< ২ সামুয়েল 21 >

1 দায়ূদৰ ৰাজত্ব কালত ক্ৰমান্বয়ে তিনি বছৰলৈকে আকাল হ’ল আৰু সেয়ে দায়ুদে যিহোৱাক বিচাৰিলে৷ তেতিয়া যিহোৱাই ক’লে, “চৌল আৰু তেওঁৰ ৰক্তপাতী বংশৰ কাৰণে এই আকাল তোমালৈ হৈছে কিয়নো তেওঁ গিবিয়োনীয়া লোকসকলক বধ কৰিলে।”
Men under Davids tid uppstod en hungersnöd, som varade oavbrutet i tre år; då sökte David HERRENS ansikte. HERREN svarade: »För Sauls och hans blodbefläckade hus' skull sker detta, därför att han dödade gibeoniterna.
2 সেই সময়ত গিবিয়োনীয়া সকল ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ নাছিল; কিন্তু ইমোৰীয়া সকলৰ অৱশিষ্ট থকা ভাগৰ লোক৷ ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক বধ নকৰিবলৈ শপত কৰিলে কিন্তু চৌলে ইস্ৰায়েলৰ সন্তান সকলৰ আৰু যিহূদাৰ পক্ষে উদ্যোগী হৈ তেওঁলোকক বধ কৰিবলৈ চেষ্টা কৰিছিল।
Då kallade konungen till sig gibeoniterna och talade med dem. Men gibeoniterna voro icke israeliter, utan en kvarleva av amoréerna och fastän Israels barn hade givit dem sin ed, hade Saul, i sin nitälskan för Israels barn och för Juda, försökt att nedgöra dem.
3 সেই কাৰণে দায়ূদে গিবিয়োনীয়া সকলক একেলগে মাতি আনি ক’লে, “মই আপোনালোকৰ বাবে কি কৰিম? আপোনালোকে যেন যিহোৱাৰ সেই দয়া আৰু বিশ্ৱাসৰ উত্তৰাধিকাৰী সকলক আশীৰ্ব্বাদ কৰে তাৰ বাবে মই কেনেকৈ প্ৰায়শ্চিত্ত কৰিম?”
David sade nu till gibeoniterna: »Vad skall jag göra för eder, och varmed skall jag bringa försoning, så att I välsignen HERRENS arvedel?»
4 তেতিয়া গিবিয়োনীয়া সকলে তেওঁক ক’লে, “চৌল কি তেওঁৰ বংশৰ সৈতে আমাৰ ৰূপ বা সোণৰ বিষয়ে বিবাদ নাই আৰু ইস্ৰায়েলৰ মাজত কোনো লোকক বধ কৰা আমাৰ কাম নহয়।” দায়ূদে উত্তৰ দি ক’লে, “আপোনালোকে যিয়ে বিচাৰে মই সেয়াই আপোনালোকৰ বাবে কৰিম।”
Gibeoniterna svarade honom: »Vi fordra icke silver och guld av Saul och hans hus, ej heller hava vi rätt att döda någon man i Israel.» Han frågade: »Vad begären I då att jag skall göra för eder?»
5 তাতে তেওঁলোকে ৰজাক ক’লে, “যি মানুহ জনে আমাক সংহাৰ কৰিছিল আৰু আমি বিনষ্ট হৈ ইস্ৰায়েলৰ সীমাৰ মাজৰ কোনো প্ৰদেশত অৱশিষ্ট নাথাকিবৰ কাৰণে আমাৰ বিৰুদ্ধে কু-মন্ত্ৰণা কৰিছিল -
De svarade konungen: »Den man som ville förgöra oss, och som stämplade mot oss, för att vi skulle bliva utrotade och icke mer hava bestånd någonstädes inom Israels land,
6 সেই মানুহ জনৰ বংশধৰ মাজৰ সাত জন লোকক আমাৰ হাতত সমৰ্পণ কৰি দিয়া হওঁক তাতে আমি যিহোৱা মনোনীত লোক চৌলৰ, গিবিয়াত যিহোৱা উদ্দেশে আৰি থম।” তেতিয়া ৰজাই ক’লে, “মই তোমালোকলৈ তেওঁলোকক সমর্পণ কৰিম।”
av hans söner må sju utlämnas till oss, så att vi få upphänga dem för HERREN i Sauls, HERRENS utvaldes, Gibea.» Konungen sade: »Jag skall utlämna dem.»
7 কিন্তু দায়ুদৰ আৰু চৌলৰ পুত্ৰ যোনাথনৰ মাজত যিহোৱাৰ নামেৰে শপতৰ কাৰণে, ৰজাই চৌলৰ নাতিয়েক যোনাথনৰ পুত্ৰ মফিবোচতক দয়া কৰি ৰক্ষা কৰিলে।
Men konungen skonade Mefiboset, Sauls son Jonatans son, för den ed vid HERREN, som de, David och Jonatan, Sauls son, hade svurit varandra.
