< ২ সামুয়েল 22 >
1 ১ যি কালত যিহোৱাই দায়ূদক চৌল আৰু আন আন শক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল, সেই সময়ত তেওঁ যিহোৱাৰ উদ্দ্যেশেৰে এই কথাৰে গীত গালে৷
Dafidi sì kọ ọ̀rọ̀ orin yìí sí Olúwa ní ọjọ́ tí Olúwa gbà á kúrò lọ́wọ́ gbogbo àwọn ọ̀tá rẹ̀, àti kúrò lọ́wọ́ Saulu.
2 ২ তেওঁ প্ৰার্থনা কৰি ক’লে, “যিহোৱা মোৰ শিলা, মোৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা।
Ó sì wí pé, “Olúwa ni àpáta mi, àti Olùgbàlà mi;
3 ৩ মোৰ ঈশ্বৰ, মোৰ শিলা; তেৱেঁই মোৰ আশ্রয়স্থান। তেওঁ মোৰ ঢাল, মোৰ পৰিত্ৰাণৰ শিং, মোৰ উচ্চ দু্ৰ্গ আৰু মোৰ আশ্ৰয়স্থান, তুমি মোৰ ত্ৰাণকৰ্তা; তুমি মোক উপদ্ৰৱৰ পৰা নিস্তাৰ কৰোঁতা।
Ọlọ́run mi, àpáta mi, nínú ẹni tí èmi ní ààbò, àti ìwo ìgbàlà mi, ibi ìsádi gíga mi. Àti ibi ìlùmọ̀ mi, Olùgbàlà mi; ìwọ ni ó ti gbà mí kúrò lọ́wọ́ ìwà ipá.
4 ৪ প্ৰশংসাৰ যোগ্য যি যিহোৱা, মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; তাতে মোৰ শত্ৰুবোৰৰ পৰা মই উদ্ধাৰ পাওঁ।
“Èmi ké pe Olúwa, tí ó yẹ láti máa yìn, ó sì gbà mí lọ́wọ́ àwọn ọ̀tá mi.
5 ৫ কিয়নো মৃত্যুৰ ঢৌৱে মোক বেৰি ধৰিছিল৷ অধৰ্মৰূপ ঢল পানীয়ে মোক অভিভূত কৰিছিল।
Nígbà tí ìbìlù ìrora ikú yí mi káàkiri; tí àwọn ìṣàn ènìyàn búburú dẹ́rùbà mí.
6 ৬ চিয়োলৰ জৰীয়ে মোক আগুৰি ধৰিছিল; মৃত্যু-পাশে মোক মেৰাই ধৰিছিল। (Sheol )
Ọ̀já isà òkú yí mi káàkiri; ìkẹ́kùn ikú dojúkọ mí. (Sheol )
7 ৭ সঙ্কতৰ কালত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ; মোৰ ঈশ্বৰৰ আগত মই কাতৰোক্তি কৰিলোঁ; তাতে তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, তেওঁৰ সন্মুখত কৰা মোৰ কাতৰোক্তি তেওঁৰ কাণত পৰিল।
“Nínú ìpọ́njú mi, èmi ké pé Olúwa, èmi sì gbé ohùn mi sókè sí Ọlọ́run mi. Ó sí gbóhùn mi láti tẹmpili rẹ̀ igbe mí wọ etí rẹ̀.
8 ৮ তেতিয়া পৃথিৱী কঁপিল আৰু জোকাৰ খালে৷ স্ৱর্গৰ মূলবোৰো জোকাৰ খাই লৰিল; কিয়নো তেওঁৰ ক্ৰোধ জ্বলি উঠিছিল।
Ilẹ̀ sì mì, ó sì wárìrì; ìpìlẹ̀ ọ̀run wárìrì, ó sì mì, nítorí tí ó bínú.
9 ৯ তেওঁ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ গ’ল, তেওঁৰ মুখৰ পৰা ওলোৱা অগ্নিয়ে গ্ৰাস কৰিলে; তাৰ পৰা জ্বলি থকা আঙঠা ওলাই জ্বলি থাকিল।
Èéfín ti ihò imú rẹ̀ jáde wá, iná ajónirun ti ẹnu rẹ̀ jáde wá, ẹ̀yin iná bú jáde láti inú rẹ̀.
