< ২ সামুয়েল 2 >
1 ১ তাৰ পাছত দায়ূদে যিহোৱাক সুধিলে আৰু ক’লে, “মই যিহূদাৰ কোনো এখন নগৰলৈ উঠি যাম নে?” তাতে যিহোৱাই তেওঁক ক’লে, “উঠি যোৱা।” দায়ূদে সুধিলে, “মই কোন খন নগৰলৈ যাব লাগিব?” যিহোৱাই উত্তৰ দি ক’লে, “হিব্ৰোণলৈ।”
Bundan sonra Davut RAB'be, “Yahuda kentlerinden birine gideyim mi?” diye sordu. RAB, “Git” dedi. Davut, “Nereye gideyim?” diye sorunca, RAB, “Hevron'a” diye karşılık verdi.
2 ২ এই হেতুকে দায়ূদে তেওঁৰ নিজ দুজনী ভাৰ্য্যা, যিজ্ৰীয়েলৰ অহীনোৱম আৰু কৰ্মিলীয়া মৃত নাবলৰ তিৰোতা অবীগলক লগত লৈ সেই ঠাইলৈ গ’ল।
Bunun üzerine Davut, iki eşiyle –Yizreelli Ahinoam ve Karmelli Naval'ın dulu Avigayil'le– birlikte oraya gitti.
3 ৩ দায়ূদে তেওঁৰ লগত থকা লোকসকলক লগত ল’লে আৰু তেওঁলোক প্ৰতিজনে নিজ নিজ পৰিয়ালৰ সৈতে হিব্ৰোণৰ সেই নগৰবোৰত বাস কৰিবলৈ ধৰিলে৷
Aileleriyle birlikte adamlarını da götürdü. Hevron'a bağlı kentlere yerleştiler.
4 ৪ তেতিয়া যিহূদাৰ পৰা লোকসকল আহিল আৰু দায়ূদক যিহূদা বংশৰ ওপৰত ৰজা অভিষেক কৰিলে। তেওঁলোকে দায়ূদক ক’লে, “যাবেচ-গিলিয়দৰ লোকসকলে চৌলক মৈদাম দিলে৷”
Yahudalılar Hevron'a giderek orada Davut'u Yahuda Kralı olarak meshettiler. Saul'u gömenlerin Yaveş-Gilatlılar olduğu Davut'a bildirildi.
5 ৫ তেতিয়া দায়ূদে যাবেচ-গিলিয়দৰ লোকসকলৰ ওচৰলৈ দূত পঠাই তেওঁলোকক এইবুলি কোৱালে, “তোমালোকে নিজ প্ৰভু চৌলক মৈদাম দি, আনুগত্য দেখুৱাই যি দয়া ব্যৱহাৰ কৰিলা, তাৰ বাবে তোমালোক যিহোৱাৰ আশীৰ্ব্বাদ-প্ৰাপ্ত থ’লো।
Davut onlara ulaklar göndererek şöyle dedi: “Efendiniz Saul'u gömmekle ona yaptığınız iyilikten dolayı RAB sizi kutsasın.
6 ৬ এতিয়া যিহোৱাই তোমালোকলৈ আনুগত্য অংগীকাৰ আৰু বিশ্ৱস্ততাৰে ব্যৱহাৰ কৰক৷ আৰু তোমালোকে সেই কাৰ্য কৰা হেতুকে, ময়ো তোমালোকলৈ সেই দয়াৰ বাবে অনুগ্ৰহ কৰিম।
RAB şimdi size bağlılıkla, iyilikle davransın. Bunu yaptığınız için ben de size aynı şekilde iyilik yapacağım.
7 ৭ এই হেতুকে এতিয়া তোমালোকৰ হাত সবল হওঁক আৰু সাহিয়াল হোৱা, কিয়নো তোমালোকৰ প্ৰভু চৌলৰ মৃত্যু হোৱাত, যিহূদা বংশই তেওঁলোকৰ ওপৰত মোকেই ৰজা অভিষেক কৰিলে।”
Şimdi güçlü ve yürekli olun, çünkü efendiniz Saul öldü. Yahuda halkı beni kralları olarak meshetti.”
