< ২ সামুয়েল 22 >

1 যি কালত যিহোৱাই দায়ূদক চৌল আৰু আন আন শক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল, সেই সময়ত তেওঁ যিহোৱাৰ উদ্দ্যেশেৰে এই কথাৰে গীত গালে৷
Daudi nĩainĩire Jehova na ciugo cia rwĩmbo rũrũ rĩrĩa Jehova aamũhonokirie kuuma guoko-inĩ gwa thũ ciake ciothe na kuuma guoko-inĩ gwa Saũlũ.
2 তেওঁ প্ৰার্থনা কৰি ক’লে, “যিহোৱা মোৰ শিলা, মোৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা।
Akiuga atĩrĩ:
3 মোৰ ঈশ্বৰ, মোৰ শিলা; তেৱেঁই মোৰ আশ্রয়স্থান। তেওঁ মোৰ ঢাল, মোৰ পৰিত্ৰাণৰ শিং, মোৰ উচ্চ দু্ৰ্গ আৰু মোৰ আশ্ৰয়স্থান, তুমি মোৰ ত্ৰাণকৰ্তা; তুমি মোক উপদ্ৰৱৰ পৰা নিস্তাৰ কৰোঁতা।
Ngai wakwa nĩwe rwaro rwakwa rwa ihiga, na nĩwe rĩũrĩro rĩakwa,
4 প্ৰশংসাৰ যোগ্য যি যিহোৱা, মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; তাতে মোৰ শত্ৰুবোৰৰ পৰা মই উদ্ধাৰ পাওঁ।
Ngayagĩra Jehova, ũrĩa wagĩrĩire kũgoocagwo,
5 কিয়নো মৃত্যুৰ ঢৌৱে মোক বেৰি ধৰিছিল৷ অধৰ্মৰূপ ঢল পানীয়ে মোক অভিভূত কৰিছিল।
“Ndiihũ cia gĩkuũ nĩciathiũrũrũkĩirie;
6 চিয়োলৰ জৰীয়ে মোক আগুৰি ধৰিছিল; মৃত্যু-পাশে মোক মেৰাই ধৰিছিল। (Sheol h7585)
Mĩhĩndo ya mbĩrĩra ĩgĩĩthiororokeria; (Sheol h7585)
7 সঙ্কতৰ কালত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ; মোৰ ঈশ্বৰৰ আগত মই কাতৰোক্তি কৰিলোঁ; তাতে তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, তেওঁৰ সন্মুখত কৰা মোৰ কাতৰোক্তি তেওঁৰ কাণত পৰিল।
Mĩnyamaro-inĩ yakwa ndakaĩire Jehova;
8 তেতিয়া পৃথিৱী কঁপিল আৰু জোকাৰ খালে৷ স্ৱর্গৰ মূলবোৰো জোকাৰ খাই লৰিল; কিয়নো তেওঁৰ ক্ৰোধ জ্বলি উঠিছিল।
“Thĩ ĩkĩinaina na ĩgĩthingitha;
9 তেওঁ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ গ’ল, তেওঁৰ মুখৰ পৰা ওলোৱা অগ্নিয়ে গ্ৰাস কৰিলে; তাৰ পৰা জ্বলি থকা আঙঠা ওলাই জ্বলি থাকিল।
Ndogo ĩkiuma maniũrũ-inĩ make ĩkĩambata na igũrũ;
10 ১০ তেতিয়া তেওঁ আকাশ মুকলি কৰি নামিল, তেওঁৰ চৰণৰ তলত ঘোৰ অন্ধকাৰ আছিল।
Aahingũrire igũrũ agĩikũrũka thĩ;
11 ১১ তেওঁ কৰূবত উঠিছিল আৰু উৰি ফুৰিছিল, এনে কি, বায়ুৰূপ ডেউকাৰে উৰা মাৰি আহি তেওঁ দৰ্শন দিছিল।
Ombũkire akuuĩtwo nĩ ikerubi;