10 ১০ তেতিয়া তেওঁ আকাশ মুকলি কৰি নামিল, তেওঁৰ চৰণৰ তলত ঘোৰ অন্ধকাৰ আছিল।
Ó tẹ orí ọ̀run ba pẹ̀lú, ó sì sọ̀kalẹ̀; òkùnkùn biribiri sì ń bẹ ní àtẹ́lẹsẹ̀ rẹ̀.
11 ১১ তেওঁ কৰূবত উঠিছিল আৰু উৰি ফুৰিছিল, এনে কি, বায়ুৰূপ ডেউকাৰে উৰা মাৰি আহি তেওঁ দৰ্শন দিছিল।
Ó sì gun orí kérúbù, ó sì fò, a sì rí i lórí ìyẹ́ afẹ́fẹ́.
12 ১২ আৰু তেওঁ অন্ধকাৰক নিজৰ চাৰিওফালে তম্বুৰূপে স্থাপন কৰি ল’লে, তেওঁ আকাশৰ মেঘত গধুৰ জলৰাশি একত্রিত কৰিলে৷
Ó sì fi òkùnkùn ṣe ibùjókòó yí ara rẹ̀, àti àgbájọ omi, àní ìṣúdudu ìkùùkuu àwọ̀ sánmọ̀.
13 ১৩ তেওঁৰ সন্মুখত থকা দীপ্তিৰ পৰা জ্বলন্ত আঙঠা ওলাই পৰিল।
Nípasẹ̀ ìmọ́lẹ̀ iwájú rẹ̀ ẹ̀yín iná ràn.
14 ১৪ যিহোৱাই আকাশৰ পৰা গৰ্জ্জন কৰিলে৷ সৰ্ব্বোপৰি জনে আটাহ পাৰিলে।
Olúwa sán àrá láti ọ̀run wá, Ọ̀gá-ògo jùlọ sì fọhùn rẹ̀.
15 ১৫ তেওঁ বাণ মাৰি তেওঁৰ শত্ৰুসকলক গোট গোট কৰিলে, তেওঁ বজ্ৰ মাৰি তেওঁলোকক ব্যাকুল কৰিলে।
Ó sì ta ọfà, ó sì tú wọn ká; ó kọ mànàmànà, ó sì ṣẹ́ wọn.
16 ১৬ যিহোৱাৰ ভৎসৰ্নাত আৰু তেওঁৰ নাকৰ নিশ্বাস প্ৰশ্বাসৰ বায়ুত, সমুদ্ৰৰ তলি দেখা গ’ল, পৃথিৱীৰ মূলবোৰ অনাবৃত হ’ল।
Ìṣàn ibú òkun sì fi ara hàn, ìpìlẹ̀ ayé fi ara hàn, nípa ìbáwí Olúwa, nípa fífún èémí ihò imú rẹ̀.
17 ১৭ তেওঁ ওপৰৰ পৰা হাত মেলিলে; আৰু মোক ধৰিলে! তেওঁ মহাজল সমূহৰ পৰা মোক তুলি আনিলে৷
“Ó ránṣẹ́ láti òkè wá, ó mú mi; ó fà mí jáde láti inú omi ńlá wá.
18 ১৮ তেওঁ মোক বলৱন্ত শত্ৰুৰ পৰা উদ্ধাৰ কৰিলে, মোৰ বৈৰীবোৰৰ পৰা মোক উদ্ধাৰ কৰিলে; কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত আছিল।
Ó gbà mí lọ́wọ́ ọ̀tá mi alágbára, lọ́wọ́ àwọn tí ó kórìíra mi, nítorí pé wọ́n lágbára jù mí lọ.
19 ১৯ মোৰ বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু যিহোৱা মোৰ উপকাৰক হ’ল।
Wọ́n wá láti borí mi lọ́jọ́ ìpọ́njú mi, ṣùgbọ́n Olúwa ni aláfẹ̀yìntì mi.
20 ২০ তেওঁ মোক বহল ঠাইলৈ উলিয়াই আনিলে৷ তেওঁ মোক উদ্ধাৰ কৰিলে, কিয়নো তেওঁ মোত সন্তোষ পালে।
Ó sì mú mi wá sí ààyè ńlá, ó gbà mi, nítorí tí inú rẹ̀ dún sí mi.
21 ২১ যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে৷ মোৰ হাতৰ শুদ্ধতাৰ দৰে মোক ফল দিলে।
“Olúwa sán án fún mi gẹ́gẹ́ bí òdodo mi; ó sì san án fún mi gẹ́gẹ́ bí mímọ́ ọwọ́ mi.