8 ৮ ইয়াৰ ভিতৰতে নেৰৰ পুত্ৰ যি অবনেৰ চৌলৰ সেনাপতি আছিল, তেওঁ চৌলৰ পুত্ৰ ঈচ্বোচতক মহনয়িমলৈ লৈ গ’ল।
Saul'un ordu komutanı Ner oğlu Avner, Saul oğlu İş-Boşet'i yanına alıp Mahanayim'e götürmüştü.
9 ৯ তেওঁ ঈচবোচতক গিলিয়দৰ, অচুৰীয়াসকলৰ, যিজ্ৰিয়েলৰ, ইফ্ৰয়িমৰ, বিন্যামীনৰ আৰু গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
Avner onu orada Gilat, Aşurlular, Yizreel, Efrayim, Benyamin ve bütün İsrail'in kralı yaptı.
10 ১০ চৌলৰ পুত্ৰ ঈচ্বোচতৰ চল্লিশ বছৰ বয়সত ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰি দুবছৰলৈ ৰাজ্য শাসন কৰিলে৷ কিন্তু যিহূদাৰ বংশ দায়ূদৰ পাছত চলোঁতা আছিল।
Saul oğlu İş-Boşet kırk yaşında kral oldu ve İsrail'de iki yıl krallık yaptı. Ancak Yahuda halkı Davut'u destekledi.
11 ১১ দায়ূদে হিব্ৰোণত যিহূদা-বংশৰ ওপৰত সাত বছৰ ছমাহ ৰাজত্ব কৰিলে।
Davut Hevron'da Yahuda halkına yedi yıl altı ay krallık yaptı.
12 ১২ এদিন নেৰৰ পুত্ৰ অবনেৰ আৰু চৌলৰ পুত্ৰ ঈচ্বোচতৰ দাসবোৰে মহনয়িমৰ পৰা গিবিয়োনলৈ গৈছিল৷
Ner oğlu Avner, Saul oğlu İş-Boşet'in adamlarıyla birlikte Mahanayim'den Givon'a gitti.
13 ১৩ এনেতে চৰূয়াৰ পুত্ৰ যোৱাব আৰু দায়ূদৰ দাসবোৰ ওলাই গিবিয়োনৰ পুখুৰীৰ ওচৰত তেওঁলোকৰ সন্মুখত উপস্থিত হ’ল৷ এদল পুখুৰীৰ ইপাৰে আন দল পুখুৰীৰ সিপাৰে বহিল।
Seruya oğlu Yoav'la Davut'un adamları varıp Givon Havuzu'nun yanında onları karşıladılar. Taraflardan biri havuzun bir yanına, öteki öbür yanına oturdu.
14 ১৪ তেতিয়া অবনেৰে যোৱাবক ক’লে, “বিনয় কৰোঁ, ডেকাসকলে উঠি আমাৰ আগত যুদ্ধ-ক্ৰীড়া কৰক।” তেতিয়া যোৱাবে ক’লে, “তেওঁলোক উঠক।”
Avner Yoav'a, “Ne olur gençler kalkıp önümüzde dövüşsünler” dedi. Yoav, “Olur, kalkıp dövüşsünler” diye karşılık verdi.
15 ১৫ তেতিয়া সেই ডেকা লোকসকলে সংখ্যা অনুসাৰে, চৌলৰ পুত্ৰ ঈচ্বোচতৰ আৰু বিন্যামীনৰ পক্ষে বাৰজন আৰু দায়ূদৰ দাসবোৰৰ বাৰজন, উঠি একে লগে গোট খালে।
Böylece Benyamin oymağından Saul oğlu İş-Boşet'ten yana olanlardan on iki kişiyle Davut'un adamlarından on iki kişi kalkıp ileri atıldı.
16 ১৬ সিহঁত প্ৰতিজনে নিজৰ অহিতে যুদ্ধ কৰাজনৰ মূৰত ধৰি কাষত তৰোৱালেৰে খোচাত, সকলো একেলগে মৰা পৰিল; এই হেতুকে সেই ঠাই “হিল্কৎ-হচুৰীম” বা “তৰোৱালবোৰৰ ক্ষেত্ৰ” নামেৰে প্ৰখ্যাত হ’ল; সেয়ে গিবিয়োনত আছে।
Her biri karşıtının başından tuttuğu gibi kılıcını böğrüne sapladı; birlikte yere serildiler. Bu yüzden Givon'daki o yere Helkat-Hassurim adı verildi.