12 ১২ আৰু তেওঁ অন্ধকাৰক নিজৰ চাৰিওফালে তম্বুৰূপে স্থাপন কৰি ল’লে, তেওঁ আকাশৰ মেঘত গধুৰ জলৰাশি একত্রিত কৰিলে৷
Ehumbĩrire na nduma,
13 ১৩ তেওঁৰ সন্মুখত থকা দীপ্তিৰ পৰা জ্বলন্ত আঙঠা ওলাই পৰিল।
Kuuma ũkengi ũrĩa warĩ harĩ we,
14 ১৪ যিহোৱাই আকাশৰ পৰা গৰ্জ্জন কৰিলে৷ সৰ্ব্বোপৰি জনে আটাহ পাৰিলে।
Jehova akĩruruma arĩ kũu igũrũ;
15 ১৫ তেওঁ বাণ মাৰি তেওঁৰ শত্ৰুসকলক গোট গোট কৰিলে, তেওঁ বজ্ৰ মাৰি তেওঁলোকক ব্যাকুল কৰিলে।
Aikirie mĩguĩ, akĩharagania thũ,
16 ১৬ যিহোৱাৰ ভৎসৰ্নাত আৰু তেওঁৰ নাকৰ নিশ্বাস প্ৰশ্বাসৰ বায়ুত, সমুদ্ৰৰ তলি দেখা গ’ল, পৃথিৱীৰ মূলবোৰ অনাবৃত হ’ল।
Hĩndĩ ĩyo mĩkuru ya iria ĩkĩonekana,
17 ১৭ তেওঁ ওপৰৰ পৰা হাত মেলিলে; আৰু মোক ধৰিলে! তেওঁ মহাজল সমূহৰ পৰা মোক তুলি আনিলে৷
“Agĩtambũrũkia guoko gwake kuuma o kũu igũrũ akĩnyiita;
18 ১৮ তেওঁ মোক বলৱন্ত শত্ৰুৰ পৰা উদ্ধাৰ কৰিলে, মোৰ বৈৰীবোৰৰ পৰা মোক উদ্ধাৰ কৰিলে; কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত আছিল।
Andeithũrire thũ yakwa ĩrĩ hinya,
19 ১৯ মোৰ বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু যিহোৱা মোৰ উপকাৰক হ’ল।
Maanjĩhotoreire mũthenya ũrĩa ndaarĩ na mũtino,
20 ২০ তেওঁ মোক বহল ঠাইলৈ উলিয়াই আনিলে৷ তেওঁ মোক উদ্ধাৰ কৰিলে, কিয়নো তেওঁ মোত সন্তোষ পালে।
Andutire na nja akĩndwara handũ haariĩ,
21 ২১ যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে৷ মোৰ হাতৰ শুদ্ধতাৰ দৰে মোক ফল দিলে।
“Jehova anjĩkĩire maũndũ kũringana na ũthingu wakwa,
22 ২২ কিয়নো মই যিহোৱাৰ পথত চলিলোঁ, আৰু কুকৰ্ম কৰি মোৰ ঈশ্বৰক এৰা নাই৷
Nĩgũkorwo nĩnũmĩtie njĩra cia Jehova;
23 ২৩ কাৰণ তেওঁৰ সকলো শাসন মোৰ সন্মুখত আছে; মই তেওঁৰ বিধিবোৰ মোৰ পৰা দূৰ কৰা নাই৷
Mawatho make mothe marĩ mbere yakwa;
24 ২৪ তেওঁৰ দৃষ্টিত মই সিদ্ধও আছিলোঁ, আৰু নিজ অপৰাধৰ পৰা মই নিজকে আঁতৰে ৰাখিলোঁ।
Ngoretwo itarĩ na ũcuuke ndĩ mbere yake,
25 ২৫ এই হেতুকে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক ফল দিলে, তেওঁৰ চকুৰ আগত থকা মোৰ হাতৰ শুদ্ধতাৰ দৰেই মোক ফল দিলে।
Jehova andĩhĩte kũringana na ũthingu wakwa,
