< ২ সামুয়েল 20 >
1 ১ সেই সময়ত সেই ঠাইতে বিন্যামীনীয়া বিখ্ৰীৰ পুত্ৰ চেবা নামেৰে এজন অশান্তি কৰোঁতা লোক আছিল৷ তেওঁ শিঙা বজাই ক’লে, “দায়ূদত আমাৰ কোনো ভাগ নাই আৰু যিচয়ৰ পুত্ৰত আমাৰ একো উত্তৰাধধিকাৰো নাই৷ হে ইস্ৰায়েল, আপোনালোক প্ৰতিজনে নিজ নিজ ঘৰলৈ ঘূৰি যাওঁক।”
Og der var tilfældigvis en Belials Mand, hvis Navn var Seba, Bikris Søn, en Mand af Benjamin, og han blæste i Trompeten og sagde: Vi have ingen Del i David, ej heller have vi Arv i Isais Søn; hver til sit Telt, o Israel!
2 ২ গতিকে ইস্ৰায়েলৰ সকলো লোক দায়ূদৰ পৰা আতৰি গ’ল আৰু বিখ্ৰীৰ পুত্ৰ সেই চেবাৰ পাছত যাবলৈ ল’লে৷ কিন্তু যৰ্দ্দনৰ পৰা যিৰূচালেমলৈকে যিহূদাৰ লোকসকলে নিজ ৰজাত আসক্ত হৈ থাকিল।
Da drog hver Mand i Israel op fra David efter Seba, Bikris Søn; men Judas Mænd fulgte med deres Konge fra Jordanen og indtil Jerusalem.
3 ৩ পাছত যেতিয়া দায়ুদ যিৰূচালেমলৈ নিজৰ ঘৰলৈ আহিল তেতিয়া তেওঁ ঘৰ ৰাখিবৰ অৰ্থে নিজৰ যি দহ জনী উপপত্নী থৈ গৈছিল, তেওঁলোকক আনি এটা ঘৰত পহৰা দি বন্ধ কৰি হ’ল। তেওঁ তেওঁলোকৰ প্ৰয়োজনৰ ব্যৱস্থা কৰিছিল, কিন্তু তেওঁলোকৰ সৈতে আৰু গমন নকৰিলে। এই দৰে তেওঁলোক বিধৱা অৱস্থাত মৰণ কাললৈকে আবদ্ধ হৈ থাকিল।
Og David kom til sit Hus til Jerusalem, og Kongen tog de ti Kvinder, de Medhustruer, som han lod blive til at bevare Huset, og satte dem hen i et Hus i Forvaring og forsørgede dem, og han gik ikke ind til dem; og de vare indelukkede indtil deres Dødsdag, levende i Enkestand.
4 ৪ তেতিয়া ৰজাই অমাচাক ক’লে, “তিনি দিনৰ ভিতৰত যিহূদাৰ লোকসকলক মতাই মোৰ ওচৰত গোট খুৱাবা; আৰু তুমি নিজেও এই ঠাইত উপস্থিত হ’বা।”
Og Kongen sagde til Amasa: Kald mig Mændene af Juda sammen til den tredje Dag, og vær saa her igen!
5 ৫ তেতিয়া অমাচাই যিহূদাৰ লোকসকলক মতাই গোট খুৱাবলৈ গ’ল কিন্তু ৰজাই নিৰূপিত কৰা কালতকৈ তেওঁৰ অধিক পলম হ’ল।
Og Amasa gik bort for at kalde Judas Mænd sammen; men han tøvede over den bestemte Tid, som var ham bestemt.
6 ৬ তেতিয়া দায়ূদে অবীচয়ক ক’লে, “এতিয়া বিখ্ৰীৰ পুত্ৰ চেবাই অবচালোমতকৈ আমাৰ অধিক অনিষ্ট কৰিব৷ তুমি তোমাৰ প্ৰভুৰ দাসবোৰক লৈ তেওঁৰ পাছে পাছে খেদি যোৱা; নহ’লে তেওঁ গড়েৰে আবৃত হোৱা কোনো নগৰ পাই আমাৰ চকুৰ আগৰ পৰা সাৰি যাব।”
Da sagde David til Abisaj: Nu vil Seba, Bikris Søn, gøre os mere ondt end Absalom; tag du din Herres Tjener og forfølg ham, at han ikke rinder faste Stæder for sig og undkommer fra vore Øjne.
