< ২ সামুয়েল 3 >
1 ১ চৌলৰ বংশ আৰু দায়ূদৰ বংশৰ মাজত বহুকাল ধৰি যুদ্ধ হ’ল৷ দায়ুদ ক্ৰমে বলৱান হৈ উঠিল, কিন্তু চৌলৰ বংশ হ’লে ক্ৰমে শক্তিহীন হৈ আহিল।
Og der var en langvarig Krig imellem Sauls Hus og imellem Davids Hus; men David blev bestandig stærkere, men Sauls Hus blev bestandig svagere.
2 ২ হিব্ৰোণত দায়ূদৰ কেইবাজনো পুত্ৰ জন্মিল। তেওঁৰ বৰ পুত্ৰ অম্নোন, যিজ্ৰিয়েলীয়া অহীনোৱমৰ সন্তান;
Og Sønner bleve fødte for David i Hebron, og hans førstefødte var Amnon af Ahinoam, den jisreelitiske;
3 ৩ তেওঁৰ দ্বিতীয় পুত্ৰ কিলিয়াব, কৰ্মিলীয়া মৃত নাবলৰ ভাৰ্য্যা অবীগলৰ সন্তান৷ তৃতীয় অবচালোম, গচুৰৰ তল্ময় ৰজাৰ জীয়েক মাখাৰ সন্তান৷
og hans anden var Kileab af Abigail, Karmeliteren Nabals Hustru; og den tredje var Absalom, en Søn af Maaka, der var en Datter af Thalmaj, Kongen i Gesur;
4 ৪ চতুৰ্থ পুত্ৰ অদোনীয়া, হগ্গীতৰ সন্তান৷ পঞ্চম পুত্ৰ চফটিয়া, অবীটলৰ সন্তান,
og den fjerde var Adonja, Hagiths Søn; og den femte var Safatja, Abitals Søn;
5 ৫ আৰু ষষ্ঠ পুত্ৰ যিত্ৰিয়ম, দায়ূদৰ তিৰোতা ইগ্লাৰ সন্তান। এই সকলো হিব্ৰোণত দায়ূদৰ ঔৰসত জন্মিল।
og den sjette var Jethream af Egla, Davids Hustru. Disse bleve fødte for David i Hebron.
6 ৬ যি সময়ত দায়ূদৰ বংশ আৰু চৌলৰ বংশৰ মাজত যুদ্ধ চলি আছিল, সেই সময়ত অবনেৰে চৌলৰ বংশৰ পক্ষে নিজকে পৰাক্ৰমী দেখুৱাইছিল।
Og det skete, da der var Krig imellem Sauls Hus og Davids Hus, at Abner blev vældig i Sauls Hus.
7 ৭ কিন্তু অয়াৰ জীয়েক ৰিস্পা নামেৰে চৌলৰ এজনী উপপত্নী আছিল৷ তাইৰ বিষয়ে ঈচবোচতে অবনেৰক ক’লে, “তুমি মোৰ পিতৃৰ উপপত্নীত কিয় গমন কৰিলা?”
Og Saul havde en Medhustru, hvis Navn var Rizpa, Ajas Datter; og Isboseth sagde til Abner: Hvi gik du ind til min Faders Medhustru?
8 ৮ ঈচ্বোচতৰ এই কথাত অবনেৰে অতিশয় ক্ৰুদ্ধ হৈ ক’লে, “মই জানো যিহূদাৰ ফলীয়া কুকুৰৰ মূৰ? আজিলৈকে মই তোমাৰ পিতৃ চৌলৰ বংশলৈ আৰু তেওঁৰ ভাই-বন্ধুসকললৈ দয়া কৰি আছোঁ আৰু তোমাক দায়ূদৰ হাতত শোধাই দিয়া নাই৷ তথাপি তুমি আজি সেই তিৰোতাজনীৰ বিষয়ে মোক দোষী কৰিছা।
Da optændtes Abners Vrede saare over Isboseths Ord, og han sagde: Er jeg et Hundehoved, som holder med Juda? i Dag viser jeg Miskundhed imod din Fader Sauls Hus, imod hans Brødre og imod hans Venner, og har ikke overgivet dig i Davids Haand, og du irettesætter mig for Misgerningen med Kvinden i Dag!