17 ১৭ পাছত সেইদিনা ঘোৰ যুদ্ধ হোৱাত, অবনেৰ আৰু ইস্ৰায়েল লোকসকল দায়ূদৰ দাসবোৰৰ আগত পৰাজিত হ’ল।
O gün savaş çok çetin oldu. Davut'un adamları Avner'le İsrailliler'i yenilgiye uğrattılar.
18 ১৮ সেই ঠাইত যোৱাব, অবীচয় আৰু অচাহেল নামেৰে চৰূয়াৰ এই তিনিজন পুত্ৰ আছিল৷ অচাহেল বনৰীয়া হৰিণৰ নিচিনা বেগী আছিল।
Seruya'nın üç oğlu –Yoav, Avişay ve Asahel– de oradaydılar. Bir kır ceylanı kadar hızlı koşan Asahel
19 ১৯ পাছত অচাহেলে সোঁ কি বাওঁফালে নুঘূৰি অবনেৰৰ পাছে পাছে খেদি গ’ল।
sağa sola sapmadan Avner'i kovaladı.
20 ২০ তেতিয়া অবনেৰে পিছলৈ ঘূৰি চাই সুধিলে, “তুমি অচাহেল হোৱানে?” তেওঁ কলে, “মই হওঁ।”
Avner arkasına bakınca, “Asahel sen misin?” diye sordu. Asahel, “Evet, benim” diye karşılık verdi.
21 ২১ তাতে অবনেৰে তেওঁক ক’লে, “তুমি সোঁহাতে বা বাওঁহাতে ঘূৰি, সৌ ডেকাসকলৰ কোনো এজনক ধৰি তেওঁ পিন্ধা গাৰ কৱচ লোৱাগৈ।” কিন্তু অচাহেলে তেওঁৰ পাছত খেদি যোৱাৰ পৰা ঘূৰিবলৈ মান্তি নহ’ল।
Avner, “Sağa ya da sola dön. Gençlerden birini yakala ve kendin için silahlarını al” dedi. Ama Asahel Avner'i kovalamaktan vazgeçmek istemedi.
22 ২২ গতিকে অবনেৰে অচাহেলক পুনৰায় ক’লে, “মোৰ পাছৰ পৰা ঘূৰা; মই কিয় তোমাক আঘাত কৰি মাটিত পেলাম? আৰু তাকে কৰিলে তোমাৰ ককায়েৰ যোৱাবৰ আগত মই কিদৰে মুখ দেখুৱাম?”
Avner Asahel'i bir daha uyardı: “Beni kovalamaktan vazgeç! Neden seni yere sereyim? Sonra kardeşin Yoav'ın yüzüne nasıl bakarım?”
23 ২৩ তথাপি অচাহেলে ঘূৰিবলৈ মান্তি নহ’ল; এইকাৰণে অবনেৰে বৰছাৰ কুৰাৰে তেওঁৰ পেটত এনেকৈ খুচিলে যে, কুৰাডাল পিঠিয়েদি বাহিৰ ওলাল৷ তেতিয়া তেওঁ সেই ঠাইতে পৰি তেতিয়াই মৰিল৷ যি ঠাইত অচাহেল পৰি মৃত্যু হৈছিল, সেই ঠাইত যিমান লোক আহিল, সেই সকলো তাতেই থিয় হৈ ৰ’ল।
Asahel peşini bırakmayı reddedince Avner mızrağının arka ucuyla onu karnından vurdu. Mızrak Asahel'in sırtından çıktı. Asahel orada düşüp öldü. Asahel'in düşüp öldüğü yere varanların tümü orada durup beklediler.
24 ২৪ কিন্তু যোৱাব আৰু অবীচয়ে অবনেৰৰ পাছে পাছে খেদি গ’ল। পাছত বেলি মাৰ যাওঁতে, তেওঁলোকে গিবিয়োন মৰুপ্ৰান্তৰ বাটৰ ওচৰত থকা গীহৰ সন্মুখৰ অম্মা পৰ্ব্বত পালেগৈ৷
Ama Yoav'la Avişay Avner'i kovalamayı sürdürdüler. Güneş batarken Givon kırsal bölgesine giden yolun üzerindeki Giah'a bakan Amma Tepesi'ne vardılar.