22 ২২ কিয়নো মই যিহোৱাৰ পথত চলিলোঁ, আৰু কুকৰ্ম কৰি মোৰ ঈশ্বৰক এৰা নাই৷
Nítorí pé èmi pa ọ̀nà Olúwa mọ́, èmi kò sì fi ìwà búburú yapa kúrò lọ́dọ̀ Ọlọ́run mi.
23 ২৩ কাৰণ তেওঁৰ সকলো শাসন মোৰ সন্মুখত আছে; মই তেওঁৰ বিধিবোৰ মোৰ পৰা দূৰ কৰা নাই৷
Nítorí pé gbogbo ìdájọ́ rẹ̀ ni ó wà níwájú mi; àti ní ti òfin rẹ̀, èmi kò sì yapa kúrò nínú wọn.
24 ২৪ তেওঁৰ দৃষ্টিত মই সিদ্ধও আছিলোঁ, আৰু নিজ অপৰাধৰ পৰা মই নিজকে আঁতৰে ৰাখিলোঁ।
Èmi sì wà nínú ìwà títọ́ sí í, èmi sì pa ara mi mọ́ kúrò nínú ẹ̀ṣẹ̀ mi.
25 ২৫ এই হেতুকে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক ফল দিলে, তেওঁৰ চকুৰ আগত থকা মোৰ হাতৰ শুদ্ধতাৰ দৰেই মোক ফল দিলে।
Olúwa sì san fún mi gẹ́gẹ́ bí òdodo mi, gẹ́gẹ́ bí ìwà mímọ́ mi níwájú rẹ̀.
26 ২৬ যি জন বিশ্বাসযোগ্য, তেওঁলৈ তুমি নিজৰ বিশ্বাসযোগ্যতা প্রকাশ কৰা, যি জন নিৰ্দোষী, তেওঁলৈ তুমি নিৰ্দোষীতা প্রকাশ কৰা৷
“Fún aláàánú ni ìwọ ó fi ara rẹ̀ hàn ni aláàánú, àti fún ẹni ìdúró ṣinṣin ní òdodo ni ìwọ ó fi ara rẹ hàn ní ìdúró ṣinṣin ní òdodo.
27 ২৭ তুমি শুচি লোকলৈ নিজৰ শুচিতা প্ৰকাশ কৰা, কিন্তু বিপথগামী লোকলৈ তুমি চতুৰ ব্যৱহাৰ কৰোঁতা।
Fún onínú funfun ni ìwọ fi ara rẹ hàn ní funfun; àti fún ẹni wíwọ́ ni ìwọ ó fi ara rẹ hàn ní wíwọ́.
28 ২৮ তুমি দুখ পোৱা লোকক পৰিত্ৰাণ দিওঁতা, কিন্তু গৰ্ব্বী চকুক তল কৰোঁতা।
Àwọn ènìyàn tí ó wà nínú ìyà ni ìwọ ó sì gbàlà; ṣùgbọ́n ojú rẹ wà lára àwọn agbéraga, láti rẹ̀ wọ́n sílẹ̀.
29 ২৯ কিয়নো হে যিহোৱা, তুমি মোৰ প্ৰদীপ৷ আৰু যিহোৱাই মোৰ অন্ধকাৰক পোহৰ কৰি দিয়ে৷
Nítorí ìwọ ni ìmọ́lẹ̀ mi, Olúwa; Olúwa yóò sì sọ òkùnkùn mi di ìmọ́lẹ̀.
30 ৩০ কিয়নো তোমাৰ সহায়ত মই সৈন্যদলৰ বিৰুদ্ধে খেদি যাওঁ; আৰু মোৰ ঈশ্বৰৰ সহায়ত মই জাপ মাৰি গড় পাৰ হওঁ।
Bẹ́ẹ̀ ni nítorí nípa rẹ̀ ni èmi ti la àárín ogun kọjá; nípa Ọlọ́run mi èmi ti fo odi kan.
31 ৩১ ঈশ্বৰৰ পথ হ’লে সিদ্ধ৷ যিহোৱাৰ বাক্য নিভাঁজ৷ তেওঁ প্ৰত্যেক লোকৰ ঢালস্বৰূপ; যি জন তেওঁত থাকে, তেওঁ তাৰ আশ্ৰয়স্থান।
“Ọlọ́run yìí, pípé ni ọ̀nà rẹ̀; ọ̀rọ̀ Olúwa ni a ti dánwò. Òun sì ni asà fún gbogbo àwọn tí ó gbẹ́kẹ̀lé e.