9 ৯ দায়ূদৰ আগত যিহোৱাই খোৱা শপতৰ দৰে যদি মই তেওঁলৈ কাৰ্য নকৰোঁ, তেনেহলে অবনেৰক তাতকৈয়ো অধিক দণ্ড দিয়ক,
Gud gøre Abner nu og i Fremtiden saa og saa! som Herren har tilsvoret David, saaledes vil jeg gøre imod ham:
10 ১০ চৌলৰ পৰিয়ালৰ পৰা ৰাজ্য হস্তান্তৰ কৰিব আৰু দানৰ পৰা বেৰ-চেবা লৈ, সমগ্র ইস্ৰায়েল আৰু যিহূদাৰ ওপৰত সিংহাসন স্থাপন কৰিব।”
Jeg vil føre Kongedømmet fra Sauls Hus og oprejse Davids Trone over Israel og over Juda fra Dan og indtil Beersaba.
11 ১১ তাতে ঈচবোচতে অবনেৰক পুনৰ কোনো কথা ক’ব নোৱাৰিলে; কাৰণ অবনেৰলৈ তেওঁ ভয় কৰিলে।
Da kunde han ikke svare Abner et Ord igen, fordi han frygtede for ham.
12 ১২ পাছত অবনেৰে দায়ূদৰ ওচৰলৈ তেওঁৰ পক্ষ হৈ কবলৈ দূতবোৰ পঠিয়াই দি কোৱালে বোলে, “এই দেশ কাৰ? আপুনি যদি মোৰ লগত এটি চুক্তি কৰে, তেন্তে চাওঁক মই গোটেই ইস্ৰায়েলক আপোনাৰ ফাললৈ নিবলৈ আপোনাৰ সহায় হম।”
Og Abner sendte Bud for sig til David og lod sige: Hvem hører Landet til? og han lod sige: Gør Pagt med mig, og se, min Haand skal være med dig til at vende al Israel om til dig.
13 ১৩ দায়ূদে ক’লে, বাৰু, মই তোমাৰ লগত এটি চুক্তি কৰিম, কেৱল এটি বিষয় মই তোমাৰ পৰা বিচাৰো যে যেতিয়া তুমি মোক দেখা কৰিবলৈ আহিবা, তেতিয়া প্ৰথমে চৌলৰ জীয়েক মীখলক নানিলে, মোক দেখা নাপাবা।
Og han sagde: Godt, jeg vil gøre en Pagt med dig, dog begærer jeg een Ting af dig, nemlig: Du skal ikke se mit Ansigt, uden du først fører Mikal, Sauls Datter, til mig, naar du kommer for at se mit Ansigt.
14 ১৪ তেতিয়া দায়ূদে চৌলৰ পুত্ৰ ঈচ্বোচতৰ ওচৰলৈ দূত পঠিয়াই কোৱালে, বোলে, “যাক মোলৈ বাগ্দান কৰা হ’ল, মোৰ সেই মীখলক মোক দিয়া, যাৰ বাবে মই পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ- চৰ্ম্ম দিলোঁ।”
Og David sendte Bud til Isboseth, Sauls Søn, og lod sige: Giv mig min Hustru Mikal, som jeg trolovede mig for hundrede Filisters Forhud.
15 ১৫ তাতে ঈচ্বোচতে মানুহ পঠিয়াই লয়িচৰ পুত্ৰ পল্টীয়েল নামেৰে মীখলৰ স্ৱামীৰ পৰা তাইক লৈ আহিল।
Og Isboseth sendte hen og tog hende fra Manden, fra Paltiel, Lais Søn.
16 ১৬ তেতিয়া তাইৰ স্ৱামীয়ে তাইৰ পাছে পাছে কান্দি কান্দি বহূৰীমলৈকে তাইৰ লগত আহিল। পাছত অবনেৰে তেওঁক ক’লে, “যোৱা, ঘৰলৈ উভটি যোৱা।” তাতে তেওঁ উভটি গ’ল।
Og hendes Mand gik med hende, gik og græd bag hende, indtil Bahurim, da sagde Abner til ham: Gak bort, vend tilbage; og han vendte tilbage.
17 ১৭ পাছত অবনেৰে ইস্ৰায়েলৰ বৃদ্ধ লোকসকলৰ লগত কথোপকথন কৰি ক’লে, “দায়ূদক তোমালোকৰ ওপৰত ৰজা পাতিবলৈ তোমালোকে পূৰ্বতে চেষ্টা কৰিছিলা।
Og Abner talede med de Ældste af Israel, og han sagde: I have tilforn søgt David, at han skulde være Konge over eder.