25 ২৫ পাছত বিন্যামীনৰ সন্তান সকলে অবনেৰৰ পাছত যাবৰ বাবে গোট খাই এটা পৰ্ব্বতৰ টিঙত থিয় হৈ ৰ’ল।
Benyaminliler Avner'in çevresinde toplanarak bir birlik oluşturdular. Bir tepenin başında durup beklediler.
26 ২৬ তেতিয়া অবনেৰে যোৱাবক মাতি ক’লে, “তৰোৱালে জানো সদাকাল গ্ৰাস কৰিব পাৰিব? শেষত ইয়াৰ ফল যে অতি তিক্ত হ’ব, তাক তুমি নাজানানে? এই হেতুকে তুমি নিজ ভাইসকলৰ পাছে পাছে খেদি অহাৰ পৰা ওভোটাবলৈ, নিজৰ লোকসকলক কিমান কাললৈ আজ্ঞা নিদিয়াকৈ থাকিবা?”
Avner Yoav'a, “Kılıç sonsuza dek mi insanları yok etsin?” diye seslendi, “Bu olayın acıyla sona ereceğini anlamıyor musun? Kardeşlerini kovalamaktan vazgeçmeleri için askerlere ne zaman buyruk vereceksin?”
27 ২৭ তেতিয়া যোৱাবে ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তুমি কথা নোকোৱা হ’লে, ৰাতিপুৱাই লোকসকলে নিশ্চয়ে গুচি গ’লহেঁতেন আৰু প্ৰতিজনে নিজ নিজ ভাইৰ পাছত খেদি নগ’লহেঁতেন!”
Yoav şöyle karşılık verdi: “Yaşayan Tanrı'nın adıyla derim ki, seslenmeseydin askerler sabaha dek kardeşlerini kovalamaktan vazgeçmeyecekti.”
28 ২৮ তেতিয়া যোৱাবে শিঙা বজোৱাত, সকলো মানুহ ৰ’ল আৰু ইস্ৰায়েলৰ পাছত কোনেও খেদি নগ’ল আৰু যুদ্ধও নকৰিলে।
Sonra Yoav boru çaldı. Herkes durdu. Bundan böyle İsrail halkını ne kovaladılar, ne de onlarla savaştılar.
29 ২৯ তাৰ পাছত অবনেৰ আৰু তেওঁৰ লোকসকলে অৰাবায়েদি গোটেই ৰাতি যাত্ৰা কৰিলে। তেওঁলোকে যৰ্দ্দন পাৰ হৈ পাছদিনা ৰাতিপুৱা যাত্ৰা কৰি মহনয়িম গৈ পালে।
Avner'le adamları bütün gece Arava Vadisi'nde yürüdüler. Şeria Irmağı'nı geçerek Bitron yolundan Mahanayim'e vardılar.
30 ৩০ তেতিয়া যোৱাবে অবনেৰৰ পাছত খেদি যোৱাৰ পৰা উভতি আহিল আৰু আটাই লোকক তেওঁ গোট খুৱালে; কিন্তু দায়ূদৰ ঊন্নৈশজন সৈন্য আৰু অচাহেলকক নাপালে।
Yoav Avner'i kovalamaktan döndükten sonra orduyu topladı. Asahel'den başka, Davut'un adamlarından on dokuz kişi eksikti.
31 ৩১ কিন্তু দায়ূদৰ দাসবোৰে বিন্যামীন আৰু অবনেৰৰ লোকসকলক এনেকৈ আঘাত কৰিলে যে, তেওঁলোকৰ তিনিশ ষাঠিজন লোক মৰিল।
Oysa Davut'un adamları Avner'i destekleyen Benyaminliler'i bozguna uğratıp üç yüz altmış kişiyi öldürmüşlerdi.
32 ৩২ তেতিয়া লোকসকলে অচাহেলক তুলি কৰিলে যে, বৈৎলেহেমত থকা তেওঁৰ পিতৃৰ মৈদামতে মৈদাম দিলে৷ যোৱাব আৰু তেওঁৰ লোকসকল ওৰে ৰাতি যাত্ৰা কৰি ৰাতিপুৱা হিব্ৰোণ পালেগৈ।
Yoav'la adamları Asahel'i götürüp Beytlehem'de babasının mezarına gömdüler. Sonra bütün gece yürüyerek gün doğumunda Hevron'a vardılar.