26 ২৬ যি জন বিশ্বাসযোগ্য, তেওঁলৈ তুমি নিজৰ বিশ্বাসযোগ্যতা প্রকাশ কৰা, যি জন নিৰ্দোষী, তেওঁলৈ তুমি নিৰ্দোষীতা প্রকাশ কৰা৷
“Ũrĩ mwĩhokeku harĩ arĩa makwĩhokete,
27 ২৭ তুমি শুচি লোকলৈ নিজৰ শুচিতা প্ৰকাশ কৰা, কিন্তু বিপথগামী লোকলৈ তুমি চতুৰ ব্যৱহাৰ কৰোঁতা।
kũrĩ ũrĩa wĩtheragia wĩonanagia ũrĩ mũtheru,
28 ২৮ তুমি দুখ পোৱা লোকক পৰিত্ৰাণ দিওঁতা, কিন্তু গৰ্ব্বী চকুক তল কৰোঁতা।
Wee ũhonokagia andũ arĩa enyiihia,
29 ২৯ কিয়নো হে যিহোৱা, তুমি মোৰ প্ৰদীপ৷ আৰু যিহোৱাই মোৰ অন্ধকাৰক পোহৰ কৰি দিয়ে৷
Wee Jehova, nĩwe tawa wakwa,
30 ৩০ কিয়নো তোমাৰ সহায়ত মই সৈন্যদলৰ বিৰুদ্ধে খেদি যাওঁ; আৰু মোৰ ঈশ্বৰৰ সহায়ত মই জাপ মাৰি গড় পাৰ হওঁ।
Ndĩ na ũteithio waku no hote gũtharĩkĩra mbũtũ ya ita;
31 ৩১ ঈশ্বৰৰ পথ হ’লে সিদ্ধ৷ যিহোৱাৰ বাক্য নিভাঁজ৷ তেওঁ প্ৰত্যেক লোকৰ ঢালস্বৰূপ; যি জন তেওঁত থাকে, তেওঁ তাৰ আশ্ৰয়স্থান।
“Mũrungu-rĩ, njĩra ciake nĩnginyanĩru;
32 ৩২ কিয়নো যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰত বাহিৰে কোন শিলা আছে?
Nĩ ũndũ-rĩ, nũũ Mũrungu tiga Jehova?
33 ৩৩ ঈশ্বৰ মোৰ দৃঢ় আশ্ৰয়; তেওঁ সিদ্ধ লোকক নিজ পথত চলায়।
Nĩ Mũrungu ũũhotoraga hinya na ũhoti,
34 ৩৪ তেওঁ মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ কৰে আৰু মোক পর্বতৰ ওখ ঠাইত থিয় কৰায়।
Atũmaga magũrũ makwa matengʼere o ta ma thwariga;
35 ৩৫ তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিক্ষা দিয়ে, তাতে মোৰ বাহুৱে পিতলৰ ধনুকো বেকা কৰিব পাৰে৷
We nĩwe wonagia moko makwa mũrũĩre wa mbaara;
36 ৩৬ তুমি মোক পৰিত্ৰাণ স্বৰূপ ঢাল দিলা, আৰু তোমাৰ সাহাৰ্যই মোক মহান কৰিলে।
Ũũheaga ngo yaku ya ũhootani;
37 ৩৭ তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা, তাতে মোৰ ভৰি পিছলি নগ’ল।
Ũnjaramagĩria njĩra ya kũrĩa thiiagĩra,
38 ৩৮ মই মোৰ শত্ৰুবোৰৰ পাছত খেদি গৈ তেওঁলোকক বিনষ্ট কৰিলোঁ৷ তেওঁলোক বিনষ্ট নহ’লমানে মই উভটি নাহিলোঁ।
“Ndaingatithirie thũ ciakwa na ngĩcihehenja;
39 ৩৯ মই তেওঁলোকক সংহাৰ কৰি এনেকৈ গুড়ি কৰিলোঁ যে, তেওঁলোকে উঠিব নোৱাৰিলে৷ এনে কি, তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল।
Ndacihehenjire biũ, ikĩremwo nĩ gũũkĩra,