7 ৭ তেতিয়া যোৱাবৰ লোকসকল, লগত কৰেথীয়া আৰু পেলেথীয়া লোকসকলৰ সৈতে আৰু সকলো বীৰ পুৰুষ তেওঁৰ পাছে পাছে ওলাই গ’ল৷ তেওঁলোকে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছে পাছে খেদি যাবৰ বাবে যিৰূচালেমৰ পৰা গ’ল।
Da droge Joabs Mænd ud efter ham, og de Krethi og de Plethi og alle de vældige, og de droge ud af Jerusalem til at forfølge Seba, Bikris Søn.
8 ৮ যেতিয়া তেওঁলোকে গিবিয়োনত থকা মহা-শিলটোৰ ওচৰ পালে তেতিয়া অমাচাই তেওঁলোকক লগ কৰিবলৈ আহিল৷ যোৱাবৰ ককালত ৰণৰ সাজ বন্ধা আছিল আৰু তাতে নিজৰ ককালত বন্ধা ফাকত থকা তৰোৱালে সৈতে এগছ টঙালি আছিল৷ তেওঁ আগবাঢ়ি যাওঁতে, সেই তৰোৱাল মাটিত পৰিল।
Der de vare ved den store Sten, som er ved Gibeon, da kom Amasa frem for dem; og Joab var iført sin Vaabenkjortel som sin Klædning, og derover havde han Bæltet med et Sværd, som hang ved hans Lænder i sin Balg, og der han gik frem, da faldt dette ud.
9 ৯ তেতিয়া যোৱাবে অমাচাক ক’লে, “হে মোৰ ভাই, তুমি মঙ্গলে আছা নে?” এইবুলি যোৱাবে সাদৰেৰে তেওঁৰ সোঁ হাতেৰে অমাচাৰ ডাঢ়িত ধৰি তেওঁক চুমা খাবলৈ ল’লে৷
Og Joab sagde til Amasa: Gaar det dig vel, min Broder? og Joab greb Amasa ved Skægget med den højre Haand for at kysse ham.
10 ১০ অমাচাই কিন্তু যোৱাবৰ বাওঁ হাতত থকা ডেগাৰলৈ মন নকৰিলে৷ তাতে যোৱাবে তাৰে তেওঁৰ পেটত খোঁচ মাৰি মাটিত তেওঁৰ নাড়ী-ভূঁৰু উলিয়াই পেলালে৷ যোৱাবে পুনৰাই তেওঁক খোঁচ নামাৰিলে আৰু তাতে অমাচাৰ মৃত্যু হ’ল। তাৰ পাছত যোৱাব আৰু তেওঁৰ ভায়েক অবীচয়ে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছত খেদি গ’ল।
Og Amasa tog sig ikke i Vare for Sværdet, som var i Joabs Haand, saa denne stak ham dermed i Underlivet og udøste hans Indvolde paa Jorden; og han stak ham ikke anden Gang, thi han var død; men Joab og hans Broder Abisaj forfulgte Seba, Bikris Søn.
11 ১১ তেতিয়া অমাচাৰ ওচৰত যোৱাবৰ এজন থিয় দি থকা লোকে ক’লে, “যি জনে যোৱাবক ভাল পায় আৰু দায়ূদৰ ফলীয়া হয়, তেওঁ যোৱাবক অনুসৰণ কৰ’ক।”
Og der blev en Mand af Joabs unge Karle staaende hos ham og sagde: Hvo er der, som har Lyst til Joab, og hvo er der, som er for David, han følge efter Joab!