18 ১৮ এতিয়া তাকে কৰাহঁক৷ কিয়নো যিহোৱাই দায়ূদৰ বিষয়ে কৈছিল, বোলে, ‘মই নিজ দাস দায়ূদৰ হতুৱাই মোৰ প্ৰজা ইস্ৰায়েলক পলেষ্টীয়াসকলৰ হাতৰ পৰা আৰু তেওঁলোকৰ সকলো শত্ৰুৰ হাতৰ পৰাও উদ্ধাৰ কৰিম’।”
Saa gører det nu; thi Herren sagde til David: Jeg vil frelse Israel, mit Folk, ved Davids, min Tjeners Haand, af Filisternes Haand og af alle deres Fjenders Haand.
19 ১৯ অবনেৰে বিন্যামীনৰ লোকসকলৰ লগত ব্যক্তিগতভাৱে কথা হ’ল৷ তাৰ পাছত ইস্ৰায়েল বংশ ও বিন্যামীনৰ গোটেই বংশই যি সম্পূর্ণ কৰিবলৈ ইচ্ছা কৰিছিল, সেই বিষয়ে অবনেৰে দায়ূদৰ আগত জনাবৰ বাবে হিব্ৰোণলৈ গ’ল।
Og Abner talede ogsaa for Benjamins Øren, og Abner gik ogsaa hen at tale for Davids Øren i Hebron alt det, som var godt for Israels Øjne og for hele Benjamins Huses Øjne.
20 ২০ এইদৰে দায়ূদক দেখা কৰিবলৈ অবনেৰে তেওঁৰ বিশজন লোকক নিজৰ লগত লৈ হিব্ৰোণলৈ আহিল। তাতে দায়ূদে অবনেৰ আৰু তেওঁৰ লগৰ লোকসকলৰ বাবে ভোজ পাতিলে।
Og Abner kom til David i Hebron og tyve Mænd med ham; da gjorde David Abner og de Mænd, som vare med ham, et Gæstebud.
21 ২১ অবনেৰে দায়ূদৰ ওচৰত বাখ্যা কৰি ক’লে, মই উঠি গৈ মোৰ প্ৰভু মহাৰাজৰ গুৰিলৈ ইস্ৰায়েলৰ সকলোকে গোটাই আনোগৈ, যেন তেওঁলোকে আপোনাৰে সৈতে এটি চুক্তি কৰিব আৰু আপুনি আপোনাৰ মনৰ ইচ্ছাৰ দৰে যেন সকলোৰে ওপৰত ৰাজত্ব কৰিব। পাছত দায়ূদে অবনেৰক বিদাই দিয়াত, তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।
Og Abner sagde til David: Jeg vil gøre mig rede og gaa hen og samle al Israel til min Herre Kongen, at de skulle gøre en Pagt med dig, og du skal være Konge over alt det, som din Sjæl begærer; saa lod David Abner fare, og han gik bort med Fred.
22 ২২ তাৰ পাছত দায়ূদৰ সৈন্যসকল আৰু যোৱাবে কোনো ঠাইত লুটকৰি উভটি অহিছিল আৰু তেওঁলোকে লগত বহুত লুট দ্ৰব্য আনিছিল৷ তেতিয়া অবনেৰ দায়ূদৰ লগত হিব্ৰোণত নাছিল৷ কিয়নো দায়ূদে তেওঁক বিদায় দিয়াত তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।
Og se, Davids Tjenere og Joab kom fra Hæren, og de førte meget Rov med sig; men Abner var ikke hos David i Hebron, thi han havde ladet ham fare, og han var gaaet bort med Fred.
23 ২৩ যেতিয়া যোৱাব আৰু তেওঁৰ লগৰ আটাই সৈন্যদলৰ সৈতে আহিল, লোকসকলে যোৱাবক ক’লে, “নেৰৰ পুত্ৰ অবনেৰ ৰজাৰ ওচৰলৈ আহিছিল; আৰু ৰজাই তেওঁক বিদায় দিয়াত তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।”
Der Joab og den ganske Hær, som var med ham, vare komne, da gave de Joab til Kende og sagde: Abner, Ners Søn, var kommen til Kongen, og han lod ham fare, og han er gaaet bort med Fred.
24 ২৪ তেতিয়া যোৱাবে ৰজাৰ আগলৈ আহি ক’লে, আপুনি কি কৰিলে? চাওঁক, অবনেৰে আপোনাৰ ওচৰলৈ আহিছিল! আপুনি তাক বিদায় দি কিয় শান্তিৰে যাবলৈ দিলে?
