< ২ সামুয়েল 23 >
1 ১ এয়ে দায়ূদৰ শেহতীয়া কথা। যিচয়ৰ পুত্ৰ দায়ুদ, উচ্চ সন্মানীয় পুৰুষ, যাকোবৰ ঈশ্বৰৰ দ্বাৰাই অভিষিক্ত এজন, এজন ইস্ৰায়েলৰ মধুৰ স্তুতি গীত গাওঁতা৷
Nämä olivat Daavidin viimeiset sanat: Näin puhuu Daavid, Iisain poika, näin puhuu korkealle korotettu mies, Jaakobin Jumalan voideltu, ihana Israelin ylistysvirsissä:
2 ২ “মোৰ দ্বাৰাই যিহোৱাৰ আত্মাই কথা ক’লে, তেওঁৰ বাক্য মোৰ জিভাত আছিল৷
"Herran Henki on puhunut minulle, ja hänen sanansa on minun kielelläni;
3 ৩ ইস্ৰায়েলৰ ঈশ্বৰে ক’লে, ‘ইস্ৰায়েলৰ শিলাই মোক ক’লে, লোকসকলৰ ওপৰত যি জনে ন্যায়ৰূপে ৰাজত্ব কৰে, যি জনে ঈশ্বৰলৈ ভয় ৰাখি শাসন কৰে,
Israelin Jumala on sanonut, Israelin kallio on puhunut minulle: 'Joka hallitsee ihmisiä vanhurskaasti, joka hallitsee Jumalan pelossa,
4 ৪ তেওঁ সূৰ্য উদয় হোৱা কালৰ সেই প্ৰভাতৰ দীপ্তিস্বৰূপ, মেঘ নথকা প্ৰভাত সদৃশ, যেতিয়া পৃথিৱীত তৃণ গজে, বৰষুণৰ পাছত সূৰ্যৰ কিৰণৰ দ্বাৰাই।
hän on niinkuin huomenhohde auringon noustessa pilvettömänä aamuna, kun maa kirkkaassa valossa vihannoi sateen jälkeen'.
5 ৫ স্বৰূপেই ঈশ্বৰৰ সন্মুখত মোৰ বংশ তেনে নহয় নে? কিয়নো তেওঁ মোৰ লগত এটি চিৰস্থায়ী নিয়ম স্থাপন কৰিলে, সেয়ে সম্পূৰ্ণ শৃঙ্খলাযুক্ত আৰু সত্য? কাৰণ মোলৈ প্ৰতিজ্ঞা কৰা মোৰ সকলো পৰিত্ৰাণ আৰু মঙ্গল তেওঁ বৃদ্ধি নকৰিব নে?
Eikö minun sukuni ole näin Jumalan edessä? Sillä hän on tehnyt minun kanssani iankaikkisen liiton, kaikin puolin taatun ja vakaan. Hän antaa versoa minulle kaiken autuuden ja kaiken ilon.
6 ৬ কিন্তু আটাই দুষ্ট লোক পেলাব লগা কাঁইট স্বৰূপ, কিয়নো সেইবোৰক হাতেৰে ধৰিব নোৱাৰি৷
Mutta kaikki kelvottomat ovat niinkuin poisviskatut orjantappurat, joihin ei käsin tartuta.
7 ৭ কিন্তু যি মানুহে তেওঁলোকক চুব, তেওঁ লোহা আৰু বৰছাৰ কুৰা হাতত লব লাগিব৷ পাছত তেওঁলোক থকা ঠাইতে তেওঁলোকক জুইৰে নিচেইকৈ পুৰা যাব’।”
Ja jos jonkun on koskettava niihin, varustautuu hän raudalla ja keihäänvarrella; sitten ne tulella poltetaan, siinä missä ovat."
8 ৮ দায়ূদৰ যি সকল বীৰ আছিল, তেওঁলোকৰ নাম এই। তথমোনীয়া যোচেব-বচেবৎ সেনাপতি সকলৰ অধ্যক্ষ৷ তেওঁ একে সময়তে আঠ শ লোকক বধ কৰিলে।
Nämä ovat Daavidin sankarien nimet: Jooseb-Bassebet, tahkemonilainen, vaunusoturien päällikkö, hän, joka heilutti keihästään kahdeksansadan kaatuneen yli yhdellä kertaa.
