< ২ সামুয়েল 24 >
1 ১ পাছত ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ পুনৰায় জ্বলি উঠিল আৰু তেওঁলোকৰ বিৰুদ্ধে দায়ূদৰ প্ৰবৃত্তি জন্মাই তেওঁ ক’লে, “ইস্ৰায়েল আৰু যিহূদাক গৈ গণনা কৰা”।
In ponovno je bila vžgana Gospodova jeza zoper Izrael in zoper njih je napeljal Davida, da reče: »Pojdite, preštejte Izraela in Juda.«
2 ২ তাতে ৰজাই তেওঁৰ ওচৰত থকা প্ৰধান সেনাপতি যোৱাবক ক’লে, “মই ইস্ৰায়েলৰ লোকসকলৰ সংখ্যা জানিবৰ বাবে, তুমি দানৰে পৰা বেৰ-চেবালৈকে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজত যোৱা আৰু তোমালোকে লোকসকলক গণনা কৰা।”
Kajti kralj je rekel Joábu, poveljniku vojske, ki je bila z njim: »Pojdite sedaj skozi vse Izraelove rodove, od Dana, celo do Beeršébe in preštejte ljudstvo, da bom lahko vedel število ljudstva.«
3 ৩ তেতিয়া যোৱাবে ৰজাক ক’লে, “এতিয়া যিমান লোক আছে, আপোনাৰ ঈশ্বৰ যিহোৱাই তাৰ এশ গুণ বৃদ্ধি কৰক আৰু মোৰ প্ৰভু মহাৰাজে তাক চকুৰে চাওক; কিন্তু মোৰ প্ৰভু মহাৰাজে এনে কাৰ্যত কিয় সন্তোষ পাইছে?”
Joáb pa je rekel kralju: »Torej Gospod, tvoj Bog, [naj] doda ljudstvu, kolikokrat že, stokratno in da bodo oči mojega gospoda kralja lahko to videle, toda zakaj se moj gospod kralj razveseljuje v tej stvari?«
4 ৪ তথাপি যোৱাব আৰু সেনাপতিসকলৰ আগত ৰজাৰ বাক্য প্ৰবল হ’ল; তাতে যোৱাব আৰু সেনাপতিসকলে ইস্ৰায়েলৰ লোকসকলক গণনা কৰিবলৈ ৰজাৰ আগৰ পৰা গ’ল।
Vendar je kraljeva beseda prevladala zoper Joába in zoper poveljnike vojske. In Joáb in poveljniki vojske so odšli izpred kraljeve prisotnosti, da preštejejo Izraelsko ljudstvo.
5 ৫ পাছত তেওঁলোকে যৰ্দ্দন পাৰ হৈ অৰোয়েৰৰ মাজত থকা নগৰ খনৰ সোঁফালে ছাউনি পাতিলে; আৰু তেওঁলোকে গাদ ও যাজেৰলৈকে গ’ল।
Prečkali so Jordan in se utaborili v Aroêrju, na desni strani mesta, ki leži v sredi reke Gad in proti Jazêrju.
6 ৬ তাৰ পাছত তেওঁলোকে গিলিয়দ আৰু দানযানলৈ গৈ ঘুৰি আহি চীদোনলৈ গ’ল।
Potem so prišli v Gileád in v deželo Tahtím Hodší; in prišli so v Dan Jáan in okoli k Sidónu
7 ৭ তেওঁলোকে তূৰ দুৰ্গলৈ গ’ল আৰু হিব্বীয়া ও কনানীয়াসকলৰ সকলো নগৰলৈও গ’ল; আৰু শেষত তেওঁলোকে আহি যিহূদাৰ দক্ষিণ অঞ্চল বেৰ-চেবাত উপস্থিত হ’ল।
in prišli so k močnemu oporišču Tir in k vsem mestom Hivéjcev in Kánaancev in odšli so ven k južnemu Judu, celó do Beeršébe.
8 ৮ এইদৰে তেওঁলোকে দেশৰ সকলো ঠাইতে ফুৰি ন মাহ বিশ দিনৰ মুৰত যিৰূচালেমলৈ উভটি আহিল।
Torej ko so šli skozi vso deželo, so ob koncu devetih mesecev in dvajsetih dni prišli v Jeruzalem.
9 ৯ পাছত যোৱাবে গণনা কৰা লোকসকলৰ সংখ্যা ৰজাৰ ওচৰত আনি দিলে; তাৰ মুঠ, ইস্ৰায়েলৰ তৰোৱাল ধৰোঁতা আঠ লাখ বলৱান লোক, আৰু যিহূদাৰ পাঁচ লাখ লোক।
Joáb je kralju izročil vsoto števila ljudstva. Tam je bilo v Izraelu osemsto tisoč hrabrih mož, ki so izdirali meč in Judovih mož je bilo petsto tisoč mož.