32 ৩২ কিয়নো যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰত বাহিৰে কোন শিলা আছে?
Nítorí ta ni Ọlọ́run, bí kò ṣe Olúwa? Ta ni àpáta, bí kò ṣe Ọlọ́run wa.
33 ৩৩ ঈশ্বৰ মোৰ দৃঢ় আশ্ৰয়; তেওঁ সিদ্ধ লোকক নিজ পথত চলায়।
Ọlọ́run alágbára ni ó fún mi ní agbára, ó sì sọ ọ̀nà mi di títọ́.
34 ৩৪ তেওঁ মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ কৰে আৰু মোক পর্বতৰ ওখ ঠাইত থিয় কৰায়।
Ó ṣe ẹsẹ̀ mi bí ẹsẹ̀ abo àgbọ̀nrín; ó sì mú mi dúró ní ibi gíga mi.
35 ৩৫ তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিক্ষা দিয়ে, তাতে মোৰ বাহুৱে পিতলৰ ধনুকো বেকা কৰিব পাৰে৷
Ó kọ́ ọwọ́ mi ní ogun jíjà; tó bẹ́ẹ̀ tí apá mi fa ọrun idẹ.
36 ৩৬ তুমি মোক পৰিত্ৰাণ স্বৰূপ ঢাল দিলা, আৰু তোমাৰ সাহাৰ্যই মোক মহান কৰিলে।
Ìwọ sì ti fún mi ní asà ìgbàlà rẹ̀; ìrẹ̀lẹ̀ rẹ̀ sì ti sọ mí di ńlá.
37 ৩৭ তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা, তাতে মোৰ ভৰি পিছলি নগ’ল।
Ìwọ sì sọ ìtẹ̀lẹ̀ di ńlá ní abẹ́ mi; tó bẹ́ẹ̀ tí ẹsẹ̀ mi kò fi yọ̀.
38 ৩৮ মই মোৰ শত্ৰুবোৰৰ পাছত খেদি গৈ তেওঁলোকক বিনষ্ট কৰিলোঁ৷ তেওঁলোক বিনষ্ট নহ’লমানে মই উভটি নাহিলোঁ।
“Èmi ti lépa àwọn ọ̀tá mi, èmi sì ti run wọ́n, èmi kò pẹ̀yìndà títí èmi fi run wọ́n.
39 ৩৯ মই তেওঁলোকক সংহাৰ কৰি এনেকৈ গুড়ি কৰিলোঁ যে, তেওঁলোকে উঠিব নোৱাৰিলে৷ এনে কি, তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল।
Èmi ti pa wọ́n run, èmi sì ti fọ́ wọn, wọn kò sì le dìde mọ́, wọ́n ṣubú lábẹ́ mi.
40 ৪০ কিয়নো যুদ্ধ কৰিবৰ অৰ্থে তুমি মোক বলৰূপ কটিবন্ধন দিলা; তুমি মোৰ বিৰুদ্ধে উঠাবোৰক, মোৰ তলতীয়া কৰিলা।
Ìwọ sì ti fi agbára dì mí ní àmùrè fún ìjà; àwọn tí ó ti dìde sí mi ni ìwọ sì ti tẹ̀ lórí ba fún mi.
41 ৪১ তুমি মোৰ শত্ৰুবোৰক মোলৈ পিঠি দিয়ালা; তাতে মোক ঘিণ কৰোঁতাবোৰক মই সংহাৰ কৰিলোঁ।
Ìwọ sì mú àwọn ọ̀tá mi pẹ̀yìndà fún mi, èmi ó sì pa àwọn tí ó kórìíra mi run.
42 ৪২ তেওঁলোকে সহায়ৰ বাবে আটাহ পাৰিলে, কিন্তু পৰিত্ৰাণ কৰোঁতা কোনো নাছিল৷ তেওঁলোকে যিহোৱালৈ আটাহ পাৰিলে, কিন্তু তেওঁ তেওঁলোকক উত্তৰ নিদিলে।
Wọ́n wò, ṣùgbọ́n kò sí ẹnìkan láti gbà wọ́n; wọ́n wo Olúwa, ṣùgbọ́n kò dá àwọn lóhùn.