Da kom Joab til Kongen og sagde: Hvad har du gjort? se, Abner er kommen til dig; hvorfor lod du ham fare, saa at han er gaaet frit bort?
25 ২৫ আপুনি নাজানে জানো, যে নেৰৰ পুত্ৰ অবনেৰকে আপোনাক ভূলাবলৈ আৰু আপোনাৰ পৰিকল্পনাসমূহ উদ্ঘাতন কৰিবলৈ আৰু আপুনি যি যি কৰি আছে, সেই সকলোৰ বিষয়ে বুজিবলৈহে তেওঁ আহিছিল।
Du kender jo Abner, Ners Søn; thi han er kommen for at bedrage dig og for at vide din Udgang og din Indgang og at vide alt det, du gør.
26 ২৬ যেতিয়া যোৱাবে দায়ূদৰ ওচৰৰ পৰা বাহিৰ ওলাই আহিল, তেতিয়া তেওঁ অবনেৰৰ পাছত দূত পঠিয়াই দিলে আৰু তেওঁলোকে গৈ চিৰা নাদৰ ওচৰৰ পৰা অবনেৰক ওভোটাই আনিলে, কিন্তু দায়ূদে এই কথাৰ বুজ নাপালে।
Og der Joab gik ud fra David, da sendte han Bud efter Abner, og de hentede ham tilbage fra Brønden Sira; men David vidste det ikke.
27 ২৭ যেতিয়া অবনেৰ হিব্ৰোণলৈ ঘূৰি আহিল, যোৱাবে তেওঁক গুপুতে কথা ক’বৰ ছলেৰে নগৰৰ দুৱাৰৰ ভিতৰলৈ তেওঁক এফলীয়াকৈ লৈ গৈ, নিজ ভায়েক অচাহেলৰ ৰক্তপাতৰ কাৰণে, সেই ঠাইতে তেওঁৰ পেটত এনেকৈ আঘাত কৰিলে, যে তেওঁৰ তাতেই মৃত্যু হ’ল।
Der Abner kom tilbage til Hebron, da ledte Joab ham til Side midt i Porten for at tale med ham i Stilhed og stak ham der i Underlivet, saa at han døde, for hans Broder Asaels Blods Skyld.
28 ২৮ যেতিয়া দায়ূদে সেই কথা শুনিলে, তেতিয়া তেওঁ ক’লে, “নেৰৰ পুত্ৰ অবনেৰ ৰক্তপাতৰ বিষয়ে মই আৰু মোৰ ৰাজ্য যিহোৱাৰ দৃষ্টিত সদাকাললৈকে নিৰ্দ্দোষী।
Der David siden hørte det, da sagde han: Jeg og mit Rige er uskyldig for Herren evindeligt i Abners, Ners Søns, Blod.
29 ২৯ সেই ৰক্তপাতৰ দোষ যোৱাবৰ আৰু তাৰ গোটেই পিতৃ-বংশৰ ওপৰত পৰোক৷ আৰু যোৱাবৰ দেশত প্ৰমেহ ৰোগী, কুষ্ঠী, লাখুটিত ভৰ দিওঁতা, তৰোৱালৰ দ্বাৰায় পৰা, বা খাবলৈ নোপোৱা, এনে প্ৰকাৰৰ লোকৰ অভাব নহওঁক।”
Det skal blive paa Joabs Hoved og paa hele hans Faders Hus, og Joabs Hus skal aldrig være fri for den, som har Flod og er spedalsk, og som holder sig ved Stav, og som falder ved Sværdet og har Mangel paa Brød.
30 ৩০ এইদৰে যোৱাবে আৰু তেওঁৰ ভায়েক অবীচয়ে, গিবিয়োনৰ যুদ্ধত নিজৰ ভাই অচাহেলক বধ কৰাৰ কাৰণে অবনেৰক বধ কৰিলে।
Thi Joab og hans Broder Abisaj havde slaget Abner ihjel, fordi han slog Asael, deres Broder, ihjel ved Gibeon i Krigen.
31 ৩১ পাছত দায়ূদে যোৱাব আৰু তেওঁৰ লগত থকা সকলো লোকক ক’লে, তোমালোকে তোমালোকৰ কাপোৰ ফালি কঁকালত চট পিন্ধা আৰু শোক কৰি কৰি অবনেৰৰ শৱৰ আগে আগে চলা। আৰু দায়ুদ ৰজাও মৰা শৱৰ চাঙৰ পাছে পাছে গ’ল৷
Og David sagde til Joab og til alt Folket, som var med ham: Sønderriver eders Klæder og binder Sæk om eder og gaar sørgende foran Abner; og Kong David gik efter Ligbaaren.
