misericordiam super domum Saul patris tui, et super fratres et proximos eius, et non tradidi te in manus David, et tu requisisti in me quod argueres pro muliere hodie?
9 দায়ূদৰ আগত যিহোৱাই খোৱা শপতৰ দৰে যদি মই তেওঁলৈ কাৰ্য নকৰোঁ, তেনেহলে অবনেৰক তাতকৈয়ো অধিক দণ্ড দিয়ক,
Hæc faciat Deus Abner, et hæc addat ei, nisi quomodo iuravit Dominus David, sic faciam cum eo,
10 ১০ চৌলৰ পৰিয়ালৰ পৰা ৰাজ্য হস্তান্তৰ কৰিব আৰু দানৰ পৰা বেৰ-চেবা লৈ, সমগ্র ইস্ৰায়েল আৰু যিহূদাৰ ওপৰত সিংহাসন স্থাপন কৰিব।”
ut transferatur regnum de domo Saul, et elevetur thronus David super Israel, et super Iudam, a Dan usque Bersabee.
11 ১১ তাতে ঈচবোচতে অবনেৰক পুনৰ কোনো কথা ক’ব নোৱাৰিলে; কাৰণ অবনেৰলৈ তেওঁ ভয় কৰিলে।
Et non potuit respondere ei quidquam, quia metuebat illum.
12 ১২ পাছত অবনেৰে দায়ূদৰ ওচৰলৈ তেওঁৰ পক্ষ হৈ কবলৈ দূতবোৰ পঠিয়াই দি কোৱালে বোলে, “এই দেশ কাৰ? আপুনি যদি মোৰ লগত এটি চুক্তি কৰে, তেন্তে চাওঁক মই গোটেই ইস্ৰায়েলক আপোনাৰ ফাললৈ নিবলৈ আপোনাৰ সহায় হম।”
Misit ergo Abner nuncios ad David pro se dicentes: Cuius est terra? et ut loquerentur: Fac mecum amicitias, et erit manus mea tecum, et reducam ad te universum Israel.
13 ১৩ দায়ূদে ক’লে, বাৰু, মই তোমাৰ লগত এটি চুক্তি কৰিম, কেৱল এটি বিষয় মই তোমাৰ পৰা বিচাৰো যে যেতিয়া তুমি মোক দেখা কৰিবলৈ আহিবা, তেতিয়া প্ৰথমে চৌলৰ জীয়েক মীখলক নানিলে, মোক দেখা নাপাবা।
Qui ait: Optime: Ego faciam tecum amicitias: sed unam rem peto a te, dicens: Non videbis faciem meam antequam adduxeris Michol filiam Saul: et sic venies, et videbis me.
14 ১৪ তেতিয়া দায়ূদে চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ ওচৰলৈ দূত পঠিয়াই কোৱালে, বোলে, “যাক মোলৈ বাগ্দান কৰা হ’ল, মোৰ সেই মীখলক মোক দিয়া, যাৰ বাবে মই পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ- চৰ্ম্ম দিলোঁ।”
Misit autem David nuncios ad Isboseth filium Saul, dicens: Redde uxorem meam Michol, quam despondi mihi centum præputiis Philisthiim.
15 ১৫ তাতে ঈচ্‌বোচতে মানুহ পঠিয়াই লয়িচৰ পুত্ৰ পল্টীয়েল নামেৰে মীখলৰ স্ৱামীৰ পৰা তাইক লৈ আহিল।
Misit ergo Isboseth, et tulit eam a viro suo Phaltiel, filio Lais.
16 ১৬ তেতিয়া তাইৰ স্ৱামীয়ে তাইৰ পাছে পাছে কান্দি কান্দি বহূৰীমলৈকে তাইৰ লগত আহিল। পাছত অবনেৰে তেওঁক ক’লে, “যোৱা, ঘৰলৈ উভটি যোৱা।” তাতে তেওঁ উভটি গ’ল।
Sequebaturque eam vir suus, plorans usque Bahurim: et dixit ad eum Abner: Vade, et revertere. Qui reversus est.
17 ১৭ পাছত অবনেৰে ইস্ৰায়েলৰ বৃদ্ধ লোকসকলৰ লগত কথোপকথন কৰি ক’লে, “দায়ূদক তোমালোকৰ ওপৰত ৰজা পাতিবলৈ তোমালোকে পূৰ্বতে চেষ্টা কৰিছিলা।
Sermonem quoque intulit Abner ad seniores Israel, dicens: Tam heri quam nudiustertius quærebatis David ut regnaret super vos.