9 ৯ তেওঁৰ পাছত অহোহীয়া দোদয়ৰ পুত্ৰ ইলিয়াজ; দায়ূদৰ তিনিজন ক্ষমতাশালী পুৰুষসকলৰ মাজৰ এজন৷ যিজন যুদ্ধলৈ গোট খোৱা পলেষ্টীয়াসকলক ইতিকিং কৰিছিল আৰু যি সময়ত ইস্ৰায়েল লোকসকল যুদ্ধলৈ উঠি গৈছিল, সেই সময়ত দায়ূদৰ লগত আছিল৷
Hänen jälkeensä Eleasar, Doodin poika, joka oli erään ahohilaisen poika. Hän oli yksi niistä kolmesta urhosta, jotka olivat Daavidin kanssa silloin, kun he häpäisivät filistealaisia, jotka olivat kokoontuneet sinne sotimaan. Israelin miehet vetäytyivät silloin takaisin,
10 ১০ ইলিয়াজে উঠি হাত শ্ৰান্ত নোহোৱামানলৈকে পলেষ্টীয়াসকলক প্ৰহাৰ কৰি আছিল। যিদিনালৈকে তৰোৱালখন তেওঁৰ হাতত লাগি ৰ’ল; সেই দিনাই যিহোৱাই মহানিস্তাৰ আনিলে, আৰু লোকসকলে কেৱল লুট কৰিবলৈ ইলিয়াজৰ পাছে পাছে গ’ল।
mutta hän jäi paikalleen ja surmasi filistealaisia, kunnes hänen kätensä uupui niin, että se kouristui kiinni miekkaan. Ja Herra antoi suuren voiton sinä päivänä; väki kääntyi vain hänen jälkeensä ryöstämään.
11 ১১ আৰু তেওঁৰ পাছত হৰাৰীয়া আগিৰ পুত্ৰ চম্পা আছিল। যি ঠাইত মচুৰ মাহৰ খেতি আছিল, সেই ঠাইতে পলেষ্টীয়াসকলে গোট খাই দল পাতিছিল আৰু সৈন্যসকল ফিলিষ্টীয়াসকলৰ আগৰ পৰা পলাইছিল৷
Hänen jälkeensä Samma, Aagen poika, hararilainen. Kerran olivat filistealaiset kokoontuneet yhteen joukkoon, ja siellä oli peltopalsta, kokonaan hernettä kasvamassa. Ja väki pakeni filistealaisia,
12 ১২ কিন্তু চম্পা খেতিৰ মাজত থিয় হৈ তাক ৰক্ষা কৰিলে, আৰু পলেষ্টীয়াসকলক বধ কৰিলে; এইদৰে যিহোৱাই মহা-নিস্তাৰ আনিলে।
mutta hän asettui keskelle palstaa, sai sen pelastetuksi ja voitti filistealaiset; ja niin Herra antoi suuren voiton.
13 ১৩ ত্রিশজন সৈন্যৰ মাজৰ তিনি জন লোক শস্য দোৱা সময়ত অদুল্লম গুহাত থকা দায়ূদৰ ওচৰলৈ গ’ল৷ তেতিয়া পলেষ্টীয়াসকলৰ দলে ৰফায়ীম উপত্যকাত ছাউনি পাতি আছিল।
Kerran lähti kolme niistä kolmestakymmenestä päälliköstä liikkeelle, ja he tulivat elonleikkuun aikana Daavidin luo Adullamin luolalle. Ja filistealaisten joukko oli leiriytynyt Refaimin tasangolle.
14 ১৪ সেই কালত দায়ুদ দৃঢ় সংৰক্ষিত এটা গুহাত আছিল, আৰু তেতিয়া পলেষ্টীয়াসকলৰ প্ৰহৰী সৈন্যদলে বৈৎলেহেমত প্ৰতিষ্ঠা কৰিছিল।
Mutta Daavid oli silloin vuorilinnassa, ja filistealaisten vartiosto oli Beetlehemissä.
15 ১৫ পাছত দায়ূদে পানীৰ বাবে বৰ হাবিয়াহ কৰি ক’লে, “অহ, বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পৰা পানী খাবলৈ আনি দিয়া হ’লে, মই কেনে ভাল পালোঁহেঁতেন!”
Ja Daavidin rupesi tekemään mieli vettä, ja hän sanoi: "Jospa joku toisi minulle vettä juodakseni Beetlehemin kaivosta, joka on portin edustalla!"