8 কিন্তু অয়াৰ জীয়েক ৰিস্পাই চৌলৰ ঔৰসত অৰ্মণী আৰু মফীবোচৎ নামেৰে যি দুজন পুত্ৰক জন্ম দিছিল আৰু মহোলাতীয়া বাৰ্জিল্লয়ৰ পুতেক অদ্ৰীয়েলৰ ঔৰসত চৌলৰ জীয়েক মীখলে যি পাঁচোটা পুত্ৰ জন্ম দিছিল, এই সকলক ল’লে।
Däremot tog konungen de två söner, Armoni och Mefiboset, som Rispa, Ajas dotter, hade fött åt Saul, och de fem söner som Mikal, Sauls dotter, hade fött åt meholatiten Adriel, Barsillais son
9 দায়ূদে তেওঁলোকক গিবিয়োনীয়া সকলৰ হাতত শোধাই দিলে৷ তেতিয়া তেওঁলোকে পৰ্বতত যিহোৱাৰ সন্মুখত তেওঁলোকক আৰি হ’ল; আৰু তাতে সেই সাত জনৰ একে সময়তে মৃত্যু হ’ল। শস্য দাবৰ কালত অৰ্থাৎ যৱ ধান দাবলৈ আৰম্ভ কৰা কালতে তেওঁলোকক বধ কৰা হ’ল।
och överlämnade dem åt gibeoniterna, och dessa upphängde dem på berget inför HERREN, så att de omkommo, alla sju på en gång. Och det var under de första skördedagarna, när kornskörden begynte, som de blevo dödade.
10 ১০ পাছত অয়াৰ জীয়েক ৰিস্পাই চট কাপোৰ লৈ, শস্য দোৱাৰ আৰম্ভণৰে পৰা তেওঁলোকৰ ওপৰত আকাশৰ পৰা বৰষুণ নপৰালৈকে শিলৰ ওপৰত নিজৰ কাৰণে সেই চটখন পাৰি ল’লে। তাই দিনত আকাশৰ চৰাইবোৰক তেওঁলোকৰ ওপৰত পৰিব নিদিলে আৰু ৰাতি বনৰীয়া জন্তুক ওচৰলৈ আহিব নিদিলে।
Då tog Rispa, Ajas dotter, sin sorgdräkt och hade den till sitt läger ovanpå klippan från det att skörden begynte, ända till dess att vattnet strömmade ned över dem från himmelen; och hon tillstadde icke himmelens fåglar att slå ned på dem om dagen, ej heller markens vilda djur att göra det om natten.
11 ১১ পাছত চৌলৰ উপপত্নী অয়াৰ জীয়েক ৰিস্পাই যি কাৰ্য কৰিছিল তাক দায়ুদক জনোৱা গ’ল।
När det blev berättat för David vad Rispa, Ajas dotter, Sauls bihustru, hade gjort
12 ১২ তেতিয়া পলেষ্টীয়া সকলে গিলবোৱাত চৌলক বধ কৰা দিনা, চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনক আৰি থোৱা বৈৎচানৰ চকৰ পৰা, তেওঁলোকৰ হাড় চুৰ কৰি অনা যাবেচ-গিলিয়দৰ গৃহস্থসকলৰ হাতৰ পৰা দায়ূদে সেইবোৰ লৈ আনিলে৷
begav sig David åstad och hämtade Sauls och hans son Jonatans ben från borgarna i Jabes i Gilead. Dessa hade nämligen i hemlighet tagit deras kroppar bort ifrån den öppna platsen i Bet-San, där filistéerna hade hängt upp dem, när filistéerna slogo Saul på Gilboa.
13 ১৩ তেওঁ সেই ঠাইৰ পৰা চৌলৰ আৰু তেওঁৰ পুত্ৰ যোনাথনৰ হাড়বোৰ আনিলে আৰু তেওঁলোকে আৰি থোৱা সেই সাতজন লোকসকলৰো হাড়বোৰ গোটাই হ’ল।
Och då han hade fört Sauls och hans son Jonatans ben upp därifrån, samlade man ock ihop de upphängdas ben.
14 ১৪ তেওঁলোকে চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ হাড়বোৰ বিন্যামীন দেশৰ চেলাত চৌলৰ পিতৃ কীচৰ মৈদামত মৈদাম দিলে৷ তেওঁলোকে ৰজাৰ আজ্ঞা অনুসাৰে সকলো কাৰ্য কৰিলে। তাৰ পাছত ঈশ্বৰে দেশৰ বাবে তেওঁলোকৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে।
Sedan begrov man Sauls och hans son Jonatans ben i Benjamins land, i Sela, i hans fader Kis' grav; man gjorde allt vad konungen hade bjudit. Och därefter hörde Gud landets bön.