18 ১৮ এতিয়া তাকে কৰাহঁক৷ কিয়নো যিহোৱাই দায়ূদৰ বিষয়ে কৈছিল, বোলে, ‘মই নিজ দাস দায়ূদৰ হতুৱাই মোৰ প্ৰজা ইস্ৰায়েলক পলেষ্টীয়াসকলৰ হাতৰ পৰা আৰু তেওঁলোকৰ সকলো শত্ৰুৰ হাতৰ পৰাও উদ্ধাৰ কৰিম’।”
Nunc ergo facite: quoniam Dominus locutus est ad David, dicens: In manu servi mei David salvabo populum meum Israel de manu Philisthiim, et omnium inimicorum eius.
19 ১৯ অবনেৰে বিন্যামীনৰ লোকসকলৰ লগত ব্যক্তিগতভাৱে কথা হ’ল৷ তাৰ পাছত ইস্ৰায়েল বংশ ও বিন্যামীনৰ গোটেই বংশই যি সম্পূর্ণ কৰিবলৈ ইচ্ছা কৰিছিল, সেই বিষয়ে অবনেৰে দায়ূদৰ আগত জনাবৰ বাবে হিব্ৰোণলৈ গ’ল।
Locutus est autem Abner etiam ad Beniamin. Et abiit ut loqueretur ad David in Hebron omnia quæ placuerant Israeli, et universo Beniamin.
20 ২০ এইদৰে দায়ূদক দেখা কৰিবলৈ অবনেৰে তেওঁৰ বিশজন লোকক নিজৰ লগত লৈ হিব্ৰোণলৈ আহিল। তাতে দায়ূদে অবনেৰ আৰু তেওঁৰ লগৰ লোকসকলৰ বাবে ভোজ পাতিলে।
Venitque ad David in Hebron cum viginti viris: et fecit David Abner, et viris eius qui venerant cum eo, convivium.
21 ২১ অবনেৰে দায়ূদৰ ওচৰত বাখ্যা কৰি ক’লে, মই উঠি গৈ মোৰ প্ৰভু মহাৰাজৰ গুৰিলৈ ইস্ৰায়েলৰ সকলোকে গোটাই আনোগৈ, যেন তেওঁলোকে আপোনাৰে সৈতে এটি চুক্তি কৰিব আৰু আপুনি আপোনাৰ মনৰ ইচ্ছাৰ দৰে যেন সকলোৰে ওপৰত ৰাজত্ব কৰিব। পাছত দায়ূদে অবনেৰক বিদাই দিয়াত, তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।
Et dixit Abner ad David: Surgam, ut congregem ad te dominum meum regem omnem Israel, et ineam tecum fœdus, et imperes omnibus, sicut desiderat anima tua. Cum ergo deduxisset David Abner, et ille isset in pace,
22 ২২ তাৰ পাছত দায়ূদৰ সৈন্যসকল আৰু যোৱাবে কোনো ঠাইত লুটকৰি উভটি অহিছিল আৰু তেওঁলোকে লগত বহুত লুট দ্ৰব্য আনিছিল৷ তেতিয়া অবনেৰ দায়ূদৰ লগত হিব্ৰোণত নাছিল৷ কিয়নো দায়ূদে তেওঁক বিদায় দিয়াত তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।
statim pueri David, et Ioab venerunt, cæsis latronibus, cum præda magna nimis: Abner autem non erat cum David in Hebron, quia iam dimiserat eum, et profectus fuerat in pace.
23 ২৩ যেতিয়া যোৱাব আৰু তেওঁৰ লগৰ আটাই সৈন্যদলৰ সৈতে আহিল, লোকসকলে যোৱাবক ক’লে, “নেৰৰ পুত্ৰ অবনেৰ ৰজাৰ ওচৰলৈ আহিছিল; আৰু ৰজাই তেওঁক বিদায় দিয়াত তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।”
Et Ioab, et omnis exercitus, qui erat cum eo, postea venerunt: nunciatum est itaque Ioab a narrantibus: Venit Abner filius Ner ad regem, et dimisit eum, et abiit in pace.
24 ২৪ তেতিয়া যোৱাবে ৰজাৰ আগলৈ আহি ক’লে, আপুনি কি কৰিলে? চাওঁক, অবনেৰে আপোনাৰ ওচৰলৈ আহিছিল! আপুনি তাক বিদায় দি কিয় শান্তিৰে যাবলৈ দিলে?