16 ১৬ তাতে সেই তিনিজন বীৰ পুৰুষে পলেষ্টীয়াসকলৰ সৈন্যবোৰক ভেদ কৰি গৈ, বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পানী তুলি আনিলে৷ তেওঁলোকে সেই পানী দায়ূদৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে৷ বৰং তাক যিহোৱাৰ উদ্দেশে ঢালি দিলে।
Silloin murtautuivat ne kolme urhoa filistealaisten leirin läpi ja ammensivat vettä Beetlehemin kaivosta portin edustalta, kantoivat ja toivat sen Daavidille. Mutta hän ei tahtonut sitä juoda, vaan vuodatti sen juomauhriksi Herralle
17 ১৭ তেতিয়া তেওঁ ক’লে, “হে যিহোৱা, এনে কার্য মোৰ পৰা দূৰ হওঁক, যে ইয়াক মই পান কৰিম, এয়ে জানো আচলতে নিজ প্ৰাণ লৈ যোৱা লোকসকলৰ তেজ নহয়?” এই কাৰণে তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে। সেই বীৰ তিনিজনেই এই ক্ষমতাশালী কৰ্ম কৰিছিল।
ja sanoi: "Pois se! Herra varjelkoon minut sitä tekemästä. Onhan se niiden miesten veri, jotka menivät sinne oman henkensä uhalla." Eikä hän tahtonut juoda sitä. Tämän tekivät ne kolme urhoa.
18 ১৮ আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ ভায়েক অবীচয়, এই তিনিজনৰ ওপৰত সেনাধ্যক্ষ আছিল৷ এবাৰ তেওঁ তিনি শ লোকৰ বিৰুদ্ধে নিজৰ বৰছা চলাই সিহঁতক বধ কৰিছিল৷ আৰু তিনি জনৰ মাজত প্ৰায়েই তেওঁৰ নাম হৈছিল।
Abisai, Jooabin veli, Serujan poika, oli niiden kolmen päällikkö; hän heilutti keihästään kolmensadan kaatuneen yli. Ja hän oli kuulu niiden kolmen joukossa.
19 ১৯ তেওঁ জানো সেই তিনি জনৰ মাজত অধিক মৰ্য্যদা পোৱা লোক নহয়? এই হেতুকে তেওঁ তেওঁলোকৰ ওপৰত সেনাধ্যক্ষ হ’ল৷ তথাপিও তেওঁ এই প্ৰথম তিনি জনৰ সমানে প্ৰখ্যাত হোৱা নাছিল।
Hän oli arvossa pidetty niiden kolmen joukossa ja oli heidän päämiehensä, mutta ei hän vetänyt vertoja niille kolmelle.
20 ২০ এজন কবচেলীয়া বীৰপুৰুষ, যিহোয়াদাৰ পুত্ৰ যি বনায়া, তেওঁ অনেক মহৎ কাৰ্য কৰিছিল৷ তেওঁ মোৱাবীয়া অৰীয়েলৰ দুজন পুতেকক বধ কৰিছিল৷ তাৰ বাহিৰেও হিম পৰা কালত তেওঁ গৈ গাতৰ ভিতৰত থকা এটা সিংহ মাৰিছিল।
Benaja, Joojadan poika, joka oli urhoollisen ja suurista teoistaan kuuluisan miehen poika, oli kotoisin Kabseelista. Hän surmasi ne kaksi mooabilaista sankaria, ja hän laskeutui alas ja tappoi lumituiskun aikana leijonan kaivoon.
21 ২১ আৰু তেওঁ এজন বৰ সুন্দৰ মিচৰীয়াক বধ কৰিছিল৷ সেই মিচৰীয়াৰ হাতত এপাত বৰছা আছিল, কিন্তু তেওঁ এডাল লাখুটি লৈ সেই মিচৰীয়াজনৰ সৈতে যুঁজিছিল৷ তেওঁ মিচৰীয়াজনৰ হাতৰ পৰা বৰছাপাত কাঢ়ি লৈ, তেওঁৰ বৰছাৰেই তেওঁক বধ কৰিলে।
Myöskin surmasi hän egyptiläisen miehen, sen uhkean miehen. Egyptiläisellä oli keihäs kädessä, mutta hän meni häntä vastaan ainoastaan sauva kädessä. Ja hän tempasi keihään egyptiläisen kädestä ja tappoi hänet hänen omalla keihäällään.
22 ২২ যিহোয়াদাৰ পুত্ৰ বনায়াই এই বীৰত্বপূৰ্ণ কাৰ্যবোৰ কৰিলে আৰু তেওঁ সেই তিনি জন বীৰৰ লগে লগে তেওঁৰো নাম হ’ল।
Tällaisia teki Benaja, Joojadan poika. Ja hän oli kuulu niiden kolmen urhon joukossa.