43 ৪৩ তাতে পৃথিৱীৰ ধূলিৰ নিচিনাকৈ মই তেওঁলোকক গুড়ি কৰিলোঁ, আৰু বাটৰ বোকাৰ দৰে মই তেওঁলোকক গচকিলোঁ আৰু মৰ্দ্দন কৰিলোঁ।
Nígbà náà ni èmi sì gún wọn wẹ́wẹ́ bí erùpẹ̀ ilẹ̀, èmi sì tẹ̀ wọ́n mọ́lẹ̀ bí ẹrẹ̀ ìta, èmi sì tẹ́ wọn gbọrọ.
44 ৪৪ তুমি মোৰ লোকসকলৰ বিবাদৰ পৰা মোক ৰক্ষা কৰিলা৷ তুমি মোৰ ফৈদক উত্তৰাধিকাৰ হ’বলৈ ৰাখিলা৷ মোৰ অপৰিচিত এটা জাতিক মোৰ দাস হ’বলৈ দিলা।
“Ìwọ sì gbà mí kúrò lọ́wọ́ ìjà àwọn ènìyàn mi, ìwọ pa mi mọ́ ki èmi lè ṣe olórí àwọn àjèjì orílẹ̀-èdè. Àwọn ènìyàn tí èmi kò tí mọ̀ yóò máa sìn mí.
45 ৪৫ বিদেশীসকল মোৰ বশীভূত হ’ল৷ শুনামাত্ৰকে তেওঁলোকে মোৰ আজ্ঞা পালন কৰিলে।
Àwọn àjèjì wá láti tẹríba fún mi; bí wọ́n bá ti gbúròó mi, wọ́n á sì gbọ́ tèmi.
46 ৪৬ বিদেশীসকল নিৰূৎসাহী হৈ নিজ নিজ দুৰ্গৰ পৰা কঁপি কঁপি ওলাই আহিল।
Àyà yóò pá àwọn àlejò, wọ́n ó sì fi ìbẹ̀rù sá kúrò níbi kọ́lọ́fín wọn.
47 ৪৭ যিহোৱা জীৱন্ত! মোৰ শিলাৰ প্রশংসা হওঁক৷ মোৰ পৰিত্ৰাণৰ শিলা, ঈশ্বৰ গৌৰৱাম্বিত হওঁক;
“Olúwa ń bẹ́; olùbùkún sì ni àpáta mi! Gbígbéga sì ni Ọlọ́run àpáta ìgbàlà mi.
48 ৪৮ যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ হৈ প্ৰতিকাৰ সাধে আৰু লোকসকলক মোৰ ভৰিৰ তলত চাপৰ কৰে,
Ọlọ́run ni ẹni tí ń gbẹ̀san mi, àti ẹni tí ń rẹ àwọn ènìyàn sílẹ̀ lábẹ́ mi.
49 ৪৯ আৰু মোৰ শত্ৰুবোৰৰ মাজৰ পৰা মোক উলিয়াই আনে৷ এনে কি, তুমি মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত মোক তোলা, আৰু উপদ্ৰৱকাৰীবোৰৰ পৰাও মোক উদ্ধাৰ কৰা।
Àti ẹni tí ó gbà mí kúrò lọ́wọ́ àwọn ọ̀tá mi. Ìwọ sì gbé mi sókè ju àwọn tí ó kórìíra mi lọ; ìwọ sì gbà mí kúrò lọ́wọ́ àwọn ọkùnrin oníwà ipá.
50 ৫০ এই হেতুকে হে যিহোৱা, মই জাতিবোৰৰ মাজত তোমাক ধন্যবাদ কৰিম; আৰু তোমাৰ নামৰ উদ্দেশে প্ৰশংসাৰ গান কৰিম।
Nítorí náà èmi ó fi ọpẹ́ fún ọ, Olúwa, láàrín àwọn àjèjì orílẹ̀-èdè, èmi ó sì kọrin sí orúkọ rẹ.
51 ৫১ ঈশ্ৱৰে নিজ ৰজাক মহা-পৰিত্ৰাণ দিয়ে, আৰু তেওঁ নিজৰ অভিষিক্ত জনক দয়া কৰে। তেৱেঁই সদাকাললৈকে দায়ুদ আৰু তেওঁৰ বংশক দয়া কৰিব।”
“Òun ni ilé ìṣọ́ ìgbàlà fún ọba rẹ̀; ó sì fi àánú hàn fún ẹni àmì òróró rẹ̀, fún Dafidi, àti fún irú-ọmọ rẹ̀ títí láéláé.”