Et ingressus est Ioab ad regem, et ait: Quid fecisti? Ecce venit Abner ad te: quare dimisisti eum, et abiit et recessit?
25 ২৫ আপুনি নাজানে জানো, যে নেৰৰ পুত্ৰ অবনেৰকে আপোনাক ভূলাবলৈ আৰু আপোনাৰ পৰিকল্পনাসমূহ উদ্‌ঘাতন কৰিবলৈ আৰু আপুনি যি যি কৰি আছে, সেই সকলোৰ বিষয়ে বুজিবলৈহে তেওঁ আহিছিল।
Ignoras Abner filium Ner, quoniam ad hoc venit ad te ut deciperet te, et sciret exitum tuum, et introitum tuum, et nosset omnia quæ agis?
26 ২৬ যেতিয়া যোৱাবে দায়ূদৰ ওচৰৰ পৰা বাহিৰ ওলাই আহিল, তেতিয়া তেওঁ অবনেৰৰ পাছত দূত পঠিয়াই দিলে আৰু তেওঁলোকে গৈ চিৰা নাদৰ ওচৰৰ পৰা অবনেৰক ওভোটাই আনিলে, কিন্তু দায়ূদে এই কথাৰ বুজ নাপালে।
Egressus itaque Ioab a David, misit nuncios post Abner, et reduxit eum a cisterna Sira, ignorante David.
27 ২৭ যেতিয়া অবনেৰ হিব্ৰোণলৈ ঘূৰি আহিল, যোৱাবে তেওঁক গুপুতে কথা ক’বৰ ছলেৰে নগৰৰ দুৱাৰৰ ভিতৰলৈ তেওঁক এফলীয়াকৈ লৈ গৈ, নিজ ভায়েক অচাহেলৰ ৰক্তপাতৰ কাৰণে, সেই ঠাইতে তেওঁৰ পেটত এনেকৈ আঘাত কৰিলে, যে তেওঁৰ তাতেই মৃত্যু হ’ল।
Cumque rediisset Abner in Hebron, seorsum adduxit eum Ioab ad medium portæ, ut loqueretur ei, in dolo: et percussit illum ibi in inguine, et mortuus est in ultionem sanguinis Asael fratris eius.
28 ২৮ যেতিয়া দায়ূদে সেই কথা শুনিলে, তেতিয়া তেওঁ ক’লে, “নেৰৰ পুত্ৰ অবনেৰ ৰক্তপাতৰ বিষয়ে মই আৰু মোৰ ৰাজ্য যিহোৱাৰ দৃষ্টিত সদাকাললৈকে নিৰ্দ্দোষী।
Quod cum audisset David rem iam gestam, ait: Mundus ego sum, et regnum meum apud Dominum usque in sempiternum a sanguine Abner filii Ner,
29 ২৯ সেই ৰক্তপাতৰ দোষ যোৱাবৰ আৰু তাৰ গোটেই পিতৃ-বংশৰ ওপৰত পৰোক৷ আৰু যোৱাবৰ দেশত প্ৰমেহ ৰোগী, কুষ্ঠী, লাখুটিত ভৰ দিওঁতা, তৰোৱালৰ দ্বাৰায় পৰা, বা খাবলৈ নোপোৱা, এনে প্ৰকাৰৰ লোকৰ অভাব নহওঁক।”
et veniat super caput Ioab, et super omnem domum patris eius: nec deficiat de domo Ioab fluxum seminis sustinens, et leprosus, et tenens fusum, et cadens gladio, et indigens pane.
30 ৩০ এইদৰে যোৱাবে আৰু তেওঁৰ ভায়েক অবীচয়ে, গিবিয়োনৰ যুদ্ধত নিজৰ ভাই অচাহেলক বধ কৰাৰ কাৰণে অবনেৰক বধ কৰিলে।
Igitur Ioab et Abisai frater eius interfecerunt Abner, eo quod occidisset Asael fratrem eorum in Gabaon in prælio.