12 ১২ তেতিয়ালৈকে অমাচা ৰাজ বাটৰ মাজত নিজৰ তেজেৰে লেটি-পেটি হৈ পৰি আছিল৷ তেতিয়া সেই লোকজনে আটাই লোকক ৰৈ থকা দেখি, অমাচাক বাটৰ পৰা পথাৰলৈ আঁতৰাই নিলে আৰু তেওঁৰ ওপৰত এখন কাপোৰ পেলাই ঢাকি দিলে কিয়নো তেওঁৰ ওচৰেদি যোৱা সকলো লোকক থিয় হৈ ৰৈ থকা দেখিলে।
Og Amasa laa væltet i Blodet midt paa Landevejen; der Manden saa, at alt Folket blev staaende, da bragte han Amasa fra Landevejen over paa Ageren og kastede Klæder over ham, efterdi han saa, at hvo som kom til ham, blev staaende.
13 ১৩ যেতিয়া অমাচাক ৰাজবাটৰ পৰা নিয়া হ’ল, তেতিয়া আটাই লোক বিখ্ৰীৰ পুত্ৰ চেবাক খেদি যাবৰ কাৰণে যোৱাবৰ পাছে পাছে গ’ল।
Der han var bragt bort fra Landevejen, da gik hver Mand frem efter Joab til at forfølge Seba, Bikris Søn.
14 ১৪ পাছত চেবাই ইস্ৰায়েলৰ সকলো ফৈদৰ মাজেদি আবেল আৰু বৈৎ-মাখালৈকে আৰু সকলো বেৰীয়াসকলৰ অঞ্চললৈকে গ’ল; আৰু তেওঁলোকেও গোট খাই তেওঁৰ পাছত গ’ল।
Og han drog igennem alle Israels Stammer indtil Abel, nemlig Beth-Maaka og hele Berim; og de samledes og kom ogsaa efter ham.
15 ১৫ তাতে তেওঁলোকে আহি বৈৎমাখাৰ আবেলত চেবাক বেৰি ধৰিলে আৰু নগৰৰ বিৰুদ্ধে এক হাদাম বান্ধিলে৷ তেতিয়া যোৱাবৰ লগত থকা সৈন্যদলৰ সকলোৱে সেই হাদাম গড়টো ভাঙিবলে চেষ্টা কৰিলে।
Og de kom og indesluttede ham i Abel-Beth-Maaka og kastede en Vold op imod Staden, og den stod op til Muren; og alt Folket, som var med Joab, søgte at ødelægge og at nedrive Muren.
16 ১৬ তেতিয়া নগৰৰ ভিতৰৰ পৰা এজনী জ্ঞানী মহিলাই ৰিঙিয়াই ক’লে, “শুনক, অনুগ্ৰহ কৰি শুনক, হে যোৱাব! মই যেন আপোনাৰ লগত কথা-বতৰা হ’ব পাৰোঁ সেই বাবে মোৰ ওচৰলৈ আঁহক৷”
Da raabte en forstandig Kvinde af Staden: Hører, hører! siger dog til Joab: Kom nær herhid, og jeg vil tale til dig.
17 ১৭ তেতিয়া যোৱাব তাইৰ ওচৰলৈ গ’ল, তাতে সেই মহিলা গৰাকীয়ে তেওঁক সুধিলে, “আপুনি যোৱাব হয় নে?” তেওঁ উত্তৰ দি ক’লে, “হয়, মই হওঁ।” তাতে মহিলা গৰাকীয়ে ক’লে, “আপোনাৰ বেটীঁৰ কথাবোৰ শুনক।” তেওঁ ক’লে, “বাৰু কওঁক, মই শুনি আছোঁ।”
Og der han kom nær til hende, da sagde Kvinden: Er du Joab? og han sagde: Ja; og hun sagde til ham: Hør din Tjenerindes Tale; og han sagde: Jeg hører.
18 ১৮ তেতিয়া সেই মহিলা গৰাকীয়ে ক’লে, “পূৰ্বকালত লোকসকলে এই কথা কৈছিল, বোলে, ‘আবেলত নিশ্চয়কৈ দিহা অনুসন্ধান কৰক,’ আৰু পাছত সেইদৰেই কাৰ্যৰ বিষয় সিদ্ধ হ’ব।
Og hun sagde: Fordum plejede man saaledes at tale, sigende: Man skal spørge sig for i Abel, og saaledes fuldbyrdede man det.