32 ৩২ পাছত তেওঁলোকে হিব্ৰোণত অবনেৰক মৈদাম দিলে৷ সেই সময়ত ৰজাই অবনেৰৰ মৈদামৰ ওচৰত বৰ মাতেৰে ক্ৰন্দন কৰিলে আৰু আন সকলো লোকেও কান্দিলে।
Og de begrove Abner i Hebron; og Kongen opløftede sin Røst og græd ved Abners Grav, og alt Folket græd.
33 ৩৩ ৰজাই অবনেৰৰ বিষয়ে বিলাপ কৰি গীত গালে, “অবনেৰো অজ্ঞানৰ দৰে মৰিব লাগেনে?
Og Kongen sang en Klagesang over Abner og sagde: Mon Abner skulde dø, som en Daare dør?
34 ৩৪ তোমাৰ হাত বন্ধা নাছিল৷ তোমাৰ ভৰিতো বেড়ী লগোৱা নাছিল৷ অন্যায় কৰোঁতা লোকৰ আগত পতিত হোৱা জনৰ দৰে তুমি পতিত থ’লো।” পাছত সকলো লোকে তেওঁৰ কাৰণে পুনৰাই ক্ৰন্দন কৰিলে।
Dine Hænder vare ikke bundne, og dine Fødder ikke lagte i Kobberlænker, du er falden, som man falder for uretfærdige Folk; — da blev alt Folket ved at græde over ham.
35 ৩৫ পাছত আটাই লোকে বেলি থাকোঁতেই দায়ূদক ভোজন কৰাবলৈ আহিলত, দায়ূদে এই শপত খালে, “বেলি মাৰ নৌ যাওঁতে মই যদি পিঠা বা আন কিবা বস্তুৰেই আস্বাদ লওঁ, তেন্তে ঈশ্বৰে মোক অমুক আৰু তাতোকৈয়ো অধিক দণ্ড দিয়ক।”
Der alt Folket kom ind for at faa David til at æde Brød, medens det endnu var Dag, da svor David og sagde: Gud gøre mig nu og fremdeles saa og saa, om jeg smager Brød eller nogen Ting, førend Solen gaar ned!
36 ৩৬ তাতে সকলো লোকে তেওঁৰ এই ব্যৱহাৰ দেখি সন্তোষ পালে; আৰু ৰজাই যি যি কৰিছিল, তাতো সকলো লোকে সন্তোষ পাইছিল।
Da forstod alt Folket det, og det syntes godt for deres Øjne; ligesom alt, hvad Kongen gjorde, syntes godt for alt Folkets Øjne.
37 ৩৭ আৰু নেৰৰ পুত্ৰ অবনেৰক বধ কৰা কথাত ৰজাৰ যে অনুমতি নাই, তাক সকলো লোকে আৰু সকলো ইস্ৰায়েলেও সেই দিনা বুজি পালে।
Og alt Folket og hele Israel kendte paa den samme Dag, at det ikke var udgaaet fra Kongen at lade Abner, Ners Søn, slaa ihjel.
38 ৩৮ পাছে ৰজাই তেওঁৰ দাসবোৰক ক’লে, আজি যে ইস্ৰায়েলৰ মাজত প্ৰধান আৰু মহান লোক এজন পতিত হ’ল, তাক জানো তোমালোকে নাজানা নে?
Og Kongen sagde til sine Tjenere: Vide I ikke, at der paa denne Dag er falden en Fyrste og en stor Mand i Israel?
39 ৩৯ অভিষিক্ত ৰজা হ’লেও আজি মই দূৰ্ব্বল৷ এইকেইজনলোক আৰু চৰূয়াৰ পুত্ৰসকল মোৰ বাবে অতি পাষবিক৷ যিহোৱাই কুকৰ্ম কৰাসকলক তেওঁলোকৰ অসৎ ব্যৱহাৰৰ কাৰণে পাব লগীয়া উচিত প্ৰতিফল দিয়ক।
Og jeg er endnu svag, skønt jeg er salvet til Konge; men disse Mænd, Zerujas Børn, ere stærkere end jeg; Herren skal betale den, som gjorde det onde, efter hans Ondskab.