31 ৩১ পাছত দায়ূদে যোৱাব আৰু তেওঁৰ লগত থকা সকলো লোকক ক’লে, তোমালোকে তোমালোকৰ কাপোৰ ফালি কঁকালত চট পিন্ধা আৰু শোক কৰি কৰি অবনেৰৰ শৱৰ আগে আগে চলা। আৰু দায়ুদ ৰজাও মৰা শৱৰ চাঙৰ পাছে পাছে গ’ল৷
Dixit autem David ad Ioab, et ad omnem populum, qui erat cum eo: Scindite vestimenta vestra, et accingimini saccis, et plangite ante exequias Abner. Porro rex David sequebatur feretrum.
32 ৩২ পাছত তেওঁলোকে হিব্ৰোণত অবনেৰক মৈদাম দিলে৷ সেই সময়ত ৰজাই অবনেৰৰ মৈদামৰ ওচৰত বৰ মাতেৰে ক্ৰন্দন কৰিলে আৰু আন সকলো লোকেও কান্দিলে।
Cumque sepelissent Abner in Hebron, levavit rex David vocem suam, et flevit super tumulum Abner: flevit autem et omnis populus.
33 ৩৩ ৰজাই অবনেৰৰ বিষয়ে বিলাপ কৰি গীত গালে, “অবনেৰো অজ্ঞানৰ দৰে মৰিব লাগেনে?
Plangensque rex et lugens Abner, ait: Nequaquam ut mori solent ignavi, mortuus est Abner.
34 ৩৪ তোমাৰ হাত বন্ধা নাছিল৷ তোমাৰ ভৰিতো বেড়ী লগোৱা নাছিল৷ অন্যায় কৰোঁতা লোকৰ আগত পতিত হোৱা জনৰ দৰে তুমি পতিত থ’লো।” পাছত সকলো লোকে তেওঁৰ কাৰণে পুনৰাই ক্ৰন্দন কৰিলে।
Manus tuæ ligatæ non sunt, et pedes tui non sunt compedibus aggravati: sed sicut solent cadere coram filiis iniquitatis, sic corruisti. Congeminansque omnis populus flevit super eum.
35 ৩৫ পাছত আটাই লোকে বেলি থাকোঁতেই দায়ূদক ভোজন কৰাবলৈ আহিলত, দায়ূদে এই শপত খালে, “বেলি মাৰ নৌ যাওঁতে মই যদি পিঠা বা আন কিবা বস্তুৰেই আস্বাদ লওঁ, তেন্তে ঈশ্বৰে মোক অমুক আৰু তাতোকৈয়ো অধিক দণ্ড দিয়ক।”
Cumque venisset universa multitudo cibum capere cum David, clara adhuc die iuravit David, dicens: Hæc faciat mihi Deus, et hæc addat, si ante occasum solis gustavero panem vel aliud quidquam.
36 ৩৬ তাতে সকলো লোকে তেওঁৰ এই ব্যৱহাৰ দেখি সন্তোষ পালে; আৰু ৰজাই যি যি কৰিছিল, তাতো সকলো লোকে সন্তোষ পাইছিল।
Omnisque populus audivit, et placuerunt eis cuncta quæ fecit rex in conspectu totius populi.
37 ৩৭ আৰু নেৰৰ পুত্ৰ অবনেৰক বধ কৰা কথাত ৰজাৰ যে অনুমতি নাই, তাক সকলো লোকে আৰু সকলো ইস্ৰায়েলেও সেই দিনা বুজি পালে।
Et cognovit omne vulgus, et universus Israel in die illa quoniam non actum fuisset a rege ut occideretur Abner filius Ner.
38 ৩৮ পাছে ৰজাই তেওঁৰ দাসবোৰক ক’লে, আজি যে ইস্ৰায়েলৰ মাজত প্ৰধান আৰু মহান লোক এজন পতিত হ’ল, তাক জানো তোমালোকে নাজানা নে?
Dixit quoque rex ad servos suos: Num ignoratis quoniam princeps et maximus cecidit hodie in Israel?
39 ৩৯ অভিষিক্ত ৰজা হ’লেও আজি মই দূৰ্ব্বল৷ এইকেইজনলোক আৰু চৰূয়াৰ পুত্ৰসকল মোৰ বাবে অতি পাষবিক৷ যিহোৱাই কুকৰ্ম কৰাসকলক তেওঁলোকৰ অসৎ ব্যৱহাৰৰ কাৰণে পাব লগীয়া উচিত প্ৰতিফল দিয়ক।
Ego autem adhuc delicatus, et unctus rex: porro viri isti filii Sarviæ duri sunt mihi: retribuat Dominus facienti malum iuxta malitiam suam.

< ২ সামুয়েল 3 >