19 ১৯ আমি ইস্ৰায়েলৰ মাজত আটাইতকৈ শান্ত আৰু বিশ্বাসী নগৰ এখনৰ লোক সমূহ হওঁ৷ আপুনি ইস্ৰায়েলৰ মাতৃস্বৰূপ এখন নগৰ নষ্ট কৰিবলৈ চেষ্টা কৰিছে৷ আপুনি কিয় যিহোৱাৰ উত্তৰাধিকাৰ গ্ৰাস কৰিব বিচাৰিছে?”
Jeg er en af de fredsommelige, de trofaste i Israel; du søger efter at dræbe en Stad og en Moder i Israel, hvorfor vil du opsluge Herrens Arv?
20 ২০ তাতে যোৱাবে উত্তৰ দি ক’লে, “গ্ৰাস বা বিনষ্ট, দূৰ হওঁক, মোৰ পৰা দূৰে থাকক।
Og Joab svarede og sagde: Det være langt fra, det være langt fra mig, at jeg skulde opsluge, at jeg skulde ødelægge!
21 ২১ এনে কথা নহয় কিন্তু বিখ্ৰীৰ পুত্ৰ চেবা নামেৰে এজন ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ লোক দায়ুদ ৰজাৰ বিৰুদ্ধে হাত দাঙিছে৷ আপোনালোকে অকল তেওঁকে সমৰ্পণ কৰি দিয়ক আৰু তাতে মই নগৰ খনৰ পৰা গুচি যাম।” তেতিয়া সেই মহিলা গৰাকীয়ে যোৱাবক ক’লে, “চাওঁক, গড়ৰ ওপৰেদি তেওঁৰ মূৰটো আপোনালৈ পেলাই দিয়া যাব।”
Sagen forholder sig ikke saaledes; men en Mand af Efraims Bjerg, hvis Navn er Seba, Bikris Søn, har opløftet sin Haand imod Kongen, imod David, giver mig ham alene, saa vil jeg drage fra Staden; og Kvinden sagde til Joab: Se, hans Hoved skal kastes til dig over Muren.
22 ২২ তেতিয়া সেই মহিলা গৰাকীয়ে তেওঁৰ সকলো জ্ঞানত লোকসকলৰ ওচৰলৈ গ’ল৷ তেওঁলোকে বিখ্ৰীৰ পুত্ৰ চেবাৰ মূৰ কাটি যোৱাবৰ ওচৰলৈ বাহিৰলৈ পেলাই দিলে। তেতিয়া তেওঁ শিঙা বজালে আৰু তেওঁৰ লোকসকলৰ প্ৰতিজনে সেই নগৰখন এৰি নিজ নিজ ঘৰলৈ গ’ল। পাছত যোৱাব যিৰূচালেমলৈ ৰজাৰ ওচৰলৈ ঘূৰি আহিল৷
Og Kvinden kom til alt Folket med sin Visdom, og de afhuggede Sebas, Bikris Søns, Hoved, og kastede det ud til Joab; da blæste han i Trompeten, og de adspredtes fra Staden, hver til sine Telte; og Joab kom tilbage til Jerusalem, til Kongen.
23 ২৩ সেই সময়ত যোৱাব ইস্ৰায়েলৰ প্ৰধান সেনাপতি আছিল আৰু যিহোয়াদাৰ পুত্ৰ বনায়া কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত অধ্যক্ষ আছিল৷
Og Joab var over al Israels Hær, og Benaja, Jojadas Søn, var over Krethi og over Plethi;
24 ২৪ অদোৰাম বন্দী কাম কৰি দিব লগীয়াসকলৰ অধ্যক্ষ আছিল আৰু অহীলূদৰ পুত্ৰ যিহোচাফট্ ইতিহাস লিখক আছিল৷
og Adoram var Rentemester, og Josafat, Ahiluds Søn, var Historieskriver;
25 ২৫ চেয়া ৰাজলিখক আৰু চাদোক আৰু অবিয়াথৰ পুৰোহিত আছিল।
og Seja var Skriver, og Zadok og Abjathar vare Præster;
26 ২৬ আৰু যায়ীৰীয়া ঈৰাও দায়ূদৰ মূখ্য-মন্ত্ৰী আছিল।
dertilmed var Jairiteren, Ira, ypperste Raad for David.