10 ১০ এইদৰে দায়ূদে লোকসকলক গণনা কৰোঁৱাৰ পাছত, তেওঁৰ মনে তেওঁক দোষী কৰিলে। তেতিয়া দায়ূদে যিহোৱাক ক’লে, “এই কৰ্ম কৰি মই মহা পাপ কৰিলোঁ; কিন্তু হে যিহোৱা বিনয় কৰোঁ, নিজ দাসৰ অপৰাধ ক্ষমা কৰা, কিয়নো মই অতিশয় অজ্ঞানৰ কৰ্ম কৰিলোঁ।”
Davidovo srce pa ga je udarilo, potem ko je imel ljudstvo prešteto. David je rekel Gospodu: »Silno sem grešil v tem, kar sem storil in sedaj te rotim, oh Gospod, odvzemi krivičnost svojega služabnika, kajti postopal sem zelo nespametno.«
11 ১১ দায়ুদ ৰাতিপুৱাতে উঠিল, দায়ূদৰ দৰ্শক গাদ ভাববাদী ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
Kajti ko je bil David zjutraj pokonci, je k Davidovemu vidcu, preroku Gadu, prišla beseda od Gospoda, rekoč:
12 ১২ “তুমি গৈ দায়ূদক কোৱা: ‘যিহোৱাই এই কথা কৈছে, মই তোমাৰ আগত তিনিটা দণ্ড ৰাখিছো; তাৰ মাজৰ এটা বাচি লোৱা, মই তাকেই তোমালৈ কৰিম’।”
»Pojdi in reci Davidu: ›Tako govori Gospod, ponujam ti tri stvari. Izberi eno izmed njih, da ti jo lahko storim.‹«
13 ১৩ তাতে গাদে দায়ূদৰ ওচৰলৈ গৈ তেওঁক ক’লে, “তোমাৰ দেশত সাত বছৰ আকাল হ’ব লাগে নে? বা তোমাৰ শত্ৰুবোৰ পাছে পাছে খেদি যাওঁতে, তুমি সিহঁতৰ আগে আগে তিনি মাহলৈকে পলাই থাকিবা? নাইবা দেশত তিনি দিনলৈকে মহামাৰী হ’ব? এতিয়া মোক পঠোৱা জনাক মই কি উত্তৰ দিম, তাক এতিয়াই বিবেচনা কৰি চোৱা।”
Tako je Gad prišel k Davidu in mu povedal ter mu rekel: »Ali naj pride k tebi, v tvojo deželo, sedem let lakote? Ali hočeš tri mesece bežati pred svojimi sovražniki, medtem ko te zasledujejo? Ali, da bo v tvoji deželi tridnevna kužna bolezen? Sedaj se posvetuj in glej, kakšen odgovor naj vrnem tistemu, ki me je poslal.«
14 ১৪ তাতে দায়ূদে গাদক ক’লে, “মই বৰ ঠেকত পৰিছোঁ৷ আমি যিহোৱাৰ হাতত পৰা ভাল, কিয়নো তেওঁৰ দয়া প্ৰচুৰ, কিন্তু মোক মানুহৰ হাতত পৰিবলৈ নিদিয়ক।”
David je Gadu rekel: »V veliki stiski sem. Naj torej pademo v Gospodovo roko, kajti njegova usmiljenja so velika in naj ne padem v roko človeka.«
15 ১৫ গতিকে সেই ৰাতিপুৱাৰে পৰা নিৰূপিত সময়লৈকে যিহোৱাই ইস্ৰায়েললৈ মহামাৰী পঠিয়ালে; তাতে দানৰে পৰা বেৰ-চেবালৈকে সত্তৰ হাজাৰ লোকৰ মৃত্যু হ’ল।
Tako je Gospod nad Izrael poslal kužno bolezen od jutra celo do določenega časa in tam je umrlo izmed ljudstva, od Dana, celo do Beeršébe, sedemdeset tisoč mož.
16 ১৬ পাছত যেতিয়া দূতে যিৰূচালেমক বিনষ্ট কৰিবলৈ তাৰ ফাললৈ হাত মেলিলে, তেতিয়া যিহোৱাই সেই আপদৰ বাবে খেদ কৰি সংহাৰক দূতক ক’লে, “এয়ে জুৰিছে! এতিয়া তোমাৰ হাত কোঁচোৱা।” সেই সময়ত যিহোৱা সেই দূত যিবুচীয়া অৰৌণাৰ মৰণা মৰা খলাৰ ওচৰত আছিল।
Ko je angel svojo roko iztegnil nad Jeruzalem, da ga uniči, se je Gospod pokesal od zla in rekel angelu, ki je uničeval ljudstvo: »Dovolj je. Zadrži sedaj svojo roko.« Gospodov angel pa je bil pri kraju mlatišča Jebusejca Arávna.