15 ১৫ তেতিয়া পলেষ্টীয়াসকলৰ লগত ইস্ৰায়েলৰ আকৌ যুদ্ধ লাগিল৷ সেই বাবে দায়ূদে নিজৰ সৈন্যসকলৰ সৈতে নামি গৈ পেলেষ্টীয়া সকলৰ সৈতে যুদ্ধ কৰিলে৷ তাতে দায়ুদ ক্লান্ত হ’ল।
Åter uppstod krig mellan filistéerna och Israel. Och David drog ned med sina tjänare, och de stridde mot filistéerna. Men David blev trött;
16 ১৬ এনে সময়ত তিনিশ চেকল জোখৰ পিতলৰ বৰছা ধৰা আৰু নতুন তৰোৱালেৰে সাজু হোৱা যিচবী-বনোব নামেৰে ৰফাৰ এজন সন্তানে দায়ূদক বধ কৰিবলৈ মন কৰিলে।
och Jisbo-Benob, en av rafaéernas avkomlingar, vilkens lans vägde tre hundra siklar koppar, och som var iklädd en ny rustning, tänkte då döda David.
17 ১৭ কিন্তু চৰূয়াৰ পুত্ৰ অবীচয়ে তেওঁক ৰক্ষা কৰি সেই পলেষ্টীয়া জনক আঘাত কৰি তেওঁক বধ কৰিলে। তেতিয়া দায়ূদৰ লোকসকলে তেওঁৰ আগত শপত কৰি ক’লে, “ইস্ৰায়েলৰ প্ৰদীপ নুনুমাবৰ কাৰণে আপুনি আমাৰ লগত আৰু যুদ্ধলৈ নাযাব।”
Men Abisai, Serujas son, kom honom till hjälp och slog filistéen till döds. Då besvuro Davids män honom att han icke mer skulle draga ut med dem i striden, så att han icke utsläckte Israels lampa.
18 ১৮ সেই যুদ্ধৰ পাছত আৰু এবাৰ গোবত পলেষ্টীয়াসকলৰ লগত যুদ্ধ হয়৷ সেই সময়ত হূচাতীয়া চিব্বকয়ে চফ নামেৰে ৰফাৰ এজন সন্তানক বধ কৰিলে।
Därefter stod åter en strid med filistéerna vid Gob; husatiten Sibbekai slog då ned Saf, en av rafaéernas avkomlingar.
19 ১৯ পুনৰাই পলেষ্টীয়াসকলৰ সৈতে গোবত আকৌ যুদ্ধ হোৱাত, যাৰে-ওৰগীমৰ পুত্ৰ বৈৎলেহেমীয়া ইলহাননে গাতীয়া গলিয়াথক বধ কৰিলে যাৰ বৰছাৰটো কুৰা টোলোঠাৰ সমান আছিল।
Åter stod en strid med filistéerna vid Gob; Elhanan, Jaare-Oregims son, betlehemiten, slog då ned gatiten Goljat, som hade ett spjut vars skaft liknade en vävbom.
20 ২০ তাৰ পাছত আন এখন যুদ্ধ গাতত হয়৷ সেই যুদ্ধ অতি দীৰ্ঘকায় আৰু প্ৰত্যেক হাতে-ভৰি ছটা ছটা আঙুলি সৰ্বমুঠ চৌবিশটা আঙুলি থকা এজন লোক আছিল৷ তেওঁ ৰফাৰ এজন সন্তান আছিল।
Åter stod en strid vid Gat. Där var en reslig man som hade sex fingrar på var hand och sex tår på var fot, eller tillsammans tjugufyra; han var ock en avkomling av rafaéerna.
21 ২১ যেতিয়া তেওঁ ইস্ৰায়েলক ঠাট্টা-বিদ্ৰূপ কৰিলে, তেতিয়া দায়ূদৰ ককায়েক চিমিয়াৰ পুত্ৰ যোনাথনে তেওঁক বধ কৰিলে।
Denne smädade Israel; då blev han nedgjord av Jonatan, son till Simeai, Davids broder.
22 ২২ এই লোকসকল গাতত ৰফাৰ সন্তান সকল আছিল আৰু তেওঁলোকক দায়ুদ আৰু তেওঁৰ সৈন্যসকলৰ হাতত বধ কৰা হ’ল।
Dessa fyra voro avkomlingar av rafaéerna i Gat; och de föllo för Davids och hans tjänares hand.

< ২ সামুয়েল 21 >