40 ৪০ কিয়নো যুদ্ধ কৰিবৰ অৰ্থে তুমি মোক বলৰূপ কটিবন্ধন দিলা; তুমি মোৰ বিৰুদ্ধে উঠাবোৰক, মোৰ তলতীয়া কৰিলা।
Wee ũũheaga hinya wa kũrũa mbaara,
41 ৪১ তুমি মোৰ শত্ৰুবোৰক মোলৈ পিঠি দিয়ালা; তাতে মোক ঘিণ কৰোঁতাবোৰক মই সংহাৰ কৰিলোঁ।
Watũmire thũ ciakwa ihũndũke ciũre,
42 ৪২ তেওঁলোকে সহায়ৰ বাবে আটাহ পাৰিলে, কিন্তু পৰিত্ৰাণ কৰোঁতা কোনো নাছিল৷ তেওঁলোকে যিহোৱালৈ আটাহ পাৰিলে, কিন্তু তেওঁ তেওঁলোকক উত্তৰ নিদিলে।
Maakaire mateithio, no hatiarĩ na wa kũmahonokia,
43 ৪৩ তাতে পৃথিৱীৰ ধূলিৰ নিচিনাকৈ মই তেওঁলোকক গুড়ি কৰিলোঁ, আৰু বাটৰ বোকাৰ দৰে মই তেওঁলোকক গচকিলোঁ আৰু মৰ্দ্দন কৰিলোঁ।
Ndaamahũũrire makĩhaana ta rũkũngũ rũhinyu rwa thĩ;
44 ৪৪ তুমি মোৰ লোকসকলৰ বিবাদৰ পৰা মোক ৰক্ষা কৰিলা৷ তুমি মোৰ ফৈদক উত্তৰাধিকাৰ হ’বলৈ ৰাখিলা৷ মোৰ অপৰিচিত এটা জাতিক মোৰ দাস হ’বলৈ দিলা।
“Nĩũũhonoketie ngaaga gũtharĩkĩrwo nĩ andũ akwa;
45 ৪৫ বিদেশীসকল মোৰ বশীভূত হ’ল৷ শুনামাত্ৰকে তেওঁলোকে মোৰ আজ্ঞা পালন কৰিলে।
andũ a kũngĩ mokaga kũrĩ niĩ menyiihĩtie;
46 ৪৬ বিদেশীসকল নিৰূৎসাহী হৈ নিজ নিজ দুৰ্গৰ পৰা কঁপি কঁপি ওলাই আহিল।
Othe makuuaga ngoro;
47 ৪৭ যিহোৱা জীৱন্ত! মোৰ শিলাৰ প্রশংসা হওঁক৷ মোৰ পৰিত্ৰাণৰ শিলা, ঈশ্বৰ গৌৰৱাম্বিত হওঁক;
“Jehova atũũraga muoyo! O we Rwaro rwakwa rwa Ihiga arogoocwo!
48 ৪৮ যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ হৈ প্ৰতিকাৰ সাধে আৰু লোকসকলক মোৰ ভৰিৰ তলত চাপৰ কৰে,
We nĩwe Mũrungu ũrĩa ũndĩhagĩria,
49 ৪৯ আৰু মোৰ শত্ৰুবোৰৰ মাজৰ পৰা মোক উলিয়াই আনে৷ এনে কি, তুমি মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত মোক তোলা, আৰু উপদ্ৰৱকাৰীবোৰৰ পৰাও মোক উদ্ধাৰ কৰা।
nĩwe ũũhonokagia kuuma kũrĩ thũ ciakwa.
50 ৫০ এই হেতুকে হে যিহোৱা, মই জাতিবোৰৰ মাজত তোমাক ধন্যবাদ কৰিম; আৰু তোমাৰ নামৰ উদ্দেশে প্ৰশংসাৰ গান কৰিম।
Nĩ ũndũ ũcio, Wee Jehova, nĩndĩkũgoocaga ndĩ gatagatĩ ka ndũrĩrĩ,
51 ৫১ ঈশ্ৱৰে নিজ ৰজাক মহা-পৰিত্ৰাণ দিয়ে, আৰু তেওঁ নিজৰ অভিষিক্ত জনক দয়া কৰে। তেৱেঁই সদাকাললৈকে দায়ুদ আৰু তেওঁৰ বংশক দয়া কৰিব।”
Aheaga mũthamaki wake ũhootani mũnene;

< ২ সামুয়েল 22 >