17 ১৭ পাছত যি দূতে সংহাৰ কৰিছিল, দায়ূদে সেই দূতক দেখি যিহোৱাক ক’লে “মইহে পাপ কৰিলোঁ, মইহে অপৰাধী হলোঁ; কিন্তু এই মেৰ-ছাগবোৰে কি কৰিলে? মই বিনয় কৰোঁ, তোমাৰ হাত মোৰেই বিৰুদ্ধে আৰু মোৰ পিতৃ-বংশৰ বিৰুদ্ধে হওক!”
David je spregovoril Gospodu, ko je videl angela, ki je udaril ljudstvo in rekel: »Glej! Grešil sem, storil sem zlobno. Toda te ovce, kaj so storile? Naj bo tvoja roka, prosim te, zoper mene in zoper hišo mojega očeta.«
18 ১৮ সেই দিনা গাদে দায়ূদৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি উঠি গৈ যিবুচীয়া অৰৌণাত মৰণা মৰা খলাত যিহোৱাৰ উদ্দেশে এটা যজ্ঞবেদী স্থাপন কৰাগৈ।”
Gad je ta dan prišel k Davidu in mu rekel: »Pojdi gor, zgradi oltar Gospodu na mlatišču Jebusejca Arávna.«
19 ১৯ তাতে যিহোৱাৰ আজ্ঞা অনুসাৰে গাদৰ নিৰ্দেশ মানি দায়ুদ উঠি গ’ল।
David je, glede na Gadovo izjavo, odšel gor, kakor je Gospod ukazal.
20 ২০ পাছত অৰৌণাই চাই দেখিলে যে, তেওঁৰ ফালে ৰজা আৰু তেওঁৰ দাসবোৰ আহি আছে, তাতে অৰৌণাই আহি ৰজাৰ আগত মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে।
Arávna je pogledal in zagledal kralja ter njegove služabnike prihajati proti njemu. Arávna je odšel ven in se upognil pred kraljem na svoj obraz k tlom.
21 ২১ আৰু অৰৌণাই ক’লে, “মোৰ প্ৰভু মহাৰাজৰ নিজৰ দাসৰ ওচৰলৈ কি কাৰণে আহিল?” দায়ূদে ক’লে, “লোকসকলৰ মাজৰ পৰা মহামাৰী গুচিবৰ বাবে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিবৰ অৰ্থে মই তোমাৰ পৰা এই মৰণা মৰা খলা কিনিবলৈ আহিছোঁ।”
Arávna je rekel: »Čemu je moj gospod kralj prišel k svojemu služabniku?« David je rekel: »Da od tebe kupim mlatišče, da zgradim oltar Gospodu, da bo kuga lahko ustavljena pred ljudstvom.«
22 ২২ তেতিয়া অৰৌণাই দায়ূদক ক’লে, “মোৰ প্ৰভু মহাৰাজৰ দৃষ্টিত যি ভাল হয়, তাকে লৈ উৎসৰ্গ কৰক; চাওঁক, হোম-বলিৰ বাবে এই গৰুবোৰ আৰু খৰিৰ বাবে মৰণা মৰা যন্ত্ৰ আৰু গৰুবোৰৰ যুৱঁলি আছে৷
Arávna je rekel Davidu: »Naj moj gospod kralj vzame in daruje, kar se mu zdi dobro. Glej, tukaj so voli za žgalno daritev in mlatilne priprave in druge volovske priprave za drva.«
23 ২৩ হে মহাৰাজ অৰৌণাই মহাৰাজক এই সকলোকে দিছে।” অৰৌণাই ৰজাক পুনৰ ক’লে, “আপোনাৰ ঈশ্বৰ যিহোৱাই আপোনাক গ্ৰহণ কৰক।”
Vse te stvari je Arávna, kakor kralj, dal kralju. In Arávna je rekel kralju: » Gospod, tvoj Bog, [naj] te sprejme.«
24 ২৪ ৰজাই অৰৌণাক ক’লে, “সেয়ে হ’ব নোৱাৰে, মই মূল্য দি তোমাৰ পৰা সকলো কিনিহে লম; মই নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশে বিনামূল্যে হোম-বলি উৎসৰ্গ নকৰোঁ।” এই বুলি দায়ূদে পঞ্চাশ চেকল ৰূপ দি, সেই মৰণা মৰা খলা আৰু গৰুবোৰ কিনি ল’লে।
Kralj pa je Arávnu rekel: »Ne; temveč bom to zagotovo kupil od tebe za ceno. Niti ne bom daroval žgalne daritve Gospodu, svojemu Bogu od tega, kar me nič ne stane.« Tako je David kupil mlatišče in vole za petdeset šeklov srebra.
25 ২৫ আৰু দায়ূদে সেই ঠাইতে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। তাতে যিহোৱাই দেশৰ পক্ষে প্ৰাৰ্থনা শুনিলে আৰু ইস্ৰায়েলৰ পৰা মহামাৰী গুচিল।
David je tam zgradil oltar Gospodu in daroval žgalne daritve in mirovne daritve. Tako je bil Gospod izprošen za deželo in kuga se je ustavila pred Izraelom.