23 ২৩ তেওঁ ত্ৰিশ জনকৈ অধিক মৰ্য্যদা পোৱা হ’ল যদিও তেওঁ প্ৰথম তিনি জনৰ সমান হোৱা নাছিল। তথাপিও দায়ূদে তেওঁক নিজৰ গা-ৰক্ষীয়া সৈন্যদলৰ ওপৰত অধ্যক্ষ পাতিলে।
Hän oli arvossa pidetty niiden kolmenkymmenen joukossa, mutta ei hän vetänyt vertoja niille kolmelle. Ja Daavid asetti hänet henkivartiostonsa päälliköksi.
24 ২৪ যোৱাবৰ ভায়েক অচাহেল ত্ৰিশ জনৰ মাজৰ এজন আছিল; বৈৎলেহেমীয়া দোদৰ পুত্ৰ ইলহানন,
Niiden kolmenkymmenen joukossa oli Asael, Jooabin veli; Elhanan, Doodon poika, Beetlehemistä;
25 ২৫ হৰোদীয়া চম্মা, হৰাদীয়া ইলীকা,
harodilainen Samma; harodilainen Elika;
26 ২৬ পলটীয়া হেলচ, তাকোইয়া ইক্কেচৰ পুত্ৰ ঈৰা,
pleettiläinen Heles; tekoalainen Iira, Ikkeksen poika;
27 ২৭ অনাথোতীয়া অবীয়েজৰ, হূচাতীয়া মবুন্নয়,
anatotilainen Abieser; huusalainen Mebunnai;
28 ২৮ অহোহীয়া চলমোন, নটোফাতীয়া মহৰয়;
ahohilainen Salmon; netofalainen Maharai;
29 ২৯ নটোফাতীয়া বানাৰ পুত্ৰ হেলেব, বিন্যামীনৰ সন্তান সকলৰ গিবিয়া-নিবাসী ৰীবয়ৰ পুত্ৰ ইত্তয়,
netofalainen Heeleb, Baanan poika; Ittai, Riibain poika, benjaminilaisten Gibeasta;
30 ৩০ পিৰাথোনীয়া বনায়া, গাচ উপত্যকা-নিবাসী হিদ্দয়৷
piratonilainen Benaja; Hiddai Nahale-Gaasista;
31 ৩১ অৰ্বাতীয়া অবীঅলবোন, বৰ্হূমীয়া অজমাবৎ,
arabalainen Abi-Albon; barhumilainen Asmavet;
32 ৩২ চালবোনীয়া ইলিয়হবা, বনে-যাচনেৰ পুত্ৰসকল যোনাথন;
saalbonilainen Eljahba; Bene-Jaasen; Joonatan;
33 ৩৩ হৰাৰীয়া চম্মা, অৰাৰীয়া চাৰৰৰ পুত্ৰ অহীয়াম,
hararilainen Samma; ararilainen Ahiam, Sararin poika;
34 ৩৪ মাখাথীয়া অহচবয়ৰ পুত্ৰ ইলীফেলট, গিলোনীয়া অহীথোফলৰ পুত্ৰ ইলীয়াম,
Elifelet, Ahasbain poika, joka oli erään maakatilaisen poika; giilolainen Eliam, Ahitofelin poika;
35 ৩৫ কৰ্মিলীয়া হিষো, অৰ্বীয়া পাৰয়,
karmelilainen Hesrai; arabilainen Paarai;
36 ৩৬ চোবা নিবাসী নাথনৰ পুত্ৰ ঈগাল, গাদীয়া গোষ্ঠীৰ বানী,
Jigal, Naatanin poika, Soobasta; gaadilainen Vaani;
37 ৩৭ অম্মোনীয়া চেলক, আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ অস্ত্ৰবাহন বেৰোতীয়া নহৰয়,
ammonilainen Selek; beerotilainen Naharai, Jooabin, Serujan pojan, aseenkantaja;
38 ৩৮ যিত্ৰীয়া ঈৰা, যিত্ৰীয়া গাৰেব,
jeteriläinen Iira; jeteriläinen Gaareb;
39 ৩৯ আৰু হিত্তীয়া ঊৰিয়া; সৰ্ব্বমুঠ সাতত্ৰিশ জন।
heettiläinen Uuria. Kaikkiaan kolmekymmentä seitsemän.